চিত্ৰশিল্পী
১৩১ প্ৰবন্ধ
-
গ্ৰেচিয়েলা আৰানিছ
গ্ৰেচিয়েলা আৰানিছ ( Graciela Aranis; ৬ অক্টোবৰ, ১৯০৮ - ১২ ডিচেম্বৰ, ১৯৯৬) এগৰাকী চিলিৰ চিত্ৰশিল্পী আৰু কাৰ্টুনকাৰ আছিল, যি "জেনেৰেচন ডেল ২৮" আৰু গ্ৰুপো মণ্টপাৰ্নাছেৰ সৈতে জড়িত আছিল।
-
গ’লনাৰ আদিলি
গ'লনাৰ আদিলি ( Golnar Adili) তেওঁৰ জন্ম হৈছিল, ১৯৭৬ চনত, ভাৰ্জিনিয়াত। গ’লনাৰে নিউয়ৰ্কৰ ব্ৰুকলিনত বাস কৰা এটা ইৰাণী পৰিয়ালত জন্মগ্ৰহণ কৰা এগৰাকী আমেৰিকান বহুবিষয়ক শিল্পী। তেওঁৰ বহু কামেই তেহৰাণত ইৰাণৰ পিছৰ বিপ্লৱ আৰু স্থানচ্যুতিৰ বিষয়ৰ দ্বাৰা প্ৰভাৱিত হৈছিল।
-
চাইৰা ওৱাচিম
চাইৰা ওৱাচিম সাম্প্ৰতিক সময়ৰ পাকিস্তানৰ লাহোৰৰ এগৰাকী শিল্পী। বৰ্তমান তেওঁ আমেৰিকাত বসবাস কৰিছে। ওৱাচিমে পাৰ্চীসকলে দক্ষিণ এছিয়াত ব্যাপকভাৱে ব্যৱহাৰ কৰা অগ্ৰণী কিন্তু ক্ষুদ্ৰ শৈলীৰ চিত্ৰকলা ব্যৱহাৰ কৰি মূলতঃ ৰাজনৈতিক আৰু সাংস্কৃতিক শিল্প নিৰ্মাণ কৰে।
-
চিন্ময় বাৰ্মা
চিন্ময় বাৰ্মা (Chinmoy Barma) হৈছে অসমৰ এজন পৰিচালক। ১৯৯৩ চনৰ ৭ আগষ্টত নলবাৰী জিলাত বাৰ্মাৰ জন্ম হয়।
-
ছফিউদ্দিন আহমেদ
ছফিউদ্দিন আহমেদ (২৩ জুন ১৯২২ – ২০ মে' ২০১২) এজন বাংলাদেশী শিল্পী। ১৯৭৮ চনত একুশ্বে পদক লাভ কৰাৰ লগতে ১৯৯৬ চনত তেওঁক বাংলাদেশ চৰকাৰে স্বাধীনতা দিৱসৰ বঁটা প্ৰদান কৰে।
-
ছফী জেংগেম্ব্ৰে এণ্ডাৰছন
ছফী জেংগেম্ব্ৰে এণ্ডাৰছন ( Sophie Gengembre Anderson; ১৮২৩ – ১০ মাৰ্চ ১৯০৩) ফ্ৰান্সত জন্মগ্ৰহণ কৰা ব্ৰিটিছ ভিক্টোৰিয়ান যুগৰ চিত্ৰশিল্পী, যিয়ে আমেৰিকাতো দীৰ্ঘদিন ধৰি সক্ৰিয় হৈ আছিল। শিশু আৰু মহিলাৰ চিত্ৰকলাৰ ধাৰাৰ, সাধাৰণতে গ্ৰাম্য পৰিৱেশৰ, তেওঁ বিশেষজ্ঞ আছিল।
-
ছাৰা আলেকজেণ্ড্ৰি
ছাৰা আলেকজেণ্ড্ৰি ( Sara Alexandri) ৰাছিয়াত জন্মগ্ৰহণ কৰা এগৰাকী শিল্পী আছিল, যিয়ে তৈল চিত্ৰকলাৰ বাবে পৰিচিত আৰু তেওঁ ইটালীত প্ৰশিক্ষণ লোৱাৰ পিছত নিজৰ কেৰিয়াৰৰ বেছিভাগ সময় ইংলেণ্ডত কটায়। তেওঁৰ জন্ম হৈছিল, ২২ অক্টোবৰ ১৯১৩ চন আৰু মৃত্যু হৈছিল ২৮ এপ্ৰিল ১৯৯৩ চনত।
-
ছোনিয়া বালাছানিয়ান
ছোনিয়া বালাছানিয়ান (Sonia Balassanian; আৰ্মেনিয়ান: Սոնյա Պալասանյան; জন্ম ১৯৪২) জন্ম নাম ছোনিয়া আমিৰিয়ান, ইৰাণত জন্মগ্ৰহণ কৰা আৰ্মেনিয়ান জনগোষ্ঠীৰ এগৰাকী চিত্ৰশিল্পী, ভাস্কৰ্য্য শিল্পী আৰু সংস্কৃতি সংৰক্ষক আছিল। তেওঁ বৰ্তমান বালাছানিয়ান নিউয়ৰ্ক চহৰ আৰু ইয়েৰেভানত থাকে।[3]
-
জুলি ডেলপৰ্ট
জুলি ডেলপৰ্ট ( Julie Delporte; জন্ম: ১৯৮৩) এগৰাকী ফৰাচী-কানাডিয়ান কাৰ্টুনকাৰ আৰু চিত্ৰকৰ। তেওঁ কানাডাৰ ক্যুবেকৰ মণ্ট্ৰিয়েলত বাস কৰে।
-
জেন চাথাৰলেণ্ড
জেন চাথাৰলেণ্ড (২৬ ডিচেম্বৰ ১৮৫৩ – ২৫ জুলাই ১৯২৮) আছিল এগৰাকী অষ্ট্ৰেলিয়ান প্ৰাকৃতিক দৃশ্য চিত্ৰশিল্পী। তেওঁ অষ্ট্ৰেলিয়াত পথ-প্ৰদৰ্শক প্লেইন-এয়াৰ আন্দোলনৰ অংশ আছিল আৰু হাইডেলবাৰ্গ স্কুলৰ সদস্যা আছিল।
-
জেহৰা লাইলা জাভেৰী
জেহৰা লাইলা জাভেৰী ( Zehra Laila Javeri; জন্ম: ১৫ অক্টোবৰ ১৯৭১) এগৰাকী পাকিস্তানী শিল্পী। বৰ্তমান তেওঁ পাকিস্তানৰ কৰাচীত বাস কৰে। ২০১৪ চনৰ জানুৱাৰী মাহত কৰাচীৰ কেনভাছ গেলেৰীত মুকলি কৰা হৈছিল জাভেৰীৰ প্ৰথমখন একক প্ৰদৰ্শনী ‘উইডছ’।
-
টমুৰ আটাগোক
টমুৰ আটাগোক ( Tomur Atagök; ৬ মে' ১৯৩৯ – মাৰ্চ ২০২৫) আছিল এগৰাকী তুৰ্কী চিত্ৰশিল্পী, সংগীতবিদ, লেখক আৰু শিক্ষাবিদ।
-
টাইচিয়া আফ'নিনা
টাইচিয়া কিৰিলোভনা আফ'নিনা (Taisia Afonina; ১৩ মে' ১৯১৩ – ১৯ এপ্ৰিল ১৯৯৪) এগৰাকী ছোভিয়েট চিত্ৰশিল্পী আৰু জলৰঙী চিত্ৰকাৰ আছিল। তেওঁ লেনিনগ্ৰাডত বাস কৰিছিল আৰু কৰ্মক্ষেত্ৰও তাতেই আছিল।
-
ডিয়েগো ভেলাস্কেজ
ডিয়েগো ৰড্ৰিগেজ ডি চিলভা ৱাই ভেলাস্কেজ (৬ জুন ১৫৯৯ – ৬ আগষ্ট ১৬৬০) আছিল এজন স্পেনিছ চিত্ৰশিল্পী, স্পেইন আৰু পৰ্তুগালৰ ৰজা চতুৰ্থ ফিলিপৰ দৰবাৰৰ আৰু স্পেনিছ সোণালী যুগৰ আগশাৰীৰ শিল্পী। সাধাৰণতে তেওঁক পশ্চিমীয়া শিল্পৰ ইতিহাসৰ অন্যতম শ্ৰেষ্ঠ শিল্পী হিচাপে গণ্য কৰা হয়।
-
ড’ৰা কামিনস্কি
ড’ৰা ডেব’ৰা কামিনস্কি (জন্ম: ১৯০৯– মৃত্যু: ১৯৭৭) এগৰাকী আমেৰিকান শিল্পী আছিল।
-
ড’ৰা বিয়াংকা
ড’ৰা বিয়াংকা ( Dora Bianka; জন্ম: ৬ নৱেম্বৰ, ১৮৯৫, বা ১৮৯৬ – ৮ ছেপ্টেম্বৰ, ১৯৭৯) আছিল এগৰাকী পোলেণ্ডৰ চিত্ৰশিল্পী আৰু চিত্ৰকৰ। তেওঁ ষ্টিল লাইফ পেইন্টিঙৰ বাবে বিশেষকৈ ফ্ৰান্সৰ দক্ষিণৰ সাগৰীয় দৃশ্য আৰু পেৰিছৰ দৃশ্য আৰু লেণ্ডস্কেপ পেইন্টঙৰ বাবে পৰিচিত আছিল।
-
দিলাৰা বেগম জলী
দিলাৰা বেগম জলী (Dilara Begum Jolly)এগৰাকী বাংলাদেশী ছপা শিল্পী, ভাস্কৰ্য্য শিল্পী, প্ৰতিষ্ঠাপন শিল্পী আৰু চিত্ৰশিল্পী। নাৰীৰ বিৰুদ্ধে দেখা পোৱা বৈষম্যক সমাজৰ সমুখলৈ লৈ অহাৰ বাবে আৰু নিজৰ কৰ্মত নাৰীবাদী দৃষ্টিভংগী স্পষ্টভাৱে উপস্থাপন কৰা বাবে তেওঁ পৰিচিত।
-
দুলাৰী দেৱী
দুলাৰী দেৱী ( Dulari Devi; জন্ম: ১৯৬৮) এগৰাকী ভাৰতীয় শিল্পী আৰু চিত্ৰকৰ। ২০২১ চনত মধুৱনী চিত্ৰশিল্পৰ প্ৰতি আগবঢ়োৱা অৱদানৰ বাবে তেওঁ ভাৰত চৰকাৰে প্ৰদান কৰা অসামৰিক সন্মান পদ্মশ্ৰী বঁটা লাভ কৰে।
-
নাজমা ছাদিক
নাজমা ছাদিক ( (জন্ম, ১৯৪৩ –মৃত্যু, ৮ জানুৱাৰী ২০১৫) আছিল এগৰাকী বিশিষ্ট পাকিস্তানৰ সাংবাদিক, লেখিকা, মানৱ অধিকাৰ কৰ্মী, শিল্পী, পৰিৱেশবিদ আৰু চিত্ৰশিল্পী। আৰ্থ-সামাজিক বিষয়ৰ ওপৰতো গৱেষণা কৰি অসংখ্য গ্ৰন্থ আৰু প্ৰবন্ধ লিখিছিল।
-
নিতুন কুণ্ডু
নিত্য গোপাল কুণ্ডু (Nitya Gopal Kundu; ৩ ডিচেম্বৰ ১৯৩৫ – ১৫ ছেপ্টেম্বৰ ২০০৬) আছিল এজন বাংলাদেশী শিল্পী, ভাস্কৰ্য শিল্পী আৰু উদ্যোগী। ১৯৭১ চনত বাংলাদেশৰ মুক্তিযুদ্ধৰ সময়ত কুণ্ডুৱে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। তেওঁ অটবি নামৰ এটা আচবাবৰ কোম্পানী প্ৰতিষ্ঠা কৰিছিল।
-
পদুমী গাজলু
পদুমী গাজলু (Padumi Gajlu) হৈছে অসম, ভাৰতৰ এগৰাকী সাহিত্যিক, শিক্ষয়িত্ৰী, কবি আৰু চিত্ৰশিল্পী। বোকাখাতৰ এটি শ্ৰমিক পৰিয়ালত জন্মগ্ৰহণ কৰা পদুমী গাজলুৱে পৰৱৰ্তী সময়ত কলিকতাৰ বিশ্বভাৰতী বিশ্ববিদ্যালয়ৰ শান্তিনিকেতনৰ পৰা বাতিক শিল্পত প্ৰশিক্ষণ লৈছিল আৰু এনে প্ৰশিক্ষণ গ্ৰহণ কৰা তেখেতেই আছিল চাহ…
-
পন্তেহা আবৰেছি
পন্তেহা আবৰেছি (পাৰ্চী: پان تانآ ابارشی; জন্ম ১৯৯৯) কানাডাত জন্মগ্ৰহণ কৰা এগৰাকী আমেৰিকান মাল্টি-ডিচিপ্লিনাৰী শিল্পী আৰু সংগ্ৰাহক। তেওঁ মূলতঃ ইনষ্টলেচন আৰ্ট, ভিডিঅ' আৰ্ট আৰু পাৰফৰমেন্স আৰ্টৰ ভিতৰত কাম কৰে।
-
ফ্ৰেডা ব্ৰিলিয়েণ্ট
ফ্ৰেডা ব্ৰিলিয়েণ্ট ( Fredda Brilliant; ৭ এপ্ৰিল ১৯০৩ – ২৫ মে' ১৯৯৯) পোলেণ্ডৰ ল'ড্জত জন্মগ্ৰহণ কৰা এগৰাকী পোলেণ্ডৰ ভাস্কৰ্য শিল্পী আৰু অভিনেত্ৰী। বিভিন্ন মাধ্যমত কাম কৰা ফ্ৰেডাই এগৰাকী নিপুণ ভাস্কৰ্য্য শিল্পী, লেখিকা, অভিনেত্ৰী, গায়িকা আৰু চিত্ৰনাট্যকাৰ হিচাপে স্বীকৃতি লাভ কৰিছে।
-
বসুধা থোজুৰ
বসুধা থোজুৰ এগৰাকী শিল্পকলাৰ বিভিন্ন ক্ষেত্ৰৰ শিল্পী যদিও মূলতঃ চিত্ৰকলাৰ ওপৰত তেওঁ গুৰুত্ব আৰোপ কৰে। বৰ্তমান নয়দাৰ শিৱ নাদৰ বিশ্ববিদ্যালয়ৰ কলা আৰু পৰিৱেশন কলা বিভাগৰ অধ্যাপিকা।
-
বায়া মহিয়েদ্দিন
বায়া মহিয়েদ্দিন বা ফাতিমা হাদ্দাদ; (জন্ম ১৯৩১ চনৰ ১২ ডিচেম্বৰত বৰ্ডজ এল কিফানত; মৃত্যু ১৯৯৮ চনৰ ৯ নৱেম্বৰত) এজন আলজেৰিয়ান শিল্পী আছিল। তেওঁৰ কৰ্মৰাজিক কোনো বিশেষ শিল্প ধাৰাৰ অন্তৰ্গত বুলি চিনাক্ত কৰা নাছিল যদিও সমালোচকসকলে তেওঁৰ চিত্ৰকলাক অতিবাস্তৱবাদী, আদিম, সহজ-সৰল আৰু আধুনিক বুলি শ্ৰেণীভুক্ত…
-
বিজয় শৰ্মা
বিজয় শৰ্মা এজন ভাৰতীয় চিত্ৰশিল্পী আৰু শিল্প ইতিহাসবিদ, ক্ষুদ্ৰ চিত্ৰকলাৰ পাহাৰী বিদ্যালয়ৰ বিশেষজ্ঞতাৰ বাবে পৰিচিত। ভাৰত চৰকাৰে তেওঁক ২০১২ চনত দেশৰ চতুৰ্থ সৰ্বোচ্চ অসামৰিক সন্মান পদ্মশ্ৰী বঁটাৰে সন্মানিত কৰে।[5
-
বিদা লাহেই
ফ্ৰান্সিছ বিদা লাহেই এম বি ই (২৬ আগষ্ট ১৮৮২ – ২৯ আগষ্ট ১৯৬৮) কুইন্সলেণ্ড, অষ্ট্ৰেলিয়াৰ এগৰাকী বিশিষ্ট শিল্পী আছিল। তেওঁ ১৯০২ চনৰ পৰা ১৯৬৫ চনলৈকে ব্যাপকভাৱে প্ৰদৰ্শনী কৰিছিল।
-
বুই জুৱান ফাই
বুই জুয়ান ফাই (: Bùi Xuân Phái); এজন খ্যাতনামা ভিয়েটনামী চিত্ৰশিল্পী।তেওঁ হানয় অঞ্চলৰ পুৰণি চহৰখনৰ চিত্ৰকলাৰ বাবে জনপ্ৰিয়। তেওঁ ভিয়েটনামী অপেৰাৰ অভিনেতা আৰু সংগীতজ্ঞসকলৰ ছবিও অংকন কৰিছিল।
-
মাদিহা উমৰ
মাদিহা উমৰ ( Madiha Umar; ১৯০৮ – ২০০৫ আলেপ্পো) এগৰাকী ইৰাকী শিল্পী আছিল যিয়ে বিমূৰ্ত শিল্পৰ সৈতে কেলিগ্ৰাফীক সংযুক্ত কৰাৰ বাবে পৰিচিত আছিল। সাধাৰণতে তেওঁক এই কাম কৰা প্ৰথম আৰব শিল্পী হিচাপে ধৰা হয়। সেয়েহে তেওঁক হুৰুফিয়া আন্দোলনৰ পূৰ্বসূৰী হিচাপে জনা যায়।
-
মাৰ্গাৰেট এন্সেলট
মাৰ্গাৰেট-লুইজ ভাৰ্জিনি চাৰ্ডন এন্সেলট বা চমুকৈ মাৰ্গাৰেট এন্সেলট (১৭৯২–১৮৭৫) এগৰাকী ফৰাচী চিত্ৰশিল্পী, লেখক আৰু নাট্যকাৰ আছিল। তেওঁৰ জন্ম হৈছিল ১৭৯২ চনত আৰু মৃত্যু ১৮৭৫ চনত। তাৰিখ সঠিককৈ জনা নাযায়। ডিজনৰ এটা সংসদীয় পৰিয়ালত জন্মগ্ৰহণ কৰা এন্সেলটৰ বিবাহ নাট্যকাৰ জেক-ফ্ৰাঁছোৱা এন্সেলটৰ সৈতে হৈছিল।