চিত্ৰশিল্পী
১৩১ প্ৰবন্ধ
-
বসুন্ধৰা তেৱাৰী ব্ৰুটা
বসুন্ধৰা তেৱাৰী ব্ৰুটা (জন্ম ১৯৫৫) এগৰাকী ভাৰতীয় চিত্ৰশিল্পী যিয়ে এগৰাকী নাৰীৰ ধাৰণা আৰু নাৰী শৰীৰৰ মানসিক-ৰাজনৈতিক অস্তিত্বৰ ওপৰত ভিত্তি পৰম্পৰাগত প্ৰাকৃতিক দৃশ্য, সুন্দৰ অৰ্থৰ সৈতে স্থিৰ জীৱন অংকণ কৰে। ১৯৮২-৮৪ চনৰ ভিতৰত ভাৰত চৰকাৰৰ সাংস্কৃতিক বিভাগে প্ৰদান কৰা সাংস্কৃতিক বৃত্তিৰ কাম কৰিছিল।
-
বাৰান ইজলাল
বাৰাণ ইজলাল (ইংৰাজী: Baaraan Ijlal) হৈছে এগৰাকী ভাৰতীয় স্ব-শিক্ষিত চিত্ৰশিল্পী। তেওঁ নতুন দিল্লীত বাস কৰে। তেওঁৰ কামৰ জৰিয়তে তেওঁ বেনামীতা আৰু ব্যক্তিগত স্বাধীনতাৰ বিষয়বস্তুসমূহৰ যোগেদি বেনামীতাই কেনেকৈ ব্যক্তিগত স্বাধীনতাৰ মূল শিলাস্তম্ভ হিচাপে কাম কৰে তাৰ অন্বেষণ কৰিব বিচাৰে।
-
মায়া বৰ্মন
মায়া বৰ্মন ১৯৭১ চনত জন্মা এগৰাকী ফৰাচী শিল্পী।
-
লতিকা কট্ট
লতিকা কট্ট (ইংৰাজী: Latika Katt; জন্ম: ১৯৪৮) এগৰাকী ভাৰতীয় ভাস্কৰ্য শিল্পী। তেওঁ শিলত খোদিত, ধাতুৰ ঢালাই আৰু ব্ৰঞ্জৰ ভাস্কৰ্য্য শিল্পৰ বিশেষজ্ঞ। "বাৰাণসীৰ দশামেঠ ঘাটত মকৰ সংক্ৰান্তি" শীৰ্ষক ব্ৰঞ্জৰ ৰচনাৰ বাবে তেওঁ বেইজিং আৰ্ট বিয়েনালে বঁটা লাভ কৰিছিল।
-
সাবিত্ৰী খানোলকৰ
সাবিত্ৰী বাই খানোলকৰ (Savitri Khanolkar মূল নাম: Eve Ivonne Maday de Maros, ২০ জুলাই ১৯১৩ – ২৬ নৱেম্বৰ ১৯৯০ ) আছিল ছুইজাৰলেণ্ডত জন্মগ্ৰহণ কৰা এগৰাকী ভাৰতীয় ডিজাইনাৰ৷ তেখেত ভাৰতৰ সৰ্বোচ্চ সামৰিক বঁটা পৰম বীৰ চক্ৰৰ ডিজাইনৰ বাবে সুপৰিচিত, যাক যুদ্ধৰ সময়ত প্ৰদৰ্শন কৰা সাহস আৰু শৌৰ্যৰ বাবে দিয়া হয়৷…
-
হেনৰি মেটিশ্ব
হেন্ৰি-এমিল-বেন'য় মেটিশ্ব (Henri-Émile-Benoît Matisse) (; 31 December 1869 – 3 November 1954) এগৰাকী ফৰাচী চিত্ৰশিল্পী। তেখেতৰ ৰঙৰ ব্যৱহাৰ আৰু গতিশীল অংকনৰ বাবে জনাজাত। চিত্ৰশিল্পৰ বাহিৰেও তেখেত অংকন, ছপাশিল্প আৰু ভাস্কৰ্য-কলাৰো চৰ্চা কৰিছিল, অৱশ্যে চিত্ৰশিল্পৰ বাবে তেখেত বেছি প্ৰখ্যাত।
-
ৰুক্মিণী বৰ্মা
ৰুক্মিণী বৰ্মা (জন্ম ১৯৪০) বাংগালুৰুৰ এগৰাকী ভাৰতীয় শিল্পী। তেওঁ ধ্ৰুপদী পৰম্পৰাৰে চিত্ৰ অংকন কৰা ভাৰতীয় এজন আগশাৰীৰ শিল্পী। যুগান্তকাৰী চিত্ৰশিল্পী ৰবি বৰ্মাৰ বংশৰ কন্যা ৰুক্মিণী হ'ল ৰাজা ৰবি বৰ্মা হেৰিটেজ ফাউণ্ডেচনৰ কলাত্মক উত্তৰাধিকাৰৰ ৰক্ষক।
-
ৰেণুকা কেশৰামাড়ু
ৰেণুকা কেশৰামাড়ু (ইংৰাজী: Renuka Kesaramadu) হৈছে এগৰাকী ভাৰতীয় সমসাময়িক চিত্ৰশিল্পী আৰু ভাস্কৰ্যশিল্পী। তেওঁৰ সহযোগিতামূলক শিল্প প্ৰদৰ্শনী আৰু ইউৰোপৰ কৰ্মশালাত অংশগ্ৰহণৰ জৰিয়তে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত তেওঁ বেছিকৈ পৰিচিত।
-
অছনাত এলকবিৰ
অছনাত এলকবিৰ (אסנת אלכביר) এগৰাকী ইজৰাইলী গায়িকা, নৃত্যশিল্পী, চিত্ৰশিল্পী আৰু নাট্য পৰিচালক। তেওঁ ভাৰতৰ বনাৰস হিন্দু বিশ্ববিদ্যালয়ত দহ বছৰতকৈও অধিক সময় ধৰি ভাৰতীয় ধ্ৰুপদী নৃত্য আৰু সংগীত অধ্যয়ন কৰিছে।
-
অল্গা বজনানস্কা
অল্গা বজনানস্কা ( Olga Boznańska; ১৫ এপ্ৰিল ১৮৬৫ – ২৬ অক্টোবৰ ১৯৪০) কুৰি শতিকাৰ পোলেণ্ডৰ এগৰাকী চিত্ৰশিল্পী। পোলেণ্ড আৰু ইউৰোপৰ এগৰাকী উল্লেখযোগ্য চিত্ৰশিল্পী আছিল আৰু শৈলীগতভাৱে ফৰাচী ইম্প্ৰেছনিজমৰ সৈতে জড়িত আছিল যদিও তেওঁ এই পৰিচয় নাকচ কৰিছিল।
-
আই জিং
আই জিং (চীনা:艾敬; পিনয়ন: Ài Jìng; জন্ম: ১০ ছেপ্টেম্বৰ ১৯৬৯) এগৰাকী চীনা গায়িকা, অভিনেত্ৰী আৰু চিত্ৰশিল্পী। চীনৰ নৰ্থইষ্ট নিউজে তেওঁক “চীনৰ আটাইতকৈ প্ৰতিভাৱান মহিলা লোক-ৰক গায়িকা” বুলি অভিহিত কৰিছে। আইৰ জন্ম হৈছিল শ্বেনয়াং, লিয়াওনিঙৰ এটা সংগীত পৰিয়ালত।
-
আতিয়া ইছলাম আনে
আতিয়া ইছলাম আনে(Atia Islam Anne) এগৰাকী বাংলাদেশী শিল্পী(চিত্ৰশিল্পী), যিয়ে চিত্ৰৰ মাজেৰে নাৰীৰ অনুশোচনা, প্ৰয়োজন, আশা আৰু নিৰাশা আৰু হতাশাৰ বিষয়ে কাম কৰা বুলি জনা যায় আৰু বিশেষকৈ নাৰীৰ ওপৰত হোৱা হিংসাৰ ওপৰত কৰা কামৰ বাবে তেওঁ ব্যাপকভাবে পৰিচিত।
-
আনা কৰ্টেছ
আনা এমা ডেল ৰজাৰিয়া কৰ্টেছ জুলিয়ান, অধিকতৰ আনা কৰ্টেছ নামেৰে জনাজাত ( জন্ম: ২৪ আগষ্ট ১৮৯৫ – মৃত্যু: ৫ জানুৱাৰী ১৯৯৮), গ্ৰুপো মণ্টপাৰ্নাছৰ এগৰাকী চিলিৰ চিত্ৰশিল্পী আছিল। ১৯৭৪ চনত চিলিৰ কলাৰ ৰাষ্ট্ৰীয় বঁটা লাভ কৰি তেওঁ প্ৰথমগৰাকী চিত্ৰশিল্পী হিচাপে পৰিগণিত হয়।
-
আন্না মোলকা আহমেদ
আন্না মোলকা আহমেদ (Anna Molka Ahmed; ১৩ আগষ্ট ১৯১৭ – ২০ এপ্ৰিল ১৯৯৪) এগৰাকী পাকিস্তানী শিল্পী আছিল আৰু তেওঁ ১৯৪৭ চনত দেশৰ স্বাধীনতাৰ পিছত দেশখনৰ সূক্ষ্ম কলাৰ পথ প্ৰদৰ্শক আছিল। তেওঁ লাহোৰৰ পঞ্জাৱ বিশ্ববিদ্যালয়ৰ সূক্ষ্ম কলাৰ অধ্যাপিকা আছিল।
-
আম্ব্ৰিণ বাত
আম্ব্ৰিন বাত (জন্ম ১৯৬৯) বষ্টনত বাস কৰা এগৰাকী পাকিস্তানী আমেৰিকান শিল্পী যিয়ে তেওঁৰ অংকন, চিত্ৰকলা, প্ৰিণ্ট আৰু কোলাজৰ বাবে বেছিকৈ পৰিচিত আৰু তেওঁৰ শ্ৰম নিবিড়, অংকন কৰা আত্মচিত্ৰৰ বাবে স্বীকৃতি লাভ কৰিছে যিয়ে পৰম্পৰাগত পাৰ্চী শিল্পৰ জৰিয়তে নাৰীবাদী আৰু ৰাজনৈতিক ধাৰণাক চিত্ৰিত কৰে।
-
আয়েশা কুৰেইছি
আয়েশা কুৰেইছি ( Ayessha Quraishi; জন্ম: ২৮ অক্টোবৰ, ১৯৭০) এগৰাকী সমসাময়িক ভিচুৱেল আৰ্টিষ্ট, যিয়ে পাকিস্তানৰ কৰাচীত বাস কৰে আৰু কাম কৰে। কুৰেইছিয়ে কৰাচীৰ শিক্ষাবিদ নায়াৰ জামিলেণ্ডৰ পৰা প্ৰাৰম্ভিক কলা প্ৰশিক্ষণ লাভ কৰে আৰু তাৰ পিছৰ পৰাই তিনি দশকৰো অধিক সময় নিজৰ শিল্পকৰ্মত স্বকীয় কৌশল আৰু…
-
আৰ্মিনেহ কেলেণ্টচ
আৰ্মিনেহ কেলেন্টচ্ বা আৰ্মিনেহ গেলেন্টচ্, জন্ম নাম পাৰ'নিয়ান (১৮ আগষ্ট ১৯২০, ডামাস্কাছ – ২২ নৱেম্বৰ ২০০৭, ইয়েৰেভান) এগৰাকী আৰ্মেনিয়ান শিল্পী, ইউ এছ এছ আৰৰ সন্মানীয় শিল্পী (১৯৬৭) আছিল।
-
ইঞ্জি আফ্লাটুন
ইঞ্জি আফ্লাটুন(Inji Aflatoun; আৰবী: إنجي أفلاطون; ১৬ এপ্ৰিল ১৯২৪ – ১৭ এপ্ৰিল ১৯৮৯) এগৰাকী ইজিপ্তৰ চিত্ৰশিল্পী আৰু মহিলা আন্দোলনৰ কৰ্মী আছিল। তেওঁ আছিল "১৯৪০ আৰু ১৯৫০ চনৰ শেষৰ ফালে মাৰ্ক্সবাদী-প্ৰগতিশীল-জাতীয়তাবাদী-নাৰীবাদী আন্দোলনৰ আগশাৰীৰ মুখপাত্ৰ" থকাৰ, লগতে "আধুনিক ইজিপ্তৰ শিল্পৰ পথ প্ৰদৰ্শক"…
-
ইনা গ্ৰেগৰী
জৰ্জিনা এলিছ গ্ৰেগৰী (১৮ অক্টোবৰ ১৮৭৪ – ৫ জুন ১৯৬৪) এগৰাকী অষ্ট্ৰেলিয়ান শিল্পী আছিল। ১৮৭৪ চনৰ ১৮ অক্টোবৰ তাৰিখে ইষ্ট মেলবৰ্ণত এলিছ (জন্ম-সূত্ৰে টপ) আৰু আইনজীৱী জন বাৰ্ছলেম গ্ৰেগৰীৰ ঘৰত তেওঁ জন্মগ্ৰহণ কৰে। সাতজন সন্তানৰ ভিতৰত তেওঁ দ্বিতীয় আছিল।
-
ইৱোনা স্মিলেভ’স্কা
ইৱোনা স্মিলেভ’স্কা ( Iwona Chmielewska; জন্ম: ১৯৬০) এগৰাকী পোলেণ্ডৰ লেখিকা আৰু চিত্ৰকৰ, যিয়ে মূলতঃ শিশুৰ বাবে প্ৰকাশ কৰে যদিও প্ৰাপ্তবয়স্কৰ বাবেও সৃষ্টি প্ৰকাশ কৰে। তেওঁৰ বহু ৰচনা দক্ষিণ কোৰিয়াত প্ৰকাশ পাইছে, য’ত তেওঁ যথেষ্ট জনপ্ৰিয়তা লাভ কৰিছে।
-
এডি এল বালো
এডি লুচিয়া বালো (Addie L. Ballou; ২৯ এপ্ৰিল, ১৮৩৮ – ১০ আগষ্ট, ১৯১৬)এগৰাকী আমেৰিকান ভোটাধিকাৰী, কবি, শিল্পী, লেখক আৰু প্ৰবক্তা আছিল। বালোৱে আধ্যাত্মিকতাবাদী আন্দোলনত লেখক আৰু প্ৰবক্তা হিচাপে সক্ৰিয় অংশগ্ৰহণ কৰিছিল। তেওঁৰ সংস্কাৰ আৰু দানশীলতাৰ আগ্ৰহৰ ভিতৰত আছিল কাৰাগাৰ, দুৰ্ভগীয়া আৰু পতিত মহিলা।
-
এলচি বাৰ্লো
এলচি ফ্ৰেডেৰিকা বাৰ্লো (১৮৭৬ – ১৫ নৱেম্বৰ ১৯৪৮) এগৰাকী অষ্ট্ৰেলীয় চিত্ৰশিল্পী আৰু প্ৰিণ্টমেকাৰ আছিল। তেওঁ টুয়েণ্টি মেলবোৰ্ন পেইণ্টাৰ্ছ ছ’চাইটিৰ অন্যতম প্ৰতিষ্ঠাপক সদস্যা আছিল। তেওঁ ক্যাসেলমেইনত একক প্ৰদৰ্শনী অনুষ্ঠিত কৰা প্ৰথমগৰাকী মহিলা শিল্পী আছিল।
-
এলিজাবেথ আৰ্মষ্ট্ৰং
এলিজাবেথ কেৰ'লিন আৰ্মষ্ট্ৰং (২৮ ছেপ্টেম্বৰ ১৮৫৯ – ২১ ফেব্ৰুৱাৰী ১৯৩০), লিজি আৰ্মষ্ট্ৰং নামেৰে পৰিচিত, এগৰাকী অষ্ট্ৰেলিয়ান শিল্পী আৰু শিল্প শিক্ষয়িত্ৰী আছিল।
-
এৰিকা এবেলাচ ডি এলবাৰ্ট
এৰিকা এবেলছ ডি আলবাৰ্ট, যি এৰিকা এবেলছ নামেৰেও পৰিচিত, (১৮৯৬–১৯৭৫) এগৰাকী অষ্ট্ৰিয়ান চিত্ৰশিল্পী আৰু গ্ৰাফিক শিল্পী আছিল।
-
কাটুশ্বিকা হ'কচাই
Katsushika Hokusai কাটুশ্বিকা হ'কচাই এগৰাকী খ্যাতনাম জাপানী চিত্ৰকৰ৷ টকিঅ'ত জন্ম গ্ৰহণ কৰা এইগৰাকী চিত্ৰকৰক তেওঁৰ জাপানৰ প্ৰখ্যাত 'woodblock printing' ৰে কৰা Thirty-six Views of Mount Fuji নামৰ চিত্ৰসমূহৰ বাবে বিশেষভাৱে জনা যায়৷ এই চিত্ৰসমূহ তেওঁ 'মাউন্ট ফুজি' পৰ্বতৰ প্ৰতি থকা আগ্ৰহ আৰু জাপানৰ…
-
কালী (চিত্ৰশিল্পী)
কালী ( Kali) (১৮ ডিচেম্বৰ, ১৯১৮ – ২০ জুন, ১৯৯৮) পোলেণ্ডত জন্মগ্ৰহণ কৰা এগৰাকী আমেৰিকান চিত্ৰশিল্পী আছিল আৰু তেওঁৰ ষ্টাইলাইজড প্ৰতিকৃতিৰ বাবে পৰিচিত আছিল। তেওঁক পোলেণ্ডৰ অন্যতম গুৰুত্বপূৰ্ণ মহিলা চিত্ৰশিল্পী হিচাপে বৰ্ণনা কৰা হৈছে।
-
কেৰোলিন ফাৰ্ণকম্ব
কেৰোলিন ফাৰ্ণকম্ব ( Caroline Farncomb) এগৰাকী কানাডিয়ান পেইণ্টাৰ। তেওঁৰ জন্ম ১২ জানুৱাৰী, ১৮৫৯ আৰু মৃত্যু ১৩ নৱেম্বৰ ১৯৫১ চন। তেওঁ অণ্টাৰিঅ'ৰ লণ্ডনত বাস কৰিছিল য'ত তেওঁ মহিলা কলা সংস্থাৰ সম্পাদিকা আছিল আৰু এখন আৰ্ট গেলেৰী আৰম্ভ কৰিবলৈ শ্ৰম দান কৰিছিল, যিটো এতিয়া লণ্ডন মিউজিয়াম হৈ আছে।
-
ক্লাৰা আবকাৰ
ক্লাৰা আবকাৰ (Clara Abkar; আৰ্মেনিয়ান: Կլարա Աբգար; জন্ম: ১৯১৬ – মৃত্যু: ২০ মাৰ্চ, ১৯৯৬) এগৰাকী ইৰাণী-আৰ্মেনিয়ান ক্ষুদ্ৰ চিত্ৰশিল্পী আৰু আন ধাতুৰ ওপৰত সোণৰ পাতৰ কাম কৰা শিল্পী আছিল। তেওঁ আছিল প্ৰথম ইৰাণী মহিলা ক্ষুদ্ৰ চিত্ৰশিল্পী।
-
গু কাইঝি
গু কাইঝি (Gu Kaizhi; সৰলীকৃত চীনা: 顾恺之; ৩৪৪-৪০৬) এগৰাকী চীনা চিত্ৰশিল্পী আৰু ৰাজনীতিবিদ আছিল। তেওঁ প্ৰাচীন চীনৰ এগৰাকী প্ৰসিদ্ধ চিত্ৰশিল্পী। তেওঁৰ জন্ম ৱুক্সিত হৈছিল আৰু প্ৰথমবাৰৰ বাবে ৩৬৪ চনত নানজিঙত তেওঁ ছবি আঁকিছিল।
-
গু হেংব'
গু মেই (ইংৰাজী: Gu Mei; ১৬১৯–১৬৬৪) এগৰাকী চীনা গেজী (Gējì), কবি আৰু চিত্ৰশিল্পী আছিল। তেওঁ নিজৰ শৈল্পিক নাম গু হেংব হিচাপে অধিক পৰিচিত আছিল। বিবাহৰ পিছত তেওঁ জু শানচি আৰু জু ঝিজু নামেৰেও জনাজাত হৈছিল।