চিত্ৰশিল্পী
১৩১ প্ৰবন্ধ
-
মাৰ্গাৰেট বাস্কাৰভিল
মাৰ্গাৰেট ফ্ৰান্সিছ এলেন বাস্কাৰভিল (১৪ ছেপ্টেম্বৰ ১৮৬১ – ৬ জুলাই ১৯৩০) এগৰাকী অষ্ট্ৰেলিয়ান ভাস্কৰ্য্যশিল্পী, জলৰঙীয়া চিত্ৰশিল্পী আৰু শিক্ষিকা আছিল। তেওঁক ভিক্টোৰিয়াৰ প্ৰথমগৰাকী পেছাদাৰী মহিলা ভাস্কৰ্য্যশিল্পী হিচাপে গণ্য কৰা হয়।
-
মাৰ্গিট আন্না
মাৰ্গিট আন্না ( Margit Anna; ২৩ ডিচেম্বৰ ১৯১৩ – ৩ জুন ১৯৯১), জন্মৰ নাম মাৰ্গিট ছিচাৰমেন আছিল আৰু তেওঁ আছিল বিংশ শতিকাৰ হাংগেৰীৰ এগৰাকী চিত্ৰশিল্পী। অতিবাস্তৱবাদৰ প্ৰভাৱৰ লগতে সাহসী ৰং আৰু টেক্সচাৰ ব্যৱহাৰ কৰি তেওঁৰ শিল্পকৰ্মক বিমূৰ্ত অভিব্যক্তিবাদ বুলি গণ্য কৰা হৈছিল।
-
মাৰ্চেল ফেৰণ
মাৰ্চেল ফেৰন GOQ RCA (২৯ জানুৱাৰী, ১৯২৪ – ১৯ নৱেম্বৰ, ২০০১) কানাডাৰ এগৰাকী চিত্ৰশিল্পী আৰু ষ্টেইনড গ্লাছ শিল্পী আছিল, তেওঁ পল-এমিল বৰ্ডুৱাছৰ ৰিফাছ গ্ল'বেল ইস্তাহাৰৰ মূল ১৬ জন স্বাক্ষৰকাৰীৰ ভিতৰত অন্যতম আৰু ক্যুবেকৰ সমসাময়িক শিল্প জগতৰ অটোমেটিষ্টসকলৰ মাজৰ এজন প্ৰধান ব্যক্তি আছিল।
-
মাৰ্থা ষ্টেটলাৰ
এডেলহাইড ফেনী মাৰ্থা ষ্টেটলাৰ ( Adelheid Fanny Martha Stettler) জন্ম: ২৫ ছেপ্টেম্বৰ ১৮৭০ – মৃত্যু: ১৬ ডিচেম্বৰ ১৯৪৫ এগৰাকী চুইজাৰলেণ্ডৰ চিত্ৰশিল্পী আৰু ভাস্কৰ্য শিল্পী আছিল।
-
মিছা জাপানৱালা
মিছা জাপানৱালা পাকিস্তানী মূলৰ এগৰাকী দৃশ্য শিল্পী আৰু ফেশ্বন ডিজাইনাৰ। জাপানৱালাই পাকিস্তানত মহিলাৰ অধিকাৰৰ প্ৰতি উৎসৰ্গিত শিল্পকৰ্ম সৃষ্টি কৰিছিল, আৰু তেওঁৰ শিল্পকলা ভগ আৰু ভি মেগাজিনত প্ৰকাশ পাইছে।
-
মিত্ৰা ফাৰাহানী
মিত্ৰা ফাৰাহানী (ফাৰ্চী: میترا فراهانی; জন্ম ১৯৭৫) এগৰাকী ইৰানী চলচ্চিত্ৰ নিৰ্মাতা আৰু চিত্ৰশিল্পী, যিয়ে বৰ্তমান পেৰিছত বসবাস কৰে।
-
মেইড আৰেল
মেইড আৰেল ( Maide Arel; জন্ম: ১৯০৭–মৃত্যু: ১৯৯৭) মায়দে ফেৰুহান নামেৰেও জনাজাত, তুৰ্কীত জন্মগ্ৰহণ কৰা আৰ্মেনিয়ান চিত্ৰশিল্পী আছিল। বিমূৰ্ত আৰু ষ্টাইলাইজড ফিগাৰ, কিউবিজমৰ দৰেই আৰু প্ৰায়ে নিস্তেজ ৰঙৰ কামৰ বাবেই তেওঁ সু-পৰিচিত।
-
মৰিয়াম আৰ্ছাকি আছলামাজিয়ান
মৰিয়াম আৰ্ছাকি আচলামাজিয়ান; ২০ অক্টোবৰ ১৯০৭ – ১৬ জুলাই ২০০৬ এগৰাকী ছোভিয়েট আৰ্মেনিয়ান চিত্ৰশিল্পী আছিল আৰু আৰ্মেনিয়ান এছ এছ আৰৰ পিপলছ আৰ্টিষ্ট (১৯৬৫) আৰু ছোভিয়েট ইউনিয়নৰ পিপলছ আৰ্টিষ্ট (১৯৯০) হিচাপে স্বীকৃতি লাভ কৰিছিল।
-
য়ায়ই কুচামা
য়ায়ই কুচামা (草間 彌生, Yayoi Kusama, জন্ম ২২ মাৰ্চ ১৯২৯) এগৰাকী জাপানী সমসাময়িক শিল্পী যি মুখ্যতঃ ভাস্কৰ্য আৰু ইনষ্টলেচনৰ কাম কৰে। তেওঁ চিত্ৰাংকন (পেইণ্টিং), পাৰ্ফমেঞ্চ, ভিডিঅ’ কলা, ফেশ্বন, কবিতা, কল্পকাহিনী আৰু অন্যান্য কলাতো সক্ৰিয়।
-
লাইলা শ্বাহজাদা
লাইলা শ্বাহজাদা ( Laila Shahzada; ১৯২৬ – ২০ জুলাই ১৯৯৪) এগৰাকী পাকিস্তানী বিমূৰ্ত চিত্ৰশিল্পী আছিল, যিয়ে পাকিস্তানৰ কৰাচীত বাস কৰিছিল আৰু কাম কৰিছিল।
-
লিন ই-নিং
লিন ই-নিং (ইংৰাজী: Lin Yining; চীনা: 林以寧; ১৬৫৫ – প্ৰায় ১৭৩০), যাৰ শৈলীগত নাম আছিল য়াকিং (Yaqing; 亞清), চিং ৰাজবংশৰ এগৰাকী প্ৰখ্যাত চীনা কবি আছিল। তেওঁ বিখ্যাত 'বানানা গাৰ্ডেন পয়েট্ৰি ক্লাব'ৰ এগৰাকী প্ৰতিষ্ঠাপক সদস্য হোৱাৰ লগতে এগৰাকী নিপুণ চিত্ৰশিল্পী আৰু সুৰকাৰো আছিল।
-
লিলিয়ান প্ৰেষ্ট ফাৰ্গুচন
লিলিয়ান প্ৰেষ্ট ফাৰ্গুচন (Lillian Prest Ferguson; ১৮ আগষ্ট, ১৮৬৭ - ১ ফেব্ৰুৱাৰী, ১৯৫৫) কানাডাত জন্মগ্ৰহণ কৰা এগৰাকী চিত্ৰশিল্পী আছিল।
-
লুঅ' চিলান
লুঅ' চিলান (ইংৰাজী: Luo Qilan; চীনা: 駱綺蘭; ১৭৫৫-১৮২০), যাক তেওঁৰ সৌজন্য নাম পেইচিয়াং আৰু শিল্প নাম চিউটিং নামেৰেও জনা যায়, আছিল চীনৰ চিং ৰাজবংশৰ এগৰাকী চিত্ৰশিল্পী আৰু কবি। লুঅ' চিলানৰ জন্ম হৈছিল ১৭৫৫ চনত বৰ্তমানৰ জুৰং জিয়াংচুৰ জুচু গাঁৱত। তেওঁ গং চিঝিক বিবাহ কৰাইছিল।
-
লুইচ আবেমা
লুইচ আবেমা ( Louise Abbéma; ৩০ অক্টোবৰ ১৮৫৩ – ২৯ জুলাই ১৯২৭) আছিল এগৰাকী ফৰাচী চিত্ৰশিল্পী, ভাস্কৰ্যশিল্পী আৰু বেলে ইপ’কৰ ডিজাইনাৰ।
-
লুইছা এন্নে মেৰেডিথ
লুইছা এন্নে মেৰেডিথ (২০ জুলাই ১৮১২ – ২১ অক্টোবৰ ১৮৯৫), যাক লুইছা এন্নে ট্ৱামলি বুলিও জনা যায়, এগৰাকী ইংৰাজ-মূলৰ অষ্ট্ৰেলিয়ান লেখিকা আৰু চিত্ৰাঙ্কনশিল্পী আছিল। তেওঁ সম্ভৱতঃ অষ্ট্ৰেলিয়াৰ প্ৰাৰম্ভিক মহিলা আলোকচিত্ৰশিল্পীসকলৰ মাজৰ এগৰাকী আছিল।
-
লুচিক আগুলেট্চি
লুচিক আগুলেট্চি (Lusik Aguletsi; আৰ্মেনিয়ান: Լուսիկ Ագուլեցի); জন্ম নাম লুচিক ঝোৰজিকি হাৰুত্যুনিয়ান; নাখিচেভানত জন্মগ্ৰহণ কৰা এগৰাকী আৰ্মেনিয়ান চিত্ৰশিল্পী, নৃতত্ত্ববিদ, আৰু আৰ্মেনিয়াৰ সন্মানীয় সাংস্কৃতিক কৰ্মী আছিল।
-
লুবন আঘা
লুবনা আঘা ( Lubna Agha), জন্ম: ২ মে', ১৯৪৯ চন আৰু মৃত্যু: ৬ মে', ২০১২ চন, তেওঁ আছিল পাকিস্তানী বংশৰ এগৰাকী আমেৰিকান শিল্পী, যিয়ে আমেৰিকাৰ মেছাচুচেটছৰ ব্ৰুকলাইনত বাস কৰিছিল।
-
ল’ওৰা থেৰেছা
ল’ওৰা থেৰেছা, লেডী আলমা-টাডেমা ( Laura Theresa; (জন্ম: ১৬ এপ্ৰিল ১৮৫২ – ১৫ আগষ্ট ১৯০৯) এগৰাকী মহিলা আৰু শিশুৰ ঘৰুৱা আৰু ধাৰাবাহিক দৃশ্যৰ বিশেষজ্ঞ ব্ৰিটিছ চিত্ৰশিল্পী আছিল। তেওঁৰ আঠাইশখন ছবি ৰয়েল একাডেমীত প্ৰদৰ্শিত হৈছিল।
-
ল’ৰা ৰ’ডিগ
ল’ৰা ৰ’ডিগ (জন্ম নাম, ল’ৰা ডেল ট্ৰান্সিটো পিজাৰো; ৭ ছেপ্টেম্বৰ, ১৮৯৬ - ৩০ অক্টোবৰ, ১৯৭২) চিলিৰ এগৰাকী চিত্ৰশিল্পী, ভাস্কৰ্য্যশিল্পী, চিত্ৰকৰ আৰু শিক্ষাবিদ আছিল। তেওঁ চিলিৰ মহিলাসকলৰ মুক্তি সমৰ্থক আন্দোলন (MEMCH)ৰ অন্যতম নেত্ৰী আছিল।
-
শিৱা আহমদী
শিৱা আহমদী ( Shiva Ahmadi; জন্ম: ১৯৭৫; পাৰ্চী: শিৱা احمدی) ইৰাণত জন্মগ্ৰহণ কৰা এগৰাকী আমেৰিকান শিল্পী, তেওঁৰ চিত্ৰকলা, ভিডিঅ' আৰু ইনষ্টলেচনৰ বাবে পৰিচিত। উত্তৰ আমেৰিকা আৰু মধ্যপ্ৰাচ্যৰ গেলেৰী আৰু সংগ্ৰহালয়ত তেওঁৰ কৰ্মৰাজি প্ৰদৰ্শিত হৈছে।
-
শ্বাহৰাম আলিদী
শ্বাহৰাম আলিদী (ফাৰ্চী: شهرام علیدی; জন্ম ১১ ডিচেম্বৰ, ১৯৭১, সানান্দাজ, কুৰ্ডিষ্টান, ইৰান) হৈছে এজন ইৰানী চলচ্চিত্ৰ পৰিচালক, চিত্ৰনাট্যকাৰ আৰু চলচ্চিত্ৰ প্ৰযোজক। ইয়াৰ উপৰি তেওঁ এজন চিত্ৰশিল্পী, ইলাষ্ট্ৰেটৰ আৰু গ্ৰাফিক ডিজাইনাৰ।
-
সমীৰা আব্বাছি
সমীৰা আব্বাছি ( Samira Abbassy; জন্ম: ১৯৬৫) এগৰাকী ইৰাণত জন্মগ্ৰহণ কৰা ব্ৰিটিছ চিত্ৰশিল্পী আৰু আৰব ঐতিহ্যৰ খচৰা প্ৰস্তুতকাৰক। তেওঁৰ কামে পৌৰাণিক কাহিনী, নাৰী দেৱতা, মনোজগত, স্মৃতিশক্তি আৰু প্ৰব্ৰজনকাৰীসকলৰ বিষয়সমূহৰ ওপৰত আলোচনা কৰে।
-
সুমাইৰা তাজিন
সুমাইৰা তাজিন কানাডা ভিত্তিক পাকিস্তানী শিল্পী যিয়ে সমসাময়িক ক্ষুদ্ৰ শিল্পৰ বিশেষজ্ঞ। নেচনেল কলেজ অৱ আৰ্টছৰ স্বৰ্ণ পদক বিজয়ী তাজিনে দ্বিতীয় ৰাণী এলিজাবেথ (১৯৯৭), পাকিস্তানৰ ৰাষ্ট্ৰপতি পাৰভেজ মুশ্বাৰফ (২০০৬) আৰু জৰ্ডানৰ ৰাণী ৰানিয়াকে ধৰি বিশ্বৰ বিভিন্ন প্ৰভাৱশালী ব্যক্তিৰ আগত তেওঁৰ কৰ্মৰাজি…
-
স্নেহা শ্ৰেষ্ঠ (শিল্পী)
স্নেহা শ্ৰেষ্ঠ (स्नेहा श्रेष्ठ) হৈছে এগৰাকী নেপালী সমসাময়িক দৃশ্য শিল্পী, পথ শিল্পী, শিক্ষাবিদ, আৰু কলা প্ৰশাসক। তেওঁ নেপালৰ শিশু কলা সংগ্ৰহালয় নামৰ সংগ্ৰহালয়টিৰ প্ৰতিষ্ঠাপক। তেওঁ ইমাজিন উপনামেৰে দেৱাল লিখনৰ ক্ষেত্ৰত আগবঢ়োৱা অৱদানৰ বাবে পৰিচিত।
-
হলি ফেই
হলি ফেই ছাস্কাচেৱানৰ ৰেজিনাত থকা কানাডাৰ এগৰাকী চিত্ৰ শিল্পী। তেওঁ তৈল চিত্ৰ আৰু স্কেচ্ছ অংকনৰ বাবে পৰিচিত, যিবোৰে প্ৰকৃতি, দৃষ্টিভংগী, প্ৰাকৃতিক দৃশ্য, প্ৰতিনিধিত্ব আৰু ইতিহাসৰ বিষয়বস্তু অন্বেষণ কৰে। তেওঁৰ কৰ্মৰাজি সমগ্ৰ কানাডা আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰদৰ্শিত হৈছে।
-
হালিনা ক্ৰষ্ট’ব্স্কা
হালিনা ক্ৰষ্ট'ব্স্কা, জন্ম: ২৫ জুলাই ১৯২৯ চন আৰু মৃত্যু: ২২ এপ্ৰিল ১৯৯০ চন, হেলিনা ক্ৰ'ষ্ট'স্কা-পিওট্ৰ'ভিচ নামেৰেও জনাজাত এগৰাকী পোলেণ্ডৰ ভিচুৱেল আৰ্টিষ্ট, গ্ৰাফিক শিল্পী, প্ৰিণ্টমেকাৰ, কৰ্মী, শিক্ষাবিদ আৰু চিত্ৰকৰ আছিল।
-
হুমা মুলজী
হুমা মুলজী ( Huma Mulji) এগৰাকী সাম্প্ৰতিক সময়ৰ পাকিস্তানী শিল্পী। তেওঁৰ ১৯৭০ চনত কৰাচীত জন্ম হয়। তেওঁৰ ৰচনাসমূহ লণ্ডনৰ সাটচি গেলেৰী আৰু এছিয়া ছ'চাইটি মিউজিয়ামৰ সংগ্ৰহত আছে। ২০১৩ চনত তেওঁ আব্ৰাজ কেপিটেল আৰ্ট প্ৰাইজ লাভ কৰে।
-
হেনৰিয়েট পেটিট
হেনৰিয়েট পেটিট (আনা এনৰিকেটা পেটিট মাৰ্ফানৰ ছদ্মনাম; ৩ মাৰ্চ, ১৮৯৪ - ৯ ডিচেম্বৰ, ১৯৮৩), এগৰাকী চিলিৰ চিত্ৰশিল্পী, গ্ৰুপো মণ্টপাৰ্নাছৰ সদস্য, যাৰ তেওঁ সহ-প্ৰতিষ্ঠাপক আছিল।
-
হেবা ওয়াই আমিন
হেবা ওৱাই আমিন (Heba Amin; জন্ম ১৯৮০) এগৰাকী ভিচুৱেল আৰ্টিষ্ট, গৱেষক আৰু শিক্ষাবিদ।
-
হেলেন এলিংহাম
হেলেন এলিংহাম আৰ ডব্লিউ এছ(Royal Watercolour Society), (Helen Allingham), যাৰ জন্ম: ২৬ ছেপ্টেম্বৰ ১৮৪৮, নাম পেটাৰছন আৰু মৃত্যু: ২৮ ছেপ্টেম্বৰ ১৯২৬; আছিল ভিক্টোৰিয়ান যুগৰ এজন ব্ৰিটিছ ৱাটাৰকালাৰ বিশেষজ্ঞ আৰু চিত্ৰকৰ।