মাৰ্গাৰেট-লুইজ ভাৰ্জিনি চাৰ্ডন এন্সেলট বা চমুকৈ মাৰ্গাৰেট এন্সেলট (১৭৯২–১৮৭৫) এগৰাকী ফৰাচী চিত্ৰশিল্পী, লেখক আৰু নাট্যকাৰ আছিল। তেওঁৰ জন্ম হৈছিল ১৭৯২ চনত আৰু মৃত্যু ১৮৭৫ চনত।১২ তাৰিখ সঠিককৈ জনা নাযায়। ডিজনৰ এটা সংসদীয় পৰিয়ালত জন্মগ্ৰহণ কৰা এন্সেলটৰ বিবাহ নাট্যকাৰ জেক-ফ্ৰাঁছোৱা এন্সেলটৰ সৈতে হৈছিল।২ ১৮২৪ চনৰ পৰা ১৮৬৬ চনলৈকে এন্সেলটে পেৰিছৰ ৰু ডি চেইনত এখন সাহিত্যিক প্ৰদৰ্শনীৰ আয়োজন কৰিছিল।২ thumb|left|হেনৰী চতুৰ্থ এট কেথেৰিন ডি মেডিচিছ'' ১৮১৯ চনৰ প্ৰদৰ্শনী)
তেওঁৰ নাটকসমূহ চাৰিটা খণ্ডত সংগ্ৰহ কৰা হয় আৰু ১৮৪৮ চনত থিয়েটাৰ কমপ্লিট (Theâtre complet) নামেৰে প্ৰকাশ কৰা হয়।১ তেওঁ লেছ চেলনছ ডি পেৰিছ, ফয়াৰ্ছ এটেইণ্টছ (১৮৫৮) আৰু আন চেলন ডি পেৰিছ ১৮২৪-৬৪ (১৮৬৬) নামেৰে দুখন স্মৃতিগ্ৰন্থ প্ৰকাশ কৰে।১ ঔপন্যাসিক হিচাপেও তেওঁৰ অৱদান আছে। তেওঁৰ আটাইতকৈ গুৰুত্বপূৰ্ণ উপন্যাসসমূহৰ ভিতৰত আছে জৰ্জিন (১৮৫৫), ইউনে ৰুট ছান্স ইছ্যু (১৮৫৭), আৰু উন নুড দে ৰুবান (১৮৫৮)।১
প্ৰদৰ্শনী
- লা ভেভ ডু ৰয় বান আৰু কেইবাখনো প্ৰতিকৃতি, ১৮১৪ চনৰ প্ৰদৰ্শনী৩
- চতুৰ্দশ লুই, দ্বিতীয় জেকৰ মৃত্যুশয্যাত, ১৮১৭ চনৰ প্ৰদৰ্শনী৪
সংগ্ৰহসমূহ
মছিয়েঁ কাৰ্ণাভেলেট (Musée Carnavalet), পেৰিছ: ফ্ৰান্সোৱা এন্সেলট (১৭৯৪-১৮৫৪), আৰু অউটাৰ ড্ৰামাটিক (auteur dramatique), ১৮১৯, কেনভাছত অইল পেইণ্টিং।৫
তথ্যসূত্ৰ
- ↑ Finch, Alison. (2000). Women's Writing in Nineteenth-Century France. Cambridge University Press. পৃ. 249. ISBN 9780521631860
- ↑ Kale, Steven. (2005). French Salons: High Society and Political Sociability from the Old Regime to the Revolution of 1848. JHU Press. পৃ. 231. ISBN 9780801883866
- ↑ (1814). Explication des ouvrages de peinture et dessins, sculpture, architecture et gravure des artistes vivans... Gallica
- ↑ (1817). Explication des ouvrages de peinture et dessins, sculpture, architecture et gravure des artistes vivans... Gallica
- ↑ François Ancelot (1794-1854), auteur dramatique. · Paris Musées. www.parismuseescollections.paris.fr
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মাৰ্গাৰেট এন্সেলট” প্ৰবন্ধৰ সংশোধন ৫০০৮৩০ (৩১ মাৰ্চ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।