অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

দুলাৰী দেৱী

দুলাৰী দেৱী ( Dulari Devi; জন্ম: ১৯৬৮) এগৰাকী ভাৰতীয় শিল্পী আৰু চিত্ৰকৰ। ২০২১ চনত মধুৱনী চিত্ৰশিল্পৰ প্ৰতি আগবঢ়োৱা অৱদানৰ বাবে তেওঁ ভাৰত চৰকাৰে প্ৰদান কৰা অসামৰিক সন্মান পদ্মশ্ৰী বঁটা লাভ কৰে।

হালনাগাদ: ৭ ডিচেম্বৰ ২০২৪ ২১৪ শব্দ · ১ মিনিট সংগৃহীত ৭৯
সংশোধনৰ পৰামৰ্শ

দুলাৰী দেৱী ( Dulari Devi; জন্ম: ১৯৬৮) এগৰাকী ভাৰতীয় শিল্পী আৰু চিত্ৰকৰ। ২০২১ চনত মধুৱনী চিত্ৰশিল্পৰ প্ৰতি আগবঢ়োৱা অৱদানৰ বাবে তেওঁ ভাৰত চৰকাৰে প্ৰদান কৰা অসামৰিক সন্মান পদ্মশ্ৰী লাভ কৰে।১

জীৱনী

ভাৰতৰ বিহাৰ ৰাজ্যৰ ৰান্তী গাঁৱত বাস কৰা দুলাৰী দেৱীৰ জন্ম হৈছিল প্ৰান্তীয় দলিত মল্লাহ জাতিৰ পৰিয়ালত। তেৰ বছৰ বয়সত তেওঁৰ বিবাহ হৈছিল যদিও আঠাইশ বছৰ বয়সত, সন্তানৰ মৃত্যুৰ পিছত মাতৃৰ পৰিয়ালৰ সৈতে থাকিবলৈ উভতি আহিছিল। দুলাৰী দেৱীয়ে মধুৱনী চিত্ৰশিল্পৰ ওপৰত কোনো আনুষ্ঠানিক শিক্ষা গ্ৰহণ কৰা নাছিল যদিও মধুবনী চিত্ৰশিল্পী মহাসুন্দৰী দেৱীৰ ঘৰত ঘৰুৱা সহায়িকা হিচাপে কাৰ্যনিৰ্বাহ কৰি থাকোঁতে মধুবনী শৈলীৰে চিত্ৰ অংকন কৰিবলৈ শিকিছিল। মহাসুন্দৰী দেৱীয়ে তেওঁক আন এগৰাকী শিল্পী কৰ্পুৰী দেৱীৰ সৈতে চিনাকি কৰাই দিয়ে, যিয়ে দুলাৰী দেৱীক মধুবনী চিত্ৰশিল্প আৰু ইয়াৰ বিভিন্ন কৌশল সম্পৰ্কে কেতবোৰ ধাৰণা আগবঢ়াইছিল।২৩৪

কৰ্মজীৱন

দুলাৰী দেৱীয়ে মধুৱনী লোকচিত্ৰৰ ‘কাচনী’ (লাইন স্কেচিং) ‘আৰু ‘ভৰনী’ (ৰঙীন) এই দুয়োটা শৈলীৰে অভ্যাস কৰে যদিও পৰৱৰ্তী সময়ত তেওঁ 'ভৰণী' শৈলীৰ ওপৰতেই গুৰুত্ব আৰোপ কৰে।২৩যদিও এই শৈলীসমূহৰ ব্যৱহাৰ পৰম্পৰাগতভাৱে নিৰ্দিষ্ট জাতিৰ সদস্যৰ মাজতেই সীমাবদ্ধ হৈ থাকে,তথাপিও সমালোচক সুনীল কুমাৰে তেওঁৰ কামক পৰম্পৰাগত শৈলীগত বিভাজনৰ মাজত গতি কৰিব পৰা আৰু দুয়োটা ক্ষেত্ৰ দখল কৰিব পৰা বুলি বৰ্ণনা কৰি তেওঁৰ "অসীম দক্ষতা"ৰ প্ৰশংসা কৰিছে।২৫ ইয়াৰ উপৰিও তেওঁৰ চিত্ৰসমূহৰ বিষয়বস্তু হিচাপে মহিলাসকলৰ মাজত সৱলীকৰণৰ বিষয়টোৱে গুৰুত্ব পাইছে।৫তেওঁৰ কামক "...আধুনিক বিষয়বস্তুৰ সৈতে সম্প্ৰদায়সমূহৰ পৰম্পৰাৰ সংমিশ্ৰণ" বুলিও বৰ্ণনা কৰা হৈছে।

তেওঁৰ কৰ্মৰাজি ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় মুক্ত বিশ্ববিদ্যালয়ত মৈথিলী ভাষাৰ পাঠ্যক্ৰমৰ অংশ হিচাপে প্ৰদৰ্শিত হৈছে।২০০৫ চনত নৰেন্দ্ৰ নাৰায়ণ সিনহাই মধুবনী শিল্পত পৰম্পৰাগত চিত্ৰকল্পৰ ব্যৱহাৰৰ ওপৰত গুৰুত্ব আৰোপ কৰা প্ৰদৰ্শনীৰ অংশ হিচাপে তেওঁৰ দ্বাৰা অংকিত মধুৱনী চিত্ৰসমূহৰ প্ৰদৰ্শন কৰা হৈছিল।২০১০ চনত দুলাৰী দেৱী আৰু আন কেইবাজনো লোকশিল্পীয়ে তেওঁলোকৰ শিল্পত জনজাতীয় লোককথা লিপিবদ্ধ কৰে, যিটো প্ৰকাশক টাৰা বুকছে ৰেচম পৰ্দাৰ প্ৰিণ্টৰ এটা খণ্ডত সংকলন কৰে, যাৰ শিৰোনাম আছিল সূৰ্য্য আৰু চন্দ্ৰ।২০১৮ চনত তেওঁৰ "হেলিকপ্টাৰেৰে এখন গাঁৱত উপস্থিত হোৱা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী" শীৰ্ষক ছবিখন ছান ফ্ৰান্সিস্কোৰ এছিয়ান আৰ্ট মিউজিয়ামত মধুবনী শিল্পৰ প্ৰদৰ্শনীৰ অংশ আছিল। চিত্ৰকলাৰ উপৰিও দেৱীয়ে ভাৰতৰ কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ বাবে কেইবাটাও ভিত্তিচিত্ৰ কলা(ম্যুৰেল) নিৰ্মাণ সম্পূৰ্ণ কৰিছে, আৰু শিশুসকলক মধুবনী শিল্প সম্পৰ্কে বিভিন্ন কৌশল শিকাইছে।দুলাৰী দেৱী,বিহাৰৰ মধুবনীত অৱস্থিত মধুবনী আৰ্ট ইনষ্টিটিউটৰ এগৰাকী প্ৰশিক্ষক।

২০১১ চনত দুলাৰী দেৱীয়ে লেখিকা আৰু প্ৰকাশক গীতা উলফৰ সৈতে সহযোগীভাৱে লিখা "ফ'ল'ইং মাই পেইণ্ট ব্ৰাছ" নামৰ এখন সচিত্ৰ আত্মজীৱনী প্ৰকাশ কৰে।তেওঁলোকৰ সম্প্ৰদায়ত কিদৰে ক'ভিড-১৯ তথা লকডাউনৰ প্ৰভাৱ পৰিছিল,সেই সম্পৰ্কে অংকন কৰা মধুৱনী চিত্ৰসমূহ প্ৰিন্সটন বিশ্ববিদ্যালয়ে তেওঁলোকৰ গ্ৰাফিক আৰ্টছ সংগ্ৰহৰ বাবে লাভ কৰিছে।এথনিক আৰ্ট ফাউণ্ডেশ্যন আৰু কেথেৰিন মায়াৰ্ছৰ লগতে তেওঁৰ শিল্পকৰ্মসমূহ উইলিয়াম বেণ্টন মিউজিয়াম অৱ আৰ্টত অনুষ্ঠিত হোৱা 'ট্ৰেডিচন এণ্ড ট্ৰেন্সফৰ্মেচন: মিথিলা আৰ্ট অৱ ইণ্ডিয়া' নামৰ প্ৰদৰ্শনীতো প্ৰদৰ্শিত হৈছে।৬৭ পৰিচালক নাটাছা আৰ্বানে তেওঁৰ অভিনয়ৰে এখন তথ্যচিত্ৰ নিৰ্মাণৰ বাবে গৱেষণা কৰি আছে, যাৰ নাম "বেটাৰ টু বি এ ট্ৰি ডেন এ গাৰ্ল।" ভাৰতৰ বিহাৰৰ পৰা অহা এদল যুৱতী চিত্ৰকৰৰ ওপৰত নিৰ্মিত এখন তথ্যচিত্ৰ, যিয়ে প্ৰাচীন মিথিলা চিত্ৰকলা শৈলী ব্যৱহাৰ কৰি বৈষম্য আৰু পিতৃতন্ত্ৰৰ বিৰুদ্ধে যুঁজ দিয়ে।৮

বঁটা-সন্মান

  • ২০২১ -পদ্মশ্ৰী
  • ২০১২ - শিল্পকৰ্মত উৎকৃষ্টতাৰ বাবে বিহাৰ ৰাজ্যৰ বঁটা।

তথ্যসূত্ৰ

  1. ↑ Padma Awardees 2021. Padma Awards
  2. ↑ (2021-02-07). Padma Shri Ramchandra Manjhi and Dulari Devi: Tale of two artists, and of art, caste and grit in Bihar. The Indian Express
  3. ↑ सिंह, अजय धारी. (2021-01-26). मधुबनी की मिथिला पेंटिंग की मशहूर कलाकार दुलारी देवी को मिलेगा पद्मश्री. www.abplive.com
  4. ↑ (2021-01-30). बिहार के दो दलित जिन्हें मिला पद्म श्री, जानें किस कला में हैं माहिर, 74 साल से नाच रहे हैं मांझी. Jansatta
  5. ↑ Tripathi, Shailaja. (2013-11-22). Madhubani beyond the living rooms. The Hindu
  6. ↑ Madison, Marquez. (2021-11-12). Tradition and Transformation: Mithila Art of India · The William Benton Museum of Art
  7. ↑ Phillips, Kimberly. (2022-04-06). Art Professor Shares Personal Collection of Mithila Art in Latest Exhibition at the Benton. UConn Today
  8. ↑ Better to be a Tree than a Girl. natasaurban.com

সম্পৰ্কিত শ্ৰেণী

বিহাৰৰ ব্যক্তিচিত্ৰশিল্পীপদ্মশ্ৰী বঁটা বিজয়ী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “দুলাৰী দেৱী” প্ৰবন্ধৰ সংশোধন ৪৫২২৬২ (৭ ডিচেম্বৰ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।