গ'লনাৰ আদিলি ( Golnar Adili) তেওঁৰ জন্ম হৈছিল, ১৯৭৬ চনত, ভাৰ্জিনিয়াত। গ’লনাৰে নিউয়ৰ্কৰ ব্ৰুকলিনত বাস কৰা এটা ইৰাণী পৰিয়ালত জন্মগ্ৰহণ কৰা এগৰাকী আমেৰিকান বহুবিষয়ক শিল্পী।১ তেওঁৰ বহু কামেই তেহৰাণত ইৰাণৰ পিছৰ বিপ্লৱ আৰু স্থানচ্যুতিৰ বিষয়ৰ দ্বাৰা প্ৰভাৱিত হৈছিল।
জীৱনী
১৯৭৬ চনত ভাৰ্জিনিয়াৰ ফল্ছ চাৰ্চত জন্মগ্ৰহণ কৰা আদিলিৰ জন্ম হৈছিল যদিও ১৯৮০ চনত চাৰি বছৰ বয়সত তেওঁৰ পৰিয়াল পুনৰ ইৰাণলৈ গুচি যায়।২৩ তেওঁৰ পিতৃ-মাতৃ ৰাজনৈতিক কৰ্মী আছিল আৰু ইৰাণলৈ যোৱাৰ পিছত তেওঁৰ পিতৃয়ে তেওঁৰ কামৰ বাবেই পুনৰ আমেৰিকালৈ পলায়ন কৰিবলৈ বাধ্য হয়।৪ ১৯৯৪ চনত তেওঁ আমেৰিকালৈ উভতি আহি পিতৃৰ সৈতে পুনৰ মিলিত হয় আৰু কলেজীয়া শিক্ষা গ্ৰহণ কৰে।৪ ১৯৯৮ চনত ভাৰ্জিনিয়া বিশ্ববিদ্যালয়ৰ পৰা চিত্ৰকলাৰ স্নাতক ডিগ্ৰী লাভ কৰে আৰু ২০০৬ চনত মিচিগান বিশ্ববিদ্যালয়ৰ পৰা স্থাপত্যত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে।৫
২০০৯ চনত তেওঁ নিউয়ৰ্ক ফাউণ্ডেশ্যন ফৰ দ্য আৰ্টছৰ পৰা প্ৰিন্টমেকিং/ড্ৰয়িং/আৰ্টিষ্ট বুকছৰ ফেল'শ্বিপ লাভ কৰে।৬ আদিলিক মহিলা ষ্টুডিঅ' কৰ্মশালা (২০১৫), দ্য মেকড'ৱেল কলনী (২০০৭, ২০১৩), বেলাজিঅ' চেণ্টাৰৰ ৰকফেলাৰ ফাউণ্ডেশ্যন, আৰু ল'ৱাৰ ইষ্ট চাইড প্ৰিন্টশ্বপ (২০১৪) আদিত ৰেচিডেন্সি প্ৰদান কৰা হৈছে।.৩৭৮
প্ৰদৰ্শনী
গ’লনাৰ আদিলিৰ নিৰ্বাচিত প্ৰদৰ্শনীৰ তালিকা, বছৰ অনুযায়ী।
- ২০১৬ – "লেংগুৱেজ লেণ্ডস্কেপ," কেণ্টলাৰ আন্তৰ্জাতিক অংকন স্থান, ব্ৰুকলিন, নিউয়ৰ্ক৯
- ২০১৪ – "গুদ নিউজ ফ্ৰম ইৰাণ", পেচিংগাৰ ফেব্ৰিক-মিউনিখ, মিউনিখ, জাৰ্মানী১০
- ২০১৩ – "আৰ্ট অন পেপাৰ + ১", ব্ৰাছেলছ সমসাময়িক অংকন মেলা, Galeri Coullaud আৰু Koulinsky, পেৰিছ, ফ্ৰান্স১১
- ২০১৩ – "ডিচপ্লেচমেণ্ট", ক্ৰাফ্ট আৰু লোক কলা সংগ্ৰহালয়, লছ এঞ্জেলছ, কেলিফৰ্নিয়া১১
- ২০১১ – "ফৰ্গদ্ প্যাটাৰ্নিং: চোলো শ্ব'", আউন গেলেৰী, তেহৰাণ, ইৰাণ১১
তথ্যসূত্ৰ
- ↑ Bio. Uprise Art
- ↑ Golnar Adili. Smack Mellon
- ↑ Summer Exhibition: In and Out of Context. Rhizome
- ↑ Hodara, Susan. (2016-03-17). Three Iranian Women Use Art to Pierce Their Homeland's Veil. The New York Times
- ↑ Ali, Sasha. (2014). Displacements: The Craft Practices of Golnar Adili and Samira Yamin. Craft and Folk Art Museum (CAFAM)
- ↑ Directory of Artists' Fellows from 1985–2013. New York Foundation for the Arts (NYFA)
- ↑ (17 April 2015). Conditions of Longing: Golnar Adili in the Studio – Women's Studio Workshop. Women's Studio Workshop
- ↑ (2015-12-30). Golnar Adili on Her Life-Changing MacDowell Experience. Vimeo
- ↑ Home. kentlergallery.org
- ↑ 'Good News From Iran' – Emerging Iranian Artists at Pasinger Fabrik-Munich. Islamic Arts Magazine
- ↑ Golnar Adili. Victori Contemporary
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “গ’লনাৰ আদিলি” প্ৰবন্ধৰ সংশোধন ৬১৫২১৯ (২ জুলাই ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।