ফ্ৰেডা ব্ৰিলিয়েণ্ট ( Fredda Brilliant; ৭ এপ্ৰিল ১৯০৩১ – ২৫ মে' ১৯৯৯) পোলেণ্ডৰ ল'ড্জত জন্মগ্ৰহণ কৰা এগৰাকী পোলেণ্ডৰ ভাস্কৰ্য শিল্পী আৰু অভিনেত্ৰী।
বিভিন্ন মাধ্যমত কাম কৰা ফ্ৰেডাই এগৰাকী নিপুণ ভাস্কৰ্য্য শিল্পী, লেখিকা, অভিনেত্ৰী, গায়িকা আৰু চিত্ৰনাট্যকাৰ হিচাপে স্বীকৃতি লাভ কৰিছে। গোটেই কেৰিয়াৰটোত তেওঁ ইংলেণ্ড, আমেৰিকা যুক্তৰাষ্ট্ৰ, অষ্ট্ৰেলিয়া, ভাৰত, পোলেণ্ড আৰু ৰাছিয়াত কাম কৰি বহু ঠাই ভ্ৰমণ কৰিছিল। ব্ৰিলিয়েণ্টে বহু বিখ্যাত ব্যক্তি যেনে জৱাহৰলাল নেহৰু, ভি.কে. কৃষ্ণ মেনন, ইন্দিৰা গান্ধী, আমেৰিকাৰ ৰাষ্ট্ৰপতি জন এফ কেনেডী, আৰু বাকমিনিষ্টাৰ ফুলাৰ আদিৰ প্ৰতিমূৰ্তি নিৰ্মাণ কৰিছে। স্বামী লেখক হাৰ্বাৰ্ট মাৰ্শ্বেলৰো ভাস্কৰ্য্য শিল্পকৰ্ম কৰিছিল। তেওঁৰ লেখাৰ ক্ৰেডিটসমূহৰ ভিতৰত আছে বায়'গ্ৰাফীজ ইন ব্ৰঞ্জ (১৯৮৬),২ দ্য ব্লেক ভাৰ্জিন (১৯৮৬),৩ উইমেন ইন পাৱাৰ (১৯৮৭)৪ আৰু ট্ৰুথ ইন ফিকচন (১৯৮৬)।৫
ব্ৰিলিয়েণ্টৰ আটাইতকৈ বিখ্যাত কাম হৈছে মোহনদাস কৰমচান্দ গান্ধীৰ ব্ৰঞ্জৰ মূৰ্তি, যিটো ব্ৰিটেইনৰ লণ্ডনৰ টেভিষ্টক স্কোৱাৰত থকা উদ্যানখনৰ কেন্দ্ৰবিন্দু।
প্ৰাৰম্ভিক জীৱন
১৯২৪ চনত ফ্ৰেডা ব্ৰিলিয়েণ্টে ইহুদী পিতৃ-মাতৃৰ সৈতে অষ্ট্ৰেলিয়াৰ মেলবৰ্ণলৈ গুচি যায়। ব্ৰিলিয়েণ্ট পৰিয়ালটো য়িদ্দিছ নাট্য আৰু সাংস্কৃতিক মহলত সক্ৰিয় আছিল। অষ্ট্ৰেলিয়াত থকা সময়ছোৱাত তেওঁ নিজৰ অভিনয় প্ৰতিভাক নিখুঁত কৰিছিল আৰু লগতে মেলবৰ্ণ থিয়েটাৰৰ সহ-প্ৰতিষ্ঠাপক আছিল, ১৯২০ চনৰ শেষৰ ফালে তেওঁ অভিনেত্ৰী হিচাপে কেৰিয়াৰ আৰম্ভ কৰিবলৈ নিউয়ৰ্ক চহৰলৈ গুচি যায়। ১৯৩৫ চনত মস্কোত থকাৰ সময়তে তেওঁ সন্মানীয় চলচ্চিত্ৰ-লেখক আৰু প্ৰবক্তা হাৰ্বাৰ্ট মাৰ্শ্বেলক বিয়া কৰায়; ১৯৩৭ চনলৈকে দুয়োজন ৰাছিয়াত আছিল আৰু পিছত লণ্ডনলৈ গুচি যায়।
১৯৩৯ চনত ফ্ৰেডা আৰু মাৰ্শ্বলে সমাজবাদী ছবি দ্য প্ৰাউড ভেলীৰ চিত্ৰনাট্য সম্পূৰ্ণ কৰে আৰু পিছৰ বছৰত মুক্তি পায়। যুদ্ধ আৰম্ভ হোৱাৰ লগে লগে ফ্ৰেডাই এটা নাট্য কোম্পানীৰে ভ্ৰমণ কৰিবলৈ আৰম্ভ কৰে আৰু আটাইতকৈ উল্লেখযোগ্যভাৱে ১৯৪৭ চনত লণ্ডনৰ দ্য গ্ল'বত মাইকেল ৰেডগ্ৰেভ আৰু তাৰ পিছত এলবাৰ্ট ফিনিৰ সৈতে ১৯৩৯ চনত ৰবাৰ্ট আৰ্ড্ৰেৰ ফেচিষ্ট বিৰোধী নাটক থাণ্ডাৰ ৰকৰ প্ৰযোজনাত অভিনয় কৰে।১ ১৯৪৯ চনত তেওঁ মাৰ্শ্বেলৰ সৈতে সহযোগীভাৱে প্ৰযোজনা কৰে নাটক-তথ্যচিত্ৰ টিংকাৰ।
১৯৫০ চনৰ দশক আৰু ১৯৬০ চনৰ আৰম্ভণিতে ফ্ৰেডা আৰু হাৰ্বাৰ্ট ভাৰতত বাস কৰিছিল, য’ত তেওঁ বক্তৃতা দিছিল আৰু চৰকাৰী ছবি নিৰ্মাণ কৰিছিল আৰু তেওঁ জৱাহৰলাল নেহৰু, ভি.কে কৃষ্ণ মেনন আৰু ইন্দিৰা গান্ধীকে ধৰি সেই যুগৰ কিছুমান উল্লেখযোগ্য ব্যক্তিৰ ভাস্কৰ্য্য শিল্প কৰিছিল। ১৯৬৬ চনত এই দম্পতীহালে আমেৰিকালৈ উভতি যায় আৰু তাত তেওঁক কাৰ্বনডেলৰ দক্ষিণ ইলিনয় বিশ্ববিদ্যালয়ত ছোভিয়েট আৰু পূব ইউৰোপীয় অধ্যয়নৰ অধ্যাপকৰ পদৰ প্ৰস্তাৱ দিয়া হয়।১ ফ্ৰেডা ব্ৰিলিয়েণ্টে ভাস্কৰ্য্য শিল্প কৰা আন উল্লেখযোগ্য ব্যক্তিসকলৰ ভিতৰত বাকমিনিষ্টাৰ ফুলাৰ, মৰিছ ব’ৰ, ফ্ৰান্সিছ ৱাৰ্নাৰ আৰু ডানকান গ্ৰাণ্ট আদি উল্লেখযোগ্য।
ভাস্কৰ্য
ফ্ৰেডা ব্ৰিলিয়েণ্টে কোনো আনুষ্ঠানিক কলাত্মক প্ৰশিক্ষণ লাভ কৰা নাছিল আৰু তেওঁ মূলতঃ স্ব-শিক্ষিত আছিল, তেওঁৰ প্ৰাৰম্ভিক কাম শৈশৱতে আৰম্ভ হৈছিল, তেওঁৰ ঘৰৰ বাহিৰৰ চোতালত শিশুৰ মডেল ভাস্কৰ্য্য নিৰ্মাণ কৰাত। প্ৰথমতে তেওঁ সেইবোৰ এনেই দিছিল যদিও পিছত বিক্ৰী কৰিবলৈ উৎসাহিত হৈছিল। ১৯৭৮ চনৰ ফেচেছ আলোচনীত প্ৰকাশিত এটা প্ৰবন্ধত তেওঁৰ প্ৰাৰম্ভিক সফলতাৰ উদ্ধৃতি দিয়া হৈছে: ‘আমি দুটা আইচক্ৰীম কিনিবলৈ যথেষ্ট ধন ঘটিলোঁ। এটা আমি শ্বেয়াৰ কৰিলোঁ, আনটো আমি দিলোঁ। গতিকে, চাৰি বছৰ বয়সত মই শিকিলোঁ যে কেনেকৈ এজন সৃষ্টিকৰ্তা হ'ব লাগে, আৰু এজন পৰিচালক হোৱাটো কিমান গুৰুত্বপূৰ্ণ।" ৬
তেখেতে তেখেতৰ কৰ্মত নাৰীক চিত্ৰিত কৰিবলৈ আগ্ৰহী আছিল, এবাৰ উদ্ধৃতিৰে কৈছিল “মই আপোনাক সুধিছোঁ: মহিলাৰ কিমান প্ৰতিৰূপৰ বিষয় আছে? ব'ডিচিয়া, নাৰ্ছ কেভেল। ই হাস্যকৰ, ই অন্যায়। ’’ “নাৰীকো মনত ৰখাটো গুৰুত্বপূৰ্ণ। তেওঁলোকে কৰা সকলো কামৰ বাবে। ’’
ব্ৰিলিয়েণ্টে ভাস্কৰ্য প্ৰস্তুত কৰা আন বিখ্যাত বিষয়সমূহ হ’ল- ড° ৰাজেন্দ্ৰ প্ৰসাদ, পণ্ডিত নেহৰু, বল্লভভাই পেটেল, মোৰাৰজী দেশাই, ভি কে কৃষ্ণ মেনন, ড° হৰেকৃষ্ণ মহতব, এছ কে পাটিল, জি ডি বিৰলা, বৰোদাৰ মহাৰাজ ড° যশৱন্ত সিং পৰমাৰ, মুখ্য ন্যায়াধীশ এম চি চাগলা, শ্ৰী কৰ্মকাৰ, আন্না। অৰ্নশ্বল্ট, মহম্মদ আলী, আমেৰিকাৰ ৰাষ্ট্ৰপতিজন এফ কেনেডি, অধ্যাপক আৰ বাকমিনিষ্টাৰ ফুলাৰ, তাৰাছ শ্বেভচেংকো, এণ্টন চেখভ, ভ্লাদিমিৰ মায়াকোভস্কি, চাৰ্গেই আইজেনষ্টেইন, আন্দ্ৰে ভোজননেচেনস্কি, লিয়নেল ব্ৰিটন, ছাৰ মৰিছ ব’ৰা, অধ্যাপক হাৰ্বাৰ্ট মাৰ্শ্বেল, এণ্টনি স্ল’নিমস্কি, লৰ্ড এলউইন জ’নছ, ডাঃ ডেলাইট মৰিছ, ডাঃ ফ্ৰান্সিছ ৱাৰ্নাৰ, বাৰ্নাৰ্ড অষ্ট্ৰি, ছাৰ আইজাক হেৱাৰ্ড, মেক্স মেলড্ৰাম, নাডিয়া নেৰিনা, জুলিয়ান কেৰল আৰু এলবান বাৰ্কলি, কাৰ্ল এলবাৰ্ট, মেলভিন প্ৰাইচ, টেৰী-থমাছ, উইলি গ্যালাগাৰ, টম মান, কে হেৰিছন, পেৰা আটাশ্বেভা, অধ্যাপক হাইমেন লেভি, ডানকান গ্ৰাণ্ট, গালিনা য়েভটুচেংকো, জৰ্জি ডিমিট্ৰভ, জোচেফ উলফিং, পাভলিক মৰোজভ, আৰু ছাৰজন ৰথেনষ্টেইন।
পাবলো পিকাচোৱে ব্ৰিলিয়েণ্টক তেওঁৰ ঘৰত লগ কৰিবলৈ আৰু তেওঁক মডেল হিচাপে ব্যৱহাৰ কৰিবলৈ আমন্ত্ৰণ জনায়, কিন্তু স্বামী উপস্থিত থকাৰ সময়ত তেওঁ তেওঁৰ তলৰ অংশত চিকুট মৰাত নাকচ কৰে।৭৮
তেওঁৰ প্ৰায় পঞ্চাশটা প্লাষ্টাৰ মডেল আৰু মেকেট তেওঁৰ ভাগিনীৰ ব্যক্তিগত দখলত। গান্ধীৰ মূৰ্তিৰ বাবে মেকেট ২০১৩ চনৰ এপ্ৰিল মাহত বিবিচিৰ অনুষ্ঠান এণ্টিকেছ ৰোডশ্ব'ত দেখুওৱা হৈছিল।৮
তথ্যসূত্ৰ
- ↑ Reade, Patrick. (22 June 1999). Obituary: Fredda Brilliant. The Independent
- ↑ Brilliant, Fredda. (1986). Biographies in Bronze. Shapolsky Publishing
- ↑ Brilliant, Fredda. (1986). The Black Virgin. Veerendra Printers Publications Division
- ↑ Brilliant, Fredda. (1987). Women In Power. Lancer International. ISBN 8170620171
- ↑ Brilliant, Fredda. (1986). Truth in Fiction: Short Stories. Veerendra Printers Publications Division
- ↑ Archard, Merry. (1978). Faces. The Magazine about people. Marshal Cavendish Magazines Ltd. পৃ. 16–18
- ↑ Amit Roy. (6 August 2006). Eye On England: Brilliant idea. telegraphindia.com
- ↑ (2013-04-14). Cheltenham Town Hall 2. Antiques Roadshow
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ফ্ৰেডা ব্ৰিলিয়েণ্ট” প্ৰবন্ধৰ সংশোধন ৪৮৮৩০০ (৬ মাৰ্চ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।