অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

টমুৰ আটাগোক

টমুৰ আটাগোক ( Tomur Atagök; ৬ মে' ১৯৩৯ – মাৰ্চ ২০২৫) আছিল এগৰাকী তুৰ্কী চিত্ৰশিল্পী, সংগীতবিদ, লেখক আৰু শিক্ষাবিদ।

হালনাগাদ: ১২ ডিচেম্বৰ ২০২৫ ২৩৩ শব্দ · ১ মিনিট সংগৃহীত ৮০
সংশোধনৰ পৰামৰ্শ

টমুৰ আটাগোক ( Tomur Atagök; ৬ মে' ১৯৩৯ – মাৰ্চ ২০২৫) আছিল এগৰাকী তুৰ্কী চিত্ৰশিল্পী, সংগীতবিদ, লেখক আৰু শিক্ষাবিদ।

প্ৰাথমিক জীৱন আৰু শিক্ষা

১৯৩৯ চনৰ ৬ মে’ত তুৰস্কৰ ইস্তানবুলত জন্মগ্ৰহণ কৰা১ আটাগোকে ১৯৫৯ চনত আমেৰিকান কলেজ ফৰ গাৰ্লছৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰে। তেওঁ ওকলাহোমা ষ্টেট ইউনিভাৰ্চিটিৰ পৰা প্লাষ্টিক আৰ্টছৰ শিক্ষা অব্যাহত ৰাখে আৰু ১৯৬২ চনৰ পৰা ১৯৬৪ চনলৈকে তেওঁ কেলিফৰ্ণিয়া কলেজ অৱ দ্য আৰ্টছ (CCA)ত অধ্যয়ন কৰে।২ ১৯৬৫ চনত বাৰ্কলেৰ কেলিফৰ্ণিয়া বিশ্ববিদ্যালয়ৰ পৰা প্লাষ্টিক আৰ্টছত স্নাতকোত্তৰ ডিগ্ৰী সম্পূৰ্ণ কৰে।২

শিল্পকৰ্ম

ইস্তানবুল ষ্টেট ফাইন আৰ্টছ গেলেৰীত ১৯৬৬ চনত আটাগোকৰ প্ৰথম একক প্ৰদৰ্শনী অনুষ্ঠিত হয়। ব্ৰিটেইন, ফ্ৰান্স, ইজিপ্ত, আলজেৰিয়া আৰু আমেৰিকাকে ধৰি সমগ্ৰ বিশ্বৰ দেশসমূহত তেওঁৰ অসংখ্য ব্যক্তিগত আৰু সামূহিক প্ৰদৰ্শনী আছিল। তেওঁৰ কিছুমান ৰচনা এলগিজ সংগ্ৰহত অন্তৰ্ভুক্ত কৰা হৈছে আৰু ইস্তানবুলৰ প্ৰজে৪এল / এলগিজ মিউজিয়াম অৱ কণ্টেম্পৰেৰী আৰ্টত প্ৰদৰ্শিত কৰা হৈছে।৩ শিল্পী হিচাপে কাম কৰাৰ উপৰিও তেওঁ সংগ্ৰহালয় অধ্যয়নৰ ওপৰত বহুতো ৰচনা লিখিছিল, আৰু উল্লেখযোগ্য শিল্পীসকলৰ সৈতে একাধিক সন্মিলনৰ আয়োজন আৰু অনুষ্ঠিত কৰিছিল।

শৈক্ষিক কেৰিয়াৰ

১৯৮০ চনত আটাগোকে এম এছ ইউ ভাস্কৰ্য্য আৰু চিত্ৰ সংগ্ৰহালয় (তুৰ্কী: এম এছ ইউ ৰেচিম হেইকেল মুজেছি)ত সহকাৰী সঞ্চালক হিচাপে কাম কৰিবলৈ আৰম্ভ কৰে। ১৯৮৪ চনত তেওঁ ইল্ডিজ কাৰিকৰী বিশ্ববিদ্যালয়ৰ সংস্কৃতি, প্ৰেছ আৰু বৈদেশিক সম্পৰ্কৰ সঞ্চালিকা হয়। ১৯৯৩ চনত তেওঁ অধ্যাপিকা হয়।৪ তেওঁ তুৰস্কত প্ৰথম সংগ্ৰহালয় বিজ্ঞান বিভাগ প্ৰতিষ্ঠা কৰে, ইয়লডিজ কাৰিকৰী বিশ্ববিদ্যালয়ত। ২০২৫ চনৰ মাৰ্চ মাহত মৃত্যুৰ সময়ত তেওঁ ইল্ডিজ কাৰিকৰী বিশ্ববিদ্যালয়ৰ কলা আৰু ডিজাইন অনুষদৰ ডীন আছিল, আৰু একেটা বিভাগতে সংগ্ৰহালয় আৰু সংগ্ৰহালয় বিজ্ঞান পাঠ্যক্ৰমৰ টিউটৰ আছিল।

তুৰস্কৰ প্ৰতিনিধি হিচাপে ৰোমানিয়া আৰু গ্ৰীচৰ কলাত্মক কাৰ্যসূচীত অংশগ্ৰহণ কৰিছিল আৰু তুৰ্কীৰ সংস্কৃতি মন্ত্ৰালয়ৰ বাবে একাধিক প্ৰদৰ্শনীৰ কিউৰেট কৰিছিল।৫

তেওঁ তুৰ্কী মহিলা শিল্পীৰ বিষয়ে লিখিছিল, তেওঁৰ ৰচনা, "সমসাময়িক তুৰ্কী মহিলা শিল্পী" শীৰ্ষক ৰচনাখন ১৯৯৭ চনৰ ফেব্ৰুৱাৰী মাহত ই-জাৰ্নেল, n.paradoxa ত প্ৰকাশ পাইছিল।৬

মৃত্যু

২০২৫ চনৰ ২৭ মাৰ্চত আটাগোকৰ মৃত্যুৰ কথা ঘোষণা কৰা হয়। তেওঁৰ বয়স আছিল ৮৫।৭

তথ্যসূত্ৰ

  1. ↑ Akkent, Meral. (2012). Tomur Atagök. Women's Museum Istanbul
  2. ↑ who's who: tomur atagök. Turkishculture.org
  3. ↑ Elgiz Museum of Contemporary Art, Artvarium. Frugalfun.com
  4. ↑ (11 June 2008). International Conference on the Inclusive Museum. Z08.cgpublisher.com
  5. ↑ CMES Home | Council On Middle East Studies. Yale.edu
  6. ↑ Atagök, Tomur. (February 1997). Contemporary Turkish Women Artists. N.paradoxa. পৃ. 20–25
  7. ↑ (27 March 2025). Tomur Atagök’ü Kaybettik. ArtDog Istanbul

সম্পৰ্কিত শ্ৰেণী

সংগীতজ্ঞচিত্ৰশিল্পীশিক্ষাবিদ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “টমুৰ আটাগোক” প্ৰবন্ধৰ সংশোধন ৫৬৩১০০ (১২ ডিচেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।