ৰুক্মিণী বৰ্মা (জন্ম ১৯৪০) বাংগালুৰুৰ এগৰাকী ভাৰতীয় শিল্পী। তেওঁ ধ্ৰুপদী পৰম্পৰাৰে চিত্ৰ অংকন কৰা ভাৰতীয় এজন আগশাৰীৰ শিল্পী। যুগান্তকাৰী চিত্ৰশিল্পী ৰবি বৰ্মাৰ বংশৰ কন্যা ৰুক্মিণী হ'ল ৰাজা ৰবি বৰ্মা হেৰিটেজ ফাউণ্ডেচনৰ কলাত্মক উত্তৰাধিকাৰৰ ৰক্ষক।১
জীৱন
তেওঁৰ জন্মৰ নাম আছিল ভৰণি তিৰুণাল ৰুক্মিণী বাই, তেওঁ আছিল ট্ৰাভাংকুৰৰ চতুৰ্থ ৰাজকুমাৰী। তেওঁৰ মাক আৰু পিতৃৰ নাম ক্ৰমে উথৰাম থিৰুণাল ললিতাম্বা বাই আৰু শ্ৰী কেৰেলা বৰ্মা কইল থামপুৰাণ এবেৰগাল। ট্ৰাভাংকোৰৰ ৰাজপৰিয়ালৰ সদস্য মহাৰাণী ছেঠু লক্ষ্মী বাইৰ নাতিনী।২ তেওঁৰ প্ৰপৌত্ৰৰ নাম আছিল ৰাজা ৰবি বৰ্মা। তেওঁৰ পিতৃ কেৰালা বৰ্মা কাঠকয়লা আৰু পেঞ্চিল অংকনৰ বিশিষ্ট শিল্পী আৰু পুত্ৰ জয় বৰ্মা ৰঙীন পেঞ্চিল শিল্পী।
কৰ্ম জীৱন
দৰবাৰৰ চিত্ৰশিল্পী আৰু অন্যান্য সমসাময়িক শিল্পীৰ চিত্ৰই তেওঁৰ কৰ্মত প্ৰভাৱ পেলাইছিল। তেওঁৰ কামত ৰেমব্ৰাণ্ড, ৰুবেন্স, আৰু পিছলৈ লৰ্ড লেইটন আৰু ছাৰ আলমা টাডেমাৰ দৰে শিল্পীৰ প্ৰভাৱ পৰিছিল। পৌৰাণিক কাহিনীৰ সৈতে ইতিহাস আৰু নাটকৰ সংমিশ্ৰণ ঘটাই তেওঁৰ চিত্ৰসমূহ উজ্জ্বলতা আৰু উপমাৰে সজীৱ হৈ উঠে।১
ৰুক্মিণীৰ কামৰ বৈশিষ্ট্য হৈছে ন্যূনতম ৰং ব্যৱহাৰ কৰা, নিজৰ অনন্য ৰঙৰ স্তৰ মিহলি কৰা, য’ত তেওঁৰ মানৱীয় আকৃতিৰ আকৰ্ষণীয় গুণ সকলোৰে বাবে স্পষ্ট। তেওঁলোকৰ দোষবোৰ লক্ষ্য নকৰাকৈয়ে থাকে বা প্ৰায়ে উপেক্ষা কৰা হয় আৰু সৌন্দৰ্য্যক ইয়াৰ সমৃদ্ধিৰ ক্ষেত্ৰত চিৰন্তন বুলি উদযাপন কৰা হয়। তেওঁৰ চিত্ৰত মানৱ ৰূপৰ অতিৰঞ্জন আছে যদিও কোনো বিকৃতি নাই।১
অনুষ্ঠানিক
সত্তৰৰ দশকত তেওঁ বেংগালুৰু আৰ্ট কাউন্সিলৰ পৰামৰ্শদাতা পৰিষদৰ সদস্য আছিল। বৰ্তমান তেওঁ বেংগালুৰুৰ ৰাজা ৰবি বৰ্মা হেৰিটেজ ফাউণ্ডেচনৰ সভাপতি। ২০১৫ চনৰ ছেপ্টেম্বৰ মাহত তেওঁ প্ৰতিষ্ঠা কৰিছিল।৩
ব্যক্তিগত জীৱন
ৰুক্মিণী বৰ্মা শ্ৰীকুমাৰ বৰ্মাৰ সম্পৰ্কীয় ভগ্নী। তেওঁৰ বিবাহ হৈছিল প্ৰয়াত দেৱীপ্ৰসাদ বৰ্মাৰ সৈতে। তেওঁলোকৰ দুই পুত্ৰ ভেনুগোপাল বৰ্মা আৰু জয়গোপাল বৰ্মা। তেওঁৰ ভাতৃ বালগোপাল বৰ্মা বৰ্তমান ট্ৰেভাংকুৰৰ ইলিয়াৰাজা উপাধিৰ অধিকাৰী।
তথ্যসূত্ৰ
- ↑ About Rukmini Varma
- ↑ Travancore State Manual Vol II by Velu Pillai, 1940
- ↑ The Raja Ravi Varma Heritage Foundation
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৰুক্মিণী বৰ্মা” প্ৰবন্ধৰ সংশোধন ৬০৯৫৮২ (২৮ মে’ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।