ৰেণুকা কেশৰামাড়ু (ইংৰাজী: Renuka Kesaramadu) হৈছে এগৰাকী ভাৰতীয় সমসাময়িক চিত্ৰশিল্পী আৰু ভাস্কৰ্যশিল্পী।১ তেওঁৰ সহযোগিতামূলক শিল্প প্ৰদৰ্শনী আৰু ইউৰোপৰ কৰ্মশালাত অংশগ্ৰহণৰ জৰিয়তে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত তেওঁ বেছিকৈ পৰিচিত।২৩৪৫ ভাৰতত কেইখনমান আন্তঃৰাষ্ট্ৰীয় কলা আলোচনা চক্ৰ আৰু প্ৰদৰ্শনীৰ সংৰক্ষক হিচাপেও তেওঁ কাম কৰিছে।৬৭৮৯
শিক্ষা আৰু কেৰিয়াৰ
১৯৫৭ চনত ভাৰতৰ কৰ্ণাটক ৰাজ্যৰ টুমাকুৰু জিলাৰ টুমাকুৰু চহৰৰ সমীপৱৰ্তী কেশৰামাড়ু গাঁৱত ৰেণুকাৰ জন্ম হৈছিল, য’ৰ পৰাই তেওঁৰ উপাধিটো গ্ৰহণ কৰা হৈছিল।
ৰেণুকাই বেংগালুৰুৰ কৰ্ণাটক চিত্ৰকলা পৰিষদৰ পৰা কলা ইতিহাসত তেওঁ স্নাতকোত্তৰ (এম এফ এ) ডিগ্ৰী, চেন্নাইৰ আন্নামলাই বিশ্ববিদ্যালয়ৰ পৰা ইতিহাসত স্নাতকোত্তৰ (এম এ) আৰু বাংগালুৰু বিশ্ববিদ্যালয়ৰ পৰা বিজ্ঞানত স্নাতক (বি এছ চি) ডিগ্ৰী লাভ কৰে।১০ ইয়াৰ উপৰিও কিংবদন্তি শিল্পী আৰ. এম. হাড়াপাড়ৰ নিৰ্দেশনাত বেংগালুৰুৰ কেন স্কুল অৱ আৰ্টৰ১১ পৰা ৫ বছৰৰ বাবে ১ম ৰেংকৰ সৈতে পেইণ্টিঙত চৰকাৰী ডিপ্লমা (জি. ডি.) আৰু সোণৰ পদক লাভ কৰে।১২
তেওঁ বাংগালুৰুত থকা কৰ্ণাটক ললিত কলা একাডেমীৰ সদস্য,১৩১৪১৫ আৰু সূক্ষ্ম কলাৰ প্ৰবক্তা হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।
বঁটা আৰু সন্মান
ৰেণুকা ভাৰতৰ ৰাষ্ট্ৰীয় শিল্প প্ৰতিযোগিতাত কেইবাটাও বঁটা আৰু তেওঁৰ শিল্পৰ বাবে অসংখ্য স্থানীয় বঁটা লাভ কৰাৰ লগতে তেওঁৰ সেৱাৰ বাবেও বহুতো বঁটা লাভ কৰিছে।
কৰ্ণাটক চিত্ৰকলা পৰিষদৰ দ্বাৰা ১৯৯৩ চনত বেংগালুৰুৰ অনুষ্ঠিত সৰ্বভাৰতীয় কলা প্ৰতিযোগিতা, ১৯৮৭, ১৯৮৮ আৰু ১৯৮৯ চনত মুম্বাইৰ ভাৰতীয় শিক্ষা মণ্ডল দ্বাৰা আয়োজিত সৰ্বভাৰতীয় কলা প্ৰতিযোগিতা, ১৯৯২ চনত মহীশূৰ দাসৰাত অনুষ্ঠিত সৰ্বভাৰতীয় কলা প্ৰতিযোগিতা, ২০০৯ চনত বিজাপুৰত অনুষ্ঠিত সৰ্বভাৰতীয় কলা প্ৰতিযোগিতাত তেওঁ পদক অৰ্জন কৰিছিল। ১৯৯৪ চনত টুমাকুৰুত শ্ৰেষ্ঠ শিক্ষকৰ বঁটা, ১৯৯৩ চনত টুমাকুৰুত কানাড়া ৰাজোৎসৱ বঁটা আৰু ১৯৯৯ চনত টুমাকুৰুত ৰটাৰী ক্লাবৰ দ্বাৰা ৰটাৰী বঁটা লাভ কৰিছিল।
একক প্ৰদৰ্শনী
ৰেণুকাৰ কৰ্মৰাজি ফিনলেণ্ড, ৰোমানিয়া আৰু ভাৰতৰ কেইবাটাও একক কলা প্ৰদৰ্শনীত প্ৰদৰ্শিত হৈছে।
ফিনলেণ্ডত হোভিনকাৰ্টানোৰ মেগাজিন গেলেৰী, হাউহো, হামিনলিনাৰ টাইডেগেলেৰিয়া ৰিপুষ্টাছ আৰু হেলচিংকিৰ কাইছা আন্তৰ্জাতিক সাংস্কৃতিক কেন্দ্ৰৰ দৰে গেলেৰীয়ে তেওঁৰ চিত্ৰসমূহ প্ৰদৰ্শন কৰিছে।
ভাৰতত তেওঁৰ একক প্ৰদৰ্শনী আয়োজন কৰা গেলেৰীসমূহৰ ভিতৰত আছে গোৱাৰ ললিত কলা একাডেমী, মুম্বাইৰ বাজাজ আৰ্ট গেলেৰী, চেন্নাইৰ ললিত কলা একাডেমী, টুমকুৰৰ কল্প কুঞ্চা আৰ্ট গেলেৰী আৰু মহীশূৰৰ চামৰাজেন্দ্ৰ একাডেমী অৱ ভিজুৱেল আৰ্টছৰ লগতে কৰ্ণাটক চিত্ৰকলা পৰিষদ, এলায়েন্স বাংগালুৰুৰ ফ্ৰান্সেইজ ডি বাংগালুৰু আৰু ভেংকটাপ্পা আৰ্ট গেলেৰী।
দলীয় প্ৰদৰ্শনী
ৰেণুকা ইউৰোপ, ভাৰত আৰু আন কেইবাখনো দেশৰ বহুতো দলীয় প্ৰদৰ্শনীত অংশগ্ৰহণ কৰিছে।
আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত তেওঁৰ চিত্ৰসমূহ ইটালীৰ নেপলছ, মিলান, টুৰিন, কৰ্চিকো, ভাৰ্চেলি, স্কামপিয়া আৰু ৰ'ভেৰেট'ত অনুষ্ঠিত হোৱা দলীয়ভাবে প্ৰদৰ্শিত হৈছে। ফিনলেণ্ডত তেওঁৰ কৰ্মৰাজি কাংগাছালা, ৰেংকো, হোভিনকাৰ্টানো, হামিনলিনা আৰু ছেইনাজোকিত প্ৰদৰ্শিত হৈছে। ভাৰতৰ বাহিৰত তেওঁৰ কৰ্মৰাজিৰ সৈতে আন আন প্ৰদৰ্শনীসমূহ হ’ল জাকাৰ্টা (ইণ্ডোনেছিয়া), নিউয়ৰ্ক চহৰ (আমেৰিকা), শ্লোভাকিয়া, চাও পাওলো (ব্ৰাজিল), চেণ্টিয়াগো (স্পেইন) আৰু ঘানা (পশ্চিম আফ্ৰিকা)ত।
ভাৰতত তেওঁ কৰ্ণাটক চিত্ৰকলা পৰিষদ, আৰ্ট হাউজ, শ্ৰুষ্টি আৰ্ট গেলেৰী, বাংগালুৰু আৰ্ট গেলেৰী, লক্ষনা আৰ্ট গেলেৰী আৰু বাংগালুৰুৰ নেচনেল গেলেৰী অৱ মডাৰ্ণ আৰ্টত দলীয় প্ৰদৰ্শনী অংশ হিচাপে কাম কৰি আহিছে। আহমেদাবাদৰ গুফা আৰ্ট গেলেৰী, ৰাজপথ ক্লাব গোল্ডেন হল, আৰ্ট চেলেট, কন্টেম্পৰেৰী আৰ্ট গেলেৰী আৰু মাৰ্ভেল আৰ্ট গেলেৰীত প্ৰদৰ্শনী প্ৰদৰ্শন কৰিছে।
তথ্যসূত্ৰ
- ↑ La Salle Scampia: RENUKA KESARAMADU
- ↑ La Salle Scampia: III Simposio Internazionale d’Arte Contemporanea di Scampia
- ↑ Italy – Second Symposium Exhibition at PAN, the Arts Palace of Naples _ La Salle.org
- ↑ Simposio internazionale d’arte. prosormano.it
- ↑ Voci di artiste – recensione. oltreluna.women.it
- ↑ ದೇಶಿ-ವಿದೇಶಿ-ಕಲಾ-ಜುಗಲ್. prajavani.net/
- ↑ Dialogue of Identities – An Exhibition at Jehangir Art Gallery. buzzintown.com
- ↑ Dialogue of Identities – 2016. patriciagoodrich.com
- ↑ "Dialogue of Identities" – An Exhibition of Paintings at Jehangir Art Gallery. facebook.com
- ↑ Renuka Kesaramadu. Google
- ↑ Ken School of Art -www.bangalorebest.com. bangalorebest.com
- ↑ (25 November 2006). Life as he saw it. The Hindu
- ↑ KLA. lalitkalakarnataka.org
- ↑ KLA. lalitkalakarnataka.org
- ↑ Karnataka Lalitkala Academy – Members List. lalitkalakarnataka.org
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৰেণুকা কেশৰামাড়ু” প্ৰবন্ধৰ সংশোধন ৪১৬৫০৯ (১ এপ্ৰিল ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।