অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভাষা আৰু সাহিত্য

ইৱোনা স্মিলেভ’স্কা

ইৱোনা স্মিলেভ’স্কা ( Iwona Chmielewska; জন্ম: ১৯৬০) এগৰাকী পোলেণ্ডৰ লেখিকা আৰু চিত্ৰকৰ, যিয়ে মূলতঃ শিশুৰ বাবে প্ৰকাশ কৰে যদিও প্ৰাপ্তবয়স্কৰ বাবেও সৃষ্টি প্ৰকাশ কৰে। তেওঁৰ বহু ৰচনা দক্ষিণ কোৰিয়াত প্ৰকাশ পাইছে, য’ত তেওঁ যথেষ্ট জনপ্ৰিয়তা লাভ কৰিছে।

হালনাগাদ: ১৯ মাৰ্চ ২০২৫ ১২৩ শব্দ · ১ মিনিট সংগৃহীত ৬৫
সংশোধনৰ পৰামৰ্শ

ইৱোনা স্মিলেভ’স্কা ( Iwona Chmielewska; জন্ম: ১৯৬০) এগৰাকী পোলেণ্ডৰ লেখিকা আৰু চিত্ৰকৰ, যিয়ে মূলতঃ শিশুৰ বাবে প্ৰকাশ কৰে যদিও প্ৰাপ্তবয়স্কৰ বাবেও সৃষ্টি প্ৰকাশ কৰে। তেওঁৰ বহু ৰচনা দক্ষিণ কোৰিয়াত প্ৰকাশ পাইছে, য’ত তেওঁ যথেষ্ট জনপ্ৰিয়তা লাভ কৰিছে। তেওঁ উত্তৰ পোলেণ্ডৰ টৰুনত থাকে আৰু কাম কৰে আৰু তাত তেওঁ নিকোলাছ কপাৰনিকাছ বিশ্ববিদ্যালয়ৰ সূক্ষ্ম কলা অনুষদত অধ্যাপনা কৰে।১২

জীৱনী

ব’ল’গনা এৱাৰ্ড, ২০১৫
ব’ল’গনা এৱাৰ্ড, ২০১৫ছবি: Christoph Peter · CC BY-SA 3.0

১৯৬০ চনৰ ৫ ফেব্ৰুৱাৰীত পেবিয়ানিছত জন্মগ্ৰহণ কৰা স্মিলেভ’স্কাই টৰুনৰ নিকোলাছ কপাৰনিকাছ বিশ্ববিদ্যালয়ত গ্ৰাফিক ডিজাইনৰ পাঠ্যক্ৰম অধ্যয়ন কৰিছিল। ১৯৯০ চনত তেওঁ প্ৰথমবাৰৰ বাবে দক্ষিণ কোৰিয়াত তেওঁৰ কৰ্ম প্ৰকাশ কৰে আৰু এতিয়া তেওঁৰ ২০খনতকৈও অধিক গ্ৰন্থ প্ৰকাশ পাইছে, ইয়াৰে বহুকেইখন অন্য ভাষালৈ অনুবাদ কৰা হৈছে।১

স্মিলেভ’স্কাই ব'ল'গনা শিশু গ্ৰন্থমেলাৰ পৰা ব'ল'গনা ৰাগাজী (২০১১ আৰু ২০১৩) আৰু ব্ৰাটিছলাভাত অনুষ্ঠিত হোৱা চিত্ৰকল্পৰ দ্বিবাৰ্ষিকীত গোল্ডেন এপল (২০০৭)কে ধৰি ডাঙৰ বঁটা লাভ কৰিছে।২

তথ্যসূত্ৰ

  1. ↑ Rusek-Cabaj, Marta. Chmielewska Iwona. RYMS
  2. ↑ Bak, Alina. Iwona Chmielewska (ur. 1960). Leksykon Lublin

সম্পৰ্কিত শ্ৰেণী

সাহিত্যিকচিত্ৰশিল্পী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ইৱোনা স্মিলেভ’স্কা” প্ৰবন্ধৰ সংশোধন ৪৯৩৯৩১ (১৯ মাৰ্চ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।