লতিকা কট্ট (ইংৰাজী: Latika Katt; জন্ম: ১৯৪৮) এগৰাকী ভাৰতীয় ভাস্কৰ্য শিল্পী। তেওঁ শিলত খোদিত, ধাতুৰ ঢালাই আৰু ব্ৰঞ্জৰ ভাস্কৰ্য্য শিল্পৰ বিশেষজ্ঞ।১ "বাৰাণসীৰ দশামেঠ ঘাটত মকৰ সংক্ৰান্তি" শীৰ্ষক ব্ৰঞ্জৰ ৰচনাৰ বাবে তেওঁ বেইজিং আৰ্ট বিয়েনালে বঁটা লাভ কৰিছিল।২৩
জীৱন আৰু কেৰিয়াৰ
ডেৰাডুনৰ অল বয়ছ স্কুল “দ্য ডুন স্কুল”ৰ পৰা লতিকাই স্নাতক ডিগ্ৰী লাভ কৰে। তেওঁ স্বীকাৰ কৰিছে যে সম্পূৰ্ণ ল'ৰাৰ বিদ্যালয়ত ছোৱালী হিচাপে সংখ্যালঘু পৰিৱেশতত থকাৰ বাবেই তেওঁক পিছৰ বছৰবোৰত আত্মবিশ্বাস আৰু সাহস যোগাইছিল।৪ তেওঁ বৰোডা কলেজ অৱ আৰ্টত সূক্ষ্ম কলাত স্নাতক ডিগ্ৰী লাভ কৰে, বৰোডা মহাৰাজা ছায়াজিৰাও বিশ্ববিদ্যালয়ৰ পৰা ১৯৭১ চনত প্ৰথম শ্ৰেণীৰ সন্মানেৰে স্নাতক ডিগ্ৰী লাভ কৰে।৫ ১৯৮১ চনত লণ্ডনৰ লণ্ডন বিশ্ববিদ্যালয়ৰ স্লেড স্কুল অৱ আৰ্টত গৱেষণাৰ বাবে বৃত্তি লাভ কৰে।৬
১৯৭০ চনত তেওঁ প্ৰথমবাৰৰ বাবে গৰুৰ গোবৰৰ পৰা তৈয়াৰী পৰীক্ষামূলক কামৰ বাবে যথেষ্ট স্বীকৃতি লাভ কৰিছিল কাৰণ তেওঁৰ হাতত আন কোনো কামৰ বাবে ধন নাছিল।৪ ৰাজনীতিবিদ আৰু প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীয়ে তেওঁৰ প্ৰতিভাক শিল্প প্ৰদৰ্শনীৰ সময়ত দেখা পাইছিল আৰু পিছলৈ তেওঁক ভাস্কৰ্য্য শিল্পক পেছা হিচাপে ল'বলৈ উৎসাহিত কৰিছিল।৭ তেওঁ অগাষ্ট ৰ'ডিনৰ এগৰাকী অতিশয় প্ৰশংসক আৰু প্ৰকৃতিবাদক তেওঁৰ আদৰ্শ হিচাপে গণ্য কৰে।৮ প্ৰকৃতিৰ প্ৰতি তেওঁৰ আগ্ৰহ আৰু সম্পৰ্ক তেওঁৰ উদ্ভিদবিজ্ঞানী পিতৃয়ে জগাই তুলিছিল।৪ ১৯৮১ চনৰ পৰা বহু বছৰ ধৰি জামিয়া মিলিয়া ইছলামিয়া আৰু বেনাৰস হিন্দু বিশ্ববিদ্যালয়ত তেওঁ অধ্যাপনা কৰিছিল আৰু বৰ্তমান জামিয়া মিলিয়া ইছলামিয়াৰ সূক্ষ্ম কলা বিভাগৰ মুৰব্বী।৫ প্ৰকৃত মানুহক ভাস্কৰ্য্য শিল্প কৰা বুলি দাবী কৰা তেওঁৰ বেছিভাগ শিল্প কৰ্মৰ বিষয় হৈছে তেওঁৰ আত্মীয়, বন্ধু আৰু ছাত্ৰ।৮
তেওঁ দিল্লী আৰু বেনাৰসত থাকে আৰু কাম কৰে।৯
প্ৰদৰ্শন
তেওঁৰ কৰ্মৰাজি প্ৰদৰ্শন কৰা কিছুমান শিল্প প্ৰদৰ্শনী:৬
পেৰিছ বিয়েনালে, মিউজিয়াম অৱ মডাৰ্ণ আৰ্ট, পেৰিছ।
মস্কো, লেনিনগ্ৰাড আৰু টাছকেণ্ডত ‘স্ত্ৰী’ (STREE) শ্ব’।
দ্য চেল্ফ এণ্ড দ্য ৱৰ্ল্ড: দিল্লীৰ নেচনেল গেলেৰী অৱ মডাৰ্ণ আৰ্ট (এন জি এম এ)ত ভাৰতীয় মহিলা শিল্পীৰ প্ৰদৰ্শনী।১০
কেমল্ড আৰ্ট গেলেৰী আৰু উডষ্টক আৰ্ট গেলেৰী, লণ্ডন।
মুম্বাইৰ চাইমৰোজা আৰ্ট গেলেৰীত গলিত প্ৰাকৃতিক দৃশ্য।১১
গুৰগাঁৱৰ গেলেৰী অলটাৰনেটিভছত গ্ৰুপ শ্ব'।
“হেডছ”, সাক্ষী গেলেৰী, মুম্বাই।
একক প্ৰদৰ্শনীসমূহ: আৰ্ট হেৰিটেজ, এম.এম.বি., আৰু নতুন দিল্লীৰ কালা মেলা লন, কলিকতা আৰ্ট গেলেৰী কলিকতা, ভাস্কৰ্য্য, পেইণ্টিং আৰু প্ৰিণ্ট JAG CYAG১২ আদি।
বঁটা
১৯৭৩ চনত আহমেদাবাদত গুজৰাট ৰাজ্যিক ললিত কলা একাডেমী বঁটা, ১৯৭৪ চনত অল ইণ্ডিয়া ফাইন আৰ্টছ এণ্ড ক্ৰাফ্টছ বঁটা, ১৯৭৫ আৰু ১৯৭৬ চনত ছ’চাইটি, নতুন দিল্লীৰ বঁটা, ১৯৭৪ চনত কলিকতাত একাডেমী অৱ ফাইন আৰ্টছ বঁটা, ১৯৭৫ চনত বৰোডাৰ পাঁচগৰাকী বিশিষ্ট মহিলাৰ ভিতৰত অন্যতম হিচাপে সন্মানিত কৰা হয়, ১৯৭৫ চনত বম্বেৰ আৰ্টিষ্ট চেণ্টাৰত আন্তঃৰাষ্ট্ৰীয় মহিলা অনুষ্ঠানৰ সন্মান, ১৯৭৬ চনত এ. পি. কাউন্সিল অৱ আৰ্টিষ্ট সন্মান, আৰু ১৯৮০ চনত তেওঁত নতুন দিল্লীত ললিত কলা একাডেমীৰ ৰাষ্ট্ৰীয় বঁটা প্ৰদান কপা হয়।
তথ্যসূত্ৰ
- ↑ www.karmayog.in/events/sites/default/files/Final link|date=February 2020 |bot=InternetArchiveBot |fix-attempted=yes }}
- ↑ In the News. Artnewsnviews.com
- ↑ Indian wins Beijing Art Biennale award. Zeenews.india.com
- ↑ (2012-03-22). Material Queen. Indian Express
- ↑ Ms. Latika Katt, Department of Fine Arts. Old.jmi.ac.in
- ↑ Latika Katt - Gallerie Alternatives
- ↑ Kusumita Das. (2011-03-07). An iron will gets moulded in stone. The Asian Age
- ↑ Nair, Uma. (2018-12-20). Latika Katt's talking heads. The Hindu
- ↑ IBNLive. Features.ibnlive.in.com
- ↑ (1997-04-30). Voyage of self discovery. India Today
- ↑ The Exhibition. Cymroza Art Gallery
- ↑ Sheth, Pretima. ((The Dictionary of Indian Art and Artists|Dictionary of Indian Art & Artist)). Mapin publishing
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “লতিকা কট্ট” প্ৰবন্ধৰ সংশোধন ৪২৬৯১২ (২৭ জুলাই ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।