এলব্ৰেখট ড্যুৰাৰ (Albrecht Dürer) (; ২১ মে, ১৪৭১– ৬ এপ্ৰিল, ১৫২৮)১ এগৰাকী জাৰ্মান চিত্ৰশিল্পী তথা গণিতজ্ঞ। তেওঁৰ অতি উচ্চপৰ্য্যায়ৰ কাঠত খোদিত শিল্পকলাসমূহৰ বাবে বিশ বছৰ বয়সতে তেওঁ সমগ্ৰ ইউৰোপতে প্ৰসিদ্ধ হৈ পৰে। বৰ্তমান এই শিল্পসমূহ Meisterstiche নামেৰে প্ৰসিদ্ধ।
জীৱন

ড্যুৰাৰৰ জন্ম হয় ১৪৭১ চনৰ ২১ মেত হাংগেৰীত।২ বিদ্যালয়ত কেইবছৰমান অধ্যয়ন কৰাৰ পিছত তেওঁ দেউতাকৰ পৰা সোণাৰীৰ কাম আৰু ছবি আঁকিবলৈ শিকে। নিজৰ অসাধাৰণ প্ৰতিভাৰ বলত পোন্ধৰ বছৰ বয়সতে ড্যুৰাৰে বিখ্যাত চিত্ৰশিল্পী 'Michael Wolgemut'ৰ সৈতে সহায়কৰ কাম কৰিবলৈ আৰম্ভ কৰে। তেওঁৰ সৈতে কাম শিকাৰ পিছত ড্যুৰাৰে অন্যান্য চিত্ৰশিল্পীসকলৰ পৰাও কাম শিকিবলৈ লয়। ইয়াৰ লগে লগে তেওঁ নিজাকৈও চিত্ৰশিল্প সৃষ্টিত মনোনিবেশ কৰে।
১৪৯৪ চনৰ ৭ জুলাইত ২৩ বছৰ বয়সত ড্যুৰাৰে সেই চহৰৰে এগনেছ ফ্ৰে (Agnes Frey) নামৰ এগৰাকী মহিলাৰ সৈতে বিবাহপাশত আবদ্ধ হয়। ইয়াৰ পিছতে ১৪৯৫ চনত তেওঁ স্বাধীনভাৱে নিজৰ এক কৰ্মশালা আৰম্ভ কৰে।৩ পৰৱৰ্তী কালত তেওঁ ভালেমান বৃহৎ প্ৰকল্পলৈ অৱদান আগবঢ়োৱাৰ সুযোগ লাভ কৰে।
ন্যুৰেমবাৰ্গ চহৰত ৫৬ বছৰ বয়সত ড্যুৰাৰে শেষ নিশ্বাস ত্যাগ কৰে। তেওঁৰ কৰ্মশালা বৰ্তমান এক সংগ্ৰহালয়লৈ পৰিৱৰ্তিত কৰা হৈছে।
অৱদান
তেওঁৰ কৰ্মসমূহৰ ভিতৰত গীৰ্জাৰ শিল্পসামগ্ৰী, ধৰ্মীয় কাম, প্ৰতিকৃতি আৰু আত্ম-প্ৰতিকৃতি, তামৰ সামগ্ৰী আদিয়েই প্ৰধান। "এপ'কেলিপ্স" চিৰিজ (১৪৯৮)-ৰ দৰে কাঠৰ শিল্পনমুনাত তেওঁৰ বাকীবোৰ কৰ্মতকৈ অধিক গথিক প্ৰভাৱ দেখা যায়। তেওঁৰ প্ৰখ্যাত প্ৰিণ্ট যেনে "নাইট, ডে'থ এণ্ড দ্য ডে'ভিল" (১৫১৩), "ছেইণ্ট জেৰ'ম ইন্ হিজ ষ্টাডী" (১৫১৪) আৰু "মেলান্কলিয়া ১" (১৫১৪) আদিৰ বহু অৰ্থ বা বিশ্লেষণ দেখিবলৈ পোৱা যায়। তেওঁৰ পানীচিত্ৰসমূহে তেওঁক ইউৰোপৰ প্ৰথম লেণ্ডস্কেপ শিল্পীসকলৰ ভিতৰত অন্যতমৰূপে প্ৰতিষ্ঠা কৰে আৰু কাঠৰ কৰ্মই সেই শিল্পৰ ধাৰণালৈ বৈপ্লৱিক পৰিৱৰ্তন আনে। তেওঁৰ বিখ্যাত "এপ'কেলিপ্স" চিৰিজৰ ষোল্লটা ডিজাইন আৰু "ছেইণ্ট মাইকেল ফাইটিং দ্য ড্ৰেগন" শীৰ্ষক খোদিত কৰ্মৰ সময় ১৪৯৮ বুলি ঠাৱৰ কৰা হৈছে।
ইটালীয় ৰেঁনেছা আৰু জাৰ্মানীৰ মানৱতাবাদৰ জ্ঞানেৰে উত্তৰীয় কলালৈ ৰোমান কিংবদন্তীৰ আগমণ ঘটোৱাৰ বাবে তেওঁৰ উত্তৰীয় ৰেঁনেছাৰ এক অন্যতম গুৰিধৰোঁতা হিচাপে জনা যায়। তেওঁৰ প্ৰিন্সিপল্ছ অৱ মেথেমেটিক্ছ, লিনিয়াৰ পাৰ্সপেক্টিভ আৰু আইডিয়েল প্ৰ'পৰ্চন শীৰ্ষক লেখাবোৰে এই কথাকে প্ৰমাণ কৰিছে।
তথ্যসূত্ৰ
- Christine Demele. Dürers Nacktheit – Das Weimarer Selbstbildnis. Rhema Verlag, Münster 2012, ISBN 978-3-86887-008-4
- Bartrum, Giulia. Albrecht Dürer and his Legacy. British Museum Press, 2002. ISBN 0-7141-2633-0
- Campbell Hutchison, Jane. Albrecht Dürer: A Biography. Princeton University Press, 1990. ISBN 0-691-00297-5
- Dürer, Albrecht (translated by R.T. Nichol from the Latin text), Of the Just Shaping of Letters, Dover Publications. ISBN 0-486-21306-4
- Harbison, Craig. "Dürer and the Reformation: The Problem of the Re-dating of the St. Philip Engraving". The Art Bulletin, Vol. 58, No. 3, 368-373. September 1976.
- Landau David; Parshall, Peter. The Renaissance Print. Yale, 1996. ISBN 0-300-06883-2
- Panofsky, Erwin. "The Life and Art of Albrecht Dürer", Princeton, 1945. ISBN 0-691-00303-3
- Price, David Hotchkiss. Albrecht Dürer's Renaissance: Humanism, Reformation and the Art of Faith. Michigan, 2003. ISBN 9780472113439.
- Strauss, Walter L. (Ed.). The Complete Engravings, Etchings and Drypoints of Albrecht Durer. Dover Publications, 1973. ISBN 0-486-22851-7 — still in print in paperback.
- Wilhelm, Kurth (Ed.). The Complete Woodcuts of Albrecht Durer, Dover Publications, 2000. ISBN 0-486-21097-9
- Wolf, Norbert. Albrecht Dürer. Prestel, 2010. ISBN 978-3-7913-4426-3
বাহ্যিক সংযোগ
- Connecticut College collection of Dürer's work, organized by topic
- The Strange World of Albrecht Dürer at the Sterling and Francine Clark Art Institute. November 14, 2010 - March 13, 2011
- Dürer Prints Close-up: a series of short videos that explore the subjects and techniques of Dürer's prints. Made to accompany The Strange World of Albrecht Dürer at the Sterling and Francine Clark Art Institute. November 14, 2010 - March 13, 2011
- Innovated Life Art Gallery: Dürer's suite for Apocalipsis cum Figuris.
- Works by Albrecht Dürer at Museumsportal Schleswig-Holstein
- Works by Albrecht Dürer at the Museum of New Zealand Te Papa Tongarewa
- Albrecht Dürer: Vier Bücher von menschlicher Proportion (Nuremberg, 1528). Selected pages scanned from the original work. Historical Anatomies on the Web. US National Library of Medicine.
- Java Applet inspired by Dürer's work
- www.duerer.nuernberg.de
- Albrecht Dürer: The siege of a fortress at the Canadian Centre for Architecture
- Dürer, Albrecht, De symmetria partium in rectis formis humanorum corporum, (1532) googlebooks
- Melencolia I, 500th anniversary tribute
তথ্যসূত্ৰ
- ↑ Mueller, Peter O. (1993) Substantiv-Derivation in Den Schriften Albrecht Durers, Walter de Gruyter. ISBN 3-11-012815-2
- ↑ Heaton, Mrs. Charles. (1881). The Life of Albrecht Dürer of Nürnberg: With a Translation of His Letters and Journal and an Account of His Works. Seeley, Jackson and Halliday. পৃ. 29
- ↑ Allen, L. Jessie. (1903) Albrecht Dürer, Methuen & co
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “এলব্ৰেখট ড্যুৰাৰ” প্ৰবন্ধৰ সংশোধন ৫০৭৩৮৪ (১০ মে’ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।