অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

প্ৰফুল্ল ধনুকৰ

প্ৰফুল্ল ধনুকৰ (ইংৰাজী: Prafulla Dahanukar; ১৯৩৪ – ২০১৪) আছিল এজন ভাৰতীয় চিত্ৰশিল্পী। তেওঁ আছিল আধুনিক ভাৰতীয় শিল্পৰ এজন আগশাৰীৰ শিল্পী যিয়ে ভাৰতৰ বহু যুৱ শিল্পীকো সহায় আৰু প্ৰভাৱিত কৰিছিল।

হালনাগাদ: ৩১ মাৰ্চ ২০২৪ ৪৬৫ শব্দ · ৩ মিনিট সংগৃহীত ৭৫
সংশোধনৰ পৰামৰ্শ

প্ৰফুল্ল ধনুকৰ (ইংৰাজী: Prafulla Dahanukar; ১৯৩৪ – ২০১৪) আছিল এজন ভাৰতীয় চিত্ৰশিল্পী। তেওঁ আছিল আধুনিক ভাৰতীয় শিল্পৰ এজন আগশাৰীৰ শিল্পী যিয়ে ভাৰতৰ বহু যুৱ শিল্পীকো সহায় আৰু প্ৰভাৱিত কৰিছিল।১২৩

জীৱনী

গোৱাৰ বান্দোৰা নামে ঠাইত প্ৰফুল্ল দহানুকাৰৰ জন্ম হৈছিল। তেওঁৰ পিতৃৰ নাম সুব্ৰাই অনন্ত যোশী আৰু মাতৃৰ নাম কেশৰবাঈ বন্দোদকৰ। সৰুতে তেওঁৰ নাম আছিল প্ৰফুল্ল যোশী আৰু তেওঁ মুম্বাইত ডাঙৰ-দীঘল হৈছিল। “ছাৰ জে.জে. স্কল অৱ আৰ্ট”ত তেওঁ সুকুমাৰ কলাৰ অধ্যয়ন কৰিছিল। মুম্বাইৰ স্কুল অৱ আৰ্টৰ পৰা তেওঁ স্নাতক ডিগ্ৰী লাভ কৰে আৰু ১৯৫৫ চনত স্বৰ্ণ পদক লাভ কৰে।৪ মুম্বাইৰ চেমিনেল বুলাভাই দেশাই ইনষ্টিটিউটত তেওঁৰ এটা ষ্টুডিঅ’ আছিল আৰু ভি. এছ. গাইটণ্ডেৰ সৈতে ষ্টুডিঅ’ত একেলগে কাম কৰিছিল, ১৯৫৬ চনৰ পৰা ১৯৬০ চনলৈকে তেওঁ প্ৰগ্ৰেছিভ আৰ্টিষ্টছ গ্ৰুপৰো অংশ আছিল। ১৯৬১ চনত ফ্ৰান্স চৰকাৰে তেওঁক পেৰিছত সূক্ষ্ম কলা অধ্যয়নৰ বাবে বৃত্তি প্ৰদান কৰে।

ধনুকৰে গোটেই জীৱন শিল্প আৰু চিত্ৰকলা প্ৰতি সেৱা আগবঢ়াইছিল। তেওঁ ১৯৭৪ চনৰ পৰা ১৯৭৯ চনলৈ নতুন দিল্লীৰ ললিত কলা একাডেমীৰ সমিতিৰ সদস্য, ১৯৯৩ চনৰ পৰা ১৯৯৮ চনলৈ আৰু ২০১০ চনৰ পৰা ২০১৪ চনত মৃত্যুৰ আগলৈকে ১১ বছৰ ধৰি বম্বে আৰ্ট ছ’চাইটিৰ সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল, জেহাংগীৰ আৰ্ট গেলেৰীৰ ট্ৰাষ্টী আছিল (৪০ বছৰৰো অধিক সময়) আৰু গোৱাৰ কলা একাডেমীৰ কমিটীৰো সদস্য (৩০ বছৰৰো অধিক) আছিল। তেওঁ ভাৰতীয় আৰ্ট ছ’চাইটিৰ সভানেত্ৰী আৰু মুম্বাইৰ দ্য আৰ্টিষ্ট চেণ্টাৰৰো অধ্যক্ষ আছিল। তেতিয়াৰ মুম্বাইত ২০১০-১১ চনত আৰম্ভ হোৱা একমাত্ৰ কলা মেলা ইণ্ডিয়া আৰ্ট ফেষ্টিভেলৰ প্ৰতিষ্ঠাপক সভানেত্ৰী আছিল।

প্ৰফুল্ল ধনুকৰ ৩ বছৰ ধৰি সংগীত কলা কেন্দ্ৰৰ সভাপতি আদিত্য বিৰলাৰ সৈতে সংগীত কলা কেন্দ্ৰৰ অন্যতম প্ৰতিষ্ঠাপক সদস্য আছিল আৰু ৩০ বছৰতকৈও অধিক সময় এই সমিতিত কাম কৰি গৈছিল। তেওঁ সংগীত মঞ্চৰ সমিতিৰো সদস্য আছিল। যোৱা ৪ বছৰ ধৰি ভাৰতীয় জাতীয় থিয়েটাৰৰ বোৰ্ড অৱ ট্ৰাষ্টীৰ অংশ আছিল। শিল্পীসকলৰ বাবে কৰা কামৰ উপৰিও যোৱা ৩০ বছৰ ধৰি লোনাভালাৰ বাল আনন্দগ্ৰাম নামৰ অনাথ আশ্ৰমৰ মূল ট্ৰাষ্টী হিচাপে জড়িত হৈ আছিল। তেওঁৰ দুগৰাকী কন্যা (গৌৰী মেহতা আৰু গোপিকা ধনুকৰ) আৰু পাঁচগৰাকী নাতি (ৰিতাম মেহতা, কামাক্ষী কাৰ্তিকেয়ন, অনম মেহতা, শান্তলা মেহতা আৰু কেশৱ কাৰ্তিকেয়ন) আছিল।

কৰ্ম

"চিৰন্তন মহাকাশ"
"চিৰন্তন মহাকাশ"ছবি: Prafulla Dahanukar · CC BY-SA 3.0

প্ৰফুল্ল ধনুকৰে বিমূৰ্ত প্ৰাকৃতিক দৃশ্যসমূহ সাধাৰণতে এটা প্ৰাঞ্জল আৰু সুক্ষ্মভাবে ছাঁ আৰু প্ৰধান ৰঙত অংকন কৰিছিল। মহাকাশ অন্তহীন আৰু ধ্বংস কৰিব নোৱাৰি বুলি বিশ্বাস কৰি তেওঁ নিজৰ চিত্ৰকলাক "চিৰন্তন মহাকাশ" বুলি অভিহিত কৰিছিল।

প্ৰদৰ্শনী

১৯৫৬ চনৰ পৰা ধনুকৰে নিয়মিতভাৱে একক প্ৰদৰ্শনী অনুষ্ঠিত কৰিছিল। ১৯৬১ চনত পেৰিছত থকাৰ সময়ত তেওঁ নিজৰ চিত্ৰ প্ৰদৰ্শনী অনুষ্ঠিত কৰিছিল আৰু তেতিয়াৰ পৰাই ইংলেণ্ড, হাংগেৰী, ছুইজাৰলেণ্ড, জাৰ্মানী, অষ্ট্ৰেলিয়া, জাপান, পৰ্তুগাল, আইচলেণ্ড আৰু ফ্ৰান্সত বহুতো আন্তঃৰাষ্ট্ৰীয় প্ৰদৰ্শনীত অংশগ্ৰহণ কৰিছিল। লণ্ডনত তেওঁ তিনি বাৰ একক প্ৰদৰ্শনী অনুষ্ঠিত কৰিছে। শেহতীয়াকৈ ২০০৮ চনৰ নৱেম্বৰ মাহত বাৰ্কলেছ বেংকে ডুবাইত চিত্ৰশিল্পী এম.এফ. হুছেইনৰ পৃষ্ঠপোষকতা তেওঁৰ প্ৰদৰ্শনী অনুষ্ঠিত কৰিছিল।

তেওঁৰ চিত্ৰসমূহ নতুন দিল্লীৰ নেচনেল গেলেৰী অৱ মডাৰ্ণ আৰ্ট আৰু ললিত কলা একাডেমী, নাগপুৰৰ চেণ্ট্ৰেল মিউজিয়াম, মুম্বাইৰ প্ৰিন্স অৱ ৱেলছ মিউজিয়াম, ভাৰত আৰু বহিঃৰাজ্যৰ বহুতো প্ৰতিষ্ঠানিক আৰু ব্যক্তিগত সংগ্ৰহালয় সংৰক্ষিত কৰা হৈছে।

বঁটা আৰু সন্মান

১৯৫৫ চনত বম্বে আৰ্ট ছ’চাইটিৰ বাৰ্ষিক প্ৰদৰ্শনীত তেওঁৰ চিত্ৰকলাৰ বাবে তেওঁক ৰূপৰ পদক প্ৰদান কৰা হয়।

দিলীপ ধনুকৰে পত্নী প্ৰফুল্ল ধনুকৰৰ স্মৃতিত “প্ৰফুল্ল ধনুকৰ আৰ্ট ফাউণ্ডেশ্যন” আৰম্ভ কৰে

তথ্যসূত্ৰ

  1. ↑ Book Reference
  2. ↑ Baria, Zeenia. (14 July 2014). An ode to a master. দ্য টাইম্‌ছ অৱ ইণ্ডিয়া
  3. ↑ Prafulla Dahanukar
  4. ↑ Brief Biodata of Prafulla on Goa Artists.

সম্পৰ্কিত শ্ৰেণী

চিত্ৰশিল্পী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “প্ৰফুল্ল ধনুকৰ” প্ৰবন্ধৰ সংশোধন ৪১৬২৩৮ (৩১ মাৰ্চ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।