অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

ললিতা লাজমী

ললিতা লাজমী (ইংৰাজী: Lalita Lajmi; ১৭ অক্টোবৰ ১৯৩২ – ১৩ ফেব্ৰুৱাৰী ২০২৩) এগৰাকী ভাৰতীয় চিত্ৰশিল্পী। কলাৰ সৈতে জড়িত পৰিয়ালত জন্মগ্ৰহণ কৰা স্ব-শিক্ষিত শিল্পী, সৰুতে শাস্ত্ৰীয় নৃত্যৰ প্ৰতি তেওঁৰ অতি আকৰ্ষণ আছিল। তেওঁ হৈছে হিন্দী চলচ্চিত্ৰ পৰিচালক, প্ৰযোজক, অভিনেতা গুৰু দত্তৰ ভগ্নী।

হালনাগাদ: ২ এপ্ৰিল ২০২৪ ৪৪৭ শব্দ · ২ মিনিট সংগৃহীত ৭৭
সংশোধনৰ পৰামৰ্শ

ললিতা লাজমী (ইংৰাজী: Lalita Lajmi; ১৭ অক্টোবৰ ১৯৩২ – ১৩ ফেব্ৰুৱাৰী ২০২৩) এগৰাকী ভাৰতীয় চিত্ৰশিল্পী।১২৩৪ কলাৰ সৈতে জড়িত পৰিয়ালত জন্মগ্ৰহণ কৰা স্ব-শিক্ষিত শিল্পী, সৰুতে শাস্ত্ৰীয় নৃত্যৰ প্ৰতি তেওঁৰ অতি আকৰ্ষণ আছিল। তেওঁ হৈছে হিন্দী চলচ্চিত্ৰ পৰিচালক, প্ৰযোজক, অভিনেতা গুৰু দত্তৰ ভগ্নী। ১৯৯৪ চনত তেওঁ লণ্ডনৰ নেহৰু চেণ্টাৰত ভাৰতীয় উচ্চায়ুক্ত গোপালকৃষ্ণ গান্ধীয়ে আয়োজন কৰা গুৰু দত্ত চলচ্চিত্ৰ মহোৎসৱলৈ আমন্ত্ৰণ লাভ কৰে। ভাতৃ সত্যজিৎ ৰায় আৰু ৰাজ কাপুৰে নিৰ্মাণ কৰা ভাৰতীয় ছবিৰ দ্বাৰাও তেওঁৰ কাম প্ৰভাৱিত হৈছিল।

তেওঁৰ এটা সাক্ষাৎকাৰত ললিতা লাজমীয়ে কয় যে, মধ্যবিত্তীয় পটভূমিৰ হোৱাৰ বাবে তেওঁৰ পৰিয়ালে তেওঁক শাস্ত্ৰীয় নৃত্যৰ শ্ৰেণীত যোগদান কৰাৰ সামৰ্থ্য নাছিল। পৰম্পৰাগত পৰিয়ালৰ আছিল আৰু সেয়েহে শিল্পৰ প্ৰতি আগ্ৰহ গঢ়ি তুলিছিল। কলকাতাৰ ব্যৱসায়িক শিল্পী বি. বি. বেনেগালে তাইৰ বাবে ৰঙৰ বাকচ এটা লৈ আহিছিল। ১৯৬১ চনত তাই গুৰুত্বসহকাৰে চিত্ৰকলা আৰম্ভ কৰিছিল যদিও সেই সময়ত কাকো নিজৰ চিত্ৰকৰ্ম বিক্ৰী কৰিব নোৱাৰিছিল আৰু সেয়েহে আৰ্থিকভাৱে নিজকে স্বাবলম্বী কৰিবলৈ আৰ্ট স্কুলত শিক্ষকতা কৰিবলগীয়া হৈছিল। শিক্ষকতা কৰাৰ সময়ত তাই বিশেষভাৱে সক্ষম আৰু অসুবিধাগ্ৰস্ত শিশুৰ সৈতে কাম কৰিছিল। তাইৰ প্ৰথম ছবিখন মাত্ৰ ৫০ টকাত বিক্ৰী হৈছিল। ১০০ টকা জাৰ্মান শিল্প সংগ্ৰাহক ড° হাইনজমোডকে দিছিল। তেওঁ তাইৰ কৰ্মৰাজি লৈছিল আৰু বিনিময়ত তাইক জাৰ্মান শিল্পীৰ কৰ্ম বা কিছুমান কিতাপ দিছিল।

লাজমীয়ে কয় যে ১৯৭০ চনৰ শেষৰ ফালে তেওঁৰ কামৰ কোনো বিশেষ দিশ নাছিল। তাৰ পিছত তাই বিকশিত হ’বলৈ ধৰিলে আৰু এচিং, অইল আৰু জলৰঙী কৰিবলৈ আৰম্ভ কৰিলে। ১৯৯০ চনৰ তেওঁৰ কাম যিয়ে পুৰুষ আৰু মহিলাৰ মাজত বিদ্যমান লুকাই থকা উত্তেজনা দেখুৱাইছে, তেওঁলোকে তেওঁলোকে লোৱা বিভিন্ন ভূমিকাক ধৰি ৰাখিছে। কিন্তু তেওঁৰ মহিলাসকল নম্ৰ নাছিল বৰঞ্চ আত্মবিশ্বাসী আৰু আক্ৰমণাত্মক আছিল। আনকি তেওঁৰ চিত্ৰত কালী আৰু দুৰ্গাৰ প্ৰতিচ্ছবিও ব্যৱহাৰ কৰিছিল। তেওঁৰ আটাইতকৈ ঘনিষ্ঠ প্ৰেৰণা আছিল তেওঁ অংকন কৰা "দ্য ফেমিলি ছিৰিজ" নামৰ এখন ধাৰাবাহিক আৰু এই কামটো কেম'ল্ডত প্ৰদৰ্শিত হৈছিল।৫

ব্যক্তিগত জীৱন

ললিতা লাজমীৰ পিতৃ-মাতৃ প্ৰথমে কাৰৱাৰত বসতি স্থাপন কৰিছিল যদিও বাংগালুৰুলৈ স্থানান্তৰিত হৈছিল। লাজমীৰ পিতৃ কবি আৰু মাতৃ বহুভাষিক লেখিকা আছিল।৬ তেওঁ ডাঙৰ-দীঘল হৈছিল ভৱনীপুৰত। তেওঁৰ ককাক বি. বি. বেনেগালে তেওঁক সৰুতে চিত্ৰকলাৰ সৈতে পৰিচয় কৰাই দিছিল যেতিয়া তেওঁ তেওঁৰ বাবে ৰঙৰ বাকচ এটা আনি তেওঁৰ কাম প্ৰতিযোগিতা এখনলৈ পঠিয়াইছিল; পিছলৈ তেওঁ প্ৰথম পুৰস্কাৰ লাভ কৰে। ১৯৬০ চনত তেওঁৰ চিত্ৰকলাৰ হেঁপাহ দ্ৰুতগতিত বিকশিত হৈছিল, সেই সময়তে তেওঁ গুৰুত্বসহকাৰে চিত্ৰ অংকন কৰিবলৈ আৰম্ভ কৰিছিল। তেওঁৰ প্ৰথম প্ৰদৰ্শনী আছিল মুম্বাইৰ জেহাংগীৰ আৰ্ট গেলেৰীত গ্ৰুপ প্ৰদৰ্শনী, য'ত ১৯৬১ চনত তেওঁৰ প্ৰথম একক প্ৰদৰ্শনীও অনুষ্ঠিত হয়। লাজমীয়ে দুটা দশকৰো অধিক সময় কেম্পিয়ন স্কুল আৰু কনভেণ্ট অৱ জিছুছ এণ্ড মেৰীত অধ্যাপনা কৰিছিল আৰু পিছলৈ জে জে স্কুল অৱ আৰ্টত নামভৰ্তি কৰি আৰ্ট মাষ্টাৰ সম্পূৰ্ণ কৰিছিল।৭ ললিতা লাজমীৰ ৰচনাসমূহ নেচনেল গেলেৰী অৱ মডাৰ্ণ আৰ্ট আৰু ভাৰতৰ চি এছ এম ভি এছ মিউজিয়াম, আৰু ব্ৰিটিছ মিউজিয়ামত সংগ্ৰহত ৰখা হৈছে।

কেপ্তেইন গোপী লাজমীৰ সৈতে তেওঁৰ বিবাহ হৈছিল।৮ তেওঁৰ এগৰাকী কন্যা সন্তান আছে।৯ তেওঁৰ কন্যা কল্পনা লাজমী আছিল এগৰাকী হিন্দী চলচ্চিত্ৰ পৰিচালক।

২০২৩ চনৰ ১৩ ফেব্ৰুৱাৰীত ৯০ বছৰ বয়সত লাজমীৰ মৃত্যু হয়।১০

তথ্যসূত্ৰ

  1. ↑ Lalitha Lajmi · BIOGRAPHY. lalithalajmi.com
  2. ↑ Kochhar, Ritika. (2021-01-09). Artist for all seasons: Lalitha Lajmi. The Hindu
  3. ↑ International Creative Art Centre " Lalita Lajmi. Icacart.com
  4. ↑ Artists
  5. ↑ Lalitha Lajmi. Saffronart
  6. ↑ Lalitha Lajmi · The Mind's Cupboards · Opening 28 November. mattersofart.blogspot.in
  7. ↑ Lalitha Lajmi: My daughter Kalpana Lajmi's illness has impacted me, so maybe it reflects in my work – Mumbai Mirror -. Mumbai Mirror
  8. ↑ (22 September 2021). Lalitha Lajmi disapproved of Kalpana Lajmi living-in with Bhupen Hazarika: 'He was fit to be her father'
  9. ↑ (25 July 2003). Kalpana Lajmi: A life in focus | India News. দ্য টাইম্‌ছ অৱ ইণ্ডিয়া
  10. ↑ (13 February 2023). Eminent Indian painter Lalitha Lajmi passes away at 90. The Indian Express

সম্পৰ্কিত শ্ৰেণী

চিত্ৰশিল্পী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ললিতা লাজমী” প্ৰবন্ধৰ সংশোধন ৪১৬৬৮৮ (২ এপ্ৰিল ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।