অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

নগ্নতাৰ বিপৰীতে পোহৰ

নগ্নতাৰ বিপৰীতে পোহৰ (ফৰাচী: Nu à contre-jour) ফৰাচী উত্তৰ-প্ৰতিবাদকাৰীৰ চিত্ৰশিল্পী পিয়েৰ বনাৰ্ডে অংকন কৰা তৈলচিত্ৰ। ১৯০৮ চনত বনাৰ্ডে এই তৈলচিত্ৰখন আঁকিছিল। বৰ্তমান বেলজিয়ামৰ ৰয়েল মিউজিয়াম অৱ ফাইন আৰ্টছত ৰখা এই ছবিখন ১৯৮০ চনত বিবিচি ২ৰ অনুষ্ঠান হাণ্ড্ৰেড গ্ৰেট পেইণ্টিংছত প্ৰদৰ্শিত হৈছিল।

হালনাগাদ: ৩ মে’ ২০২৬ ১১২ শব্দ · ১ মিনিট সংগৃহীত ৭৪
সংশোধনৰ পৰামৰ্শ

নগ্নতাৰ বিপৰীতে পোহৰ (ফৰাচী: Nu à contre-jour) ফৰাচী উত্তৰ-প্ৰতিবাদকাৰীৰ চিত্ৰশিল্পী পিয়েৰ বনাৰ্ডে অংকন কৰা তৈলচিত্ৰ। ১৯০৮ চনত বনাৰ্ডে এই তৈলচিত্ৰখন আঁকিছিল। ১ বৰ্তমান বেলজিয়ামৰ ৰয়েল মিউজিয়াম অৱ ফাইন আৰ্টছত ৰখা এই ছবিখন ১৯৮০ চনত বিবিচি ২ৰ অনুষ্ঠান হাণ্ড্ৰেড গ্ৰেট পেইণ্টিংছত প্ৰদৰ্শিত হৈছিল। ২

বৰ্ণনা

পিয়েৰ বনাৰ্ডৰ সংগী মাৰ্থে ডি মেৰিগনি, এই চিত্ৰখনৰ নাৰী প্ৰতিকৃতি অংকনৰ মডেল আছিল। ছবিখনত এগৰাকী নগ্ন মহিলাই টাবত স্নান কৰাৰ পিছত শৰীৰত সুগন্ধি প্ৰয়োগ কৰা দেখিবলৈ পোৱা যায়। তাই খিৰিকীৰে ঘৰত প্ৰৱেশ কৰা পোহৰৰ বিপৰীতে থিয় হৈ আছে, যিয়ে ঘৰটো উজ্জ্বল উষ্ণ ছাঁহীন পোহৰ আৰু ৰঙেৰে পূৰ্ণ কৰে। বনাৰ্ডৰ চিত্ৰসমূহৰ ‘প্ৰতিফলন’ এটা সাধাৰণ বৈশিষ্ট্য,এই চিত্ৰৰ দাপোনত প্ৰতিফলিত সোণালী ৰঙৰ চকীৰ কাষত দণ্ডায়মান অবগাহনকাৰীৰ প্ৰতিকৃতি অংকিত হৈছে। এই চিত্ৰখনৰ আয়তন ১২৪.৫×১০৯.২ ছে.মি.।

তথ্যসূত্ৰ

  1. ↑ Nu à contre-jour. Musées royaux des Beaux-Arts de Belgique
  2. ↑ Top 100 Great Paintings. www.toperfect.com

সম্পৰ্কিত শ্ৰেণী

চিত্ৰশিল্পচিত্ৰশিল্পী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “নগ্নতাৰ বিপৰীতে পোহৰ” প্ৰবন্ধৰ সংশোধন ৬০৪২০৭ (৩ মে’ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।