অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

কৰুণা সুক্কা

কৰুণা সুক্কা (তেলেগু: కరుణ సుక్క; জন্ম ২০ নৱেম্বৰ ১৯৮০) তেলেংগানা ৰাজ্যৰ এগৰাকী ভাৰতীয় ছপা নিৰ্মাতা আৰু চিত্ৰশিল্পী যিয়ে বৃহৎ পৰিসৰৰ কাঠ-কাটৰ সৈতে কাম কৰি প্ৰিণ্ট তৈয়াৰ কৰে।

হালনাগাদ: ২৬ ফেব্ৰুৱাৰী ২০২৬ ২৫৩ শব্দ · ১ মিনিট সংগৃহীত ৭৪
সংশোধনৰ পৰামৰ্শ

কৰুণা সুক্কা (তেলেগু: కరుణ సుక్క; ১ জন্ম ২০ নৱেম্বৰ ১৯৮০) তেলংগানা ৰাজ্যৰ এগৰাকী ভাৰতীয় ছপা নিৰ্মাতা আৰু চিত্ৰশিল্পী যিয়ে বৃহৎ পৰিসৰৰ কাঠ-কাটৰ সৈতে কাম কৰি প্ৰিণ্ট তৈয়াৰ কৰে।২

প্ৰাথমিক জীৱন আৰু পটভূমি

হায়দৰাবাদত জন্মগ্ৰহণ কৰা কৰুণাই পি এছ টি বিশ্ববিদ্যালয়ৰপৰা চিত্ৰকলাত স্নাতক, হায়দৰাবাদ বিশ্ববিদ্যালয়ৰপৰা ছপা নিৰ্মাণত স্নাতকোত্তৰ আৰু এম এছ বৰোদা বিশ্ববিদ্যালয়ৰপৰা সংগ্ৰহালয় বিজ্ঞানত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছে। তেওঁ অসংখ্য গ্ৰুপ প্ৰদৰ্শনী আৰু একক প্ৰদৰ্শনীত অংশগ্ৰহণ কৰিছে আৰু বিভিন্ন বঁটা আৰু বৃত্তি লাভ কৰিছে। ইয়াৰ ভিতৰত ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰ্যালয়ৰপৰা ৰাষ্ট্ৰীয় মেৰিট বৃত্তি (২০০৭), এ পি ৰাজ্যিক বঁটা (২০০৭), ৭৭সংখ্যক সৰ্বভাৰতীয় প্ৰদৰ্শনী, এআইএফএচিএছ, নতুন দিল্লী (২০০৫), হায়দৰাবাদ আৰ্ট ছ’চাইটি প্ৰদৰ্শনী (২০০৪) আৰু দক্ষিণ মধ্য খণ্ড সাংস্কৃতিক কেন্দ্ৰ, নাগপুৰ প্ৰদৰ্শনী (২০০২) অন্তৰ্ভুক্ত।৩

কেৰিয়াৰ

কৰুণাৰ অংকন, এচিং আৰু কাঠ-কাটসমূহ আত্মজীৱনীমূলক কাহিনীভিত্তিক, য’ত দৃঢ় ৰচনাৰ মাজত স্থান আৰু অনুভূতিৰ একত্ৰীকৰণ দেখা যায়। তেওঁ বস্তুবাদী জগতৰ প্ৰতি আৱেগিক আকৰ্ষণ আৰু সামাজিক বাস্তৱতাৰ বৈপৰীত্য চিত্ৰিত কৰে।

তেওঁৰ চিত্ৰসমূহ কেতিয়াবা প্ৰকৃতি, সংস্কৃতি বা জীৱনৰ ৰূপক হিচাপে বাস্তৱ আৰু কল্পনাৰ মাজত অৱস্থান কৰে। তেওঁৰ শৈলীত দৃশ্যগত আখ্যান আৰু নিপুণ উপস্থাপন অন্তৰ্ভুক্ত, যিবোৰ প্ৰিণ্ট পৃষ্ঠত নিপুণভাৱে স্থানান্তৰিত হয়। বুলন্দ ৰেখা আৰু উজ্জ্বল ৰঙে শক্তিশালী শিল্পীসুলভ অনুভূতি সৃষ্টি কৰে। তেওঁৰ কামত ‘অচেতন মন’ৰ ধাৰণাসমূহ ব্যক্তিগত দৃশ্য ভাষাৰ জৰিয়তে প্ৰকাশ পায়।৪৫

বঁটা

  • ভাৰতীয় ৰয়েল একাডেমী অৱ আৰ্ট, কৰ্ণাটকৰপৰা গ্ৰাফিক প্ৰিণ্টৰ বাবে সোণৰ পদক
  • অল ইণ্ডিয়া কলা প্ৰদৰ্শনী, ঝাৰখণ্ডত গ্ৰাফিক প্ৰিণ্টৰ বাবে সোণৰ পদক
  • পি এছ তেলেগু বিশ্ববিদ্যালয়, হায়দৰাবাদৰপৰা ৰাজ্যিক বঁটা
  • দক্ষিণ মণ্ডল যুৱ মহোৎসৱ বঁটা, চেন্নাই
  • ৭৭সংখ্যক সৰ্বভাৰতীয় প্ৰদৰ্শনী, এআইএফএচিএছ, নতুন দিল্লীত চিত্ৰকলাৰ বাবে বঁটা
  • হায়দৰাবাদ আৰ্ট ছ’চাইটিৰপৰা গ্ৰাফিক প্ৰিণ্ট বঁটা
  • দক্ষিণ মধ্য খণ্ড সাংস্কৃতিক কেন্দ্ৰ, নাগপুৰৰপৰা বঁটা

ব্যক্তিগত জীৱন

কৰুণা সুক্কা সুন্দৰ সুক্কাৰ সৈতে বিবাহিত আৰু তেওঁলোকৰ এগৰাকী কন্যা সন্তান আছে।৬

তথ্যসূত্ৰ

  1. ↑ ఎమోష‌న‌ల్ ప్రింట్స్‌. NavaTelangana
  2. ↑ Artist Page: Karuna Sukka. Art@Telangana
  3. ↑ Department of Fine Arts – Karuna Sukka. University of Hyderabad
  4. ↑ Artist Page: Karuna Sukka. Art@Telangana
  5. ↑ Lasania, Yunus Y. (18 October 2015). Straight from the he‘art’. The Hindu
  6. ↑ (13 December 2014). Love story of Sundar and Karuna. Sakshi

সম্পৰ্কিত শ্ৰেণী

চিত্ৰশিল্পী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কৰুণা সুক্কা” প্ৰবন্ধৰ সংশোধন ৫৮২৩৯৭ (২৬ ফেব্ৰুৱাৰী ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।