অনিতা ডুবে (ইংৰাজী: Anita Dube; জন্ম: ২৮ নৱেম্বৰ ১৯৫৮) এগৰাকী ভাৰতীয় সমসাময়িক চিত্ৰশিল্পী। তেওঁৰ কৰ্মৰাজি ভাৰতত বহুলভাৱে প্ৰদৰ্শিত কৰা হৈছে।
প্ৰাৰম্ভিক জীৱন
১৯৫৮ চনৰ ২৮ নৱেম্বৰত ভাৰতৰ উত্তৰ প্ৰদেশৰ লক্ষ্ণৌৰ এক চিকিৎসক পৰিয়ালত ডুবেৰ জন্ম হয়।১ ১৯৭৯ চনত দিল্লী বিশ্ববিদ্যালয়ৰ পৰা ইতিহাস বিষয়ত সন্মানসহ স্নাতক ডিগ্ৰী অৰ্জন কৰে। ১৯৮২ চনত মহাৰাজা ছায়াজীৰাও ইউনিভাৰ্চিটি অৱ বৰোডাৰ পৰা কলা সমালোচনাত এম.এফ.এ. ডিগ্ৰী লাভ কৰে।২
কেৰিয়াৰ
বৰোডাত কলা ইতিহাসবিদ হিচাপে ডুবেৰ প্ৰশিক্ষণে দৃশ্য শিল্পী হিচাপে তেওঁৰ অনুশীলনক প্ৰভাৱিত কৰি আহিছে। ১৯৮৭ চনত বৰোডাত কে.পি. কৃষ্ণনকুমাৰে স্থাপন কৰা এটা মালয়ালী সমসাময়িক শিল্পীৰ এটা দলৰ প্ৰভাৱত তেওঁ বৰোডাৰ পূৰ্বৰ প্ৰজন্মৰ শিল্পী আৰু অধ্যাপকৰ সৈতে জড়িত অধিক ৰূপক চিত্ৰকলাৰ শৈলীৰ বিপৰীতে শিল্প নিৰ্মাণৰ ক্ষেত্ৰত স্পষ্টভাৱে আমূল, সামাজিক আৰু ৰাজনৈতিকভাৱে সচেতন দৃষ্টিভংগী গঢ়ি তুলিছিল। তেওঁ লিখা ‘প্ৰশ্ন আৰু সংলাপ’ (১৯৮৭) শিৰোনামৰ এক ইস্তাহাৰ-বিবৃতিত তেওঁ তেওঁলোকৰ ৰাজনৈতিক স্থিতিৰ বিষয়ে আটাইতকৈ তীব্ৰভাৱে উল্লেখ কৰিছিল। এই লেখাটো “ইণ্ডিয়া চিন্স দ্য নাইনটিছ ছিৰিজ”ৰ অংশ “দ্য হাংগাৰ অৱ দ্য ৰিপাব্লিক: আৱাৰ প্ৰেজেণ্ট ইন ৰেট্ৰ’স্পেক্ট”ত (২০২১) তুলিকা বুকছৰ দ্বাৰা পুনৰ ছপা কৰা হৈছে। বৰোডাত পূৰ্বৰ প্ৰজন্মবোৰ বহুলাংশে তথাকথিত "বড়োদা স্কুল"ৰ অংশ আছিল, যাক কেতিয়াবা "আখ্যান চিত্ৰকৰ" বুলিও কোৱা হয়, যিটো গোটে ১৯৭০ চনৰ মাজভাগৰ পৰা শেষৰ ফালে প্ৰাধান্য লাভ কৰিছিল, আৰু ইয়াত ভূপেন খাখৰ, নলিনী মালানী, বিভান সুন্দৰাম, যোগেন চৌধুৰী, সুধীৰ পাটৱৰ্ধন, গুলাম মহম্মদ শ্বেখ আৰু সমালোচক গীতা কাপুৰৰ দৰে ব্যক্তিত্ব অন্তৰ্ভুক্ত আছিল।৩
১৯৮৭ চনত কৃষ্ণকুমাৰৰ নেতৃত্বত “ইণ্ডিয়ান ৰেডিকেল পেইণ্টাৰছ এণ্ড স্কাল্পটৰ এছচিয়েচন” (Indian Radical Painters and Sculptors Association) বৰোডাৰ সূক্ষ্ম কলা অনুষদত "প্ৰশ্ন আৰু সংলাপ" প্ৰদৰ্শনী অনুষ্ঠিত কৰে, যাৰ লগত চৌহদৰ চাৰিওফালে ডুবে লিখা ইস্তাহাৰৰ পোষ্টাৰ প্ৰকাশ কৰি বিতৰণ কৰা হয়। এই ইস্তাহাৰত সাধাৰণতে শিল্পক পণ্যৰূপত পৰিণত কৰাটোক নিন্দা কৰা হৈছিল আৰু তেওঁলোকে "আখ্যানমূলক চিত্ৰশিল্পী"সকলৰ আন্তৰিক, ফলপ্ৰসূ ৰাজনৈতিক আৰু সামাজিক নিয়োজিততাৰ অভাৱ হোৱা বুলি কোৱা হৈছিল।৪ ইয়াৰ লগত অন্যান্য বিষয়ৰ লগতে মাধ্যমৰ সচেতন পৰিৱৰ্তনৰ সৈতেও জড়িত হৈ আছিল। ডুবে আৰু তেওঁৰ সতীৰ্থসকলে সস্তা, ঔদ্যোগিক সামগ্ৰীৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল আৰু পণ্যকৰণৰ প্ৰতিৰোধ কৰা, শ্ৰমিক শ্ৰেণীৰ দৰ্শকৰ সৈতে জড়িত আৰু বুৰ্জোৱা ধাৰণাসমূহৰ ওপৰত উগ্ৰ সমালোচনা নিৰ্দেশিত কৰা ৰচনা সৃষ্টি কৰাৰ প্ৰয়াসত শিল্প নিৰ্মাণ, প্ৰদৰ্শন আৰু ব্যৱহাৰৰ সমল বিচাৰি পাইছিল।৫
১৯৮৯ চনত কে. পি. কৃষ্ণনকুমাৰৰ মৃত্যুৰ পিছত যেতিয়া “ইণ্ডিয়ান ৰেডিকেল পেইণ্টাৰছ এণ্ড স্কাল্পটাৰ এছ’চিয়েচন” ভংগ হয়, তেতিয়া ডুবেই লেখা আৰু সমালোচনাৰ পৰা আঁতৰি দৃশ্য কলা নিৰ্মাণৰ দিশত মনোনিৱেশ কৰে।
১৯৯৭ চনত অনিতা ডুবে আৰু সহযোগীসকলে নতুন দিল্লীত “খোজ” (KHOJ) নামৰ এটা আন্তঃৰাষ্ট্ৰীয় শিল্পী সন্থাৰ প্ৰতিস্থা কৰে। তুলনামূলকভাৱে সামান্য বাৰ্ষিক কৰ্মশালা হিচাপে আৰম্ভ হোৱা সন্থাটোৱে বিশ্বব্যাপী প্ৰেক্ষাপটৰ ভিতৰত দক্ষিণ এছিয়াৰ শিল্পৰ বাবে এক ডাঙৰ মঞ্চত পৰিণত হৈছে। এই সন্থাৰ দ্বাৰা আন্তঃৰাষ্ট্ৰীয় কৰ্মশালা, আৱাস আৰু প্ৰদৰ্শনীৰ আয়োজন কৰা হৈছে।৬
ডুবে “কোচি-মুজিৰিছ বিয়েনালে”ৰ (Kochi-Muziris Biennale) প্ৰথম মহিলা সংৰক্ষক।৭
তথ্যসূত্ৰ
- ↑ Nagy, Peter A. (2005). Dube, Anita · Grove Art. ISBN 978-1-884446-05-4
- ↑ Anita Dube - CV. Gallery Nature Morte
- ↑ Gulam Mohammed Sheikh in conversation with Suman Gopinathan. otherspaces
- ↑ Questions & Dialogue: A Radical Manifesto. Art & Education
- ↑ Panikkar, Shivaji K. FROM TRIVANDRUM TO BARODA AND BACK: A RE-READING. otherspaces
- ↑ About KHOJ. KHOJ International Artists' Association
- ↑ (11 December 2018). Meet Anita Dube, the first ever female curator at Kochi biennale
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অনিতা ডুবে” প্ৰবন্ধৰ সংশোধন ৬১৫৮৩০ (৫ জুলাই ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।