চিত্ৰনাট্য লেখক
৬৭ প্ৰবন্ধ
-
হানিফ কুৰেছি
হানিফ কুৰেছি চিবিই ( ইংৰাজী: Hanif Kureishi CBE; জন্ম: ৫ ডিচেম্বৰ ১৯৫৪) এজন ব্ৰিটিছ পাকিস্তানী নাট্যকাৰ, চিত্ৰনাট্যকাৰ, চলচ্চিত্ৰ নিৰ্মাতা আৰু ঔপন্যাসিক। তেওঁ ‘মাই বিউটিফুল লণ্ড্ৰেট’ চলচ্চিত্ৰ আৰু ‘দ্য বুদ্ধা অৱ চাবাৰ্বিয়া’ উপন্যাসৰ বাবে পৰিচিত।
-
আমিৰ আজীজী
আমিৰ আজীজী (ফাৰ্চী:امیر عزیزی; জন্ম: ১৯৮৪) এগৰাকী ইৰানী চলচ্চিত্ৰ পৰিচালক আৰু চিত্ৰনাট্যকাৰ।
-
আমিৰ গাভিদেল
আমিৰ গাভিদেল (জন্ম: ২২ মাৰ্চ, ১৯৪৭ – মৃত্যু: ৮ নৱেম্বৰ, ২০০৯) এগৰাকী ইৰানীয় লেখক আৰু চলচ্চিত্ৰ নিৰ্মাতা আছিল। তেওঁ নিজৰ গৃহ চহৰ মাশ্বহাদত বাটৰ নাট পৰিৱেশন কৰি সৰু অৱস্থাতে শৈল্পিক জীৱন আৰম্ভ কৰিছিল। ইয়াৰ পিছত তেওঁ তেহৰানলৈ যায় আৰু তাত আনুষ্ঠানিকভাৱে ইৰানীয় চিনামাত নিজৰ কৰ্মজীৱন আৰম্ভ কৰে।
-
আলী আছগাৰী
আলী আছগাৰী (ফাৰ্চী:علی عسگری; জন্ম: ২৫ জুলাই ১৯৮২) এগৰাকী ইৰানী চলচ্চিত্ৰ পৰিচালক, চিত্ৰনাট্যকাৰ আৰু প্ৰযোজক।
-
আলী আব্বাচী
আলী আব্বাচী (ফাৰ্চী: علی عباسی; জন্ম: ১৯৮১) এগৰাকী ইৰানী-ছুইডিছ-ডেনমাৰ্কৰ চলচ্চিত্ৰ নিৰ্মাতা। তেওঁ মূলতঃ শেলী, বৰ্ডাৰ, হোলী স্পাইডাৰ আৰু দি এপ্ৰেণ্টিচ চলচ্চিত্ৰসমূহৰ বাবে জনাজাত। আব্বাচীয়ে দ্য লাষ্ট অৱ আছ ধাৰাবাহিকখনৰ প্ৰথম সংস্কৰণৰ অন্তিম দুটা খণ্ডও পৰিচালনা কৰিছিল।
-
আলীৰেজা গাছেমী
আলীৰেজা গাছেমী (জন্ম: ১৯৯০) এগৰাকী ইৰানীয় চিত্ৰনাট্যকাৰ, চলচ্চিত্ৰ পৰিচালক আৰু প্ৰযোজক। তেওঁ মূলতঃ ইন দা লেণ্ড অৱ ব্ৰাদাৰ্ছ চলচ্চিত্ৰখন পৰিচালনা কৰাৰ বাবে পৰিচিত, যাৰ বাবে তেওঁ ছাণ্ডান্স চলচ্চিত্ৰ মহোৎসৱত পৰিচালনাৰ বঁটা লাভ কৰিছিল।
-
আৰাশ আব্বাচী
আৰাশ আব্বাচী (ফাৰ্চী: آرش عباسی; জন্ম ১৯৭৮, মালায়ৰ) হৈছে এজন ইৰানী চিত্ৰনাট্যকাৰ, পৰিচালক আৰু অভিনেতা।
-
ইব্ৰাহিম হাতামিকিয়া
ইব্ৰাহিম হাতামিকিয়া (ফাৰ্চী: ابراهیم حاتمیکیا; জন্ম ২৩ ছেপ্টেম্বৰ ১৯৬১) এজন ইৰানী চলচ্চিত্ৰ পৰিচালক, চিত্ৰনাট্যকাৰ, চিনেমাটোগ্ৰাফাৰ আৰু অভিনেতা। হাতামিকিয়া ইৰানৰ ওপৰত ইৰান-ইৰাক যুদ্ধৰ প্ৰভাৱ চিত্ৰিত কৰা চলচ্চিত্ৰসমূহৰ এজন প্ৰধান পৃষ্ঠপোষক।
-
কিয়ানৌচ আয়াৰী
কিয়ানৌচ আয়াৰী (ফাৰ্চী: کیانوش عیاری; জন্ম ১৪ মে', ১৯৫১) হৈছে এজন ইৰানী চলচ্চিত্ৰ পৰিচালক আৰু চিত্ৰনাট্যকাৰ। তেওঁ নিজৰ বাস্তৱসন্মত শৈলী আৰু ব্যতিক্ৰমী কাহিনীৰ বাবে বিখ্যাত।
-
কোৱেণ্টিন টাৰাণ্টিনো
কোৱেণ্টিন জেৰম টাৰাণ্টিনো (Quentin Tarantino, জন্ম ২৭ মাৰ্চ, ১৯৬৩) এজন আমেৰিকীয় চলচ্চিত্ৰ নিৰ্মাতা, অভিনেতা আৰু লেখক। তেওঁৰ ছবিসমূহৰ বৈশিষ্ট্য হৈছে চিত্ৰাংকিত হিংসা, প্ৰায়ে বহু অশ্লীল শব্দৰ বৰ্ধিত সংলাপ আৰু জনপ্ৰিয় সংস্কৃতিৰ উল্লেখ।
-
চামুৱেল খাচিকিয়ান
চামুৱেল খাচিকিয়ান (আৰ্মেনিয়ান: Սամուէլ Խաչիկեան; ফাৰ্চী: ساموئل خاچیکیان; ২১ অক্টোবৰ ১৯২৩ – ২২ অক্টোবৰ ২০০১) আছিল আৰ্মেনিয়ান মূলৰ এজন ইৰানী চলচ্চিত্ৰ পৰিচালক, চিত্ৰনাট্যকাৰ, লেখক আৰু চলচ্চিত্ৰ সম্পাদক।
-
চিনা আতাইয়ান ডেনা
চিনা আতাইয়ান ডেনা (১৯৮৩ চনত ইৰানৰ আহভাজত জন্ম) এজন ইৰানী-জাৰ্মান চলচ্চিত্ৰ পৰিচালক, চিত্ৰনাট্যকাৰ, চলচ্চিত্ৰ প্ৰযোজক আৰু শিল্পী।
-
চেজ চুই ৱাণ্ডাৰ্ছ
চেজ চুই ৱাণ্ডাৰ্ছ (ইংৰাজী: Chase Sui Wonders; জন্ম: ২১ মে', ১৯৯৬) এগৰাকী আমেৰিকান অভিনেত্ৰী। তেওঁ এইচবিঅ’ মেক্স ধাৰাবাহিক জেনেৰেচনত (২০২১) ৰাইলি, হৰৰ-কমেডী ছবি বডিজ বডিজ বডিজত (২০২২) এমা, এপল টিভি প্লাছৰ ব্যংগাত্মক কমেডী ধাৰাবাহিক দ্য ষ্টুডিঅ’ত (২০২৫) কুইন হেকেট আৰু শ্লেচাৰ ছবি আই নো হোৱাট ইউ ডিড…
-
চেলিম–জাভেদ
চেলিম–জাভেদ (Salim-Javed) আছিল ভাৰতীয় চলচ্চিত্ৰ জগতত চিত্ৰনাট্য লিখাৰ এটি যুটি৷ এই যুটিটোৰ ব্যক্তি দুগৰাকী হৈছে চেলিম খান আৰু জাভেদ আখতাৰ৷ তেওঁলোকে মূলতঃ হিন্দী চিনেমাত কাম কৰিছিল।
-
ছৈয়দ হাদী মহাক্কেক
ছৈয়দ হাদী মহাক্কেক (ফাৰ্চী: سید هادی محقق; জন্ম ১৯৭৯) হৈছে এজন ইৰানী চলচ্চিত্ৰ পৰিচালক আৰু চিত্ৰনাট্যকাৰ।
-
টিনা ঘৰাভী
টিনা ঘৰাভী (জন্ম: ১ জুলাই, ১৯৭২) এগৰাকী ইৰানত জন্মগ্ৰহণ কৰা ব্ৰিটিছ শিল্পী, পৰিচালক আৰু চিত্ৰনাট্যকাৰ। বৰ্তমান তেওঁ পেৰিছত বসবাস কৰে। তেওঁৰ ২০১৩ চনৰ প্ৰথম পূৰ্ণদৈৰ্ঘ্য চলচ্চিত্ৰ আই এম নাছৰিন বাফটা বঁটাৰ বাবে মনোনীত হৈছিল।
-
ডেনিয়েল গিলিছ
ডেনিয়েল জছুৱা গিলিছ হৈছে এজন নিউজিলেণ্ডৰ অভিনেতা, চলচ্চিত্ৰ প্ৰযোজক, পৰিচালক আৰু চিত্ৰনাট্যকাৰ। তেওঁ দ্য ভেম্পায়াৰ ডায়েৰীজ আৰু ইয়াৰ স্পিন অফ দ্য অৰিজিনেলছত এলিজা মাইকেলছনৰ চৰিত্ৰত অভিনয় কৰিছিল। ইয়াৰ উপৰি তেওঁ চেভিং হোপ ধাৰাবাহিকত ড° জুৱেল গোৰানৰ ভূমিকা পালন কৰিছিল।
-
তামাৰা জেনকিন্স
তামাৰা জেনকিন্স (ইংৰাজী: Tamara Jenkins; জন্ম: ২ মে', ১৯৬২) এগৰাকী আমেৰিকান চলচ্চিত্ৰ নিৰ্মাতা আৰু মাজে-সময়ে অভিনয় কৰা এগৰাকী অভিনেত্ৰী। তেওঁ মূলত তেওঁৰ কাহিনীচিত্ৰ স্লমছ অৱ বেভাৰ্লী হিলছ (১৯৯৮), দা চেভেজ (২০০৭) আৰু প্ৰাইভেট লাইফ (২০১৮)-ৰ বাবে সৰ্বাধিক পৰিচিত।
-
নাৰ্গিছ আবিয়াৰ
নাৰ্গিছ আবিয়াৰ (ফাৰ্চী: نرگس آبیار; জন্ম: ৮ আগষ্ট ১৯৭০) এগৰাকী ইৰানী চলচ্চিত্ৰ পৰিচালক, লেখিকা আৰু চিত্ৰনাট্যকাৰ। তেওঁ মূলতঃ ট্ৰেক ১৪৩, ব্ৰেথ আৰু ৱেন দ্য মুন ৱাজ ফুল চলচ্চিত্ৰ পৰিচালনা কৰাৰ বাবে জনাজাত।
-
নিতেশ তিৱাৰী
নিতেশ তিৱাৰী (Nitesh Tiwari; জন্ম: ২২ মে' ১৯৭৩) হিন্দী ছবি-জগতত পৰিচিত এজন ভাৰতীয় চলচ্চিত্ৰ পৰিচালক, প্ৰযোজক, চিত্ৰনাট্যকাৰ, আৰু গীতিকাৰ। তেওঁ চিলাৰ পাৰ্টি (২০১১) ছবিৰ সহ-পৰিচালক হিচাপে আত্মপ্ৰকাশ কৰে যিখন ছবিয়ে শ্ৰেষ্ঠ শিশু চলচ্চিত্ৰৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰে।
-
পৌৰাণ ডেৰাখশান্দেহ
পৌৰাণ ডেৰাখশান্দেহ (ফাৰ্চী: پوران درخشنده; জন্ম ২৭ মাৰ্চ, ১৯৫১) এগৰাকী ইৰানী চলচ্চিত্ৰ পৰিচালক, প্ৰযোজক, চিত্ৰনাট্যকাৰ আৰু গৱেষক।
-
ফাৰুখ গাফ্ফাৰী
ফাৰুখ গাফ্ফাৰী (জন্ম: ২৬ ফেব্ৰুৱাৰী, ১৯২২ – মৃত্যু: ১৭ ডিচেম্বৰ, ২০০৬) এগৰাকী ইৰানীয় চলচ্চিত্ৰ পৰিচালক, অভিনেতা, সমালোচক আৰু লেখক আছিল। ইব্ৰাহিম গোলেস্তান আৰু ফেৰেডাউন ৰাহনেমাৰ সৈতে তেওঁ ইৰানৰ নতুন ঢৌৰ চলচ্চিত্ৰ আন্দোলনৰ অন্যতম প্ৰতিষ্ঠাপক আছিল।
-
বেহনাম বেহজাদী
বেহনাম বেহজাদী (ফাৰ্চী: بهنام بهزادی; জন্ম ২৪ জুলাই, ১৯৭২) এজন ইৰানী পৰিচালক, চিত্ৰনাট্যকাৰ, সম্পাদক আৰু প্ৰযোজক। তেওঁ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰশংসিত ইৰানী পৰিচালকসকলৰ ভিতৰত অন্যতম আৰু তেওঁৰ চলচ্চিত্ৰসমূহে ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱৰ পৰা একাধিক বঁটা লাভ কৰিছে।
-
মজিদ বাৰ্জেগাৰ
মজিদ বাৰ্জেগাৰ (ফাৰ্চী: مجید برزگر; জন্ম ৬ মাৰ্চ, ১৯৭৩) এজন ইৰানী চলচ্চিত্ৰ পৰিচালক, প্ৰযোজক, চিত্ৰনাট্যকাৰ আৰু ফটোগ্ৰাফাৰ। ইৰানত স্বতন্ত্ৰ চলচ্চিত্ৰ নিৰ্মাণক প্ৰসাৰিত কৰাৰ উদ্দেশ্যে তেওঁ ২০০৫ চনত নিজাকৈ চলচ্চিত্ৰ প্ৰতিষ্ঠান ৰেইনী পিকচাৰ্ছ প্ৰতিষ্ঠা কৰে।
-
মহম্মদ ৰেজা আচলানী
মহম্মদ ৰেজা আচলানী (ফাৰ্চী:محمدرضا اصلانی; জন্ম: ৯ ডিচেম্বৰ ১৯৪৩) এগৰাকী ইৰানী চলচ্চিত্ৰ নিৰ্মাতা, কলা তত্ত্ববিদ, গ্ৰাফিক ডিজাইনাৰ আৰু কবি। তেওঁ মূলতঃ তেওঁৰ পৰীক্ষামূলক চলচ্চিত্ৰ আৰু তথ্যচিত্ৰসমূহৰ বাবে জনাজাত।
-
মহম্মদ ৰেজা হোনাৰমাণ্ড
মহম্মদ ৰেজা হোনাৰমাণ্ড (ফাৰ্চী: محمدرضا هنرمند; জন্ম ১৯৫৫) এজন ইৰানী চলচ্চিত্ৰ পৰিচালক, চিত্ৰনাট্যকাৰ আৰু প্ৰযোজক।
-
মানি হাঘিঘি
মানি হাঘিঘি (জন্ম: ৪ মে’, ১৯৬৯) এগৰাকী ইৰানীয় চলচ্চিত্ৰ পৰিচালক, লেখক, প্ৰযোজক আৰু অভিনেতা। হাঘিঘিয়ে ২০০১ চনৰপৰা চলচ্চিত্ৰ নিৰ্মাণৰ কাম আৰম্ভ কৰিছিল।
-
মেট এছকান্দাৰী
মেট এছকান্দাৰী ইৰানত জন্মগ্ৰহণ কৰা এগৰাকী আমেৰিকান চলচ্চিত্ৰ পৰিচালক আৰু চিত্ৰনাট্যকাৰ। তেওঁৰ উল্লেখযোগ্য চলচ্চিত্ৰসমূহৰ ভিতৰত আছে ভিকটিম, দি গাণ্টলেট, আৰু ১২ ফিট ডিপ। ইয়াৰ উপৰি তেওঁ ফক্স ষ্টুডিঅ' আৰু ষ্টিভেন স্পিলবাৰ্গৰ চলচ্চিত্ৰ নিৰ্মাতাৰ প্ৰতিযোগিতা অন দি লট-ৰ এজন প্ৰতিযোগী আছিল।
-
মোৰ্তেজা আলীজাদেহ
মোৰ্তেজা আলীজাদেহ (ফাৰ্চী:مرتضی علیزاده; জন্ম: ১৯৯০) এগৰাকী ইৰানী চলচ্চিত্ৰ পৰিচালক আৰু চিত্ৰনাট্যকাৰ। আলীজাদেহে শ্ৰেষ্ঠ অভিযোজিত চলচ্চিত্ৰৰ বাবে তেহৰাণ আন্তৰ্জাতিক চুটি ছবি উৎসৱ বঁটা লাভ কৰিছিল। তেওঁ ফাজৰ চলচ্চিত্ৰ উৎসৱত শ্ৰেষ্ঠ নবাগত পৰিচালকৰ বঁটাৰ বাবেও মনোনীত হৈছিল।
-
লাছলো ক্ৰাছনাহৰ্কাই
লাছলো ক্ৰাছনাহৰ্কাই ((জন্ম হৈছিল: ৫ জানুৱাৰী ১৯৫৪ চনত) হ'ল এজন হাঙ্গেৰীৰ ঔপন্যাসিক আৰু চিত্ৰনাট্যকাৰ। তেওঁক ২০২৫ চনৰ সাহিত্যৰ নোবেল বঁটা দিয়া হৈছে। সাহিত্যৰ নবেল বঁটা পোৱাৰ আগেয়ে ২০১৫ চনত তেওঁ পুৰুষৰ আন্তৰ্জাতিক বুকাৰ বঁটা লাভ কৰিছিল।