মোৰ্তেজা আলীজাদেহ (ফাৰ্চী ভাষা:مرتضی علیزاده; জন্ম: ১৯৯০) এগৰাকী ইৰানী চলচ্চিত্ৰ পৰিচালক আৰু চিত্ৰনাট্যকাৰ।১ আলীজাদেহে শ্ৰেষ্ঠ অভিযোজিত চলচ্চিত্ৰৰ বাবে তেহৰাণ আন্তৰ্জাতিক চুটি ছবি উৎসৱ বঁটা লাভ কৰিছিল।২ তেওঁ ফাজৰ চলচ্চিত্ৰ উৎসৱত শ্ৰেষ্ঠ নবাগত পৰিচালকৰ বঁটাৰ বাবেও মনোনীত হৈছিল।
কৰ্মজীৱন
মোৰ্তেজা আলীজাদেহৰ জন্ম ১৯৯০ চনত হৈছিল আৰু তেওঁ ২০০৮ চনৰপৰা পৰীক্ষামূলকভাৱে চলচ্চিত্ৰৰ কাম-কাজ আৰম্ভ কৰিছিল। তেওঁ কেইবাখনো চুটি ছবি পৰিচালনা কৰিছে। তেওঁৰ শেহতীয়া চুটি ছবি ৰাইট লেজিবলী তেহৰাণ চুটি ছবি উৎসৱত প্ৰদৰ্শিত হৈছিল আৰু চাৰিটা শাখাত মনোনয়ন লাভ কৰি অৱশেষত শ্ৰেষ্ঠ অভিযোজিত চিত্ৰনাট্যৰ বঁটা আঁজুৰি আনিবলৈ সক্ষম হৈছিল। অপৰাধমূলক আৰু সামাজিক ধাৰাৰ চলচ্চিত্ৰ বডীলেচ হৈছে তেওঁৰ প্ৰথম পূৰ্ণদৈৰ্ঘ্য ছবি পৰিচালনাৰ অভিজ্ঞতা, যিখন ৪২ তম ফাজৰ চলচ্চিত্ৰ উৎসৱৰ 'নিউ লুক' শাখাত অন্তৰ্ভুক্ত কৰা হৈছিল।৩
তথ্যসূত্ৰ
- ↑ ইৰানী চিনেমাৰ ডেকা প্ৰতিভা মোৰ্তেজা আলীজাদেহৰ কলাত্মক কেৰিয়াৰৰ পৰ্যালোচনা www.asianews.ir/fa/newsagency/20416/%d9%85%d8%b1
- ↑ গ্ৰন্থ আৰু চিনেমা বঁটা বিজয়ী মোৰ্তেজা আলীজাদেহৰ সৈতে সাক্ষাৎকাৰ platohonar.ir/project/%D9%85%D8%B5%D8%A7%D8%AD%D
- ↑ কিছুমান লোকে সামাজিক চলচ্চিত্ৰ নিৰ্মাণত বাধা দিব বিচাৰে sabakhabar.ir/416942
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মোৰ্তেজা আলীজাদেহ” প্ৰবন্ধৰ সংশোধন ৬১৩০০৯ (১৯ জুন ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।