অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

চেলিম–জাভেদ

চেলিম–জাভেদ (Salim-Javed) আছিল ভাৰতীয় চলচ্চিত্ৰ জগতত চিত্ৰনাট্য লিখাৰ এটি যুটি৷ এই যুটিটোৰ ব্যক্তি দুগৰাকী হৈছে চেলিম খান আৰু জাভেদ আখতাৰ৷ তেওঁলোকে মূলতঃ হিন্দী চিনেমাত কাম কৰিছিল।

হালনাগাদ: ২৫ জুলাই ২০২৫ ১,০২১ শব্দ · ৬ মিনিট সংগৃহীত ৭৩
সংশোধনৰ পৰামৰ্শ

চেলিম–জাভেদ (Salim-Javed) আছিল ভাৰতীয় চলচ্চিত্ৰ জগতত চিত্ৰনাট্য লিখাৰ এটি যুটি৷ এই যুটিটোৰ ব্যক্তি দুগৰাকী হৈছে চেলিম খান আৰু জাভেদ আখতাৰ৷ তেওঁলোকে মূলতঃ হিন্দী চিনেমাত কাম কৰিছিল। তাৰকাৰ মৰ্যাদা লাভ কৰা ভাৰতীয় চিত্ৰনাট্যকাৰৰ ভিতৰত তেওঁলোক অন্যতম৷১২তেওঁলোকক "হিন্দী চিনেমাৰ শ্ৰেষ্ঠ চিত্ৰনাট্যকাৰ" হিচাপে গণ্য কৰা হয়।৩১৯৭১ চনৰ পৰা ১৯৮৭ চনৰ ভিতৰত তেওঁলোকে একেলগে ২৪খন ছবিত কাম কৰিছিল৷ ইয়াৰে ২০খন ছবি ব্যৱসায়িক আৰু সমালোচনামূলকভাৱে সফল হৈছিল৷

১৯৭০ চনত চেলিম–জাভেদে ভাৰতীয় চিনেমালৈ বৈপ্লৱিক পৰিৱৰ্তন আনে৷৪তেওঁলোৰ যুটিটো বলিউডৰ সূত্ৰৰ ৰূপান্তৰণ, পুনৰ-উদ্ভাৱন আৰু বলীউডৰ ব্লকবাষ্টাৰ ফৰ্মেটৰ পথ প্ৰদৰ্শক।৩পূৰ্বতে বলিউডত আধিপত্য বিস্তাৰ কৰি থকা ৰোমাঞ্চধৰ্মী ছবিসমূহৰ পৰা এক উল্লেখযোগ্য বিচ্যুতি অনাত তেওঁলোক সফল হৈছিল৷ এই সমগ্ৰ সাংস্কৃতিক পৰিঘটনাৰ ভিতৰত "এংগ্ৰি ইয়ংমেন" চৰিত্ৰৰ বিন্যাস,৫ মছলা ছবি,৩ পাশ্চাত্য ধাৰাৰ ডকাইত,৬ ৩ আৰু বম্বেৰ আণ্ডাৰৱৰ্ল্ড অপৰাধমূলক ছবি।৭ ১৯৮২ চনলৈকে তেওঁলোকৰ মাজত এই সংযোগ চলিছিল৷ তাৰপিছত দুয়োজনে বিভাজনৰ সিদ্ধান্ত লয়৷ পৰৱৰ্তী সময়ত জাভেদ আখতাৰে প্ৰায় ৮০খন ছবিৰ গীত আৰু ২০খন ছবিৰ চিত্ৰনাট্য লিখে৷ আনহাতে চেলিম খানে ১৯৮৩ চনৰ পৰা ১৯৯৬ চনৰ ভিতৰত ১০খন ছবিৰ চিত্ৰনাট্য লিখিছিল৷ অৱশ্যে দুখন ছবি জামানা (১৯৮৫) আৰু মিষ্টাৰ ইণ্ডিয়া (১৯৮৭)ৰ চিত্ৰনাট্য বিভাজনৰ পূৰ্বে লিখা হৈছিল আৰু তেওঁলোকৰ বিভাজনৰ পিছত ছবিত পৰিণত হৈছিল। তেওঁলোকৰ ছবিসমূহৰ বহু দক্ষিণ ভাৰতীয় পুনৰ্নিৰ্মাণ আছিল৷ সেইসমূহ ছবিয়ে পুনৰ্নিৰ্মাণৰ আধিকাৰিক অনুজ্ঞাপত্ৰ চেলিম–জাভেদৰ পৰা পোনপটীয়াকৈ লাভ কৰিছিল৷

যুটি হোৱাৰ পূৰ্বে

চেলিম খান

১৯৩৫ চনৰ ২৪ নৱেম্বৰত ইন্দোৰত চেলিম খানৰ জন্ম হৈছিল। পৰিচালক কে অমৰনাথে তেওঁক বিয়াত দেখাৰ পিছত অভিনেতা হিচাপে আত্মপ্ৰকাশ কৰোৱায়। তেওঁ খানক মুম্বাইলৈ আহিবলৈ ক’লে আৰু ইয়াত তেওঁক অভিনেতা হিচাপে নিযুক্তি দিলে। দৰমহা মাহে ৫০০ টকা। ইয়াৰ পূৰ্বে চেলিম খান বিভিন্ন ছবিৰ কনিষ্ঠ কুশলী আছিল যদিও এই ক্ষেত্ৰখনত তেওঁ কোনো বিশেষ স্থান দখল কৰা নাছিল। খানে সাত বছৰ ধৰি বিভিন্ন চিনেমাত, সৰু-বৰ চৰিত্ৰত অভিনয় কৰিছিল। তেওঁৰ অভিনয়ে জনসাধাৰণক আকৰ্ষিত কৰিব পৰা নাছিল৷ যাৰ ফলত তেওঁৰ কেৰিয়াৰ স্থবিৰ হৈ পৰিছিল। খানে তিছৰী মানজিল (১৯৬৬), সৰহাদি লুটেৰা (১৯৬৬) আৰু দিৱানা (১৯৬৭) আদি ছবিত অভিনয় কৰিছিল৷ ১৯৭০ চনলৈকে তেওঁ ১৪খন ছবিত অভিনয় কৰিছিল। কিন্তু তেওঁ অভিনেতা হিচাপে সফলতা লাভ কৰিব নোৱাৰিলে।

২৫খন ছবিত কাম কৰাৰ পিছত, ৮১৯৬০ চনৰ শেষৰ ফালে আৰ্থিকভাৱে সংগ্ৰাম কৰি থকা চেলিম খানে অভিনয়ৰ পৰা আঁতৰি চিত্ৰনাট্য লিখাৰ দিশত মনোযোগী হোৱাৰ সিদ্ধান্ত লয়৷ তেওঁ ৰাজকুমাৰ চেলিম নামটো ব্যৱহাৰ কৰি থাকিল। তেওঁৰ অন্যতম উল্লেখযোগ্য চলচ্চিত্ৰ চিত্ৰনাট্য আছিল দো ভাই (১৯৬৯)। তেওঁ আব্ৰাৰ আলভিৰ সৈতে লেখা সহায়ক হিচাপেও কাম কৰিবলৈ আৰম্ভ কৰে।৯

জাভেদ আখতাৰ

জাভেদ আখতাৰৰ জন্ম হৈছিল ১৯৪৫ চনৰ ১৭ জানুৱাৰীত। আখতাৰৰ সৃষ্টিৰাজি প্ৰধান অনুপ্ৰেৰণাৰ ভিতৰত আছিল পাকিস্তানী লেখক ইবনে-ই-ছাফী, ইমৰাণ ছিৰিজৰ গোয়েন্দা উপন্যাসৰ লগতে দিলীপ কুমাৰ অভিনীত আৰ্জু (১৯৫০)ৰ দৰে ছবি। ইয়াৰ লগতে অন্যতম আছিল আন (১৯৫২), বিমল ৰয়ৰ দো বিঘা জমিন (১৯৫৩), ৰাজ কাপুৰৰ পৰিচালনা আৰু খোৱাজা আহমদ আব্বাছৰ দ্বাৰা লিখিত শ্ৰী ৪২০ (১৯৫৫), আৰু মেহবুব খানৰ মাদাৰ ইণ্ডিয়া (১৯৫৭)।১০

১৯৬৪ চনৰ ৪ অক্টোবৰত আখতাৰ মুম্বাইত উপস্থিত হয়। তাত থকা প্ৰথম বছৰবোৰত তেওঁ ১০০ টকাৰ বিনিময়ত মাজে-সময়ে কেতিয়াবা সৰু ছবিৰ বাবে সংলাপ লিখিছিল। তেওঁ য়কিন ছবিত সংলাপ-লেখক হিচাপে চাকৰি পাইছিল যদিও ছবিখনে বিশেষ সফলতা লাভ কৰিব নোৱাৰিলে৷ ১৯৭১ চনলৈকে তেওঁ ব্যক্তিগত সফলতাৰ মুখ নেদেখিলে৷

যুটি হিচাপে

জাভেদ আখতাৰক চেলিমে ছৰহদী লুটেৰা নামৰ ছবিখনৰ নিৰ্মাণৰ সময়ত প্ৰথম লগ পাইছিল৷ চেলিমে অভিনয়ৰ বৃত্তিটো খুব কম সময়ৰ বাবেহে গ্ৰহণ কৰিছিল; আৰু লিখা কামটোত সম্পূৰ্ণ মনোনিৱেশ দিয়াৰ পূৰ্বে তেওঁ অভিনয় কৰা শেষ ছবিবোৰৰ ভিতৰত এইখন অন্যতম আছিল৷ আনহাতে জাভেদ ছবিখনৰ ক্লেপাৰ বয় আছিল৷ কিন্তু পাছত যেতিয়া ছবিখনৰ পৰিচালক এছ.এম. সাগৰে সংলাপ লিখিবলৈ লেখক বিচাৰি নাপালে, তেতিয়া জাভেদ আখতাৰকে ছবিখনৰ বাবে সংলাপ লিখিবলৈ দিয়া হ'ল৷ এনেকৈয়ে চেলিম আৰু জাভেদৰ মাজত বন্ধুত্ব হয়৷

চেলিম খানে প্ৰথমে লেখক/পৰিচালক আবৰাৰ আলৱীক সহায় কৰিছিল আৰু জাভেদ আখতাৰে কাইফী আজমীক সহায় কৰিছিল। আবৰাৰ আলভি আৰু কাইফী আজমি চুবুৰীয়া আছিল৷ তাৰ পৰাই চেলিম খান আৰু জাভেদ আখতাৰৰ বন্ধুত্ব গঢ়ি তুলিছিল। যিহেতু তেওঁলোকৰ ব্যক্তিগত কাম ফ্লপ হৈ আছিল সেয়েহে দুয়োজনে চিত্ৰনাট্য লিখাৰ কামত লাগিছিল আৰু ১৯৭১ চনত তেওঁলোক একত্ৰিত হোৱাৰ সিদ্ধান্ত লয়। চিনেমা নিৰ্মাণ উদ্যোগত লেখকৰ অভাৱ উপলব্ধি কৰি চেলিমে ক্ৰমান্বয়ে ঘনিষ্ঠ বন্ধুৰ সৈতে চিনেমাত ব্যৱহৃত কাহিনী কোৱা আৰু লিখাৰ কৌশলৰ বিষয়ে শিকিছিল আৰু চুটি প্ৰতিলিপি লিখিবলৈ আৰম্ভ কৰে। তেওঁ জাভেদ আখতাৰৰ পৰাও সহায় লৈছিল৷ এই যুটিটোৱে পৰৱৰ্তী সময়ত এটা চিত্ৰনাট্য লিখাৰ দল গঠন কৰে যিটো চেলিম–জাভেদ নামেৰে পৰিচিত হ’ল। চেলিমে আগতে গল্প আৰু কাহিনী ৰচনা কৰিছিল; আনহাতে জাভেদে সেই ছবিবোৰৰ সংলাপত চেলিমক সহায় কৰিছিল৷ পৰৱৰ্তী সময়ত তেওঁলোক ছবিখনৰ চূড়ান্ত খচৰা সন্দৰ্ভত সিদ্ধান্তত উপনীত হৈছিল। আখতাৰে প্ৰথমে খানৰ লগত যোগ দি অধিকাৰ আৰু আন্দাজৰ বাবে কাহিনী বিকশিত কৰে৷ (দুয়োখন ছবিয়েই ১৯৭১ চনৰ)

প্ৰথম অৱস্থাত ১৯৭০ চনত চিত্ৰনাট্য, কাহিনী আৰু সংলাপৰ বাবে একেজন লেখক থকাৰ কোনো ধাৰণা নাছিল আৰু শিৰোনামটোত লেখকসকলক কোনো ক্ৰেডিট দিয়া হোৱা নাছিল। ৰাজেশ খান্নাই চেলিম খান আৰু জাভেদ আখতাৰক হাথী মেৰে সাথী (১৯৭১) ছবিখনত কামৰ প্ৰস্তাৱ দি চিত্ৰনাট্য লেখক হোৱাৰ প্ৰথম সুযোগ দিয়ে।১১ জাভেদ আখতাৰে এটা সাক্ষাৎকাৰত কৈছিল যে "এদিন তেওঁ চেলিমছাবৰ ওচৰলৈ গৈ কৈছিল যে মিষ্টাৰ দেৱাৰে তেওঁক এক বৃহৎ চুক্তিত ধন দিছে, যাৰ সহায়ত তেওঁ তেওঁৰ বাংলো আশীৰ্বাদ সম্পূৰ্ণ কৰিব পাৰিব। কিন্তু ছবিখন আছিল [দেয়ভা চেয়ালৰ] পুনৰ্নিৰ্মাণ। আৰু মূল ছবিখনৰ চিত্ৰনাট্য সন্তোষজনক হোৱা নাছিল৷" ১২তেওঁলোক দুয়োয়ে আন্দাজ, সীতা ঔৰ গীতা, শ্বোলে আৰু ডনৰ দৰে সফল ছবিৰ চিত্ৰনাট্য প্ৰস্তুত কৰিছিল। দুখন হিট কানাড়া ছবি (দুয়োখনেই ড° ৰাজকুমাৰে অভিনয় কৰা) – প্ৰেমাদা কনিকে আৰু ৰাজা নন্না ৰাজাকে ধৰি ২৪খন ছবিত একেলগে কাম কৰিছে। যদিও ১৯৮২ চনত তেওঁলোকৰ ইগোৰ সমস্যাৰ বাবে বিভাজন হৈছিল, তেওঁলোকে লিখা কিছুমান চিত্ৰনাট্যক পিছলৈ জামানা আৰু মিষ্টাৰ ইণ্ডিয়াৰ দৰে হিট ছবিলৈ পৰিণত কৰা হৈছিল।

শৈলী, বিষয়বস্তু আৰু প্ৰভাৱ

চেলিম–জাভেদৰ ছবিসমূহে ভাৰতীয় সমাজত ব্যাপক প্ৰভাৱ পেলাইছিল৷ উপস্থাপন কৰাৰ সময়তে ১৯৭০ চনৰ ভাৰতৰ আৰ্থ-সামাজিক আৰু আৰ্থ-ৰাজনৈতিক বাতাবৰণৰ লগত প্ৰাসংগিক বিষয়বস্তু, বিশেষকৈ জৰুৰীকালীনৰ সময়ছোৱাত, যেনে- নগৰীয়া বস্তিৰ দৰিদ্ৰতা, ৰাজনৈতিক দুৰ্নীতি, আৰু সংগঠিত অপৰাধ প্ৰগতিশীল, নাৰীবাদী আৰু প্ৰতিষ্ঠান বিৰোধী বিষয়বস্তুক লক্ষ্য কৰি লোৱা হৈছিল, যিসমূহে ১৯৭০ আৰু ১৯৮০ চনৰ আৰম্ভণিতে ভাৰতীয় দৰ্শকৰ মাজত অনুৰণন ঘটায়। একেলগে কাম কৰাৰ সময়ছোৱাত এই যুটিয়ে দহটা মনোনয়নৰ ভিতৰত ছটা ফিল্মফেয়াৰ বঁটা লাভ কৰে।১৩

জাভেদ আখতাৰৰ মতে তেওঁলোকৰ প্ৰাৰম্ভিক কালত চিনেমাৰ পোষ্টাৰত চিত্ৰনাট্যকাৰ, কাহিনী আৰু চিত্ৰনাট্যৰ নাম নাছিল। এই যুটিটোৱে যে কঠোৰ পৰিশ্ৰম কৰে, আৰু উপযুক্ত স্বীকৃতি নাপায়, সেই কথা উপলব্ধি কৰি চেলিম আৰু জাভেদে চহৰৰ সকলো পোষ্টাৰতে নিজৰ নাম লিখিবলৈ সিদ্ধান্ত ল’লে। ৰিক্সা এখন ভাড়া কৰি তাৰ ওপৰত ৰঙৰ বাল্টিটো থৈ গোটেই ৰাতি সকলো কাম তেওঁলোকে নিজেই কৰিলে। ইয়াৰ পিছত পৰিচালকসকলেও পোষ্টাৰত নিজৰ নাম লিখিবলৈ আৰম্ভ কৰিলে৷

একেলগে কাম কৰাৰ সময়ত চেলিম খানে সেই সময়ত অগতানুগতিক বুলি গণ্য কৰা কাহিনী আৰু চৰিত্ৰসমূহৰ বিকাশৰ বাবে বহুলাংশে দায়বদ্ধ আছিল, আনহাতে জাভেদ আখতাৰে সংলাপ লিখাৰ বাবে বহুলাংশে দায়বদ্ধ আছিল।১৪তেওঁলোকৰ ছবিৰ বাবে লিখা বহু সংলাপ বিখ্যাত হৈ পৰিছে। যদিও সংলাপবোৰক প্ৰায়ে হিন্দী বুলি কোৱা হয়, আচলতে সেইবোৰ বেছিভাগেই হিন্দুস্তানী ভাষাৰ পঞ্জীকৃত উৰ্দু ভাষাত লিখিত। উৰ্দু সাহিত্যৰ পটভূমিৰ পৰা অহা তেওঁলোকে বেছিভাগেই উৰ্দুৰ শব্দভাণ্ডাৰ অন্তৰ্ভুক্ত কৰিছিল আৰু তেওঁলোকৰ সংলাপসমূহ উৰ্দু লিপিত লিখিছিল, যিবোৰ তাৰ পিছত এজন সহায়কে দেৱনাগৰী লিপিলৈ লিপিবদ্ধ কৰিছিল যাতে হিন্দী পাঠকসকলেও পঢ়িব পাৰে।১৫১৬ ছবিসমূহৰ পোষ্টাৰত তেওঁলোকৰ নাম প্ৰকাশ কৰি এই যুটিয়ে লেখকৰ ভূমিকা জনপ্ৰিয় কৰি তুলিছিল, আৰু কিছুমান ছবিত তেওঁলোকে লাভৰ ২৫% পৰ্যন্ত ভাগ কৰিছিল।

চলচ্চিত্ৰপুঞ্জী

হিন্দী ভাষাৰ কথাছবি

+
বৰ্ষনামনিৰ্দেশকমুখ্য অভিনয়-শিল্পী
১৯৭১অধিকাৰএছ.এম. সাগৰঅশোক কুমাৰ, নন্দ
আন্দাজৰমেশ চিপ্পীৰাজেশ খান্না, হেমা মালিনী
হাথী মেৰে ছাথীএম.এ. থিৰুমুগামৰাজেশ খান্না, তনুজা
১৯৭২সীতা অঔৰ গীতাৰমেশ চিপ্পীহেমা মালিনী, ধৰ্মেন্দ্ৰ
১৯৭৩জঞ্জিৰপ্ৰকাশ মেহৰাঅমিতাভ বচ্চন, জয়া ভাদুৰী
য়াদো কি বাৰাতনাছিৰ হুছেইনধৰ্মেন্দ্ৰ, বিজয় অৰোৰা
১৯৭৪মজবুৰৰবী টেণ্ডনঅমিতাভ বচ্চন, পাৰৱীন বাবী
হাথ কি চাফাইপ্ৰকাশ মেহৰাৰণধীৰ কাপুৰ, বিনোদ খান্না
১৯৭৫দিৱাৰয়শ ছোপ্ৰাঅমিতাভ বচ্চন, শশী কাপুৰ, পাৰবীন বাবী, নীতু সিং
শ্বোলেইৰমেশ চিপ্পীধৰ্মেন্দ্ৰ, অমিতাভ বচ্চন
আখৰী দাওএ. চালামজীতেন্দ্ৰ
১৯৭৭ইমান ধৰমদেশ মুখাৰ্জীঅমিতাভ বচ্চন, শশী কাপুৰ, সঞ্জীৱ কুমাৰ, ৰেখা
চাছা ভতিজামনমোহন দেশাইধৰ্মেন্দ্ৰ, ৰণধীৰ কাপুৰ, হেমা মালিনী
১৯৭৮ত্ৰিশূলয়শ ছোপ্ৰাঅমিতাভ বচ্চন, সঞ্জীৱ কুমাৰ, শশী কাপুৰ, হেমা মালিনী
ডনচান্দ্ৰা বেৰতঅমিতাভ বচ্চন, জিনাট অমন, হেলেন
১৯৭৯কালা পথৰয়শ ছোপ্ৰাঅমিতাভ বচ্চন, শশী কাপুৰ, ৰাখী গুলজাৰ, শত্ৰুঘন সিনহা, নীতু সিং, পাৰবীন বাবী
১৯৮০দোস্তানাৰাজ খোশলাঅমিতাভ বচ্চন, শত্ৰুঘ্ন সিনহা, জিনাত অমন, প্ৰেম চোপ্ৰা, প্ৰাণ, অমৃশ পুৰী, হেলেন
শ্বানৰমেশ চিপ্পীসুনীল দত্ত, অমিতাভ বচ্চন, শশী কাপুৰ, শত্ৰুঘন সিনহা, ৰাখী গুলজাৰ, পাৰবীন বাবী
১৯৮১ক্ৰান্তিমনোজ কুমাৰদিলীপ কুমাৰ, মনোজ কুমাৰ, শশী কাপুৰ, হেমা মালিনী, শত্ৰুঘন সিনহা, পাৰবীন বাবী
১৯৮২শক্তিৰমেশ চিপ্পীদিলীপ কুমাৰ, অমিতাভ বচ্চন, ৰাখী, অনিল কাপুৰ
১৯৮৫জামানাৰমেশ টালৱাৰৰাজেশ খান্না, ঋষি কাপুৰ, পুনম ধিলন, ৰঞ্জিতা কৌৰ
১৯৮৭মিষ্টাৰ ইণ্ডিয়াশেখৰ কাপুৰঅনিল কাপুৰ, শ্ৰীদেৱী, অমৃশ পুৰী
২০০৩বাগৱানৰবী চোপ্ৰাঅমিতাভ বচ্চন, হেমা মালিনী, ছলমান খান

কানাড়া ভাষাৰ ছবি

+
বৰ্ষনামনিৰ্দেশকঅভিনয়-শিল্পীNotes
১৯৭৬প্ৰেমদা কনিকেভি. শোমশেখৰৰাজকুমাৰ, আৰতী১৯৬৯ চনত চেলিম খানৰ (প্ৰিন্স চেলিম নামেৰে ক্ৰেডিট কৰা) হিন্দী ছবি ডো ভাইৰ আধাৰত নিৰ্মিত, যিখন ছবিও তামিল ভাষাত জাষ্টিচ বিশ্বনাথন আৰু তেলেগু ভাষাত নেনু মণিষিনে হিচাপে পুনৰ নিৰ্মাণ কৰা হৈছিল। পিছলৈ প্ৰেমাদা কানিকেক তামিল ভাষাত পোল্লাধৱন আৰু হিন্দীত ৰাজ নামেৰে পুনৰ নিৰ্মাণ কৰা হয়
ৰাজা নান্না ৰাজে১৭এ.ভি. চেচাগিৰী ৰাওমাগাধীৰাৰ পৰা অনুপ্ৰাণিত

তথ্যসূত্ৰ

  1. ↑ Ramesh Dawar (2003), Encyclopaedia of Hindi cinema, Encyclopædia Britannica (India) Pvt. Ltd
  2. ↑ Sholay, through the eyes of Salim Khan,,Rediff.com
  3. ↑ Chaudhuri, Diptakirti. (2015-10-01). Written by Salim-Javed: The Story of Hindi Cinema's Greatest Screenwriters. Penguin UK. ISBN 9789352140084
  4. ↑ (25 April 2013). Salim-Javed: Writing Duo that Revolutionized Indian Cinema. Pandolin
  5. ↑ (20 June 2017). Revisiting Prakash Mehra's Zanjeer: The film that made Amitabh Bachchan. দ্য ইণ্ডিয়ান এক্মপ্ৰেছ
  6. ↑ Chaudhuri, Diptakirti. (2015-10-01). Written by Salim-Javed: The Story of Hindi Cinema's Greatest Screenwriters. Penguin UK. পৃ. 58. ISBN 9789352140084
  7. ↑ Teo, Stephen. (2017). Eastern Westerns: Film and Genre Outside and Inside Hollywood. Taylor & Francis. পৃ. 122. ISBN 978-1-317-59226-6
  8. ↑ Amitabh Bachchan; Parveen Babi in Deewar. (23 January 2005). As in life, so in death: lonely and lovelorn. Telegraphindia.com
  9. ↑ Chaudhuri, Diptakirti. (2015). Written by Salim-Javed: The Story of Hindi Cinema's Greatest Screenwriters. Penguin Group. পৃ. 23. ISBN 9789352140084
  10. ↑ Chaudhuri, Diptakirti. (2015). Written by Salim-Javed: The Story of Hindi Cinema's Greatest Screenwriters. Penguin Books. পৃ. 26–27. ISBN 9789352140084
  11. ↑ More facts about Rajesh Khanna. দ্য টাইম্‌ছ অৱ ইণ্ডিয়া
  12. ↑ Hungama, Bollywood. Featured Movie News – Featured Bollywood News – Bollywood Hungama. Bollywood Hungama
  13. ↑ FILMFARE NOMINEES AND WINNER. The Times Group
  14. ↑ Chintamani, Gautam. (25 October 2015). The brilliance of Salim-Javed lies not just in what they said, but how they said it. Scroll
  15. ↑ Aḵẖtar, Jāvīd; Kabir, Nasreen Munni. (2002). Talking Films: Conversations on Hindi Cinema with Javed Akhtar. Oxford University Press. পৃ. 49. ISBN 978-0-19-566462-1
  16. ↑ Chopra, Anupama. (2000). Sholay, the Making of a Classic. Penguin Books. পৃ. 33. ISBN 978-0-14-029970-0
  17. ↑ YouTube. www.youtube.com

সম্পৰ্কিত শ্ৰেণী

চলচ্চিত্ৰৰ সৈতে জড়িত ব্যক্তিচিত্ৰনাট্য লেখকচলচ্চিত্ৰফিল্মফেয়াৰ বঁটা বিজয়ী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “চেলিম–জাভেদ” প্ৰবন্ধৰ সংশোধন ৫২৭২৯১ (২৫ জুলাই ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।