অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

নাৰ্গিছ আবিয়াৰ

নাৰ্গিছ আবিয়াৰ (ফাৰ্চী: نرگس آبیار; জন্ম: ৮ আগষ্ট ১৯৭০) এগৰাকী ইৰানী চলচ্চিত্ৰ পৰিচালক, লেখিকা আৰু চিত্ৰনাট্যকাৰ। তেওঁ মূলতঃ ট্ৰেক ১৪৩, ব্ৰেথ আৰু ৱেন দ্য মুন ৱাজ ফুল চলচ্চিত্ৰ পৰিচালনা কৰাৰ বাবে জনাজাত।

হালনাগাদ: ৩১ মে’ ২০২৬ ২১৭ শব্দ · ১ মিনিট সংগৃহীত ৭৭
সংশোধনৰ পৰামৰ্শ

নাৰ্গিছ আবিয়াৰ (ফাৰ্চী ভাষা: نرگس آبیار; জন্ম: ৮ আগষ্ট ১৯৭০) এগৰাকী ইৰানী চলচ্চিত্ৰ পৰিচালক, লেখিকা আৰু চিত্ৰনাট্যকাৰ।১ তেওঁ মূলতঃ ট্ৰেক ১৪৩, ব্ৰেথ আৰু ৱেন দ্য মুন ৱাজ ফুল চলচ্চিত্ৰ পৰিচালনা কৰাৰ বাবে জনাজাত।২ ট্ৰেক ১৪৩ চলচ্চিত্ৰখন আবিয়াৰৰ নিজৰ উপন্যাস দ্য থাৰ্ড আই-ৰ আধাৰত নিৰ্মাণ কৰা হৈছে, য’ত যুদ্ধৰ সময়ত এগৰাকী মহিলা আৰু তেওঁৰ পুত্ৰৰ কাহিনী বৰ্ণনা কৰা হৈছে।৩ তেওঁৰ চলচ্চিত্ৰসমূহে সমাজ, যুদ্ধ বা উগ্ৰপন্থাৰ বাবে মহিলা আৰু শিশুসকলে ভোগ কৰা কষ্টসমূহ অতি সংবেদনশীলভাৱে চিত্ৰিত কৰে।

আবিয়াৰে ফাৰ্চী সাহিত্যত স্নাতক ডিগ্ৰী লাভ কৰিছিল। তেওঁ ১৯৯৭ চনৰপৰা কিতাপ লিখা আৰম্ভ কৰে। বৰ্তমানলৈকে তেওঁ শিশু, কিশোৰ আৰু প্ৰাপ্তবয়স্কসকলৰ বাবে ৩০খনতকৈও অধিক গল্প আৰু কাল্পনিক কাহিনীৰ কিতাপ লিখিছে।৪

জীৱনী

আবিয়াৰে ফাৰ্চী সাহিত্যত স্নাতক ডিগ্ৰী লাভ কৰিছিল। তেওঁ শিশু, কিশোৰ আৰু প্ৰাপ্তবয়স্কসকলৰ বাবে কেইবাখনো গল্প আৰু কাল্পনিক কাহিনীৰ কিতাপ লিখিছে।

তেওঁ ২০০৫ চনত অবজেক্টছ ইন মিৰৰ আৰ ক্লজাৰ দেন দেই এপিয়াৰ নামৰ চলচ্চিত্ৰখনৰ জৰিয়তে পৰিচালনা জীৱনৰ আৰম্ভণি কৰে। ইয়াৰ উপৰি তেওঁ কিছুমান চুটি ছবি আৰু তথ্যচিত্ৰও নিৰ্মাণ কৰিছিল, যাৰ বেছিভাগেই আছিল ইৰাণ-ইৰাক যুদ্ধৰ ওপৰত আধাৰিত।৫

যদিও তেওঁ চাৰিখন ড্ৰামা চলচ্চিত্ৰ লিখিছে, তথাপি তেওঁ ২০০৫ চনৰপৰা কেইবাখনো চুটি আৰু পূৰ্ণদৈৰ্ঘ্যৰ তথ্যচিত্ৰ নিৰ্মাণ কৰিছে। কাল্পনিক কাহিনী চিত্ৰণত তেওঁৰ প্ৰথম অভিজ্ঞতা আছিল দ্য কাইণ্ড ডেড-এণ্ড। এই চুটি ছবিখনে চেতায়েছ উৎসৱত শ্ৰেষ্ঠ চুটি ছবিৰ বঁটা লাভ কৰিবলৈ সক্ষম হৈছিল আৰু কেইবাটাও আন্তৰ্জাতিক চলচ্চিত্ৰ উৎসৱৰ প্ৰতিযোগিতামূলক শাখাৰ বাবেও নিৰ্বাচিত হৈছিল।

ব্যক্তিগত জীৱন

আবিয়াৰ প্ৰযোজক মহম্মদ হুছেইন কাছেমীৰ সৈতে বিবাহপাশত আবদ্ধ হয়।৬

তথ্যসূত্ৰ

  1. ↑ নাৰ্গিছ আবিয়াৰৰ জীৱনী biographyha.com/9248/
  2. ↑ ট্ৰেক ১৪৩ চলচ্চিত্ৰৰ মূল ধাৰণাটো মই দ্য থাৰ্ড আই কিতাপখনৰপৰা লৈছোঁ web.archive.org/web/20160304085745/http://www.fa
  3. ↑ ফাজৰ চলচ্চিত্ৰ উৎসৱত চিমৰ্গ বঁটা বিজয়ী নাৰ্গিছ আবিয়াৰৰ সৈতে সাক্ষাৎকাৰ biographyha.com/8954/interview-with-narges-abyar
  4. ↑ ইছলামচহৰত ট্ৰেক ১৪৩ প্ৰদৰ্শিত হ’ব www.mehrnews.com/news/2424688
  5. ↑ জীৱনী: নাৰ্গিছ আবিয়াৰ hamshahrionline.ir
  6. ↑ প্ৰযোজক মহম্মদ হুছেইন কাছেমীৰ সৈতে নাৰ্গিছ আবিয়াৰৰ বিবাহ www.tabnak.ir/fa/news/394503

সম্পৰ্কিত শ্ৰেণী

সাহিত্যিকচলচ্চিত্ৰ পৰিচালকচিত্ৰনাট্য লেখকইৰানৰ ব্যক্তি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “নাৰ্গিছ আবিয়াৰ” প্ৰবন্ধৰ সংশোধন ৬১০৫৪৮ (৩১ মে’ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।