মহম্মদ ৰেজা হোনাৰমাণ্ড (ফাৰ্চী ভাষা: محمدرضا هنرمند; জন্ম ১৯৫৫) এজন ইৰানী চলচ্চিত্ৰ পৰিচালক, চিত্ৰনাট্যকাৰ আৰু প্ৰযোজক।
চলচ্চিত্ৰ পৰিচালনা
হোনাৰমাণ্ডে বিভিন্ন ধাৰাৰ চলচ্চিত্ৰ পৰিচালনা কৰিছে। দোজ্দ-ই আৰোচাক-হা চলচ্চিত্ৰখনৰ জৰিয়তে তেওঁ শিশুৰ বাবে এক আকৰ্ষণীয় সমল থকা চিনেমাৰ অভিজ্ঞতা লাভ কৰিছিল।
১৯৯৪ চনত তেওঁ দিদাৰ নামৰ এখন যুদ্ধভিত্তিক চলচ্চিত্ৰ নিৰ্মাণ কৰে। ইৰানৰ অন্যতম বিখ্যাত কমেডী পৰিচালক মেহৰান মোদিৰীয়ে ইয়াত তেওঁৰ প্ৰথম চিনেমা চৰিত্ৰত অভিনয় কৰিছিল। তাৰ পিছৰেপৰা হোনাৰমাণ্ডে কমেডী চলচ্চিত্ৰ নিৰ্মাণৰ দিশে ঢাপলি মেলে। মৰ্দ-ই আৱাজী আৰু মুমিয়ায়ী ৩ হৈছে তেওঁৰদ্বাৰা পৰিচালিত দুখন কমেডী চলচ্চিত্ৰ।
পাৰভিজ পাৰাস্তুই অভিনীত মৰ্দ-ই আৱাজী চলচ্চিত্ৰখনে সেই সময়ত ইৰানৰ জনসাধাৰণৰ মাজত অভূতপূৰ্ব সফলতা লাভ কৰিছিল।
দূৰদৰ্শনৰ কাৰ্যকলাপ
মহম্মদ ৰেজা হোনাৰমাণ্ড দূৰদৰ্শন (টিভি) জগততো সক্ৰিয়। তেওঁৰ ধেমেলীয়া-ৰাজনৈতিক (কমেডী-পলিটিকেল) টিভি ধাৰাবাহিক কেকটাছ ইৰানী সমালোচকসকলৰদ্বাৰা প্ৰশংসিত হৈছিল।
জিৰ-ই টিগ হ’ল হোনাৰমাণ্ডৰ শেষৰখন জনপ্ৰিয় কাম। এই মহোৎসৱত মহম্মদ ৰেজা হোনাৰমাণ্ডে জিৰ-ই টিগ ধাৰাবাহিকখনৰ বাবে দূৰদৰ্শন কাৰ্যসূচীৰ শ্ৰেষ্ঠ পৰিচালকৰ বঁটা লাভ কৰিবলৈ সক্ষম হৈছিল।১
পৰিচালিত চলচ্চিত্ৰপঞ্জী
চলচ্চিত্ৰ
- ১৯৮২: মাৰ্গ-ই দিগাৰী
- ১৯৮৪: গৌৰকান
- ১৯৮৫: জাং-হা
- ১৯৮৭: ৰাদ্দ-ই পা-য়ি বৰ শেন
- ১৯৮৯: দোজ্দ-ই আৰোচাক-হা
- ১৯৯৪: দিদাৰ
- ১৯৯৯: মৰ্দ-ই আৱাজী
- ২০০০: মুমিয়ায়ী ৩
- ২০০২: আজিজাম মন কুক নিস্তাম
- ২০১৯: চিম্ফনী নং ৯
দূৰদৰ্শন ধাৰাবাহিক
- কেকটাছ ১, ২ আৰু ৩
- ২০০৭: জিৰ-ই টিগ
- ২০০৯: আশপাজবাশী
বাহ্যিক সংযোগ
- Mohammad Reza Honarmand in Iranactor (in Persian)
তথ্যসূত্ৰ
- ↑ An Iranian Director Won the Best Director of TV Programs Award International Rome TV Programs Festival.July 19, 2007
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মহম্মদ ৰেজা হোনাৰমাণ্ড” প্ৰবন্ধৰ সংশোধন ৬১০০৫৮ (৩০ মে’ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।