চিকিৎসা বিজ্ঞান
৫৬ প্ৰবন্ধ
-
জামছিদী বেজী
জামছিদী বেজী (Jamshidi needle) হাড়ৰ মজ্জাৰ বায়’প্সি কৰাৰ বাবে ব্যৱহৃত ট্ৰেফিন বেজী, যাৰ দ্বাৰা কলাৰ নলাকাৰ নমুনা, মূল বায়’প্সিৰ নমুনা লোৱা হয়। ই এটা নলী আকাৰৰ বেজী, যাৰ কাটিব পৰা আগটো তীক্ষ্ণ। টেপাৰ এণ্ডে ক্ৰাছ আৰ্টিফেক্টৰ সম্ভাৱনা হ্ৰাস কৰে।
-
ফ্ল’কুল’নডুলাৰ লোব
ফ্ল’কুল’নডুলাৰ লোব (vestibulocerebellum) মস্তিষ্কৰ অন্যতম লোব। ই এটা সৰু লোব যিটো বিযোৰ-যুক্ত মধ্যৰেখাৰ নোডুল আৰু দুটা ফ্ল’কুলিৰে গঠিত: নোডুলৰ দুয়োফালে এটা ফ্ল’কুলাছ। লোবটো ভংগিমা আৰু ভাৰসাম্য বজাই ৰখাৰ লগতে মূৰ-চকুৰ গতিবিধিৰ সমন্বয়ৰ লগত জড়িত।
-
বাধকানুনিষ্ক্ৰিয়কাৰী পদাৰ্থ
বাধকানুনিষ্ক্ৰিয়কাৰী পদাৰ্থ (Checkpoint inhibitor)-বোৰ কৰ্কট ৰোগৰ চিকিৎসাত ব্যৱহৃত হবলৈ ধৰা নতুন ঔষধিয় গুণাগুণ সমৃদ্ধ পদাৰ্থ যি বৰ্তমানেও ব্যৱহাৰ হৈ থকা শৰীৰৰ ভাল কোষ সমূহকো আক্ৰান্ত কৰা ৰাসায়ণিক আৰু তেজস্ক্ৰীয় চিকিৎসা পদ্ধতিৰ বিকল্প।
-
মনোৰোগ-বিজ্ঞান
মনোৰোগ বিজ্ঞান বা মানসিক ৰোগ বিজ্ঞান (Psychiatry) হৈছে মানসিক ৰোগৰ চিকিৎসা বিষয়ক অধ্যয়ন। এই অধ্যয়নত মানসিক ৰোগৰ ব্যপ্তি, কাৰণ, নিদান, প্ৰতিকাৰ আৰু প্ৰতিৰোধৰ ওপৰত গুৰুত্ব দিয়া হয়। আনহাতে মনোবিজ্ঞান বা মনস্তত্ত্ব (Psychology) বিষয়ত সাধাৰণ মনৰ (ৰোগ বিহীন) বিষয়ে অধ্যয়ন কৰা হয়।
-
হাওঁফাওঁৰ কৰ্কট ৰোগ
হাওঁফাওঁৰ কৰ্কট ৰোগ (Lung cancer) হৈছে হাওঁফাওঁৰ কলাত উৎপত্তি হোৱা এবিধ মাৰাত্মক টিউমাৰ। শ্বাসনলীৰ কোষবোৰৰ ডি.এন.এ. জিনীয়ভাৱে ক্ষতিগ্ৰস্ত হোৱাৰ ফলত হাওঁফাওঁৰ কৰ্কট ৰোগ হয়। এই ৰোগ প্ৰায়ে ছিগাৰেট সেৱন বা উশাহত ক্ষতিকাৰক ৰাসায়নিক পদাৰ্থ গ্ৰহণ কৰাৰ বাবে হয়।
-
হিপ'ক্ৰেটিছৰ শপত
হিপ'ক্ৰেটিছৰ শপত (Hippocratic Oath) চিকিৎসকসকলে ঐতিহাসিকভাৱে গ্ৰহণ কৰা এটা শপত। বহুল পঠিত গ্ৰীক চিকিৎসা সংক্ৰান্তীয় পাঠ্যসমুহৰ ভিতৰত ই অন্যতম। মূল ৰূপ অনুসৰি নতুন চিকিৎসক এজনে কেইবাজনো দেৱতাৰ নাম লৈ শিষ্টাচাৰৰ নিৰ্দিষ্ট মান পালন কৰিবলৈ শপত লয়।
-
ৰক্তদল
ৰক্তদল বা তেজৰ গ্ৰুপ (blood group; /ব্লাড গ্ৰুপ/) তেজৰ এক শ্ৰেণীবিভাজন। লোহিত ৰক্ত কণিকাৰ পৃষ্ঠত কিছুমান এণ্টিজেন আৰু প্লাজমাত কিছু এণ্টিবডিৰ উপস্থিতি-অনুপস্থিতিৰ ওপৰত ভিত্তি কৰি এই বিভাজন কৰা হয়। ৰক্তদল প্ৰণালী ভেদে এই এণ্টিজেন প্ৰ'টিন, কাৰ্ব'হাইড্ৰেট, গ্লাইক'প্ৰ'টিন বা গ্লাইক'লিপিড হ'ব পাৰে।
-
ৰোগৰ আন্তৰ্জাতিক শ্ৰেণীবিভাগ
ৰোগৰ আন্তৰ্জাতিক শ্ৰেণীবিভাজন (International Classification of Diseases (ICD))
-
অমিতা আগৰৱাল
অমিতা আগৰৱাল (Amita Aggarwal, জন্ম ১৯৬০) এগৰাকী ভাৰতীয় ক্লিনিকেল ইমিউন’লজিষ্ট, বাত বিশেষজ্ঞ আৰু লক্ষ্ণৌৰ সঞ্জয় গান্ধী স্নাতকোত্তৰ চিকিৎসা বিজ্ঞান প্ৰতিষ্ঠানৰ ক্লিনিকেল ইমিউন’লজী আৰু বাতবিজ্ঞান বিভাগৰ অধ্যাপক আৰু মুৰব্বী।
-
এনাস্থেচিয়া এৱাৰনেচ
এনাস্থেচিয়া এৱাৰনে'চ বা আন্ইণ্টেডে'ড্ ইনট্ৰা-অ'পাৰেটিভ এৱাৰনে'চ (Anesthesia awareness/unintended intra-operative awareness) হৈছে অস্ত্ৰোপ্ৰচাৰৰ সময়ত ৰোগীক চেতনাবিহীন কৰিবলৈ প্ৰয়োগ কৰা সাধাৰণ সংজ্ঞাহীনতা বা বিষয় দৰব প্ৰয়োজনতকৈ কমকৈ প্ৰয়োগ কৰাৰ ফলত সৃষ্টি হোৱা ৰোগীৰ এক অৱস্থা।
-
ক্ৰনিক অবষ্ট্ৰাক্টিভ পালমোনাৰী ডিজিজ
ক্ৰনিক অবষ্ট্ৰাক্টিভ পালমোনাৰী ডিজিজ (Chronic obstructive pulmonary disease, সংক্ষিপ্ত ৰূপত COPD) বুলিলে হাওঁফাওঁৰ কিছুমান বিশেষ ৰোগক বুজোৱা হয় যিয়ে হাওঁফাওঁত বায়ু প্ৰবাহত বাধাৰ সৃষ্টি কৰে আৰু শ্বাস-প্ৰশ্বাসৰ সমস্যাৰ সৃষ্টি কৰে। ইয়াৰ প্ৰাথমিক লক্ষণসমূহ হ’ল উশাহ লোৱাত কষ্ট আৰু কাহৰ সৈতে কফ ওলোৱা।
-
গেষ্ট্ৰ’এণ্টেৰাইটিছ
গেষ্ট্ৰ'এণ্টেৰাইটিছ, (সংক্ৰামক ডায়েৰিয়া বুলিও কোৱা হয়) হ'ল পেট আৰু অন্ত্ৰকে ধৰি গেষ্ট্ৰাইটিছ নলীৰ প্ৰদাহ। লক্ষণসমূহৰ ভিতৰত ডায়েৰিয়া, বমি আৰু পেটৰ বিষ আদি হ'ব পাৰে। জ্বৰ, শক্তিৰ অভাৱ আৰু পানীলগা আদিও হ'ব পাৰে। এইটো সাধাৰণতে দুসপ্তাহতকৈ কম সময়ৰ বাবে হয়।
-
চিত্ৰা মণ্ডল
চিত্ৰা মণ্ডল জৈৱ অণু আৰু স্বাস্থ্য আৰু ৰোগৰ ক্ষেত্ৰত ইয়াৰ প্ৰয়োগৰ ক্ষেত্ৰখনত অধ্যয়ন কৰা এগৰাকী ৰাসায়নিক জীৱবিজ্ঞানী। পিছলৈ তেওঁ কৰ্কট ৰোগৰ চিকিৎসাৰ ওপৰত কাম কৰিছিল। তেওঁ ভাৰতৰ কলকাতাত থকা চি. এছ. আই.
-
ছালৰ কৰ্কট ৰোগ
ছালৰ কৰ্কট ৰোগ (Skin cancer) হৈছে ছালৰপৰা উৎপত্তি হোৱা কৰ্কট ৰোগ। শৰীৰৰ অন্যান্য অংশলৈ বিয়পি পৰাৰ বা আক্ৰমণ কৰাৰ ক্ষমতাসম্পন্ন অস্বাভাৱিক কোষৰ বিকাশৰ ফলত এই ৰোগ হয়। যেতিয়া ছালৰ কোষবোৰ অনিয়ন্ত্ৰিতভাৱে বৃদ্ধি পাই মেলিগনেণ্ট টিউমাৰ (মাৰাত্মক টিউমাৰ) গঠন কৰে, তেতিয়াই এই ৰোগৰ সৃষ্টি হয়।
-
জিওভান্না টছাতো
জিওভানা টোছাতো(জন্ম প্ৰায় ১৯৪৯) এগৰাকী ইটালীয়–আমেৰিকান চিকিৎসক-বিজ্ঞানী আৰু কেন্সাৰ গৱেষক যিয়ে এণ্ডোথেলিয়াম, এঞ্জিওজেনেছিছ আৰু ৰক্তসৃষ্টিকাৰী ষ্টেম চেল নিচৰ অনুসন্ধান কৰে। আমেৰিকাৰ নেচনেল কেন্সাৰ ইনষ্টিটিউটৰ চেলুলাৰ অংক’লজী পৰীক্ষাগাৰত আণৱিক আৰু কোষ জীৱবিজ্ঞান বিভাগৰ মুৰব্বী।
-
জৰায়ুৰ হাইপ’প্লাছিয়া
জৰায়ুৰ হাইপ’প্লাছিয়া (যাক শিশুসুলভ জৰায়ু বুলিও কোৱা হয়) হৈছে এনে এক প্ৰজনন বিকাৰ য’ত জৰায়ু স্বাভাৱিকতকৈ সৰু হয়। জৰায়ুৰ হাইপ’প্লাছিয়া হৈছে এনে এক বিকাৰ, য’ত প্ৰাপ্তবয়স্ক জৰায়ুৰ অনুপাত অপৰিপক্ব জৰায়ুৰ দৰে হয়।
-
তাপাঘাত
তাপাঘাত বা হিট ষ্ট্ৰ'ক এক গুৰুতৰ তাপজনিত ৰোগ যাৰ ফলত শৰীৰৰ তাপমাত্ৰা ৪০° চেণ্টিগ্ৰেডতকৈ অধিক হয় হিট ষ্ট্ৰ'কৰ আৰম্ভণি আকস্মিক বা ক্ৰমান্বয়ে হ'ব পাৰে। ইয়াৰ ফলত বহু-অংগ বিকল হৈ জীৱনলৈ ভাবুকি আহিব পাৰে আৰু চিজাৰ বা বৃক্ক অসাৰৰ দৰে জটিলতা হ’ব পাৰে৷ উচ্চ বাহ্যিক উষ্ণতা আৰু/বা শাৰীৰিক শ্ৰমৰ বাবে…
-
নিকটদৃষ্টি
নিকটদৃষ্টি চকুৰ দৃষ্টিশক্তিৰ এনে এক ত্ৰুটি য'ত দৃষ্টি ৰেখাৰ সমান্তৰাল ভাৱে আঁতৰৰ কোনো উৎসৰ পৰা অহা পোহৰ চকুৰ পৰ্দা (ৰেটিনা)ৰ সলনি পৰ্দাৰ সন্মুখত আপাতিত হয়। তাৰ ফলত আঁতৰৰ উৎসটো স্পষ্টকৈ দেখা পোৱা নাযায়। নিকটদৃষ্টিত আক্ৰান্ত লোকে সাধাৰণতে ওচৰৰ বস্তু স্পষ্টকৈ দেখা পায়।
-
পাকস্থলীৰ কৰ্কট ৰোগ
পাকস্থলীৰ কৰ্কট ৰোগ (Stomach cancer), যাক গেষ্ট্ৰিক কেন্সাৰ বুলিও জনা যায়, হৈছে পাকস্থলীৰ এক মাৰাত্মক টিউমাৰ। পাকস্থলীৰ আৱৰণীত অস্বাভাৱিক কোষৰ বৃদ্ধিৰ ফলত এই কৰ্কট ৰোগৰ সৃষ্টি হয়।
-
প্ৰষ্টেট কেন্সাৰ
প্ৰষ্টেট কেন্সাৰ (Prostate cancer) হ’ল পুৰুষ প্ৰজনন তন্ত্ৰৰ মূত্ৰাশয়ৰ তলত অৱস্থিত এক গ্ৰন্থি, অৰ্থাৎ প্ৰষ্টেটত কোষৰ অনিয়ন্ত্ৰিত বৃদ্ধি। প্ৰষ্টেট কলাৰ অস্বাভাৱিক বৃদ্ধি সাধাৰণতে স্ক্ৰীনিং পৰীক্ষাৰ জৰিয়তে ধৰা পৰে, যিবোৰ সাধাৰণতে তেজৰ পৰীক্ষা যিয়ে প্ৰষ্টেট-স্পেচিফিক এণ্টিজেন (PSA)ৰ মাত্ৰা পৰীক্ষা…
-
বে'লৰ পৰিঘটনা
বে'লৰ পৰিঘটনা (বা palpebral oculogyric reflex) এটা চিকিৎসা বিজ্ঞানৰ চিহ্ন য'ত চকু বন্ধ কৰিবলৈ চেষ্টা কৰোঁতে চকুটো ওপৰলৈ আৰু বাহিৰলৈ পাক খাই যায়। বেছিভাগ মানুহৰে ক্ষেত্ৰত চকু ওপৰলৈ উঠি যোৱাটো দেখা পোৱা যায় আৰু ই এক ৰক্ষামূলক কৌশল।
-
মানৱ সংক্ৰামক
মানৱ সংক্ৰামক (ইংৰাজী: Human pathogens) হ'ল মানৱ শৰীৰত ৰোগ সৃষ্টি কৰা সংক্ৰামক। সংক্ৰামকসমূহ বেক্টেৰিয়া, ভাইৰাছ, প্ৰ'টজৱা হব পাৰে যি মানৱ শৰীৰত ৰোগৰ সৃষ্টি কৰে। Pathogen সমূহ বিভিন্ন প্ৰকাৰে শৰীৰত সোমাই শৰীৰৰ লোকচান কৰিব পাৰে।
-
লাইপোমা
লাইপোমা (Lipoma) হৈছে fat tissueৰ পৰা গঠিত এক benign tumor। এজন ব্যক্তিৰ একাধিক লাইপোমা থকাটো সম্ভৱ।
-
লুইছ ব্ৰাউন
লুইজ জয় ব্ৰাউন (Louise Joy Brown; জন্ম: ২৫ জুলাই ১৯৭৮) হৈছে ইন ভিট্ৰ' ফাৰ্টিলাইজেচন (IVF)ৰ জৰিয়তে জন্মগ্ৰহণ কৰা প্ৰথমগৰাকী মহিলা। তেওঁৰ জন্মক "কুৰি শতিকাৰ সবাতোকৈ উল্লেখযোগ্য চিকিৎসা অগ্ৰগতি"সমূহৰ ভিতৰত অন্যতম হিচাপে বিবেচনা কৰা হয়, যিটো পদ্ধতিৰ বিকাশ যুক্তৰাজ্যত হৈছিল।
-
শল্য−মুখা
শল্য−মুখা বা ছাৰ্জিকেল মাস্ক হৈছে চিকিৎসা সম্পৰ্কীয় কাৰ্যত ব্যৱহাৰ কৰিবৰ বাবে স্বাস্থ্য কৰ্মীসকলৰ বাবে নিৰ্মাণ কৰা বিশেষ ধৰণৰ মুখা। ইয়াক মুখ−আৱৰণ (Face mask) বুলিও কোৱা হয়।
-
হৰম’ন ৰিপ্লেচমেণ্ট থেৰাপী
হৰম'ন ৰিপ্লেচমেণ্ট থেৰাপী Hormone replacement therapy, হৈছে মহিলাৰ ৰজোনিবৃত্তিৰ সৈতে জড়িত লক্ষণসমূহৰ চিকিৎসাৰ বাবে ব্যৱহাৰ কৰা এক হৰম'ন চিকিৎসা। ইয়াক ৰজোনিবৃত্তিৰ পিছৰ হৰম'ন থেৰাপী বা ৰজোনিবৃত্তিৰ পিছৰ হৰম'ন চিকিৎসা বুলিও কোৱা হয়।