অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
স্বাস্থ্য আৰু চিকিৎসা

দন্ত চিকিৎসা

দন্ত চিকিৎসা মুখ গহ্বৰ, সাধাৰণতে দাঁত যদিও লগতে মুখৰ বিশেষকৈ মেক্সফেচিয়েল অঞ্চলৰ আৱৰণি কলাৰ গঠন আদিৰ অধ্যয়ন, চিকিৎসা, ৰোগৰ প্ৰতিৰোধ আৰু উপচাৰ, বিসংগতি আৰু পৰিস্থিতিৰ সৈতে জড়িত চিকিৎসা বিজ্ঞানৰ এটা শাখা।

হালনাগাদ: ৬ ছেপ্তেম্বৰ ২০২৩ ১৪৭ শব্দ · ১ মিনিট সংগৃহীত ৭৫
সংশোধনৰ পৰামৰ্শ
এজন দন্ত চিকিৎসকে সহায়কৰ সতে দাঁত উঠাই আছে
এজন দন্ত চিকিৎসকে সহায়কৰ সতে দাঁত উঠাই আছেছবি: JO3 OSCAR SOSA · Public domain
অনুদৈৰ্ঘ্যভাবে ছেদ কৰা গুৰিদাঁতৰ দৃশ্য; 1: ক্ৰাউন (crown), 2: ৰুট( root) 3: এনামেল (enamel), 4: ডেণ্টিন আৰু ডেণ্টিনৰ দণ্ড (dentin and dentin tubules), 5: পাল্প গহ্বৰ (pulp chamber), 6: ৰক্তবাহী নলিকা আৰু স্নায়ু, 7: পেৰিঅ'ডণ্টেল লিগামেণ্ট (periodontal ligament), 8: এপেক্স (apex), 9: এলভিঅ'লাৰ হাড় ( alveolar bone)
অনুদৈৰ্ঘ্যভাবে ছেদ কৰা গুৰিদাঁতৰ দৃশ্য; 1: ক্ৰাউন (crown), 2: ৰুট( root) 3: এনামেল (enamel), 4: ডেণ্টিন আৰু ডেণ্টিনৰ দণ্ড (dentin and dentin tubules), 5: পাল্প গহ্বৰ (pulp chamber), 6: ৰক্তবাহী নলিকা আৰু স্নায়ু, 7: পেৰিঅ'ডণ্টেল লিগামেণ্ট (periodontal ligament), 8: এপেক্স (apex), 9: এলভিঅ'লাৰ হাড় ( alveolar bone)ছবি: Ian Furst, Goran tek-en · CC BY-SA 3.0

দন্ত চিকিৎসা মুখ গহ্বৰ, সাধাৰণতে দাঁত যদিও লগতে মুখৰ বিশেষকৈ মেক্সফেচিয়েল অঞ্চলৰ আৱৰণি কলাৰ গঠন আদিৰ অধ্যয়ন, চিকিৎসা-বিজ্ঞান, ৰোগৰ প্ৰতিৰোধ আৰু উপচাৰ, বিসংগতি আৰু পৰিস্থিতিৰ সৈতে জড়িত চিকিৎসা-বিজ্ঞানৰ এটা শাখা।১ এই শাখাটো প্ৰাথমিকভাৱে দাঁতৰ লগত জড়িত যদিও, দন্ত চিকিৎসাৰ ক্ষেত্ৰখন কেৱল দাঁতৰ গঠন, বিকাশ, আৰু বিসংগতিৰ অধ্যয়নতে (odontology; প্ৰাচীন গ্ৰীক ὀδούς (odoús, "দাঁত")ৰ পৰা) সীমাবদ্ধ নহয়।

সামগ্ৰিক স্বাস্থ্যৰ বাবে দন্ত চিকিৎসা অতি গুৰুত্বপূৰ্ণ। দাঁতৰ চিকিৎসা কৰা লোকসকলক দন্ত চিকিৎসক (dentist) বোলে। অন্যান্য সহযোগীৰ (dental auxiliaries (Dental assistant, Dental hygienist, Dental technician, আৰু Dental therapist) সৈতে দন্ত চিকিৎসকসকলে দলীয়ভাৱে চিকিৎসা কৰে। তেওঁলোকে ব্যক্তিগতভাৱে (Primary care), চৰকাৰী চিকিৎসালয়ত (Secondary care) আৰু অন্যান্য অনুষ্ঠানত (কাৰাগাৰ, সেনাবাহিনীৰ শিবিৰ, আদি) সেৱা প্ৰদান কৰে।

দন্ত চিকিৎসাৰ ইতিহাস মানৱতা আৰু সভ্যতাৰ ইতিহাসৰ দৰেই অতি পুৰণি। খ্ৰীষ্টপূৰ্ব প্ৰায় ৭০০০ বছৰৰ পৰাই ইয়াৰ প্ৰমাণ উপলব্ধ। সিন্ধু সভ্যতাৰ হৰপ্পা যুগতো ইয়াৰ প্ৰমাণ পোৱা গৈছে।২ দাঁতৰ শল্য চিকিৎসাই প্ৰথম চিকিৎসা বিজ্ঞানক বিশেষীকৰণ কৰিছিল বুলি অনুমান কৰা হয়।৩

তথ্যসূত্ৰ

  1. ↑ Glossary of Dental Clinical and Administrative Terms. American Dental Association
  2. ↑ (6 April 2006). Stone age man used dentist drill. BBC News
  3. ↑ Suddick, RP; Harris, NO. (1990). Historical perspectives of oral biology: a series. Critical reviews in oral biology and medicine: an official publication of the American Association of Oral Biologists. পৃ. 135–51

সম্পৰ্কিত শ্ৰেণী

চিকিৎসা বিজ্ঞান

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “দন্ত চিকিৎসা” প্ৰবন্ধৰ সংশোধন ৩৭৭১২৭ (৬ ছেপ্তেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।