অৰ্শৰোগ (US English) বা বিভিন্ন অৰ্শৰোগ, হৈছে শিৰা সম্বন্ধীয় গুহ্যদ্বাৰ ত থকা এক বিন্যাস যি মল নিয়ন্ত্ৰণ কৰাত সহায়ক হয়৷১২ সেইবোৰ ৰুগীয়া বা অৰ্শত৩ পৰিণত হয়, যেতিয়া ফুলি উঠে বা পোৰণি উঠে. সিহঁতৰ জৈৱিক অৱস্থাত, সিহঁতে ৰক্তবাহী উপসিৰা সমূহ আৰু সংযোজক কোষ-কলা ৰে সজ্জিত গাদীৰ নিচিনাকৈ ভূমিকা পালন কৰে৷
ৰুগীয়া অৰ্শৰ লক্ষণসমূহ মূলতঃ নিৰ্ভৰ কৰে ইয়াৰ বিদ্যমানতাৰ ওপৰত৷ অন্তঃৱৰ্তী অৰ্শ সাধাৰণতে বিষ নোহোৱাকৈয়ে হয়, আনহাতে গুহ্যদ্বাৰৰ ৰক্তক্ষৰণ বহিঃৱৰ্তী অৰ্শই ভালেমান উপসৰ্গৰ সৃষ্টি কৰে বা যদি ৰক্তনলীত তেজ গোট মৰা পায়ু ৰ ঠাইখিনিত এক বিশেষধৰণ বিষ হয় আৰু ফুলি উঠে৷ বহু লোকে গুহ্যদ্বাৰত দেখা দিয়া যিকোনো উপসৰ্গকে ভুলকৈ উপস্থাপনেৰে “অৰ্শ” বুলি ধৰি লয় আৰু যাৰ ফলত উপসৰ্গৰ গুৰুতৰ কাৰণ এৰাই চলা হয়৷ ৪ য’ত অৰ্শৰ প্ৰকৃত কাৰণ অজ্ঞাত হৈ ৰৈ যায়, ভালেসংখ্যক কাৰণ যিয়ে পেটৰ আভ্যন্তৰীণ ভাগত চাপ বৃদ্ধি কৰে, বিভিন্ন ক্ষেত্ৰত কোষ্ঠকাঠিন্য ই অৰ্শৰ বিকাশত ভালেখিনি অৰিহণা যোগায়৷
সাধাৰণৰ পৰা মধ্যমীয়া ধৰণৰ ৰোগৰ প্ৰাথমিক চিকিৎসাত সন্নিৱিষ্ট থাকে আঁহযুক্ত আহাৰ গ্ৰহণ পৰিমাণ বৃদ্ধি কৰা, দেহত পানীৰ যৌগ পৰ্যাপ্ত পৰিমানৰ থাকিবলৈ জুলীয়া আহাৰ খোৱা, বিষৰ পৰা উপশম পাবলৈ NSAIDs ৰ ব্যৱহাৰ, আৰু জিৰণি৷ যদিহে উপসৰ্গসমূহ গুৰুতৰ হয় বা ৰক্ষণশীল ব্যৱস্থাৰে কোনো উন্নত নহয় তেনে অৱস্থাত কিছুপৰিমাণৰ গৌণ প্ৰক্ৰিয়াৰ ব্যৱহাৰ কৰিব পাৰি৷ আনহাতে এনে প্ৰক্ৰিয়া ব্যৱহাৰ কৰি কোনো সুফল নোপোৱা সকলৰ বাবে অস্ত্ৰোপচাৰ অন্তিমটো পথ হিচাপে থাকে৷ প্ৰায় অৰ্ধেকাংশ লোকেই তেওঁলোকৰ জীৱনত অৰ্শ ৰোগৰ সমস্যাৰ সমূখীন হয়৷ পৰিণাম সাধাৰণতে ভালেই হয়৷
চিন আৰু উপসৰ্গ
অন্তঃৱৰ্তী আৰু বহিঃৱৰ্তী অৰ্শ বিভিন্ন ধৰণেৰে দেখা দিব পাৰে; উল্লেখ্য যে বহুলোকৰ আকৌ দুয়োধৰণৰ অৰ্শই থাকে৷ ২ এনিমিয়া ৰ বাবে কাচিৎ কেতিয়াবা ৰক্তক্ষৰণ হোৱাটো অগতানুগতিক ৫ আৰু জীৱনৰ প্ৰতি ভাবুকি আহিব পৰাকৈ হোৱা ৰক্তক্ষৰণ আনকি ইয়াতকৈও অগতানুগতিক৷ ৬ এই ৰোগৰ সমস্যাত ভূগা অধিকাংশ লোকেই ৰোগবিধৰ ক্ষেত্ৰত লাজ কৰে ৫ আৰু কেৱল ৰোগ বিধে গুৰুতৰ ৰূপ ধাৰণ কৰিলেহে সঘনাই চিকিৎসাৰ বাবে আগবাঢ়ি যায়৷ ২
বহিঃৱৰ্তী অৰ্শ
যদি থ্ৰ’মব’ছড নহয়, বহিঃৱৰ্তী অৰ্শই বিভিন্ন ধৰণৰ সমস্যাৰ সৃষ্টি কৰিব পাৰে৷ ৭ যি কি নহওক, যেতিয়া থ্ৰ’মব’ছড হয়, তেতিয়া অৰ্শ খুব বেছি যন্ত্ৰনাদায়ক হ’ব পাৰে৷ ২৩ তথাপি এই বিষ গতানুগতিকভাৱে ২-৩ দিনৰ ভিতৰত উপশম ঘটাব পাৰি৷ ৫ অৱশ্যে ফুলা অৱস্থাটো নাইকিয়া হ’বলৈ কেইসপ্তাহমানৰ প্ৰয়োজন হয়৷ ৫ এটা চৰ্ম চিহ্ন আৰোগ্য হোৱাৰ পিছতো থাকি যাব পাৰে৷ ২ যদি অৰ্শবোৰ ডাঙৰ আকৃতিৰ হয় আৰু তাৰ ফলত স্বাস্থ্যবিধিৰ কোনো সমস্যাৰ সৃষ্টি হয়, তেতিয়া ইহঁতে চাৰিওকাষৰ ছালত প্ৰদাহৰ সৃষ্টি কৰে আৰু তাৰ পিছত গুহ্যদ্বাৰৰ চাৰিওকাষে খজুৱতি উৎপন্ন কৰে৷ ৭
অন্তঃৱৰ্তী অৰ্শ
অন্তঃৱৰ্তী অৰ্শ সাধাৰণতে অভ্যন্তৰৰ লৰচৰৰ সময়ত বা পিছত বিষহীনভাৱে, উজ্জ্বল ৰঙা হৈ, গুহ্যদ্বাৰৰ ৰক্তক্ষৰণ হৈ দেখা দিয়ে৷ ২ তেজ সাধাৰণতে গতানুগতিকভাৱে মলৰ লগতে ওলায়, যাক হেমাটোছেজিয়া বুলি জনা যায়, যিটো টয়লেট পেপাৰ বা প্ৰস্ৰাৱগাৰৰ পাত্ৰতো দেখা যায়৷ ২ মলৰ ৰঙ সাধাৰণতে গতানুগতিকেই থাকে৷ ২ অন্যান্য উপসৰ্গৰ ভিতৰত বিজলুৱা ৰস বাহিৰ হোৱা, গুহ্যদ্বাৰেদি পায়ুৰ ভিতৰৰ স্তুপৰ অংগচ্যুতি, খজুৱতি, আৰু সঘনাই মলত্যাগৰ ভাব হোৱা৷ ৬৮ অন্তঃৱৰ্তী অৰ্শবোৰ সাধাৰণতে কেৱল যন্ত্ৰনাদায়ক হয় তেতিয়া যেতিয়া ই পকি উঠে বা গৰল লাগে৷২
কাৰণসমূহ
উপসৰ্গীয় অৰ্শৰ প্ৰকৃত কাৰণ জনা নাযায় বা ই অজ্ঞাত৷ ৯ বিভিন্ন কাৰক যেনে: অনিয়মিত খাদ্যাভ্যাস (কোষ্ঠকাঠিন্য বা হাগনি), শাৰীৰিক পৰিশ্ৰম নকৰা, পৰিপুষ্টিজনক কাৰক (কম-আঁহযুক্ত খাদ্যাভ্যাস), পেটৰ আভ্যন্তৰীন চাপ বৃদ্ধি (বহু দেৰিলৈ চেপি ধৰি থকা, Ascitis, পেটৰ ভিতৰত স্তুপীকৃত হোৱা বা গৰ্ভধাৰণ), বংশগত কাৰণ, ৰক্তপ্ৰবাহৰ শিৰত নলীৰ অৱস্থিতিহীনতা আৰু বয়স বৃদ্ধিক অৰ্শ ৰোগৰ কাৰণ হিচাপে ধৰা হয়৷ ৩৫ ইয়াৰ উপৰি অন্যান্য কিছুমান কাৰণ আছে যিবোৰকো অৰ্শৰোগৰ বিপদসংকুলতা বৃদ্ধিত সহায় কৰে বুলি জনা যায়, সেইবোৰ হৈছে মেদবহুলতা, দীৰ্ঘসময় ধৰি বহি থকা, ২ বহুদিনীয়া কফ ৰোগ আৰু শ্ৰোণীপ্ৰদেশৰ বিকলতা৷৪ যি কি নহওক এইসমূহৰ উপস্থিতিৰ ফলত ৰোগৰ অৱস্থা গুৰুতৰ হয়৷ ৪
গৰ্ভধাৰণ ৰ সময়ত, পেটত হোৱা গৰ্ভস্থ সন্তান ৰ চাপ আৰু হৰ্মনজনিত কাৰণত ৰক্তপ্ৰবাহিকা নলীৰ আকাৰ বৃদ্ধি হয়৷ প্ৰসৱেও পেটৰ আভ্যন্তৰীণ চাপ বৃদ্ধি কৰে৷ ১০ গৰ্ভৱতী মহিলাক খুব কাচিৎহে অস্ত্ৰোপচাৰৰ প্ৰয়োজন হয়, কিয়নো প্ৰসৱৰ পাছত উপসৰ্গবোৰ গতানুগতিকভাৱে নাইকিয়া হয়৷ ৩
পেথ'ফিজিঅ'লজি
অৰ্শৰ নলীকা (Hemorrhoid cushion) হৈছে মানৱ শৰীৰতত্বৰ এক অংশ আৰু যেতিয়া ইয়াত অস্বাভাৱিক পৰিৱৰ্তন আহে তেতিয়াহে ই ৰোগত পৰিণত হয়৷ ২ তাত স্বাভাৱিকতে তিনিডাল মুখ্য নলীকা থাকে গুহ্যনলী৷৩ সচৰাচৰ মানৱদেহত থকাৰ দৰে বাওঁফালৰ দাঁতিৰ ফালে, সোঁফালৰ সমূখভাগত, আৰু সোঁফালৰ পিছফালৰ স্থানত এই নলীকাকেইডাল থাকে৷ ৫ এই নলীকাকেইডাল ধমনী অথবা শিৰা কোনোটোৰে গঠিত নহয় অথচ ৰক্তবাহী নলীকাবোৰক Sinusoids, সংযোগী কোষকলা আৰু কোমল মাংসপেশী বুলি কোৱা হয়৷ ৪ শিৰাত থকাৰ দৰে Sinusoids ৰ বেৰত মাংসপেশীৰ কোষকলা নাথাকে৷ ২ ৰক্তবাহী নলীকাৰ এই গুচ্ছটোক Hemorrhoidal plexus বুলি জনা যায়৷ ৪
অৰ্শৰ নলীকা (Hemorrhoid cushion) continenceৰ বাবে অতিকে গুৰুত্বপূৰ্ণ৷ সিহঁতে গুহ্যদ্বাৰ বন্ধ কৰা চাপৰ অৱশিষ্ট ১৫-২০% যোগান ধৰে আৰু Anal sphincter মলত্যাগৰ সময়ত মাংসপেশীক সুৰক্ষা প্ৰদান কৰে৷ ২ এজন লোকে যেতিয়া তললৈ বহে তেতিয়া তেওঁৰ পেটৰ আভ্যন্তৰীণ চাঁপ বৃদ্ধি হয়, আৰু অৰ্শৰ নলীকা (Hemorrhoid cushion) ৰ আকাৰ বৃদ্ধি হৈ গুহ্যদ্বাৰ বন্ধ কৰি ৰখাত সহায়ক হয়৷ ৫ বিশ্বাস কৰা হয় যে অৰ্শৰ উপসৰ্গবোৰ দেখা দিয়ে তেতিয়া, যেতিয়া এই গাঁথনিটো তললৈ নামি আহে বা যেতিয়া venous ৰ চাপ অত্যাধিকভাৱে বৃদ্ধি হয়৷ ৬ Anal sphincter ৰ বৰ্ধিত চাপো অৰ্শৰ উপসৰ্গৰ কাৰণ হিচাপে চিহ্নিত হ’ব পাৰে৷ ৫ দুই প্ৰকাৰৰ অৰ্শৰ উদ্ভৱ হয়: Superior hemorrhoidal plexus ৰ পৰা অন্তঃৱৰ্তী আৰু অধস্থ অৰ্শ পেশী জালিকাৰ পৰা বহিৱৰ্তী৷ ৫ Dentate line এ দুটা ভাগত বিভক্ত কৰে৷৫
নিদান
অৰ্শৰোগৰ নিদান সাধাৰণতে শাৰীৰিক পৰীক্ষাৰ দ্বাৰাই কৰা হয়৷ ১১ গুহ্যদ্বাৰ আৰু তাৰ চাৰিওকাষৰ এটা চাক্ষুস পৰীক্ষাৰ দ্বাৰা বাহিৰ ওলাই অহা বা অঙ্গচ্যুতি হোৱা অৰ্শৰোগ ধৰা পেলাব পাৰি৷ ২ এটা গুহ্যদ্বাৰৰ পৰীক্ষা কৰি গুহ্যদ্বাৰৰ সাম্ভাৱ্য টেমুনাবোৰ, polyps, আকাৰ বৃদ্ধি পোৱা পুৰুষ জননাঙ্গৰ গ্ৰন্থি, বা ফোঁহাবোৰ ধৰা পেলাব পাৰি৷ ২ প্ৰচণ্ড বিষৰ বাবে এই পৰীক্ষা সঠিক বিষ নাশক ঔষধ প্ৰয়োগ নকৰাকৈ সম্ভৱপৰ নহ’ব পাৰে, অৱশ্যে অধিকাংশ অন্তৰ্মুখী অৰ্শৰোগৰ ক্ষেত্ৰত বিষ নাথাকে৷ ৩ অন্তৰ্মুখী অৰ্শৰোগৰ চাক্ষুষ নিশ্চয়তাৰ ক্ষেত্ৰত এমূৰত এটা পোহৰ সংযুক্ত হৈ থকা এবিধ ফোঁপোলা চুঙাকৃতিৰ সঁজুলিৰে এনোস্কোপী কৰিব লগীয়া হ’ব পাৰে৷ ৫ অৰ্শৰোগ দুইপ্ৰকাৰৰ: বহিৰ্মুখী আৰু অন্তৰ্মুখী৷ গুহ্যদ্বাৰৰ চিহ্নডালক ভিত্তি হিচাপে লৈ ৰোগসমূহৰ অৱস্থানৰ ওপৰত ভিত্তি কৰি ইয়াক ভাগ কৰা হৈছে৷ ৩ কিছুমান লোকৰ একে সময়তে দুয়োবিধ অৰ্শৰোগৰে লক্ষণ থাকিব পাৰে৷ ৫ যদি প্ৰায় Anal fissure ৰ দৰে বিষ থাকে তেন্তে সেয়া অন্তৰ্মুখী অৰ্শতকৈ বহিৰ্মুখী অৰ্শ হোৱাৰ সম্ভাৱনা অধিক৷ ৫
অন্তৰ্মুখী অৰ্শ
Dentate line ৰ তলত উদ্ভৱ হোৱা অৰ্শবোৰেই হৈছে অন্তৰ্মুখী অৰ্শ৷ ৭ সেইবোৰ Columnar epithelium ৰে আগুৰি থাকে য’ত বিষ নাথাকে receptors.৪ অংগচ্যুতি ৰ স্তৰৰ ওপৰত ভিত্তি কৰি ইহঁতক ১৯৮৫ চনত চাৰিটা ভাগত শ্ৰেণীবিভাজন কৰা হৈছিল৷ ৩৪
- Grade I: No prolapse. Just prominent blood vessels.১১
- Grade II: Prolapse upon bearing down but spontaneously reduce.
- Grade III: Prolapse upon bearing down and requires manual reduction.
- Grade IV: Prolapsed and cannot be manually reduced.
বহিৱৰ্তী অৰ্শ
বহিৱৰ্তী অৰ্শ বোৰ ডেণ্টেট বা Pectinate line ৰ তলত হয়৷ ৭ সেইবোৰ Anoderm ৰ দ্বাৰা আসন্নভাৱে আবৃত হয় আৰু ছালেৰে ঢকা থাকে, দুয়োটাই উষ্ণতা আৰু বিষৰ প্ৰতি স্পৰ্শকাতৰ হয়৷ ৪
প্ৰভেদক
বিভিন্ন ভোক নলগা সমস্যা (anorectal problems) যেনে fissures, fistulae, ফোঁহা, ক’ল’ৰেক্টেল কেন্সাৰ, rectal varices আৰু খজুৱতি ও সামঞ্জস্য থকা উপসৰ্গ আৰু যিবোৰক ভুলকৈ অৰ্শ হিচাপে চিকিৎসা কৰা হ’ব পাৰে৷ ৩ গুহ্যদ্বাৰৰ ৰক্তক্ষৰণ কালাৰেক্টেল কেন্সাৰৰ ফলতো হ’ব পাৰে, ইয়াৰ উপৰি বৃহদান্ত্ৰ প্ৰদাহ যেনে পেট জ্বলা-পোৰা কৰা ৰোগ, Diverticular disease, আৰু Angiodysplasiaৰ ফলতো হোৱাৰ সম্ভাৱনা থাকে৷ ১১ উল্লেখ্য যে যদি এনিমিয়া ৰোগ থাকে, তেন্তে অন্যান্য সাম্ভাৱ্য কাৰণো এইক্ষেত্ৰত বিবেচনা কৰিব লাগিব৷ ৫
অন্যান্য অৱস্থাসমূহ যিবোৰে পায়ুত স্থূপীকৰণ কৰে সেইবোৰ হৈছে: Skin tags, গুহ্যদ্বাৰৰ বিষহীন টেমুনা, গুহ্যদ্বাৰ বাহিৰ ওলাই অহা বা অংগচ্যুতি, polyps আৰু গুহ্যদ্বাৰৰ আকাৰ বৃদ্ধি৷ ৫ Anorectal varices বৰ্ধিত প’ৰ্টেল উচ্চ ৰক্তচাঁপ (Portal venous systemত হোৱা ৰক্তচাঁপ) ফলত হ’ব পাৰে যিটো অৰ্শৰ লক্ষণৰ স’তে সাদৃশ্য থকা হ’ব পাৰে কিন্তু পৃথক অৱস্থাত৷ ৫
প্ৰতিৰোধ
মলত্যাগ কৰিবলৈ লোৱাৰ সময়ত চেপি ধৰাৰ পৰা বিৰত থকা, প্ৰচুৰ পৰিমানে আঁহযুক্ত খাদ্য গ্ৰহণ, প্ৰচুৰ পৰিমানে পানী খোৱা বা আঁহজাতীয় খাদ্যৰ পৰিপূৰক খাদ্যগ্ৰহণ আৰু পৰ্যাপ্ত পৰিমানৰ শ্ৰম আদিৰ জৰিয়তে কোষ্ঠকাঠিন্যৰ পৰা আঁতৰত থকা আৰু গ্ৰহণীৰ পৰা আঁতৰত থকা আদি বিভিন্ন ধৰণৰ অৰ্শৰোগ প্ৰতিৰোধ ব্যৱস্থাৰ পৰামৰ্শ আগবঢ়োৱা হয়৷ ৫১২ মলত্যাগ কৰোঁতে কম সময় অতিবাহিত কৰা, পায়খানাত থকা সময়ত কাকত আদি পঢ়া অভ্যাস ত্যাগ কৰা, ৩ লগতে অত্যাধিক ওজনৰ লোকসকলে ওজন হ্ৰাস কৰা আৰু অধিক ওজন উঠোৱা কাম ত্যাগ কৰিব লাগে৷ ১৩
নিয়ন্ত্ৰণ
ৰক্ষণশীলতা
ৰক্ষণশীল চিকিৎসাত গতানুগতিকভাৱে এইসমূহ উপাদান থাকে: প্ৰচুৰ পৰিমাণে আঁহযুক্ত খাদ্য, দেহত জলজ মৌলৰ পৰিমাণ পৰ্যাপ্ত থাকিবলৈ প্ৰচুৰ পৰিমাণে পানী খোৱা, পেট জ্বলা পোৰা নকৰিবলৈ অৰাসায়নিক ঔষধ - on-steroidal anti-inflammatory drug ৰ ব্যৱহাৰ (NSAID)s, Sitz স্নান আৰু জিৰণি৷ ৩ আঁহযুক্ত খাদ্যগ্ৰহণে উন্নত ফলাফল প্ৰদৰ্শন কৰে, ১৪ আৰু এয়া খাদ্যাভ্যাসৰ বিকল্পীকৰণ বা আঁহযুক্ত খাদ্য পৰিপূৰক ৰ ব্যৱহাৰৰ যোগেদি লাভ কৰিব পাৰি৷৩১৪ চিকিৎসাৰ কোনো স্তৰত হীনদেৰি হ’লে sitz স্নানৰ পৰা লাভ কৰা সুফলৰ প্ৰমাণৰ লাভ কৰিব৷ ১৫ সেয়া যদি ব্যৱহাৰ কৰা হৈছে তেন্তে সেয়া এবাৰত ১৫ মিনিটৰ অধিক হ’ব নালাগে৷ ৪
যিসময়ত ভালেমান সমসাময়িক অনুঘটক আৰু পূৰ্বানুমানকাৰী অৰ্শৰোগৰ চিকিৎসাৰ ক্ষেত্ৰত উপলব্ধ হয়, তেনেস্থলত সেইবোৰৰ ব্যৱহাৰৰ প্ৰামাণিকতা কিন্তু ন্যূনতম হয়৷ ৩ ষ্টেৰয়ড ত থকা অনুঘটক ১৪ দিনতকৈ অধিক ব্যৱহাৰ কৰিব নালাগে, তেনে কৰিলে ছাল পাতল হৈ যাব পাৰে৷ ৩ অধিকাংশ অনুঘটকতেই সক্ৰিয় উপাদানৰ মিশ্ৰণ সংযুক্ত হৈ থাকে৷ ৪ ইয়াত সংযুক্ত হৈ থাকিব পৰা উপাদানসমূহ হৈছে: এবিধ প্ৰতিবন্ধক ক্ৰীম যেনে পেট্ৰ’লিয়াম জেলি বা জিংক অক্সাইড, এবিধ বেদনাহাৰী অনুঘটক যেনে Lidocaine, আৰু এবিধ জোৰেৰে হেঁচা মাৰি থ’ব পৰা উপাদান (vasoconstrictor) যেনে Epinephrine৷ ৪ বিৰূপ প্ৰতিক্ৰিয়া (side effects) ৰ সম্ভাৱনীয়তা থকা Flavonoids ৰ সুফল সন্দেহজনক৷ ৪১৬ গৰ্ভধাৰণৰ পাছত উপসৰ্গবোৰ নিস্পত্তি হোৱা হেতুকে প্ৰসৱোত্তৰ কাল পৰ্যন্ত সক্ৰিয় চিকিৎসা এইক্ষেত্ৰত পলম হয়৷ ১৭
পদ্ধতিসমূহ
ভালেমান কাৰ্যালয়কেন্দ্ৰিক পদ্ধতি ব্যৱহাৰ কৰি চাব পাৰি৷ যিসময়ত সাধাৰণতে সুৰক্ষিত, খুব অগতানুগতিক বিৰূপ প্ৰতিক্ৰিয়া যেনে perianal sepsis হ’ব পাৰে৷ ১১
- Rubber band ligation is typically recommended as the first line treatment in those with grade 1 to 3 disease.১১ It is a procedure in which elastic bands are applied onto an internal hemorrhoid at least 1 cm above the Dentate line to cut off its blood supply. Within 5–7 days, the withered hemorrhoid falls off. If the band is placed too close to the dentate line, intense pain results immediately afterwards.৩ Cure rate has been found to be about 87%৩ with a complication rate of up to 3%.১১
- Sclerotherapy involves the injection of a Sclerosing agent, such as Phenol, into the hemorrhoid. This causes the vein walls to collapse and the hemorrhoids to shrivel up. The success rate four years after treatment is ~70%৩ which is higher than that with rubber band ligation.১১
- A number of Cauterization methods have been shown to be effective for hemorrhoids, but are usually only used when other methods fail. This procedure can be done using Electrocautery, Infrared radiation,Laser surgery,৩ or Cryosurgery.১৮ Infrared cauterization may be an option for grade 1 or 2 disease.১১ In those with grade 3 or 4 disease re-occurrence rates are high.১১
অস্ত্ৰোপচাৰ
সংৰক্ষণশীল ব্যৱস্থা আৰু সাধাৰণ প্ৰক্ৰিয়াসমূহ বিফল হ’লে ব্যৱহাৰ কৰিব পৰা ভালেমান অস্ত্ৰোপচাৰৰ উপায়ো আছে৷ ১১ সকলোবোৰ অস্ত্ৰোপচাৰৰ ক্ষেত্ৰতেই কিছু পৰিমাণৰ জটিলতা যেনে ৰক্তক্ষৰণ, সংক্ৰমণ, Anal strictures আৰু প্ৰস্ৰাৱ ধৰি ৰখা due to the close proximity of the rectum to the nerves that supply the bladder.৩ তাত অৱশ্যে ০% ৰ পৰা ২৮% ৰ ভিতৰত Fecal incontinence ৰ এটা সৰু বিপদাশংকাও থাকে, বিশেষকৈ তৰল পদাৰ্থৰ ক্ষেত্ৰত৷ ৪১৯ ২০ Mucosal Ectropion হৈছে অন্য এক অৱস্থা যিটো অৰ্শৰোগৰ শল্য চিকিত্সা (hemorrhoidectomy) হোৱাৰ পিছত দেখা দিব পাৰে (প্ৰায়েই গুহ্যদ্বাৰ stenosis ৰ লগত হয়)৷২১ য’ত গুহ্যদ্বাৰ পায়ুৰ পৰা বাহিৰ হৈ আহে বা লুটি খাই ওলাই আহে, যিটো Rectal prolapse ৰ প্ৰাথমিক অৱস্থাৰ সৈতে একে হয়৷ ২১
- Excisional hemorrhoidectomy হৈছে এক গুৰুতৰ ৰোগৰ ক্ষেত্ৰত অৰ্শ কৰ্ত্তন কৰা এক অস্ত্ৰোপচাৰ৷ ৩ ই এক বিশেষ তাৎপৰ্যপূৰ্ণ post-operative বিষৰ সৈতে জড়িত আৰু ৰোগ নিৰাময় হ’বলৈ ইয়াত সাধাৰণতে ২-৪ সপ্তাহৰ প্ৰয়োজন হয়৷৩ যি কি নহওক, ৩য় স্তৰৰ অৰ্শৰ চিকিৎসাৰ ক্ষেত্ৰত ৰাবাৰ বেণ্ডেৰে বান্ধি কৰা চিকিৎসাৰ তুলনাত এই চিকিৎসাত দীৰ্ঘকালীনভাৱে সুফল পোৱা যায়৷ ২২ এয়া হৈছে thrombosed external hemorrhoid ৰ ক্ষেত্ৰত পৰামৰ্শ কৰা চিকিৎসা যি ২৪–৭২ ঘণ্টাৰ ভিতৰত কৰি উলিয়াব পাৰি৷ ৭১১ Glyceryl trinitrate মলম ইয়াৰ পৰৱৰ্তী পৰ্যায়ত ব্যৱহাৰ কৰি বিষ আৰু নিৰাময় দুয়োটাই লাভ কৰিব পাৰি৷ ২৩
- Doppler-guided, Transanal hemorrhoidal dearterialization হৈছে এক ন্যূনতম বহিৰাক্ৰমণ প্ৰতিৰোধ চিকিৎসা যিটো ধমনীৰ ৰক্ত আগমনৰ স্থান সঠিকভাৱে নিৰূপন কৰিবলৈ এবিধ আল্ট্ৰাছাউণ্ড ডোপলাৰৰ ব্যৱহাৰৰ যোগেদি কৰা হয়৷ তাৰ পিছত ধমনীৰ ৰক্তপৰিবাহী শিৰা বান্ধি ৰাখি অংগচ্যুতি হোৱা মাংসপেসীখিনি ইয়াৰ স্বাভাৱিক স্থানলৈ ঘূৰাই নিয়া হয়৷ ইয়াৰ পুনৰাবৃত্তি হোৱাৰ সম্ভাৱনা কিছু অধিক যদিও hemorrhoidectomyৰ তুলনাত বিপদাশংকা কম৷ ৩
- Stapled hemorrhoidectomy ক Stapled hemorrhoidopexy বুলিও জনা যায়; ই হৈছে এনে এক প্ৰক্ৰিয়া য’ত সন্নিৱিষ্ট থাকে অস্বাভাৱিকভাৱে বৃদ্ধি পোৱা অৰ্শৰ মাংসপেশী আঁতৰাই দি বাকী থকা মাংসখিনি পূৰ্বৰ অৱস্থানত পুনঃসংস্থাপিত কৰা হয়৷ ই সাধাৰণতে কম যন্ত্ৰণাযুক্ত হয় আৰু অৰ্শৰ পৰা সম্পূৰ্ণৰূপে নিৰাময় হোৱাৰ তুলনাত অধিক ক্ষীপ্ৰতৰভাৱে ৰোগ নাইকিয়া হয়৷ ৩ যি কি নহওক, উপসৰ্গিক অৰ্শৰ পুনৰাবৃত্তি হোৱাৰ সম্ভাৱনা পৰম্পৰাগত hemorroidectomy তকৈ ভাল ২৪ আৰু সেই গতিকে ই ২ বা ৩য় স্তৰৰ ৰোগৰ বাবেহে বিশেষভাৱে পৰামৰ্শ কৰা হয়৷ ১১
মহামাৰীতত্ব
অৰ্শৰোগত ভুগা বহুলোকে কেনে পৰিস্থিতিত চিকিৎসাসেৱা প্ৰদানকাৰীৰ ওচৰ নাচাপে সেয়া নিৰ্ধাৰণ কৰিবলৈ কঠিন হয়৷ ৬৯ যি কি নহওক, এয়া বিশ্বাস কৰা হয় যে উপসৰ্গিক অৰ্শই আমেৰিকা যুক্তৰাষ্ট্ৰৰ ন্যূনতম ৫০% লোকৰ জীৱনৰ কোনো সময়ত হ’লেও প্ৰভাৱ পেলাইছে আৰু মুঠ জনসংখ্যাৰ প্ৰায় ৫% লোকে জীৱনৰ যিকোনোসময়তেই এই সমস্যাৰ সমূখীন হৈছে৷ ৩ পুৰুষ আৰু মহিলা দুয়োৱেই প্ৰায় একে পৰিস্থিতিৰ মুখামুখি হৈছে ৩ ৪৫ ৰ পৰা ৬৫ বছৰ বয়সৰ মাজভাগত, বিশেষকৈ৷ ৫ সেইবোৰ Caucasians ৰ মাজত অধিক গতানুগতিক ২৫ আৰু যিসকল উচ্চ আৰ্থসামাজিক স্তৰৰ লোক৷ ৪ দীৰ্ঘকালীন ফলাফলবোৰ সাধাৰণতে ভাল হয়, তৎসত্ত্বেও কিছুমান লোকৰ বিপৰীতমুখী উপসৰ্গিক খণ্ডবোৰ থাকিব পাৰে৷৬ কেৱল কিছুসংখ্যক লোকৰ ক্ষেত্ৰতহে অস্ত্ৰোপচাৰৰ প্ৰয়োজন হয়৷ ৪
ইতিহাস
এই ৰোগৰ বিষয়ে প্ৰথম বাৰৰ বাবে জনা গৈছিল ইজিপ্তিয়ান খ্ৰীষ্টপূৰ্ব ১৭০০ চনত Papyrus, যিয়ে পৰামৰ্শ কৰে: “……প্ৰত্যয়জনক সুৰক্ষাৰ এটা মলমৰ বাবে এটা ৰেচিপি দিয়া; Acacia ৰ পাত, ভূ-পৃষ্ঠ, titurated আৰু সেইবোৰ একেলগে সিজোৱা হয়৷ তাৰ পাছত ইয়াৰ লেপ এটা গুহ্যদ্বাৰত লগালে ই তৎক্ষণাত নিৰাময় কৰে৷"২৬ খ্ৰীষ্টপূৰ্ব ৪৬০ ত, Hippocratic corpus এ আধুনিক ৰাবাৰ বেণ্ড বন্ধা চিকিৎসাৰ দৰে এক চিকিৎসাৰ বিষয়ে মত আগবঢ়ায় এনেদৰে: “And hemorrhoids in like manner you may treat by transfixing them with a needle and tying them with very thick and woolen thread, for application, and do not forment until they drop off, and always leave one behind; and when the patient recovers, let him be put on a course of Hellebore.”২৬ অৰ্শৰোগৰ বিষয়ে বাইবেল তো বৰ্ণনা কৰা হ’ব পাৰে৷৫২৭
Celsus (খ্ৰীষ্টপূৰ্ব ২৫ – ১৪ খ্ৰীষ্টাব্দ) ই বন্ধা কাৰ্য কৰ্ত্তন প্ৰক্ৰিয়াৰ বিষয়ে বৰ্ণনা কৰিছে আৰু সাম্ভাৱ্য সমস্যাবোৰৰ বিষয়ে আলোচনা কৰিছে৷ ২৮ Galen এ ধমনীৰ পৰা ৰক্তপ্ৰবাহী শিৰাবোৰৰ সংযোগ বিচ্ছিন্ন কৰাৰ হৈ ওকালতি কৰিছিল, আৰু দাবী কৰিছিল যে ই বিষ আৰু ৰক্ত সঞ্চালনৰ অভাৱত দেহকোষৰ ক্ষয় হোৱা ৰোগৰ বিস্তাৰত কম কৰে৷ ২৮
শুশ্ৰুত সংহিতা, (চতুৰ্থ – পঞ্চম শতিকা)), হিপোক্ৰেটচৰ সমানেই কথা কয় কিন্তু ইয়াত ঘাঁটোক চাফ চিকুন ৰখাত গুৰুত্ৱ আৰোপ কৰা হয়।২৬ ১৩তম শতিকাত, ইয়োপীয় চাৰ্জান যেনে Lanfranc of Milan, Guy de Chauliac, Henri de Mondeville আৰু John of Ardene এ অস্ত্ৰোপচাৰৰ পদ্ধতি বিকাশসাধনত প্ৰভূত প্ৰগতি লাভ কৰে।২৮
ইংৰাজী ভাষাত "hemorrhoid" শব্দৰ প্ৰথম প্ৰয়োগ ১৩৯৮ খৃ.ত হয়। ইয়াৰ উত্পত্তি Old French "emorroides", লেটিন ভাষা "hæmorrhoida -ae", ২৯ তাৰ পিছত Greek "αἱμορροΐς" (haimorrhois), "ৰক্তক্ষৰণ হব পৰা", "αἷμα" (haima), "blood" পৰা৩০ + "ῥόος" (rhoos), "প্ৰৱাহ, বৈ যোৱা, গতি ",৩১ itself from "ῥέω" (rheo), "বৈ যোৱা, প্ৰৱাহিত হোৱা, ".৩২
Notable cases
উল্লেখনীয় ঘটনা কিম্বদন্তী বেছবল খেলুৱৈ জৰ্জ ব্ৰেট এ অৰ্শৰোগৰ বিষৰ বাবে 1980 World Series ৰ খেলৰ পৰা নিজকে আঁতৰাই ৰাখিবলগীয়া হৈছিল৷ এটা সাধাৰণ অস্ত্ৰোপচাৰৰ পিছত ব্ৰেটে পুনৰ খেললৈ উভতি বিদ্ৰুপ কৰি কৈছিল, “……মোৰ আটাইবোৰ সমস্যা মোৰ তপিনাতেই লাগি আছিল৷” ৩৩ পৰৱৰ্তী সময়ত ব্ৰেটে অৱশ্যে অৰ্শৰ অস্ত্ৰোপচাৰ কৰে৷ ৩৪ ৰক্ষণশীল ৰাজনৈতিক সমীক্ষক Glenn Beck ও অৰ্শ অস্ত্ৰোপচাৰৰ অভিজ্ঞতাৰ সমূখীন হৈছিল, যাৰ দূখঃজনক অভিজ্ঞতাৰ কথা ২০০৮ চনত ইউটিউব যোগে বহুলভাৱে প্ৰচাৰিত হৈছিল৷ ৩৫
তথ্যসূত্ৰ
- ↑ Chen, Herbert. (2010). Illustrative Handbook of General Surgery. Springer. পৃ. 217. ISBN 1-84882-088-7
- ↑ Schubert, MC; Sridhar, S; Schade, RR. (2009). What every gastroenterologist needs to know about common anorectal disorders. World J Gastroenterol. পৃ. 3201–9
- ↑ Lorenzo-Rivero, S. (2009). Hemorrhoids: diagnosis and current management. Am Surg. পৃ. 635–42
- ↑ Beck, David. (2011). The ASCRS textbook of colon and rectal surgery. Springer. পৃ. 174–177. ISBN 9781441915818
- ↑ Kaidar-Person, O. (2007 Jan). Hemorrhoidal disease: A comprehensive review. Journal of the American College of Surgeons. পৃ. 102–17
- ↑ Davies, RJ. (2006 Jun). Haemorrhoids.. Clinical evidence. পৃ. 711–24
- ↑ Dayton, senior editor, Peter F. Lawrence; editors, Richard Bell, Merril T. (2006). Essentials of general surgery. Williams & Wilkins. পৃ. 329. ISBN 9780781750035
- ↑ Azimuddin, edited by Indru Khubchandani, Nina Paonessa, Khawaja. (2009). Surgical treatment of hemorrhoids. Springer. পৃ. 21. ISBN 978-1-84800-313-2
- ↑ Reese, GE. (2009 Jan 29). Haemorrhoids.. Clinical evidence
- ↑ National Digestive Diseases Information Clearinghouse. (2004). Hemorrhoids. National Institute of Diabetes and Digestive and Kidney Diseases (NIDDK), NIH
- ↑ Rivadeneira, DE. (2011 Sep). Practice parameters for the management of hemorrhoids (revised 2010). Diseases of the colon and rectum. পৃ. 1059–64
- ↑ Frank J Domino. (2012). The 5-Minute Clinical Consult 2013 (Griffith's 5 Minute Clinical Consult). Lippincott Williams & Wilkins. পৃ. 572. ISBN 1-4511-3735-4
- ↑ Glass, [edited by] Jill C. Cash, Cheryl A. Family practice guidelines. Springer. পৃ. 665. ISBN 9780826118127
- ↑ Alonso-Coello, P.; Guyatt, G. H.; Heels-Ansdell, D. (2005). Laxatives for the treatment of hemorrhoids. Cochrane Database Syst Rev. পৃ. CD004649
- ↑ Lang, DS. (2011 Dec). Effectiveness of the Sitz bath in managing adult patients with anorectal disorders. Japan journal of nursing science: JJNS. পৃ. 115–28
- ↑ Alonso-Coello P, Zhou Q, Martinez-Zapata MJ, et al.. (2006). Meta-analysis of flavonoids for the treatment of haemorrhoids. Br J Surg. পৃ. 909–20
- ↑ Quijano, CE. (2005 Jul 20). Conservative management of symptomatic and/or complicated haemorrhoids in pregnancy and the puerperium. Cochrane database of systematic reviews (Online). পৃ. CD004077
- ↑ Misra, MC. (2005). Drug treatment of haemorrhoids. Drugs. পৃ. 1481–91
- ↑ Pescatori, M. (2008 Mar). Postoperative complications after procedure for prolapsed hemorrhoids (PPH) and stapled transanal rectal resection (STARR) procedures. Techniques in coloproctology. পৃ. 7–19
- ↑ Ommer, A. (2008 Nov). Continence disorders after anal surgery--a relevant problem?. International journal of colorectal disease. পৃ. 1023–31
- ↑ Lagares-Garcia, JA. (2002 Dec). Anal stenosis and mucosal ectropion.. The Surgical clinics of North America. পৃ. 1225–31, vii
- ↑ Shanmugam, V. (2005 Jul 20). Rubber band ligation versus excisional haemorrhoidectomy for haemorrhoids. Cochrane database of systematic reviews (Online). পৃ. CD005034
- ↑ Ratnasingham, K. (2010). Meta-analysis of the use of glyceryl trinitrate ointment after haemorrhoidectomy as an analgesic and in promoting wound healing. International journal of surgery (London, England). পৃ. 606–11
- ↑ Jayaraman, S. (2006 Oct 18). Stapled versus conventional surgery for hemorrhoids. Cochrane database of systematic reviews (Online). পৃ. CD005393
- ↑ Christian Lynge, Dana; Weiss, Barry D. (2001). 20 Common Problems: Surgical Problems And Procedures In Primary Care. McGraw-Hill Professional. পৃ. 114. ISBN 978-0-07-136002-9
- ↑ Ellesmore, Windsor. (2002). Surgical Treatment of Haemorrhoids. London: Springer
- ↑ King James Bible
- ↑ Agbo, SP. (1 January 2011). Surgical management of hemorrhoids. Journal of Surgical Technique and Case Report. পৃ. 68
- ↑ hæmorrhoida, Charlton T. Lewis, Charles Short, A Latin Dictionary, on Perseus Digital Library
- ↑ αἷμα, Henry George Liddell, Robert Scott, A Greek-English Lexicon, on Perseus Digital Library
- ↑ ῥόος, Henry George Liddell, Robert Scott, A Greek-English Lexicon, on Perseus Digital Library
- ↑ ῥέω, Henry George Liddell, Robert Scott, A Greek-English Lexicon, on Perseus Digital Library
- ↑ Dick Kaegel. (March 5, 2009). Memories fill Kauffman Stadium. Major League Baseball
- ↑ (March 1, 1981). Brett in Hospital for Surgery. The New York Times. Associated Press
- ↑ (Jan. 8, 2008). Glenn Beck: Put the 'Care' Back in Health Care. ABC Good Morning America
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অৰ্শৰোগ” প্ৰবন্ধৰ সংশোধন ৬৩১৮২৩ (২৬ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।