গণিতজ্ঞ
৫১ প্ৰবন্ধ
-
আইজাক নিউটন
ছাৰ আইজাক নিউটন (২৫ ডিচেম্বৰ ১৬৪২ – ২০ মাৰ্চ ১৭২৬/২৭) আছিল এগৰাকী ইংৰাজ বহুবিশাৰদ ( Polymath), আৰু তেখেত এগৰাকী গণিতজ্ঞ, পদাৰ্থবিদ, জ্যোতিৰ্বিজ্ঞানী, অপৰসায়নবিদ (alchemist), ধৰ্মতাত্ত্বিক, আৰু লেখক হিচাপে অৱদান আগবঢ়াই গৈছে।
-
বৰাহমিহিৰ
বৰাহ-মিহিৰ (Varāhamihira) প্ৰাচীন ভাৰতৰ গুপ্ত সাম্ৰাজ্যৰ সমসাময়িক (আনুমানিক ৫০৫ - ৫৮৭) এজন বিখ্যাত দাৰ্শনিক, জ্যোতিৰ্বিজ্ঞানী, গণিতজ্ঞ আৰু কবি। তেওঁ পঞ্চসিদ্ধান্তিকা নামৰ এটি মহাসংকলনগ্ৰন্থ ৰচনা কৰিছিল, যʼত তেওঁৰ জীৱনকালৰ সময়ৰ গ্ৰীক, মিছৰীয়, ৰোমান আৰু ভাৰতীয় জ্যোতিৰ্বিজ্ঞানৰ সাৰ লিপিবদ্ধ আছে।
-
আৰ্যভট্ট
আৰ্যভট্ট (দেৱনাগৰী: आर्यभट) (৪৭৬ – ৫৫০) প্ৰাচীন ভাৰতৰ সকলোতকৈ বিখ্যাত গণিতজ্ঞসকলৰ মাজৰ এজন। ভাৰতৰ প্ৰথম কৃত্ৰিম উপগ্ৰহৰ নাম তেওঁৰ নামেৰে "আৰ্যভট্ট" ৰখা হয়।
-
গেলিলিঅ’ গেলিলি
গেলিলিঅ’ গেলিলি (ইংৰাজী:Galileo Galilei) (; জন্ম ১৫ফেব্ৰুৱাৰী ১৫৬৪ – ৮ জানুৱাৰী ১৬৪২), একাধাৰে এজন ইটালী দেশৰ পদাৰ্থবিদ, গণিতজ্ঞ, জ্যোতিৰ্বিদ আৰু দাৰ্শনিক আছিল আৰু তেওঁ বৈজ্ঞানিক বিপ্লৱৰ সৈতে ওতপ্ৰোত ভাৱে জড়িত ব্যক্তি আছিল।
-
শ্ৰীনিবাস ৰামানুজন
শ্ৰীনিবাস ৰামানুজন (சீனிவாச இராமானுஜன்) (২২ ডিচেম্বৰ ১৮৮৭ – ২৬ এপ্ৰিল ১৯২০) এজন ভাৰতীয় গণিতজ্ঞ।
-
ওমৰ খৈয়াম
ওমৰ খৈয়াম (ইংৰাজী: Omar Khayyam) এগৰাকী একাদশ শতিকাৰ ইৰাণৰ কবি, গণিতজ্ঞ আৰু জ্যোতিৰ্বিদ। তেওঁৰ সম্পূৰ্ণ নাম ‘আবুন ফাতহ উমৰ ইবন ইব্ৰাহিম আল খাইয়াম গিয়াছউদ্দিন। ওমৰ খৈয়ামৰ জন্ম হয় ১০৪৮ চনত ইৰাণৰ (পাৰস্যৰ) নিশ্বাপুৰ, খোৰাছনত।
-
নয়নদীপ ডেকা বৰুৱা
নয়নদীপ ডেকা বৰুৱা (জন্ম ১৯৭২) এজন ভাৰতীয় গণিতজ্ঞ। বৰ্তমান তেজপুৰ বিশ্ববিদ্যালয়ৰ গণিত বিভাগৰ এজন অধ্যাপক। ৰামানুজনৰ গণিতৰ সৈতে জড়িত কৰ্মৰাজিৰ বাবে তেওঁ জনাজাত।
-
ব্ৰহ্মগুপ্ত
ব্ৰহ্মগুপ্ত (সংস্কৃত: ब्रह्मगुप्त) (খ্ৰীষ্টপূৰ্ব ৫৯৮- ?) আছিল এজন ভাৰতীয় জ্যোতিৰ্বিজ্ঞানী আৰু গণিতজ্ঞ। হৰ্ষবৰ্ধনৰ ৰাজত্বত তেখেত উজ্জ্বয়িনীৰ জ্যোতিষ্ক পৰিদৰ্শন কেন্দ্ৰৰ অধ্যক্ষ্য আছিল। তেখেতে নিজে লিখি যোৱা মতে তেখেতৰ জন্মবৰ্ষ খ্ৰীষ্টপূৰ্ব ৫৯৮।
-
পাইথেগাৰাছ
পাইথেগাৰাছ (; আনুমানিক খ্ৰীষ্টপূৰ্ব ৫৭০ – খ্ৰীষ্টপূৰ্ব ৪৯৫) আছিল প্ৰাচীন গ্ৰীচৰ গণিতজ্ঞ, জ্যোতিৰ্বিজ্ঞানী আৰু দাৰ্শনিক। তেওঁৰ জন্ম আৰু মৃত্যুৰ সঠিক সময় জনা নাযায়। তেওঁৰ জন্ম হৈছিল গ্ৰীচৰ ছামোছত।
-
এডমাণ্ড হেলি
এডমাণ্ড হেলি (বা এডমণ্ড হেলি; Edmond Halley বা Edmund Halley; ৮ নৱেম্বৰ, ১৬৫৬ – ২৫ জানুৱাৰী, ১৭৪২) আছিল এজন ক্ৰমে ইংৰাজী জ্যেতিৰ্বিদ, ভূ-পদাৰ্থবিদ, গণিতজ্ঞ, বতৰ বিজ্ঞানী আৰু পদাৰ্থ বিজ্ঞানী। হেলিৰ ধুমকেতুৰ কক্ষপথ গণনা কৰি উলিওৱাৰ বাবেই এডমাণ্ড হেলি বেছিকৈ বিখ্যাত।
-
ৰ'জাৰ পেনৰ'জ
ছাৰ ৰ'জাৰ পেনৰ'জ (Sir Roger Penrose; জন্ম: ৮ আগষ্ট ১৯৩১) হৈছে এগৰাকী ইংৰাজ গাণিতিক পদাৰ্থবিদ, গণিতজ্ঞ, বিজ্ঞানৰ দাৰ্শনিক আৰু পদাৰ্থ বিজ্ঞানত ন'বেল বঁটা বিজয়ী। তেখেত অক্সফৰ্ড বিশ্ববিদ্যালয়ৰ ৰাউছ বল প্ৰফেছৰ অৱ মেথেমেটিক্সৰ এমিৰেটাছ।
-
ৰ্যনে দেকাৰ্ত
ৰ্যনে দেকাৰ্ত (René Descartes,; ৩১ মাৰ্চ ১৫৯৬ – ১১ ফেব্ৰুৱাৰী ১৬৫০) এজন ফৰাচী দাৰ্শনিক, বিজ্ঞানী আৰু গণিতজ্ঞ আছিল, যাক আধুনিক দৰ্শন আৰু বিজ্ঞানৰ উদ্ভৱনৰ ক্ষেত্ৰত এক প্ৰাথমিক ব্যক্তিত্ব হিচাপে গণ্য কৰা হয়।
-
আৰ্কিমিডিছ
আৰ্কিমিডিছ (Archimedes) এগৰাকী গ্ৰীক গণিতজ্ঞ, পদাৰ্থবিজ্ঞানী, প্ৰকৌশলী, জ্যোতিৰ্বিজ্ঞানী তথা দাৰ্শনিক আছিল। খ্ৰীষ্টপূৰ্ব ২৮৭ ত চিচিলি দ্বীপৰ ছিৰাকিকিউজত আৰ্কিমিডিছৰ জন্ম হয়। তেওঁৰ পিতৃ জ্যোতিৰ্বিজ্ঞানী আছিল। আলেকজেন্দ্ৰিয়াত তেওঁ পঢ়া-শুনা কৰিছিল।
-
জহান্স কেপলাৰ
জহান্স কেপলাৰ (Johannes Kepler; ২৭ ডিচেম্বৰ, ১৫৭১ – ১৫ নৱেম্বৰ, ১৬৩০) এজন জাৰ্মান গণিতবিদ, জ্যোতিৰ্বিজ্ঞানী আৰু জ্যোতিষী আছিল। তেওঁ ১৭শ শতিকাৰ জ্যোতিৰ্বৈজ্ঞানিক বিপ্লৱৰ অন্যতম প্ৰধান ব্যক্তিত্ব আছিল। কেপলাৰৰ গ্ৰহীয় গতিসূত্ৰ আৰু কেপলাৰ কনজেকচাৰৰ কাৰণে তেখেত বিখ্যাত।
-
গিয়ৰ্গ ছিমন ওম
গিয়ৰ্গ ছিমন ওম,(,; ১৬ মাৰ্চ ১৭৮৯ – ৬ জুলাই ১৮৫৪) আছিল এগৰাকী জাৰ্মান পদাৰ্থ বিজ্ঞানী আৰু গণিতজ্ঞ। বিদ্যালয়ৰ শিক্ষক হিচাপে গিয়ৰ্গ ওমে নতুনকৈ আৱিষ্কৃত হোৱা বিদ্যুৎ-ৰাসায়নিক কোষৰ গৱেষণা আৰম্ভ কৰিছিল; যিটো কোষ আৱিষ্কাৰ কৰিছিল ইটালীয়ান বিজ্ঞানী আলেচেন্দ্ৰো ভল্টাই।
-
জন ফ'ৰ্বছ্ নাশ্ব, কনিষ্ঠ
জন ফ'ৰ্বছ নাছ কনিষ্ঠ (জুন ১৩, ১৯২৮, মে' ২৩, ২০১৫) আমেৰিকাৰ এগৰাকী প্ৰখ্যাত গণিতজ্ঞ আছিল। খেল তত্ত্ব, ডিফাৰেন্সিয়েল জ্যামিতি আৰু আংশিক অৱকলজ সমীকৰণলৈ তেওঁৰ অৱদানৰ বাবে তেওঁক স্মৰণ কৰা হয়।
-
জেমছ ক্লাৰ্ক মেক্সৱেল
জেমছ ক্লাৰ্ক মেক্সৱেল এফ আৰ এছ ই এফ আৰ এছ (১৩ জুন ১৮৩১ - ৫ নৱেম্বৰ ১৮৭৯) এজন স্কটিছ গণিতজ্ঞ আৰু বিজ্ঞানী আছিল। তেওঁ তড়িৎ-চুম্বকীয় তৰংগৰ সৰ্বোত্তম তত্ত্ব বৰ্ণনা কৰিছিল, যাৰ সহায়ত বিদ্যুৎ, চুম্বকত্ব আৰু পোহৰক একে শক্তিৰ ভিন্ন ৰূপৰূপে বৰ্ণনা কৰা সম্ভৱ হৈছিল।
-
মাৰিয়াম মিৰ্জাখানী
মাৰিয়াম মিৰ্জাখানী (ফাৰ্চী: مریم میرزاخانی, উচ্চাৰণ [mæɾˈjæm miːɾzɑːxɑːˈniː]; ১২ মে' ১৯৭৭ – ১৪ জুলাই ২০১৭) এগৰাকী ইৰাণী গণিতজ্ঞ আৰু ষ্টেনফৰ্ড বিশ্ববিদ্যালয়ৰ গণিতৰ অধ্যাপক আছিল। তেওঁৰ গৱেষণা ক্ষেত্ৰসমূহৰ ভিতৰত আছিল- টেইচমুলাৰ তত্ত্ব, হাইপাৰবলিক জ্যামিতি, এৰগ'ডিক তত্ত্ব আৰু চিমপ্লেক্টিক জ্যামিতি।
-
কাৰ্ল ফ্ৰিডৰিখ গাউছ
জ'হানন্ কাৰ্ল ফ্ৰিডৰিখ গাঊছ (; Gauß,; Carolus Fridericus Gauss) (৩০ এপ্ৰিল ১৭৭৭২৩ ফ্ৰেব্ৰুৱাৰী ১৮৫৫) এজন জাৰ্মান গণিতজ্ঞ আৰু পদাৰ্থ-বিজ্ঞানী আছিল যিজনে সংখ্যা-তত্ত্ব (number theory), বীজগণিত (algebra), পৰিসংখ্যা (statistics), গাণিতিক বিশ্লেষণ (mathematical analysis), differential geometry, geodesy,…
-
নিক'লাচ ক'পাৰ্নিকাচ
নিক'লাচ ক'পাৰ্নিকাচ (Nicolaus Copernicus; ১৯ ফেব্ৰুৱাৰী ১৪৭৩ - ২৪ মে' ১৫৪৩) এজন বিখ্যাত জ্যোতিৰ্বিজ্ঞানী। তেওঁ নৱজাগৰণ যুগৰ এজন সুবিখ্যাত গণিতজ্ঞ আৰু জ্যোতিৰ্বিজ্ঞানী।
-
মাৰ্টিন ওম
মাৰ্টিন ওম (৬ মে', ১৭৯২, আৰ্লাংগেন – ১ এপ্ৰিল, ১৮৭২, বাৰ্লিন) এজন জাৰ্মান গণিতজ্ঞ আছিল। তেওঁ পদাৰ্থ বিজ্ঞানী গিয়ৰ্গ ছিমন ওমৰ সৰু ভায়েক।
-
অল্গা লেডিজেংস্কায়া
অল্গা আলেকজেন্দ্ৰভনা লেডিজেংস্কায়া (Óльга Алекса́ндровна Лады́женская; ৭ মাৰ্চ ১৯২২ – ১২ জানুৱাৰী ২০০৪) এগৰাকী ৰাছিয়ান গণিতজ্ঞ আছিল। তেওঁ অৱকলন গণিতৰ আংশিক অৱকলনীয় সমীকৰণৰ উন্নতি সাধন কৰিছিল। ইয়াৰ সহায়ত তেওঁ তৰল গতিবিজ্ঞান আৰু হিলবাৰ্টৰ ১৯তম সমস্যা সমাধান কৰিছিল।
-
এভাৰিষ্ট গেল'ৱা
এভাৰিষ্ট গেল'ৱা (২৫ অক্টোবৰ ১৮১১-৩১ মে' ১৮৩২) এগৰাকী ফ্ৰান্সৰ গণিতজ্ঞ আছিল আৰু তেওঁৰ জন্ম হৈছিল ব'ৰ্গ-লা-ৰেইনত। কৈশোৰ অৱস্থাতেই তেওঁ বহুপদ ৰাশিৰ সমীকৰণ এটা N-তম মূলকৰ দ্বাৰা সমাধানৰ আৱশ্যকীয় আৰু পৰ্যাপ্ত চৰ্ত নিৰ্ধাৰণ কৰিবলৈ সক্ষম হৈছিল আৰু ইয়াৰ জৰিয়তে গণিতশাস্ত্ৰৰ এটা দীৰ্ঘদিনীয়া সমস্যাৰো ওৰ…
-
এলব্ৰেখট ড্যুৰাৰ
এলব্ৰেখট ড্যুৰাৰ (Albrecht Dürer) (; ২১ মে, ১৪৭১– ৬ এপ্ৰিল, ১৫২৮) এগৰাকী জাৰ্মান চিত্ৰশিল্পী তথা গণিতজ্ঞ। তেওঁৰ অতি উচ্চপৰ্য্যায়ৰ কাঠত খোদিত শিল্পকলাসমূহৰ বাবে বিশ বছৰ বয়সতে তেওঁ সমগ্ৰ ইউৰোপতে প্ৰসিদ্ধ হৈ পৰে। বৰ্তমান এই শিল্পসমূহ Meisterstiche নামেৰে প্ৰসিদ্ধ।
-
কাৰেণ উলেনবেক
কাৰেণ কেছকুল্লা উলেনবেক (জন্ম ২৪ আগষ্ট ১৯৪২) এবেল বঁটা বিজয়ী প্ৰথমগৰাকী মহিলা গণিতজ্ঞ। উলেনবেকে আমেৰিকা যুক্তৰাষ্ট্ৰৰ অষ্টিনত অৱস্থিত টেক্সাছ বিশ্ববিদ্যালয়ত দীৰ্ঘদিন ধৰি অধ্যাপিকাৰ দায়িত্ব পালন কৰি ২০১৪ চনত অৱসৰ গ্ৰহণ কৰিছিল।
-
ডেভিদ পিংগ্ৰী
ডেভিড এডউইন পিংগ্ৰী (২ জানুৱাৰী, ১৯৩৩ – ১১ নৱেম্বৰ, ২০০৫) প্ৰাচীন বিশ্বৰ গণিতৰ এজন আমেৰিকান ইতিহাসবিদ আছিল। তেওঁ বিশ্ববিদ্যালয়ৰ অধ্যাপক আৰু ব্ৰাউন বিশ্ববিদ্যালয়ৰ গণিত আৰু ক্লাছিকৰ ইতিহাসৰ অধ্যাপক আছিল।
-
ডেভিদ হিলবাৰ্ট
ডেভিদ হিলবাৰ্ট (David Hilbert) হৈছে উনবিংশ আৰু বিংশ শতিকাৰ আটাইতকৈ প্ৰভাৱশালী গণিতজ্ঞসকলৰ মাজৰ এজন। গণিত-বিজ্ঞানৰ বিভিন্ন ক্ষেত্ৰত তেওঁৰ গুৰুত্বপূৰ্ণ অৱদান থাকিলেও 'ইনভেৰিয়েণ্ট থিয়ৰী' আৰু 'গৰ্ডন সমস্যা' সমাধানৰ বাবে হিলবাৰ্ট বেছি প্ৰখ্যাত।
-
নীলছ্ হেনৰিক্ আবেল
নীলছ্ হেনৰিক্ আবেল (5 আগষ্ট ১৮০২ – ৬ এপ্ৰিল ১৮২৯) এজন ন'ৰৱেৰ গণিতজ্ঞ আছিল। অতি দুখীয়া তথা মাত্ৰ ২৬ বছৰ বয়সতে মৃত্যুক আকোঁৱালি লোৱা সত্তেও তেওঁ গণিতশাস্ত্ৰলৈ গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াই থৈ গৈছে।
-
পিয়েৰ দি ফাৰ্মা
পিয়েৰ দি ফাৰ্মা (; 17 আগষ্ট ১৬০১ বা ১৬০৭ – ১২ জানুৱাৰী ১৬৬৫) আছিল ফ্ৰান্সৰ Toulouseৰ Parlementত এজন ফৰাছী অধিবক্তা। তেওঁ চখৰ বাবে আজৰি সময়ত গণিত কৰিছিল। ফাৰ্মাক কৃতিত্ব দিয়া হয় তেওঁৰ প্ৰায় সমান(ইংৰাজী:Adequality) কৌশলকে ধৰি অৱদানৰ বাবে যিয়ে নেকি Infinitesimal calculusৰ সৃষ্টিত আঁত ধৰিছিল।
-
বাৰ্নহাৰ্ড ৰিমান
জৰ্জ ফ্ৰিডৰিখ বাৰ্নহাৰ্ড ৰিমান (ছেপ্তেম্বৰ ১৭, ১৮২৬ – জুলাই ২০, ১৮৬৬) এজন প্ৰভাৱশালী জাৰ্মান গণিতজ্ঞ আছিল। গাণিতিক বিশ্লেষণ, সংখ্যা-তত্ত্ব আৰু অৱকলজীয় জ্যামিতিলৈ তেওঁ চিৰকলীয়া অৱদান আগবঢ়াই থৈ গৈছে। তেওঁৰে আৱিস্কাৰ ৰিমান জ্যামিতি পিছলৈ আইনষ্টাইনৰ সাধাৰণ আপেক্ষিকতাবাদৰ গাণিতিক ভেঁটি হয়গৈ।