অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

ওমৰ খৈয়াম

ওমৰ খৈয়াম (ইংৰাজী: Omar Khayyam) এগৰাকী একাদশ শতিকাৰ ইৰাণৰ কবি, গণিতজ্ঞ আৰু জ্যোতিৰ্বিদ। তেওঁৰ সম্পূৰ্ণ নাম ‘আবুন ফাতহ উমৰ ইবন ইব্ৰাহিম আল খাইয়াম গিয়াছউদ্দিন। ওমৰ খৈয়ামৰ জন্ম হয় ১০৪৮ চনত ইৰাণৰ (পাৰস্যৰ) নিশ্বাপুৰ, খোৰাছনত।

হালনাগাদ: ১৫ জুন ২০২০ ১৮০ শব্দ · ১ মিনিট সংগৃহীত ৭২
সংশোধনৰ পৰামৰ্শ

ওমৰ খৈয়াম (ইংৰাজী: Omar Khayyam) এগৰাকী একাদশ শতিকাৰ ইৰাণৰ কবি, গণিতজ্ঞ আৰু জ্যোতিৰ্বিদ। তেওঁৰ সম্পূৰ্ণ নাম ‘আবুন ফাতহ উমৰ ইবন ইব্ৰাহিম আল খাইয়াম গিয়াছউদ্দিন। ওমৰ খৈয়ামৰ জন্ম হয় ১০৪৮ চনত ইৰাণৰ (পাৰস্যৰ) নিশ্বাপুৰ, খোৰাছনত। খোৰাছন আৰু পশ্চিম পাৰস্যৰ বিভিন্ন স্থানত ওমৰ খৈয়ামে দৰ্শন শাস্ত্ৰৰ অধ্যাপনা কৰিছিল। অৱশ্যে পাচলৈ তেওঁ গণিত শাস্ত্ৰৰ গৱেষণাত আত্মনিয়োগ কৰে। পাৰস্যৰ চুলতান আলাউদ্দিন মালিক ওমৰ খৈয়ামৰ পৃষ্ঠপোষক আছিল। চুলতানৰ ৰাজসভাত ওমৰ খৈয়ামে জ্যোতিৰ্বিদৰূপে কাৰ্যনিৰ্বাহ কৰিছিল। চুলতানৰ নিৰ্দেশক্ৰমে ওমৰ খৈয়ামে আন সাতজন সহযোগীৰ সহায়ত ১০৭৪-৭৫ চনত পাৰ্চী বৰ্ষপঞ্জীৰ সংস্কাৰ কৰে। ১১৩১ খ্ৰীষ্টাব্দত ৮৩ বছৰ বয়সত ওমৰ খৈয়ামে মৃত্যুবৰণ কৰে। ১

ওমৰ খৈয়ামৰ ৰচনা:

ওমৰ খৈয়াম জ্যোতিৰ্বিদ্যা আৰু গণিত বিষয়ক কেইবাখনো বিখ্যাত গ্ৰন্থ ৰচয়িতা। তেওঁৰ সৰ্বোচ্চ জীৱন কীৰ্তি হৈছে ৰুবায়েট (ইংৰাজী:Rubaiyat) কাব্যগ্ৰন্থ। ৰুবায়েটত ওমৰ খৈয়ামৰ পাঁচশৰো অধিক কবিতা সংকলিত হৈছে। এইখন কাব্যগ্ৰন্থই ওমৰ খৈয়ামলৈ বিশ্বজোৰা খ্যাতি কঢ়িয়াই আনিছে। 'ৰুবায়ট'ত খৈয়ামে ভোগবাদ আৰু বিলাস-বাসনাৰ প্ৰশংসা আৰু সমৰ্থন কৰিছে। কিন্ত্ত জীৱন আৰু জগত সম্পৰ্কে তেওঁৰ সেই গভীৰ উপলব্ধিৰ সৰসতা তথা ব্যঞ্জনা অত্যন্ত মৰ্মস্পৰ্শী আৰু ৰমণীয়।

অসমীয়া ভাষালৈ ওমৰ খৈয়ামৰ ৰচনাৱলীৰ ভাঙনি:

ওমৰ খৈয়ামৰ ৰুবায়ট কাব্যগ্ৰন্থখন বৰ্তমান সময়লৈ পৃথিৱীৰ প্ৰায়বোৰ ভাষালৈকে অনূদিত হৈছে। অসমীয়া ভাষাত এই গ্ৰন্থখনি অনুবাদ কৰিছে কবি যতীন্দ্ৰ নাথ দুৱৰাই। ১৯২৬ চনত দুৱৰাই ওমৰ তীৰ্থ নামেৰে ৰুবায়ট অনুবাদ কৰে॥।

তথ্যসূত্ৰ

  1. ↑ শান্তনু কৌশিক বৰুৱা, সংক্ষিপ্ত অসমীয়া বিশ্বকোষ, প্ৰথম খণ্ড, পৃষ্ঠা নং:

সম্পৰ্কিত শ্ৰেণী

গণিতজ্ঞসাহিত্যিকইৰানৰ ব্যক্তি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ওমৰ খৈয়াম” প্ৰবন্ধৰ সংশোধন ২৩৮৪৪০ (১৫ জুন ২০২০)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।