অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

মাৰিয়াম মিৰ্জাখানী

মাৰিয়াম মিৰ্জাখানী (ফাৰ্চী: مریم میرزاخانی, উচ্চাৰণ [mæɾˈjæm miːɾzɑːxɑːˈniː]; ১২ মে' ১৯৭৭ – ১৪ জুলাই ২০১৭) এগৰাকী ইৰাণী গণিতজ্ঞ আৰু ষ্টেনফৰ্ড বিশ্ববিদ্যালয়ৰ গণিতৰ অধ্যাপক আছিল। তেওঁৰ গৱেষণা ক্ষেত্ৰসমূহৰ ভিতৰত আছিল- টেইচমুলাৰ তত্ত্ব, হাইপাৰবলিক জ্যামিতি, এৰগ'ডিক তত্ত্ব আৰু চিমপ্লেক্টিক জ্যামিতি।

হালনাগাদ: ২৪ ছেপ্তেম্বৰ ২০২৬ ৫৭৬ শব্দ · ৩ মিনিট সংগৃহীত ৮০
সংশোধনৰ পৰামৰ্শ

মাৰিয়াম মিৰ্জাখানী (ফাৰ্চী: مریم میرزاخانی, উচ্চাৰণ [mæɾˈjæm miːɾzɑːxɑːˈniː]; ১২ মে' ১৯৭৭ – ১৪ জুলাই ২০১৭) এগৰাকী ইৰাণী গণিতজ্ঞ১২৩৪ আৰু ষ্টেনফৰ্ড বিশ্ববিদ্যালয়ৰ গণিতৰ অধ্যাপক আছিল।৫৬৭ তেওঁৰ গৱেষণা ক্ষেত্ৰসমূহৰ ভিতৰত আছিল- টেইচমুলাৰ তত্ত্ব, হাইপাৰবলিক জ্যামিতি, এৰগ'ডিক তত্ত্ব আৰু চিমপ্লেক্টিক জ্যামিতি। ২০০৫ চনত মিৰ্জাখানীয়ে তেওঁৰ গৱেষণাৰ বাবে পপুলাৰ চায়েন্সৰ চতুৰ্থ বাৰ্ষিক "ব্ৰিলিয়েণ্ট ১০"ত সন্মানিত হৈছিল, য'ত তেওঁ নিজৰ ক্ষেত্ৰখনক উদ্ভাৱনীমূলক দিশত ঠেলি দিয়া শীৰ্ষ ১০ গৰাকী যুৱক-যুৱতীৰ ভিতৰত অন্যতম হিচাপে স্বীকৃতি লাভ কৰিছিল।৮

২০১৪ চনৰ ১৩ আগষ্টত মিৰ্জাখানীক গণিতৰ আটাইতকৈ সন্মানীয় বঁটাসমূহৰ অন্যতম, ফিল্ডছ মেডেলেৰে সন্মানিত কৰা হৈছিল।৯১০ এই বঁটাৰে সন্মানিত হোৱা তেওঁ প্ৰথমগৰাকী ইৰাণী লোক,১১ আৰু এতিয়ালৈকে মাত্ৰ দুগৰাকী মহিলাৰ ভিতৰত প্ৰথমগৰাকী। বঁটাপ্ৰদান সমিতিয়ে তেওঁ "the dynamics and geometry of Riemann surfaces and their moduli spaces" ক্ষেত্ৰত কৰা গৱেষণাকৰ্মৰ কথা উল্লেখ কৰিছিল।১২

২০১৭ চনৰ ১৪ জুলাইত ৪০ বছৰ বয়সত স্তনৰ কৰ্কট ৰোগত আক্ৰান্ত হৈ মিৰ্জাখানীৰ মৃত্যু হয়।১৩

প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা

১৯৭৭ চনৰ ১২ মে'ত১৪ ইৰাণৰ তেহৰাণত মিৰ্জাখানীৰ জন্ম হৈছিল।১৫ শিশু অৱস্থাত তেওঁ নেচনেল অৰ্গেনাইজেচন ফৰ ডেভেলপমেণ্ট অৱ এক্সেপচনেল টেলেণ্টছ (NODET)ৰ অংশ 'তেহৰাণ ফাৰজানেগান স্কুল'ত পঢ়িছিল। তেওঁ হাইস্কুলৰ নিম্ন আৰু উচ্চ বৰ্ষত ইৰাণৰ ৰাষ্ট্ৰীয় অলিম্পিয়াডত গণিত বিষয়ত সোণৰ পদক লাভ কৰিছিল, যাৰ ফলত তেওঁ ৰাষ্ট্ৰীয় মহাবিদ্যালয় প্ৰৱেশ পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ পৰা অব্যাহতি পাইছিল।১৬ ১৯৯৪ চনত মিৰ্জাখানীয়ে হংকঙত অনুষ্ঠিত আন্তঃৰাষ্ট্ৰীয় গাণিতিক অলিম্পিয়াডত ৪২ পইণ্টৰ ভিতৰত ৪১ পইণ্ট লাভ কৰি সোণৰ পদক লাভ কৰা প্ৰথমগৰাকী ইৰাণী মহিলা হিচাপে পৰিগণিত হয়।১৭ পিছৰ বছৰ টৰন্টোত তেওঁ সম্পূৰ্ণ স্ক'ৰ লাভ কৰা আৰু আন্তঃৰাষ্ট্ৰীয় গাণিতিক অলিম্পিয়াডত দুটা সোণৰ পদক লাভ কৰা প্ৰথমগৰাকী ইৰাণী হিচাপে পৰিগণিত হয়।১৮ জীৱনৰ পিছৰ কালছোৱাত তেওঁ বন্ধু, সহকৰ্মী আৰু অলিম্পিয়াডৰ ৰূপৰ পদক বিজয়ী ৰয়া বেহেষ্টি জাভাৰেহ (ফাৰ্চী: رؤیا بهشتی زواره)ৰ সৈতে সহযোগিতা কৰি 'এলিমেণ্টৰী নাম্বাৰ থিয়ৰী, চেলেঞ্জিং প্ৰব্লেমছ্' নামৰ কিতাপখন প্ৰস্তুত কৰিছিল, যিখন ১৯৯৯ চনত প্ৰকাশ পাইছিল।১৬ মিৰ্জাখানী আৰু জাভাৰেহ ইৰাণৰ ৰাষ্ট্ৰীয় গাণিতিক অলিম্পিয়াডত অংশগ্ৰহণ কৰা প্ৰথম মহিলা আছিল, আৰু ১৯৯৫ চনত দুয়ো যথাক্ৰমে স্বৰ্ণ আৰু ৰূপৰ পদক লাভ কৰিছিল।

১৯৯৮ চনৰ ১৭ মাৰ্চত প্ৰতিভাৱান আৰু প্ৰাক্তন অলিম্পিয়াড প্ৰতিযোগীসকলেৰে গঠিত এখন সন্মিলনত অংশগ্ৰহণ কৰাৰ পিছত মিৰ্জাখানী আৰু জাভাৰেহে উপস্থিত আন লোকসকলৰ সৈতে আহৱাজৰ পৰা তেহৰাণলৈ এখন বাছেৰে যাত্ৰা কৰিছিল। যাত্ৰাপথত বাছখন এক দুৰ্ঘটনাত পতিত হৈছিল। বাছখন থিয় গৰা এটাৰ পৰা বাগৰি পৰিছিল, যাৰ ফলত ৭ গৰাকী যাত্ৰীৰ মৃত্যু হৈছিল। তেওঁলোক আটাইকেইজন শ্বাৰীফ বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থী আছিল। ইৰাণত এই ঘটনাক বহুলভাৱে ৰাষ্ট্ৰীয় ট্ৰেজেডী বুলি গণ্য কৰা হয়। দুৰ্ঘটনাটোৰ পৰা বাচি যোৱা অতি কমসংখ্যক জীৱিত লোকৰ ভিতৰত মিৰ্জাখানী আৰু জাভাৰেহো অন্যতম আছিল।১৯

১৯৯৯ চনত মিৰ্জাখানীয়ে শ্বাৰীফ প্ৰযুক্তিবিদ্যা বিশ্ববিদ্যালয়ৰ পৰা গণিত শাখাত স্নাতক ডিগ্ৰী লাভ কৰে। তাত থকা সময়ছোৱাত তেওঁ শ্বুৰৰ এটা উপপাদ্যৰ এটা সৰল প্ৰমাণ উলিওৱা বাবে আমেৰিকান মেথেমেটিকেল ছ'চাইটিৰ পৰা স্বীকৃতি লাভ কৰিছিল।২০ ইয়াৰ পিছত তেওঁ স্নাতকোত্তৰ শিক্ষাৰ বাবে আমেৰিকালৈ যায়। তেওঁ ২০০৪ চনত হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ৰ পৰা পি এইচ ডি লাভ কৰে, য'ত তেওঁ ফিল্ডছ মেডেল বিজয়ী গণিতজ্ঞ কাৰ্টিছ টি মেকমুলেনৰ তত্বাৱধানত কাম কৰে।২১ হাৰ্ভাৰ্ডত তেওঁক "দৃঢ়তা আৰু অবিৰাম প্ৰশ্ন সোধা গুণৰ বাবে পৰিচিত" বুলি কোৱা হয়। শ্ৰেণীত তেওঁ নিজৰ মাতৃভাষা পাৰ্চীত টোকা লৈছিল।২২২৩

ব্যক্তিগত জীৱন

২০০৮ চনত মিৰ্জাখানীয়ে চেক তাত্ত্বিক কম্পিউটাৰ বিজ্ঞানী আৰু ব্যৱহাৰিক গণিতজ্ঞ জেন ভণ্ড্ৰাকৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল। তেওঁ বৰ্তমান ষ্টেনফৰ্ড বিশ্ববিদ্যালয়ৰ সহযোগী অধ্যাপক।২৪২৫ তেওঁলোকৰ এগৰাকী কন্যা সন্তান আছিল।২৬ মিৰ্জাখানীয়ে কেলিফৰ্ণিয়াৰ পালো আল্ট'ত বাস কৰিছিল।২৭

মিৰ্জাখানীয়ে নিজকে এগৰাকী "ধীৰ" গণিতজ্ঞ বুলি বৰ্ণনা কৰি কয় যে "গণিতৰ সৌন্দৰ্য্য চাবলৈ কিছু শক্তি আৰু কষ্ট ব্যয় কৰিব লাগিব।" সমস্যা সমাধানৰ বাবে মিৰ্জাখানীয়ে কাগজৰ শ্বীটত ডুডল আঁকিছিল আৰু অংকনবোৰৰ চাৰিওফালে গাণিতিক সূত্ৰ লিখিছিল। তেওঁৰ ছোৱালীয়ে মাকৰ কামক "চিত্ৰকলা" বুলি বৰ্ণনা কৰিছিল।২২২৮

তেওঁ ঘোষণা কৰিছিল:

মোৰ হাতত কোনো বিশেষ কাৰ্য নিৰ্দেশনা নাই [নতুন প্ৰমাণ বিকাশ কৰিবলৈ] ... ই যেন জংঘলত হেৰাই যোৱাৰ পিছত কিছুমান নতুন কৌশল উলিয়াবলৈ আপুনি গোটাব পৰা সকলো জ্ঞান ব্যৱহাৰৰ চেষ্টা কৰাৰ দৰে কথা। আৰু কিছু ভাগ্য থাকিলে আপুনি হয়তো বাহিৰলৈ ওলাই অহাৰ পথ বিচাৰি পাব পাৰে।২২

বঁটা আৰু সন্মান

  • স্বৰ্ণ পদক, আন্তৰ্জাতিক গাণিতিক অলিম্পিয়াড (হংকং ১৯৯৪)
  • স্বৰ্ণ পদক, আন্তৰ্জাতিক গাণিতিক অলিম্পিয়াড (কানাডা ১৯৯৫)
  • আই পি এম ফেল'শ্বিপ, তেহৰাণ, ইৰাণ, ১৯৯৫–১৯৯৯
  • মেৰিট ফেল'শ্বিপ হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়, ২০০৩
  • হাৰ্ভাৰ্ড জুনিয়ৰ ফেল'শ্বিপ হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়, ২০০৩
  • ক্লে মেথমেটিকেল ইনষ্টিটিউট ৰিচাৰ্ছ্ ফেলো, ২০০৪২৯
  • এ এম এছ ব্লুমেন্থাল বঁটা, ২০০৯৩০
  • ২০১০ চনত আন্তৰ্জাতিক গণিতজ্ঞ সন্মিলনত "ট'প'লজি এণ্ড ডাইনামিকেল চিষ্টেমছ এণ্ড অ'ডিই" বিষয়ত বক্তৃতা দিবলৈ আমন্ত্ৰণ লাভ।৩১
  • গণিতত ২০১৩ চনৰ এ এম এছ ৰুথ লিটল চেটাৰ বঁটা। "আমেৰিকান গণিত সমিতিৰ দ্বাৰা প্ৰতি দুবছৰৰ মূৰে মূৰে প্ৰদান কৰা এই ছেটাৰ বঁটাটোৱে পূৰ্বৰ ছয় বছৰত এগৰাকী মহিলাই গণিতৰ গৱেষণাত কৰা এক অসাধাৰণ অৱদানক স্বীকৃতি দিয়ে। ২০১৩ চনৰ ১০ জানুৱাৰীত ছান ডিয়েগোত অনুষ্ঠিত হোৱা যৌথ গণিত সভাত এই বঁটা প্ৰদান কৰা হয়।"৩০
  • চাইমনছ্ ইনভেষ্টিগেটৰ বঁটা ২০১৩৩২
  • ২০১৪ চনৰ নেচাৰ আলোচনীয়ে নিৰ্বাচন কৰা দহগৰাকী "গুৰুত্বপূৰ্ণ ব্যক্তি"ৰ ভিতৰত এগৰাকী।৩৩
  • ক্লে' ৰিচাৰ্ছ্ এৱাৰ্ড ২০১৪৩৪
  • ফিল্ডছ্ মেডেল ২০১৪১০৩৫
  • ২০১৫ চনত ফৰাচী বিজ্ঞান একাডেমীৰ বিদেশী সহযোগী নিৰ্বাচিত।৩৬
  • ২০১৫ চনত আমেৰিকান ফিল'চফিকেল ছ'চাইটিলৈ নিৰ্বাচিত।৩৭
  • নেচনেল একাডেমী অৱ চাইন্স ২০১৬৩৮
  • ২০১৭ চনত আমেৰিকান একাডেমী অৱ আৰ্টছ এণ্ড চাইন্সেছলৈ নিৰ্বাচিত।৩৯
  • "৩২১৩৫৭ মিৰ্জাখানী" গ্ৰহাণুটোৰ নাম তেওঁৰ স্মৃতিত ৰখা হৈছিল। আনুষ্ঠানিক নামকৰণৰ উদ্ধৃতিটো মাইনাৰ্ছ প্লেনেট চেণ্টাৰে (এমপিচি ১০৮৬৯৮) প্ৰকাশ কৰিছিল।

তথ্যসূত্ৰ

  1. ↑ Archived copy. mmirzakhani.com
  2. ↑ (12 August 2014). Maryam Mirzakhani, first woman to win maths' Fields Medal, dies. BBC News. bbc.com
  3. ↑ Valette, Alain. The Fields Medalists 2014. Institut de mathématiques, Université de Neuchâtel
  4. ↑ Chang, Kenneth. (16 July 2017). Maryam Mirzakhani, only woman to win a Fields Medal, dies at 40. The New York Times
  5. ↑ Mirzakhani, Maryam. (2007). Weil-Petersson volumes and intersection theory on the moduli space of curves. Journal of the American Mathematical Society. পৃ. 1–23
  6. ↑ Mirzakhani, Maryam. (January 2007). Simple geodesics and Weil-Petersson volumes of moduli spaces of bordered Riemann surfaces. Inventiones Mathematicae. পৃ. 179–222
  7. ↑ (9 April 2008). Report of the President to the Board of Trustees. Stanford University
  8. ↑ Newhall, Marissa. (13 September 2005). 'Brilliant' minds honored. USA Today
  9. ↑ (14 August 2014). President Rouhani Congratulates Iranian Woman for Winning Math Nobel Prize. Fars News Agency
  10. ↑ IMU Prizes 2014. International Mathematical Union
  11. ↑ Iran correspondent Saeed Kamali Dehghan. (16 July 2017). Maryam Mirzakhani: Iranian newspapers break hijab taboo in tributes. The Guardian
  12. ↑ Sample, Ian. (13 August 2014). Fields Medal mathematics prize won by woman for first time in its history. The Guardian
  13. ↑ (17 July 2017). Maryam Mirzakhani's Pioneering Mathematical Legacy. The New Yorker
  14. ↑ Why May12?. Celebrating Women in Mathematics
  15. ↑ Bridson, Martin. (2017-07-19). Maryam Mirzakhani obituary. The Guardian
  16. ↑ (21 August 2014). ریاضی به درست فکرکردن کمک می‌کند. Donya-e-Eghtesaad
  17. ↑ (15 July 2016). The 57th International Mathematical Olympiad Successfully Completed in Hong Kong. PrNewsWire
  18. ↑ (12 August 2014). Iranian woman wins maths' top prize. New Scientist
  19. ↑ بازخوانی یک پرونده کهنه. Sharif University of Technology Newspaper
  20. ↑ Karamzadeh, Omid Ali Shahni. آهسته و پیوسته در راهی دشوار. Sharq News
  21. ↑ Maryam Mirzakhani. The Mathematics Genealogy Project. Genealogy.math.ndsu.nodak.edu
  22. ↑ Myers, Andrew; Carey, Bjorn. (15 July 2017). Maryam Mirzakhani, Stanford mathematician and Fields Medal winner, dies. Stanford News
  23. ↑ Ahmed Khan, Sameen. (December 2017). Fields Medallist Maryam Mirzakhani. Asia Pacific Mathematics Newsletters. পৃ. 37
  24. ↑ (24 July 2011). بیوگرافی مریم میرزاخانی؛ ستاره پرفروغ دنیای ریاضیات (Biography Maryam Mirzakhani; the best-selling star of the world of mathematics). Zoomit
  25. ↑ Jan Vondrák, CV. Stanford University
  26. ↑ "A Tenacious Explorer of Abstract Surfaces", simonsfoundation.org. Retrieved 13 April 2014
  27. ↑ Putic, George. (13 August 2014). Iranian-American Woman Wins Top Mathematics Prize. Voice of America
  28. ↑ Jacobson, Howard. (29 July 2017). The world has lost a great artist in mathematician Maryam Mirzakhani. The Guardian
  29. ↑ (2008). Interview with Research Fellow Maryam Mirzakhani. Oxford University
  30. ↑ American Mathematical Society . Retrieved 6 January 2009
  31. ↑ ICM Plenary and Invited Speakers since 1897. International Congress of Mathematicians
  32. ↑ 2013 Simons Investigators Awardees · Simons Foundation. Simonsfoundation.org
  33. ↑ Gibney, E.; Leford, H.; Lok, C. (18 December 2014). Nature's 10 Ten people who mattered this year. Nature. পৃ. 311–319
  34. ↑ 2014 Clay Research Awards – Clay Mathematics Institute. Claymath.org
  35. ↑ Larousserie, David. (12 August 2014). Médaille Fields de mathématiques: une femme promue pour la première fois. Le Monde
  36. ↑ Quinze nouveaux associés étrangers à l'Académie des sciences. Institute de France Académie des Sciences
  37. ↑ (April 2015). Newly Elected. American Philosophical Society
  38. ↑ National Academy of Sciences Members and Foreign Associates Elected
  39. ↑ (May 2017). Maryam Mirzakhani elected to American Academy of Arts and Sciences. Department of Mathematics, Stanford University

সম্পৰ্কিত শ্ৰেণী

গণিতজ্ঞ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মাৰিয়াম মিৰ্জাখানী” প্ৰবন্ধৰ সংশোধন ৬৩৭৬৬৭ (২৪ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।