অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

জহান্স কেপলাৰ

জহান্স কেপলাৰ (Johannes Kepler; ২৭ ডিচেম্বৰ, ১৫৭১ – ১৫ নৱেম্বৰ, ১৬৩০) এজন জাৰ্মান গণিতবিদ, জ্যোতিৰ্বিজ্ঞানী আৰু জ্যোতিষী আছিল। তেওঁ ১৭শ শতিকাৰ জ্যোতিৰ্বৈজ্ঞানিক বিপ্লৱৰ অন্যতম প্ৰধান ব্যক্তিত্ব আছিল। কেপলাৰৰ গ্ৰহীয় গতিসূত্ৰ আৰু কেপলাৰ কনজেকচাৰৰ কাৰণে তেখেত বিখ্যাত।

হালনাগাদ: ৭ মে’ ২০২৬ ৪০৬ শব্দ · ২ মিনিট সংগৃহীত ৬৮
সংশোধনৰ পৰামৰ্শ

জহান্স কেপলাৰ (Johannes Kepler; ২৭ ডিচেম্বৰ, ১৫৭১ – ১৫ নৱেম্বৰ, ১৬৩০) এজন জাৰ্মান গণিতবিদ, জ্যোতিৰ্বিজ্ঞানী আৰু জ্যোতিষী আছিল। তেওঁ ১৭শ শতিকাৰ জ্যোতিৰ্বৈজ্ঞানিক বিপ্লৱৰ অন্যতম প্ৰধান ব্যক্তিত্ব আছিল। কেপলাৰৰ গ্ৰহীয় গতিসূত্ৰ আৰু কেপলাৰ কনজেকচাৰৰ কাৰণে তেখেত বিখ্যাত। পৰৱৰ্তীসময়ৰ জ্যোতিৰ্বিজ্ঞানীসকলে তেখেতৰ লেখা 'এষ্ট্ৰনমিয়া নোভা', 'হাৰমোনিকেছ মুন্দি' আৰু 'এপিতোমে এষ্ট্ৰনমিয়াই কোপেৰনিকানাই' গ্ৰন্থসমূহৰ মাজত লেখা নীতিসমূহকে তেখেতৰ সূত্ৰ হিচাপে নামকৰণ কৰিছে।

কৰ্মজীৱনত কেপলাৰ আছিল অষ্ট্ৰিয়াৰ গ্ৰাৎস চহৰত অৱস্থিত এখন স্কুলৰ গণিতৰ শিক্ষক য’ত তেওঁ প্ৰিন্স হান্স উলৰিখ ফন এগেনবেৰ্গৰ এজন ঘনিষ্ঠ সহযোগীতে পৰিণত হয়। ইয়াৰ পাছত বিখ্যাত জ্যোতিৰ্বিজ্ঞানী ট্যুকো ব্ৰাহেৰ সহকাৰী হয় আৰু এটাসময়ত সম্ৰাট ৰুডলফ ২ আৰু তেওঁৰ দুই উত্তৰসূৰী মাটিয়াচ আৰু ফেৰ্ডিনাণ্ড ২ ৰ ৰাজগণিতবিদ হিচাপে কাম কৰে। ইয়াৰ বাদেও অষ্ট্ৰিয়াৰ লিনৎস চহৰত গণিত পঢ়িছিল আৰু জেনাৰেল ভালেনষ্টাইনেৰ উপদেষ্টা হিচাপেও কাম কৰিছিল। সমসাময়িকভাৱে তেওঁ আলোকবিদ্যাৰ মৌলিক নীতি লৈ কাম কৰিছে, প্ৰতিসৰণ দুৰবীনৰ এটা উন্নততৰ সংস্কৰণ নিৰ্মাণ কৰে যাৰ নাম বৰ্তমানেও কেপলাৰীয় দূৰবীণ হিচাপে পৰিচিত।

কেপলাৰ যেতিয়া জীবিত অৱস্থাত আছিল তেতিয়া জ্যোতিৰ্বিজ্ঞান আৰু জ্যোতিষ শাস্ত্ৰৰ মাজত একো পাৰ্থক্য নাছিল, কিন্তু জ্যোতিৰ্বিজ্ঞানৰ সৈতে সুস্পষ্ট পাৰ্থক্য আছিল পদাৰ্থবিজ্ঞানৰ। সেইসময়ত পদাৰ্থবিজ্ঞান প্ৰাকৃতিক দৰ্শনৰ এটা শাখা আছিল আৰু জ্যোতিৰ্বিদ্যা আছিল লিবাৰেল আৰ্টচৰ অন্তৰ্ভুক্ত গণিতৰ এটা উপশাখা। কেপলাৰেও তেখেতৰ আবিষ্কাৰসমূহক ধৰ্মীয় যুক্তিৰ মাধ্যমেৰে সিদ্ধ কৰাৰ চেষ্টা কৰিছিল, তেওঁ মন কৰিছিল ঈশ্বৰে এটা মহাপৰিকল্পনাৰ অংশ হিচাপে বিশ্বজগত সৃষ্টি কৰিছে আৰু প্ৰাকৃতিক কাৰ্যকাৰণ অনুসন্ধানৰ মাধ্যমেই কেৱল সেই পৰিকল্পনাৰ কিছু বুজা সম্ভৱ।১ এইবাবেই বোধহয় কেপলাৰৰ গবেষণাকৰ্মক জ্যোতিৰ্বিজ্ঞান নুবুলি জ্যোতিৰ্বিদ্যা বুলিলেই বেছি যুক্তিসঙ্গত হ’ব। তেওঁ তেখেতৰ নতুন জ্যোতিৰ্বিদ্যাৰ নাম দিছিল "খ-পদাৰ্থবিদ্যা" (celestial physics)২ যাকে বিবেচনা কৰা যাব পাৰে এৰিষ্টটলৰ অধিবিদ্যাৰ জগতত এটা বিশেষ অভিযাত্ৰা৩ আৰু এৰিষ্টটলৰ "অন দ্য হেভেনচ" গ্ৰন্থৰ উত্তৰখণ্ড হিচাপে।৪ মূলকথা, জ্যোতিৰ্বিদ্যাক সৰ্বজনীন গাণিতিক পদাৰ্থবিদ্যাৰ এটা শাখা হিচাপে বিবেচনা কৰি তেওঁ ভৌত বিশ্বতত্ত্বৰ সুপ্ৰাচীন প্ৰথাক এটা নতুন আঙ্গিক মাত্ৰা প্ৰদান কৰিছিল।৫

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ Barker and Goldstein. "Theological Foundations of Kepler's Astronomy", pp. 112–13
  2. ↑ Kepler. New Astronomy, title page, tr. Donohue, pp. 26–7
  3. ↑ Kepler. New Astronomy, p. 48
  4. ↑ Epitome of Copernican Astronomy in Great Books of the Western World, Vol 16, p. 845
  5. ↑ Stephenson. Kepler's Physical Astronomy, pp. 1–2; Dear, Revolutionizing the Sciences, pp. 74–78

সম্পৰ্কিত শ্ৰেণী

জাৰ্মানীৰ ব্যক্তিজ্যোতিৰ্বিজ্ঞানীগণিতজ্ঞ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “জহান্স কেপলাৰ” প্ৰবন্ধৰ সংশোধন ৬০৫০৩৬ (৭ মে’ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।