ব্ৰহ্মগুপ্ত (সংস্কৃত ভাষা: ब्रह्मगुप्त) (খ্ৰীষ্টপূৰ্ব ৫৯৮- ?) আছিল এজন ভাৰতীয় জ্যোতিৰ্বিজ্ঞানী আৰু গণিতজ্ঞ। হৰ্ষবৰ্ধনৰ ৰাজত্বত তেখেত উজ্জ্বয়িনীৰ জ্যোতিষ্ক পৰিদৰ্শন কেন্দ্ৰৰ অধ্যক্ষ্য আছিল। তেখেতে নিজে লিখি যোৱা মতে তেখেতৰ জন্মবৰ্ষ খ্ৰীষ্টপূৰ্ব ৫৯৮। চাৱড়া ৰাজবংশৰ শাসনকালত ভিল্লামালা (এতিয়াৰ ভিনমাল) তেখেতৰ জন্ম হৈছিল। তেখেতৰ পিতৃৰ নাম ব্যাগ্ৰহমুখ। তেওঁলোকৰ ধৰ্ম আছিল শৈৱ।১
গণিত আৰু জ্যোতিৰ্বিজ্ঞান লৈ এখেতে "ব্ৰহ্মস্ফুট সিদ্ধান্ত" (৬২৮ খ্ৰীষ্টাব্দ) নামৰ এখন গ্ৰন্থ ৰচনা কৰে। ইয়াৰ একাংশত অখণ্ড সংখ্যা, ভগ্নাংশৰ ব্যৱহাৰ, সমান্তৰ শ্ৰেণী, ঐকিক, ত্ৰিৰাশিক, সৰল সুতকছা, সৰল ৰৈখিক, ক্ষেত্ৰৰ পৰিমিতি, ঘনফল আৰু ত্ৰিকোণমিতিৰ চৰ্চা কৰা হৈছে। আন এটা অংশত নক্ষত্ৰৰ অৱস্থান নিৰ্ণয় পদ্ধতিৰ আলোচনা কৰা হৈছে। ব্ৰহ্মস্ফুট সিদ্ধান্ত ৭২২ খ্ৰীষ্টাব্দত আৰবী ভাষালৈও অনুদিত হয়।২
তেখেতৰ অনৱদ্য উপহাৰ, তেখেতে শূণ্য আৱিষ্কাৰ কৰিছিল।
তথ্যসূত্ৰ
- ↑ Bhattacharyya, R. K. (২০১১). Ancient Indian Leaps into Mathematics. Springer Science & Business Media. পৃ. ১৮৫
- ↑ দাস, ভুবনমোহন (সম্পাদনা). (১৯৮৭). প্ৰাথমিক বিজ্ঞানকোষ- চতুৰ্থ খণ্ড. অসম বিজ্ঞান সমিতি. পৃ. ৪৮
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ব্ৰহ্মগুপ্ত” প্ৰবন্ধৰ সংশোধন ৩২২৭৭২ (৩১ মে’ ২০২২)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।