গণিতজ্ঞ
৫১ প্ৰবন্ধ
-
লিঅ'নাৰ্ড অইলাৰ
লিঅ'নাৰ্ড অইলাৰ (;,; এপ্ৰিল ১৫, ১৭০৭ছেপ্টেম্বৰ ১৮, ১৭৮৩) এজন অগ্ৰদূত ছুইছ্ গণিতজ্ঞ তথা পদাৰ্থবিজ্ঞানী আছিল। তেওঁ আনকি Infinitesimal calculus আৰু Graph theoryৰ নিচিনা ভিন্ন মেৰুৰ ক্ষেত্ৰতো গুৰুত্ব-পূৰ্ণ আৱিষ্কাৰ কাৰিছিল।
-
হৰিশ-চন্দ্ৰ
হৰিশ-চন্দ্ৰ (Harish-Chandra; ১১ অক্টোবৰ, ১৯২৩ – ১৬ অক্টোবৰ, ১৯৮৩) এজন ভাৰতীয় মূলৰ আমেৰিকান গণিতজ্ঞ আৰু পদাৰ্থ বিজ্ঞানী। তেওঁ নিজৰ নামটো হৰিশচন্দ্ৰ বুলিয়েই লিখিছিল যদিও তেওঁৰ প্ৰথমখন বৈজ্ঞানিক গৱেষণা পত্ৰৰ প্ৰকাশৰ সময়ত সম্পাদকে তেওঁৰ নামটোৰ শব্দযুগলৰ মাজত এডাল হাইফেন বহুৱাই দিলে, হৰিশ-চন্দ্ৰ।
-
আডা লাভলেছ
অগুষ্টা আডা কিং, কাউণ্টেছ অৱ লাভলেছ (Née'বাইৰন; ১০ ডিচেম্বৰ ১৮১৫ – ২৭ নৱেম্বৰ ১৮৫২) এগৰাকী ইংৰাজ গণিতজ্ঞ আৰু লেখিকা আছিল, মূলতঃ তেওঁৰ বাবেই চাৰ্লছ বেবেজৰ কম্পিউটাৰ আৰু বিশ্লেষণাত্মক ইঞ্জিনৰ যান্ত্ৰিক উদ্দেশ্যৰ ওপৰত কামৰ পৰিচয় হয়।
-
আনন্দ কুমাৰ
আনন্দ কুমাৰ (জন্ম ১ জানুৱাৰী ১৯৭৩) এজন ভাৰতীয় গণিতৰ প্ৰশিক্ষক যি ২০০২ চনত বিহাৰৰ পাটনাত আৰম্ভ কৰা চুপাৰ ৩০ কাৰ্য্যসূচীৰ বাবে বেছি জনপ্ৰিয় যʼত আৰ্থিকভাৱে পিছপৰা ছাত্ৰ-ছাত্ৰীক ভাৰতীৰ প্ৰায়োগিক প্ৰতিষ্ঠানৰ প্ৰৱেশ পৰীক্ষা আই আই টি-জে ই ই পৰীক্ষাৰ বাবে প্ৰশিক্ষণ দিয়া হয়।
-
ইউক্লিড
ইউক্লিড (আনুমানিক খ্ৰী:পূ: ৩৩০-খ্ৰী:পূ: ২৭৫) আছিল এজন মহান গ্ৰীক গণিতজ্ঞ। তেওঁক ‘জ্যামিতিৰ পিতা’ বুলিও অভিহিত কৰা হয়।
-
ইবন চিনা
ইবন চিনা (ابن سينا; সম্পূৰ্ণ নাম: আবু আলী আল-হুছেইন ইবন আব্দুল্লাহ ইবন চিনা) আছিল এখন মধ্যযুগীয় ইছলামিক জ্ঞানৰ দীপ্তিমান পুৰুষ। তেওঁক সাধাৰণতে আৱিছেনা (Avicenna) নামেৰে পশ্চিমীয়া দেশসমূহত জনা যায়। তেওঁৰ জন্ম খ্ৰীষ্টীয় ৯৮০ চনত বৰ্তমান উজবেকিস্তানৰ আফ্শানা নামৰ ঠাইত হৈছিল।
-
কিম প্লফকাৰ
কিম লেচলি প্লফকাৰ ( Kim Leslie Plofker; জন্ম: ২৫ নৱেম্বৰ, ১৯৬৪) ভাৰতীয় গণিতত বিশেষজ্ঞ গণিতৰ এজন আমেৰিকান ইতিহাসবিদ।
-
ডেনিছ চুলিভান
ডেনিছ পাৰনেল চুলিভান (Dennis Parnell Sullivan, জন্ম: ১২ ফেব্ৰুৱাৰী ১৯৪১) এগৰাকী আমেৰিকান গণিতজ্ঞ। তেওঁ বীজগণিতীয় ট'প'লজী, জ্যামিতিক ট'প'লজী আৰু গতিশীল প্ৰণালীৰ বিষয়ে গৱেষণাৰ বাবে জনাজাত।
-
মেৰিনা ভিয়াজভস্কা
মেৰিনা চেৰ্গিভনা ভিয়াজভস্কা ( ইউক্ৰেইন: Марина Сергіївна В'язовська; জন্ম ১৯৮৪) এগৰাকী ইউক্ৰেইনৰ গণিতজ্ঞ। তেওঁ গোলক সাজোনৰ (sphere packing) ওপৰত কৰা গৱেষণা কৰ্মৰ বাবে পৰিচিত। বৰ্তমান তেওঁ ছুইজাৰলেণ্ডৰ ইক'ল পলিটেকনিক ফেডাৰেল ডি ল'জানৰ গণিত প্ৰতিষ্ঠানৰ সংখ্যা তত্ত্ব আসনৰ অধ্যাপক।
-
শ্ৰীধৰ
শ্ৰীধৰ বা শ্ৰীধৰাচাৰ্য (অষ্টম–নৱম শতিকা) এজন ভাৰতীয় গণিতজ্ঞ আছিল, গাণিতিক আৰু ব্যৱহাৰিক গণিতৰ বিষয়ে প্ৰচলিত দুখন গ্ৰন্থ পাটিগণিত আৰু পাটিগণিত-সাৰ আৰু বীজগণিত সম্পৰ্কীয় এখন বীজগণিতৰ অধুনালুপ্ত গ্ৰন্থৰ বাবে পৰিচিত।
-
আৰ্যভট্ট (দ্বিতীয়)
আৰ্যভট্ট (আনুমানিক ৯২০ – ১০০০) যাক আৰ্য দিয়া জাংকি বুলিও জনা যায়, এগৰাকী ভাৰতীয় গণিতজ্ঞ আৰু জ্যোতিৰ্বিজ্ঞানী আৰু মহা-সিদ্ধান্তৰ ৰচক। তেওঁৰ পূৰ্বৰ আৰু অধিক প্ৰভাৱশালী আৰ্যভট্ট প্ৰথমৰ পৰা পৃথক কৰিবলৈ আৰ্যভট্ট(দ্বিতীয়) বুলি উল্লেখ কৰা হৈছে।
-
ইজাবেলা আব্ৰামোভিচ
ইজাবেলা আব্ৰামোভিচ (৯ নৱেম্বৰ ১৮৮৯, লুট'ছলাভিচ – ২২ জানুৱাৰী ১৯৭৩, লেচিকা) পোলেণ্ডৰ গণিতজ্ঞ আৰু গণিত শিক্ষাবিদ আছিল। গাণিতিক শিক্ষাৰ প্ৰতি আগবঢ়োৱা সেৱাৰ বাবে তেওঁক নাইটছ ক্ৰছ অৱ দ্য অৰ্ডাৰ অৱ প’ল’নিয়া ৰেষ্টিটিউটাৰ সন্মানেৰে সন্মানিত কৰা হয়।
-
তাত্যানা আফানাচিয়েভা-এহ্ৰেনফেষ্ট
তাত্যানা আলেক্সেয়েভনা আফানাচিয়েভা-এহ্ৰেনফেষ্ট (জন্ম নাম: আফানাছিয়েভা; ১৯ নৱেম্বৰ ১৮৭৬ – ১৪ এপ্ৰিল ১৯৬৪) ৰাছিয়ান-ডাচ গণিতজ্ঞ আৰু পদাৰ্থবিজ্ঞানী আছিল, যিয়ে তেওঁৰ স্বামী পল এহ্ৰেনফেষ্টৰ সৈতে পৰিসংখ্যা বলবিজ্ঞান আৰু পৰিসংখ্যাগত তাপগতিবিদ্যাৰ ক্ষেত্ৰত অৱদান আগবঢ়াইছিল।
-
নীলাঞ্জনা দত্ত
নীলাঞ্জনা দত্ত হ'ল এগৰাকী ভাৰতীয় বংশোদ্ভত ব্ৰিটিছ অংকবিদ। তেওঁৰ বিষয় হৈছে কোৱাণ্টাম তথ্য তত্ত্ব। কেম্ব্ৰিজ বিশ্ববিদ্যালয়ৰ "প্ৰায়োগিক গণিত আৰু তাত্ত্বিক পদাৰ্থবিজ্ঞান" বিভাগত তেওঁ এই বিষয়টোত ৰিডাৰ হিচাপে নিযুক্ত। ইয়াৰ উপৰি তেওঁ পেম্ব্ৰক মহাবিদ্যালয়ৰো এগৰাকী সভ্য।
-
পিয়েৰী ভাৰ্ণিয়াৰ
পিয়েৰী ভাৰ্ণিয়াৰ (Pierre Vernier) আছিল এজন ফৰাচী গণিতজ্ঞ আৰু সঁজুলি উদ্ভাৱক। জোখমাখৰ বাবে ব্যৱহাৰ কৰা ভাৰ্ণিয়াৰ স্কেল তেখেতেই আৱিষ্কাৰ কৰিছিল, সেয়েহে তেওঁৰ নামেৰেই স্কেলডালৰ নামকৰণ কৰা হৈছিল।
-
বাসন্তী এন. ভাটনায়ক
বাসন্তী এন. ভাটয়ানকএগৰাকী ভাৰতীয় গণিতজ্ঞ। তেখেতৰ গৱেষণাই "সুষম অসম্পূৰ্ণ ব্লক ডিজাইন"(balanced incomplete block design), "দ্বিখণ্ডিত লেখ"(bivariegated graph),"গ্ৰেচফুল লেখ"(graceful graph), "লেখ সমীকৰণ", আৰু "কম্পনাংক বিভাজন"ক(frequency partition) সামৰি লয়।
-
ভাস্কৰ (প্ৰথম)
ভাস্কৰ (আনুমানিক ৬০০ – ৬৮০) (দ্বাদশ শতিকাৰ গণিতজ্ঞ ভাস্কৰ দ্বিতীয়ৰ সৈতে বিভ্ৰান্তিৰ পৰা হাত সাৰিবলৈ সাধাৰণতে ভাস্কৰ প্ৰথম বুলি কোৱা হয়) আছিল সপ্তম শতিকাৰ ভাৰতীয় গণিতজ্ঞ আৰু জ্যোতিৰ্বিজ্ঞানী, যিয়ে হিন্দু–আৰবী দশমিক ব্যৱস্থাত প্ৰথম শূন্যৰ বাবে এটা বৃত্তৰে সংখ্যা লিখিছিল আৰু যিয়ে আৰ্যভট্টৰ ৰচনাৰ…
-
লুইজ ড'ৰিছ এডামছ
লুইজ ড’ৰিছ এডামছ (২ জুলাই ১৮৮৯ – ২৪ ডিচেম্বৰ ১৯৬৫) এগৰাকী ব্ৰিটিছ গণিত শিক্ষাবিদ আৰু বিদ্যালয় পৰিদৰ্শক (HMI) আছিল যিয়ে ১৯৫৩ চনত এ বেকগ্ৰাউণ্ড টু প্ৰাইমেৰী স্কুল মেথেমেটিক্স (অক্সফৰ্ড ইউনিভাৰ্চিটি প্ৰেছ) নামৰ কিতাপখন লিখিছিল আৰু ১৯৫৯ চনৰ বাবে গাণিতিক সংস্থাৰ সভাপতি আছিল।
-
ৰাধিকা কুলকাৰ্ণী
ৰাধিকা বিদ্যাধৰ কুলকাৰ্ণী (জন্ম ১৯৫৬) এগৰাকী অৱসৰপ্ৰাপ্ত ভাৰতীয় আৰু আমেৰিকান অপাৰেশ্যনচ ৰিচাৰ্ছাৰ, আৰু ২০২২ চনত INFORMSৰ সভাপতি। বেচহোফাৰ-কুলকাৰ্নি নিৰ্বাচন পদ্ধতি বা বেচহোফাৰ-কুলকাৰ্ণী বন্ধ কৰা নিয়ম, বাৰ্ন'লি প্ৰক্ৰিয়াত সৰ্বোচ্চকৰণৰ বাবে বন্ধ কৰাৰ নিয়ম, তেওঁৰ ডক্টৰেট উপদেষ্টা ৰবাৰ্ট ই…
-
ৰেচেল ব্লডগেট এডামছ
ৰেচেল ব্লডগেট এডামছ (জন্ম:১৩ অক্টোবৰ, ১৮৯৪–মৃত্যু:২২ জানুৱাৰী, ১৯৮২) এগৰাকী অগ্ৰণী আমেৰিকান গণিতজ্ঞ আৰু ১৯২১ চনত ৰেডক্লিফ কলেজত গণিতত ডক্টৰেট ডিগ্ৰী লাভ কৰা প্ৰথম মহিলাসকলৰ ভিতৰত অন্যতম আছিল।
-
ৰেণু চি. লস্কৰ
ৰেণু চক্ৰৱৰ্তী লস্কৰ (জন্ম-১৯৩২) হৈছে এগৰাকী ভাৰতীয়-আমেৰিকান গণিতজ্ঞ। তেখেতে লেখ তত্ত্বলৈ বিশেষ বৰঙনি আগবঢ়াইছে। ক্লেমছন বিশ্ববিদ্যালয়ৰ গণিত বিজ্ঞানৰ তেখেতে "এমৰিটা অধ্যাপক"। ১৯৬২ চনত তেখেতে ইলিঅ'নয়ছ বিশ্ববিদ্যালয়ৰ পৰা গণিতৰ বিষয়ত গৱেষণা কৰি ডক্তৰেট ডিগ্ৰী লাভ কৰে।