অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

পিয়েৰ দি ফাৰ্মা

পিয়েৰ দি ফাৰ্মা (; 17 আগষ্ট ১৬০১ বা ১৬০৭ – ১২ জানুৱাৰী ১৬৬৫) আছিল ফ্ৰান্সৰ Toulouseৰ Parlementত এজন ফৰাছী অধিবক্তা। তেওঁ চখৰ বাবে আজৰি সময়ত গণিত কৰিছিল। ফাৰ্মাক কৃতিত্ব দিয়া হয় তেওঁৰ প্ৰায় সমান(ইংৰাজী:Adequality) কৌশলকে ধৰি অৱদানৰ বাবে যিয়ে নেকি Infinitesimal calculusৰ সৃষ্টিত আঁত ধৰিছিল।

হালনাগাদ: ২৬ আগষ্ট ২০২৬ ১৩৩ শব্দ · ১ মিনিট সংগৃহীত ৭২
সংশোধনৰ পৰামৰ্শ

পিয়েৰ দি ফাৰ্মা (; 17১ আগষ্ট ১৬০১ বা ১৬০৭ – ১২ জানুৱাৰী ১৬৬৫) আছিল ফ্ৰান্সৰ Toulouseৰ Parlementত এজন ফৰাছী অধিবক্তা। তেওঁ চখৰ বাবে আজৰি সময়ত গণিত কৰিছিল। ফাৰ্মাক কৃতিত্ব দিয়া হয় তেওঁৰ প্ৰায় সমান(ইংৰাজী:Adequality) কৌশলকে ধৰি অৱদানৰ বাবে যিয়ে নেকি Infinitesimal calculusৰ সৃষ্টিত আঁত ধৰিছিল। বিশেষকৈ সংখ্যা তত্ব(ইংৰাজী:সংখ্যাতত্ত্ব)ত গৱেষণা তথা বক্ৰৰেখাৰ বৃহত্তম আৰু ক্ষুদ্ৰতম Ordinate নিৰ্ণয় কৰাৰ কাৰণে এটা মৌলিক পদ্ধতিৰ আৱিস্কাৰৰ বাবে তেওঁক স্বীকৃতি প্ৰদান কৰা হয়- যি পদ্ধতি সেই সময়ত অজ্ঞাত অৱকলন গণিত(ইংৰাজী:Differential calculus)ৰ সদৃশ আছিল। তদুপৰি Analytic geometry, সম্ভাৱিতা আৰু পোহৰ বিজ্ঞান লৈ তেওঁ ঊল্লেখনীয় অৱদান দি থৈ গৈছে। তেওঁৰ নামেৰে থকা ফাৰ্মাৰ অন্তিম উপপাদ্যৰ বাবে তেওঁ সকলোতকৈ জনাজাত, যিটো তেওঁ Diophantus' Arithmeticaৰ এখন বহীৰ সীমাত এটা টোকাত বৰ্ণনা কৰি থৈ গৈছিল।এওঁক ৰেনে ডেকাৰ্টে়ৰ সৈতে যুটীয়াকৈ আধুনিক সংখ্যাতত্ত্বৰ আৰু ব্লেইজ পাস্কেলৰ সৈতে যুটীয়াকৈ আধুনিক সম্ভাৱিতাৰ জনক আখ্যা দিয়া হয়।

তথ্যসূত্ৰ

  1. ↑ Křížek, M.; Luca, Florian; Somer, Lawrence. (2001). 17 lectures on Fermat numbers: from number theory to geometry. CMS books in mathematics. Springer. পৃ. v. ISBN 978-0-387-95332-8

সম্পৰ্কিত শ্ৰেণী

ফ্ৰান্সৰ ব্যক্তিগণিতজ্ঞ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “পিয়েৰ দি ফাৰ্মা” প্ৰবন্ধৰ সংশোধন ৬৩১৬২৩ (২৬ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।