নীলছ্ হেনৰিক্ আবেল (5 আগষ্ট ১৮০২ – ৬ এপ্ৰিল ১৮২৯) এজন ন'ৰৱেৰ গণিতজ্ঞ আছিল। অতি দুখীয়া তথা মাত্ৰ ২৬ বছৰ বয়সতে মৃত্যুক আকোঁৱালি লোৱা সত্তেও তেওঁ গণিতলৈ গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াই থৈ গৈছে। আবেল আছিল Elliptic functionsৰ ক্ষেত্ৰ(ইংৰাজী ভাষা:field)ত এজন ঊদ্ভাৱক(ইংৰাজী ভাষা:innovator), Abelian functionsৰ আৱিস্কাৰক আৰু আধুনিক গণিতৰ কেইবাটাও শাখাৰ বিকাশত অগ্ৰদূত। বেছিভাগ কামেই তেওঁ কৰ্মজীৱনৰ ছয়-সাত বছৰত কৰা।১ আবেলৰ বিষয়ে ফৰাছী গণিতজ্ঞ চাৰ্লছ হাৰমাইট্(ইংৰাজী ভাষা:Charles Hermite)এ কৈছিল, "আবেলে গণিতজ্ঞ সকলৰ বাবে যিখিনি দি থৈ গৈছে সেইখিনি তেওঁলোকক পাঁচশ বছৰ ব্যস্ত কৰি ৰাখিবলৈ যথেষ্ট।"১২ আন এজন ফৰাছী গণিতজ্ঞ Adrien-Marie Legendreএ কৈছিল, "quelle tête celle du jeune Norvégien!" ("এজন যুৱ ন'ৰৱেইয়ানৰ কি যে মগজ্!").৩ গণিতজ্ঞ নীলছ্ হেনৰিক্ আবেলৰ সোঁৱৰণীত নৰৱেজিয়ান অকাদেমি অৱ ছায়েঞ্চ এণ্ড লেটাৰ্ছ NASL -এ ২০০৩ চনৰ পৰা প্ৰতিবছৰে আবেল বঁটা (Abel Prize) নামৰ এক বঁটা গণিতৰ জগতখনলৈ অসামান্য বৰঙণি আগবঢ়োৱা এক বা ততোধিক গণিতজ্ঞক প্ৰদান কৰি আহিছে।
তথ্যসূত্ৰ
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “নীলছ্ হেনৰিক্ আবেল” প্ৰবন্ধৰ সংশোধন ৩৮১৫৯০ (২৮ ছেপ্তেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।