বাদাম হৈছে এক প্ৰকাৰৰ খাদ্য, যাক সাধাৰণতে বীজ ৰূপে খোৱা হয় আৰু যাৰ ওপৰত এক কঠিন আৱৰণ থাকে। যদিও বহু প্ৰকাৰৰ বীজ আৰু ফলক সাধাৰণ কথোপকথনত "বাদাম" বুলি কোৱা হয়, উদ্ভিদবিদ্যাৰ দৃষ্টিকোণত কেৱল বিশেষ ধৰণৰ ফলবোৰহে প্ৰকৃত বাদাম হিচাপে গণ্য কৰা হয়। উদাহৰণস্বৰূপে- হেজেলনাট, চেষ্টানাট, আৰু একোৰ্ণ হ'ল প্ৰকৃত বাদাম।১
বিভিন্ন প্ৰকাৰৰ বাদাম
| বিভিন্ন প্ৰকাৰৰ বাদাম | ||
|---|---|---|
| নাম | ছবি | উৎপত্তি |
| কাঠবাদাম (Prunus dulcis) | ইৰান | |
| ব্ৰাজিলিয়ান বাদাম (Bertholletia excelsa) | ||
| কাজু বাদাম (Anacardium occidentale) | উত্তৰ-পূব ব্ৰাজিল | |
| চেষ্টনাট (Castanea dentata) | উত্তৰ গোলাৰ্ধৰ নাতিশীতোষ্ণ অঞ্চল | |
| নাৰিকল (Cocos nucifera) | গ্ৰীষ্মমণ্ডল | |
| হেজেলনাট (Corylus avellana) | উত্তৰ গোলাৰ্ধৰ নাতিশীতোষ্ণ অঞ্চল | |
| মেকাডামিয়া (Macadamia spp.) | অষ্ট্ৰেলিয়া | |
| চীনা বাদাম (Arachis hypogaea) | দক্ষিণ আমেৰিকা যুক্তৰাষ্ট্ৰ | |
| পিকান বাদাম (Carya illinoinensis) | দক্ষিণ মাৰ্কিন যুক্তৰাষ্ট্ৰ, উত্তৰ মেক্সিকো | |
| পাইন বাদাম (Pinus spp.) | উত্তৰ গোলাৰ্ধ | |
| পেস্তা বাদাম (Pistacia vera) | মধ্য এছিয়া | |
| আখৰ'ট (Juglans regia) Black walnut (Juglans nigra) | ইৰান, মধ্য এছিয়া |
উদ্ভিদবিদ্যা
উদ্ভিদবিদ্যাৰ দৃষ্টিকোণত বাদাম হৈছে এটা শুকান ফল, যাৰ বীজটো কঠিন আৱৰণৰ ভিতৰত থাকে। এইবিলাক সাধাৰণতে যৌগিক ডিম্বাশয়ৰ পৰা উৎপন্ন হয়।২
সাধাৰণ ব্যৱহাৰ
দৈনন্দিন কথোপকথনত বহু ধৰণৰ খোলা বা গুটিকেই বাদাম বুলি কোৱা হয়, যদিও ইবোৰ প্ৰকৃত বাদাম নহয়। উদাহৰণস্বৰূপে:চীনাবাদাম, লেগিউম, কাজু, কলাবাদাম আদি।
এইবোৰত বীজটো খোৱা হয় আৰু বহলভাৱে খাদ্য হিচাপে ব্যৱহৃত হয়, সেয়ে সৰ্বসাধাৰণতে "বাদাম" বুলি কোৱা হয়।
পুষ্টিমান
বাদাম উচ্চ শক্তি সম্পন্ন খাদ্য, য’ত প্ৰচুৰ পৰিমাণে মাংসসাৰ, অসম্পৃক্ত চৰ্বি, আঁহ, ভিটামিন E, মেগনেছিয়াম, আৰু এণ্টিঅক্সিডেণ্ট থাকে। এইসকল উপাদানে হৃদযন্ত্ৰৰ ৰোগ, ৰক্তচাপ, আৰু মগজুৰ ক্ৰিয়া উন্নত কৰিবলৈ সহায় কৰে।৩
খাদ্যৰূপে ব্যৱহাৰ
বাদাম কেঁচাই বা ভাজি খোৱা হয়, লগতে মিঠাই, চকলেট, পেকেট খাদ্য আদিত বহুল ব্যৱহৃত। বাদামৰ পৰা তেল (চীনাবাদাম, কাজু) আৰু গাখীৰ (বাদাম গুটি) তৈয়াৰ কৰা হয়।
তথ্যসূত্ৰ
- ↑ Nut. Encyclopædia Britannica
- ↑ Esau, Katherine. (1977). Anatomy of Seed Plants. John Wiley & Sons. ISBN 9780471245209
- ↑ Ros, E. (2010). Health benefits of nut consumption. Nutrients. পৃ. 652–682
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বাদাম” প্ৰবন্ধৰ সংশোধন ৬৩২২৭৬ (২৬ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।