কিংবদন্তিমূলক জীৱ
৮৫ প্ৰবন্ধ
-
ছেৰাব
ছেৰাব (ইংৰাজী: cherub;; হিব্ৰু: כְּרוּב) হৈছে আব্ৰাহামিক ধৰ্ম অনুসৰি ঈশ্বৰৰ প্ৰত্যক্ষভাৱে যত্ন লোৱা অপাৰ্থিৱ সত্তাসমূহৰ ভিতৰত অন্যতম। ছেৰাবসকলৰ বিভিন্ন কলাকৃতিত ছেৰাবসকলে এদন বাগিচাৰ প্ৰৱেশদ্বাৰ ৰক্ষা কৰাকে আদি কৰি বহুতো ভিন্ন ভূমিকা পালন কৰাৰ দৃশ্য প্ৰদৰ্শন কৰা হৈছে।
-
ছেৰি গুমুম ড্ৰেগন
ছেৰি গুমুম ড্ৰেগন (ইংৰাজী: Seri Gumum Dragon) পাহাং মালয় লোককথাত বৰ্ণনা কৰা এটা কিংবদন্তিমূলক বিশাল সাপ৷ ইয়াক স্থানীয়ভাবে নাগ বুলি কোৱা হয়৷ এই সাপটো সাধাৰণতে এছিয়ান অজগৰৰ দৰে বুলি বৰ্ণনা কৰা হয় আৰু ই মালয়েছিয়াৰ পাহাঙৰ চিনি হ্ৰদত বাস কৰে।
-
জীৱ-জন্তুৰ কথা-বতৰা
জীৱ-জন্তুৰ কথা-বতৰা (ইংৰাজী: Animal tale) হৈছে এনে কিছুমান সাধু, চুটিগল্প নাইবা কবিতা য'ত জীৱ-জন্তুৱে কথা পাতিব পাৰে। এই সাধু বা গল্পবোৰত জীৱ-জন্তুবোৰে অন্য নৃগোষ্ঠীয় গুণ, যেনে মানুহৰ দৰে সমাজত বাস কৰা আদিও প্ৰদৰ্শন কৰিব পাৰে। ই ৰূপকথাৰ এক পৰম্পৰাগত ৰূপ।
-
ডাইমন
ডাইমন (ইংৰাজী: সৰহ অৰ্থাৎ "দেৱতা", "ঈশ্বৰৰ দৰে", "শক্তি", "ভাগ্য") এটা "অজ্ঞাত উচ্চ পৰ্যায়ৰ" সত্ত্বাক বুজায়, এটা হয়তো ভাল নাইবা শত্ৰুতাপূৰ্ণ হ'ব পাৰে। প্ৰাচীন গ্ৰীক ধৰ্ম আৰু শ্ৰুতিকথাত ডাইমনক ক্ষুদ্ৰ দেৱতা বা পথ প্ৰদৰ্শক আত্মা বুলি কল্পনা কৰা হৈছিল।
-
দ্ৰুক
দ্ৰুক (ইংৰাজী: Druk, মানক তিব্বতী: འབྲུག, জংখা: འབྲུག་) তিব্বত আৰু ভূটানৰ পৌৰাণিক কাহিনীৰ "বজ্ৰপাতৰ ড্ৰেগন" আৰু ভূটানৰ জাতীয় প্ৰতীক। ভূটানৰ পতাকাত ধন-সম্পত্তিৰ প্ৰতিনিধিত্ব কৰা ৰত্ন হাতত লৈ থকা এজন দ্ৰুকৰ ছবি অংকন কৰা হয়।
-
নংশ্বাবা
নংশ্বাবা (Nongshaba) বা কংলাশ্বা পাৰম্পৰিক মণিপুৰী লোকধৰ্ম সনামহীৰ লগতে মণিপুৰী পৌৰাণিক কাহিনীত সিংহসদৃশ ড্ৰেগন ঈশ্বৰ। তেওঁক নিংথৌজা ৰাজবংশৰ লগতে মইলাং ৰাজবংশ মানুহে উপাসনা কৰে।
-
নাইনী দেৱী
নাইনী, নাগনী বা নাগিনা দেৱী (ইংৰাজী: Naiṇī, Nāgnī বা Nāginā Devī) ভাৰতৰ উত্তৰাখণ্ডৰ গড়ৱাল হিমালয় অঞ্চলৰ পিণ্ডাৰ নদী উপত্যকাৰ নগৰাকী দেৱী অথবা মাতৃৰ নাম৷ এই দেৱী সকলক ৰূপ সলনি কৰিব পৰা নাগ বুসি গণ্য কৰা হয়।
-
নাগ (লংকা)
নাগসকল (ইংৰাজী: Naga people) হৈছে এসময়ত শ্ৰীলংকা আৰু দক্ষিণ ভাৰতৰ বিভিন্ন প্ৰান্তত বসবাস কৰিছিল বুলি বিশ্বাস কৰা এক প্ৰাচীন জনগোষ্ঠী। ভি. কনকচাভাইৰ মতে, দক্ষিণ ভাৰত আৰু উত্তৰ-পূব শ্ৰীলংকাত বিস্তৃত হৈ থকা অলিয়াৰ, পাৰাথৱাৰ, মাৰাৱাৰ আৰু এয়িনাৰসকল সকলো নাগ জনজাতিৰ লোক।
-
নামাজু
নামাজু (ইংৰাজী: Namazu (鯰) বা Ōnamazu (大鯰)) হৈছে জাপানী শ্ৰুতিকথাত বৰ্ণিত এটা কিংবদন্তিমূলক জীৱ। এই বিশাল কেটফিছ (মাগুৰ জাতীয় মাছ) সদৃশ জীৱটো মাটিৰ তলৰ বাস কৰে আৰু ভূমিকম্পৰ সৃষ্টি কৰে বুলি বিশ্বাস কৰা হয়।
-
নিত্তেৱো
নিত্তেৱো (ইংৰাজী: Nittaewo) বা নিটেভো (Nittevo) শ্ৰীলংকাৰ স্থানীয় সৰু বিগফুট বা য়েটিৰ দৰে মানৱসদৃশ ৰহস্যময়ী জীৱৰ এটা সৰু জনগোষ্ঠী বুলি কোৱা হৈছিল। এই মানৱৰূপী জীৱবোৰৰ অস্তিত্ব প্ৰমাণ কৰিব পৰা কোনো প্ৰত্নতাত্ত্বিক প্ৰমাণ পোৱা হোৱা নাই যদিও বেড্ডা পৌৰাণিক কাহিনী আৰু শ্ৰীলংকাৰ শ্ৰুতিকথাত এইবোৰ…
-
পৰী
পৰী (ইংৰাজী: peri; হিন্দী: परी) হৈছে সৌন্দৰ্য্যৰ বাবে বিখ্যাত এবিধ সুন্দৰ, ডেউকাযুক্ত আত্মা। পাৰ্চী লোককথাৰ পৰীসকলক পিছলৈ আন সংস্কৃতিয়েও গ্ৰহণ কৰি লৈছিল। এটা তথ্যসূত্ৰত পৰীসকলক পাপৰ প্ৰায়শ্চিত্তৰ বাবে তপস্যা সম্পূৰ্ণ নকৰালৈকে স্বৰ্গত প্ৰৱেশ কৰাৰ পৰা বঞ্চিত কৰা দুষ্ট সত্তা বুলি বৰ্ণনা কৰা হৈছে।
-
বাছাজাউন
বাছাজাউন (ইংৰাজী: Basajaun, স্ত্ৰী: বাছান্দেৰে (basandere)) বাস্ক পৌৰাণিক কাহিনীত বৰ্ণিত এবিধ অৰণ্যত বাস কৰা বিশাল, নোমাল মানৱসদৃশ ৰহস্যময় জীৱ। বাস্ক ভাষামতে এই শব্দটোৰ অৰ্থ হৈছে “কাঠৰ ভগৱান”৷ এই জীৱবোৰে শিলৰ স্তোপ (megaliths) নিৰ্মাণ কৰে, পশুধনক সুৰক্ষা দিয়ে, মানুহক কৃষি আৰু লোহাৰ কামৰ দৰে…
-
বেছিলিস্ক
বেচিলিস্ক ( বা ) হৈছে ইউৰোপীয় শ্ৰুতিকথাত বৰ্ণিত এবিধ কিংবদন্তিমূলক সৰীসৃপ। ইয়াক সাপৰ ৰজা বুলি জনা যায় আৰু ইয়াৰ চকুলৈ যিজনে চায় তেওঁৰ মৃত্যু হয় বুলি কোৱা হয়।
-
বৰমানৌ
বৰমানৌ (ইংৰাজী: Barmanou), বৰমানু (Barmanu) বা বড়মানুছ (Baddmanus) উত্তৰ পাকিস্তানৰ পাহাৰীয়া অঞ্চলত বাস কৰা এবিধ দ্বিপদ মানৱৰূপী ৰহস্যময়ী জীৱ। পাহাৰত বাস কৰা ভেড়াৰখীয়াসকলে এই জীৱবোৰ দেখা পোৱা বুলি দাবী কৰি আহিছে। বৰমানৌ বিগফুটৰ পাকিস্তানী সংস্কৰণ বুলি ক’ব পাৰি।
-
ম'ন'চেৰছ (কিংবদন্তিমূলক জীৱ)
ম'ন'চেৰছ (ইংৰাজী: Monoceros, প্ৰাচীন গ্ৰীক: μονόκερως) কেৱল মাত্ৰ এটা শিং থকা এবিধ কিংবদন্তিমূলক জীৱ৷ এই কিংবদন্তিমূলক জীৱটো ইউনিকৰ্ণৰ সৈতে সম্পৰ্কিত।
-
মন'পড
মন'পড (ইংৰাজী: Monopod) পৌৰাণিক বামন সদৃশ জীৱ যাৰ শৰীৰৰ মাজভাগত কেন্দ্ৰ কৰি ভৰিৰ পৰা বিস্তৃত এটা ডাঙৰ ভৰি থাকে। এই জীৱবোৰক স্কিয়াপড (sciapod), স্কিয়াপড (skiapod) বুলিও কোৱা হয়৷ মনোপড আৰু স্কিয়াপড (σκιάποδες) নাম দুয়োটা গ্ৰীকমূলীয়, যাৰ অৰ্থ ক্ৰমে "এটা ভৰি" আৰু "ছাঁয়া-ভৰি"।
-
মহোৰগ
মহোৰগ (সংস্কৃত: महोरग, ইংৰাজী: Mahoraga) বৌদ্ধ ধৰ্ম আৰু জৈন ধৰ্মৰ কিংবদন্তিত বৰ্ণনা কৰা এক প্ৰকাৰৰ দেৱতাৰ জাতি। মহোৰগক মহা-উৰগ ("বৃহত্তৰ সৰীসৃপ") বুলিও উচ্চাৰণ কৰা হয়৷ তেওঁলোকক নাগৰ সম্পৰ্কীয় বুলি গণ্য কৰা হয়৷ সৰীসৃপ সদৃশ কিংবদন্তিমূলক জীৱৰ জাতিবোৰৰ ভিতৰত উৰগসকল উচ্চ জাতিৰ।
-
মাণ্ডে বুৰুং
মাণ্ডে বুৰুং (ইংৰাজী: Mande Burung)ভাৰতীয় লোককথাত বৰ্ণনা কৰা এবিধ বান্দৰ সদৃশ কিংবদন্তিমূলক জীৱ। এই জীৱবোৰ উত্তৰ-পূব ভাৰতৰ দুৰ্গম গাৰো পাহাৰৰ মেঘালয় উপক্ৰান্তীয় অৰণ্যত বাস কৰে বুলি বিশ্বাস কৰা হয়৷ মেঘালয়ৰ স্থানীয় ভাষাত মাণ্ডে বুৰুং মানে হৈছে “অৰণ্য মানৱ”৷ লোককথাত এই জীৱবোৰ সাধাৰণতে বৃহৎ,…
-
মুৰ্কট্টা
মুৰ্কট্টা (নেপালী: मुर्कट्टा, ইংৰাজী: Murkatta) চকু আৰু মুখ বুকুত থকা আৰু বাহুৰ তলত মূৰ থকা এবিধ মুণ্ডহীন ভূত। বিভিন্ন নেপালী সংস্কৃতি আৰু পৰম্পৰাত মুৰ্কত্তৰ বিষয়ে উল্লেখ আছে। ইহঁতক মৃত্যুৰ পৰা অহা আত্মা হিচাপে গণ্য কৰা হয়।
-
মেনেহুনে
মেনেহুনে (ইংৰাজী: Menehune) হাৱাই পৰম্পৰা অনুসৰি বাওনা মানুহৰ এটা পৌৰাণিক জাতি৷ এই জাতিটো হাৱাই দ্বীপপুঞ্জৰ গভীৰ অৰণ্য আৰু আভ্যন্তৰীণ উপত্যকাত মানুহৰ বসতিৰ পৰা বহু দূৰত লুকাই বাস কৰে বুলি কোৱা হয়। মেনেহুনেসকলক চমৎকাৰ শিল্পী বুলি বৰ্ণনা কৰা হৈছে।
-
লিলিয়াছ (শ্ৰুতিকথা)
লিলিয়াছ (প্ৰাচীন গ্ৰীক: Λίλαιος, ইংৰাজী: Lilaeus) এজন ভাৰতীয় পশুপালক আছিল যিজনে দেৱতাসকলক ক্ৰোধিত কৰিছিল আৰু তাৰ বাবে শাস্তি পাইছিল। ছ্যুডো-প্লুটাৰ্কৰ ট্ৰিটিজ অন ৰিভাৰ্ছ এণ্ড মাউণ্টেনছত (Treatise on Rivers and Mountains) এই কাহিনী বৰ্ণনা কৰা হৈছে৷
-
লেমুৰেছ
লেমুৰেছ (ইংৰাজী: lemures) ৰোমান ধৰ্ম অনুসৰি অস্থিৰ বা মাৰাত্মক মৃতকৰ ছাঁয়া বা আত্মা৷ কেতিয়াবা লেমুৰেছ শব্দটো লাৰভা (larvae, লেটিন: larva, 'মাস্ক'ৰ পৰা) শব্দটোৰ সলনি ব্যৱহাৰ কৰা হৈছিল।
-
ষ্ট্ৰিক্স (কিংবদন্তিমূলক জীৱ)
ষ্ট্ৰিক্স (ইংৰাজী: strix) এবিধ ৰোমান কিংবদন্তিমূলক জীৱ৷ ধ্ৰুপদী প্ৰাচীন কালৰ পৌৰাণিক কাহিনীত মতে এই জীৱটোৱে মানুহৰ মাংস আৰু তেজ খাই জীয়াই থাকে৷ ৰুগ্ন শগুণৰ পৰা ৰূপান্তৰিত হৈ এই জীৱটো সৃষ্টি হোৱা বুলি কোৱা হয়। ইয়াৰ দ্বাৰা ডাইনী আৰু লোককথাৰ আনুষংগিক কুৎসিত সত্তাকো বুজোৱা হৈছিল।
-
সৰমা (কিংবদন্তিমূলক জীৱ)
সৰমা (সংস্কৃত: सरमा, ৰোমানীকৃত: Saramā) হিন্দু পৌৰাণিক কাহিনীত বৰ্ণিত এটা কিংবদন্তিমূলক কুকুৰ৷ ইয়াত দেৱতাৰ মাইকী কুকুৰ বা দেৱ-শুনী (देव-शुनी) বুলিও কোৱা হয়।
-
হিপ্প'প'ডছ
হিপ্প'প'ডছ (ইংৰাজী: Hippopodes) অৰ্থাৎ "ঘোঁৰাৰ ভৰি" গ্ৰীক শ্ৰুতিকথাৰ এক কিংবদন্তিমূলক জীৱ যিটো প্ৰায়ে লোভৰ সৈতে জড়িত। পৌৰাণিক কাহিনী অনুসৰি হিপ্প'প'ডছ আছিল শৰীৰৰ তলৰ অংশ ঘোঁৰাৰ দৰে আৰু ওপৰৰ অংশ মানুহৰ দৰে জীৱ সত্তাৰ এক জনগোষ্ঠী।