বৰমানৌ (ইংৰাজী: Barmanou), বৰমানু (Barmanu) বা বড়মানুছ (Baddmanus১) উত্তৰ পাকিস্তানৰ পাহাৰীয়া অঞ্চলত বাস কৰা এবিধ দ্বিপদ মানৱৰূপী ৰহস্যময়ী জীৱ। পাহাৰত বাস কৰা ভেড়াৰখীয়াসকলে এই জীৱবোৰ দেখা পোৱা বুলি দাবী কৰি আহিছে।
বৰমানৌ বিগফুটৰ পাকিস্তানী সংস্কৰণ বুলি ক’ব পাৰি। খোৱাৰৰ পৰা উৎপত্তি হোৱা বৰমানৌ শব্দটো বৰ্তমান উৰ্দু, শ্বিনা, পাষ্টো আৰু কাশ্মীৰীকে ধৰি বহু কেইটা পাকিস্তানী ভাষাত ব্যৱহাৰ কৰা হয়। বৰমানৌ নামৰ উপৰিও এই জীৱটোক কেইটামান স্থানীয় ভিন্ন নামো আছে।
বৰমানৌৰ প্ৰস্তাৱিত পৰিসৰ পামিৰ আৰু হিমালয়ৰ মাজৰ চিত্ৰাল আৰু কাৰাকোৰামক সামৰি লৈছে। ইয়াৰ ফলত বৰমানৌক মধ্য এছিয়াৰ আলমাছ আৰু হিমালয়ৰ য়েটি নামৰ দুটা অধিক বিখ্যাত ৰহস্যময়ী জীৱৰ পৰিসৰৰ মাজত স্থান দিয়া হয়।
অভিযোগ অনুসৰি বৰমানৌৰ মানুহ আৰু বান্দৰৰ দৰে দুয়োটা বৈশিষ্ট্য আছে আৰু নাৰীক অপহৰণ কৰি তেওঁলোকৰ সৈতে সম্পৰ্ক স্থাপন কৰিবলৈ চেষ্টা কৰে। জীৱটোৱে পিঠি আৰু মূৰত জন্তুৰ ছাল পিন্ধা বুলিও কোৱা হৈছে। পাকিস্তানৰ উত্তৰ অঞ্চলৰ লোককথাত বৰমানৌৰ আবিৰ্ভাৱ হয় আৰু কাহিনীবোৰ ক’ৰ পৰা আহিছে তাৰ ওপৰত নিৰ্ভৰ কৰি ইয়াক হয় বান্দৰ বা বনৰীয়া মানুহ বুলি বৰ্ণনা কৰাৰ প্ৰৱণতা থাকে।
১৯৮৭ চনৰ পৰা ১৯৯০ চনলৈকে ফ্ৰান্সত বাস কৰা এজন স্পেনিছ প্ৰাণীবিজ্ঞানী জৰ্ডি মেগ্ৰেনাৰে পাকিস্তানত বৰমানৌৰ প্ৰথম অনুসন্ধান কৰিছিল। তেওঁ পাকিস্তানী ৰহস্যময়ী প্ৰাণীবিধৰ ওপৰত লেছ হমিনিডেছ ৰেলিকেছ ডি এছি চেণ্ট্ৰেল (Les Hominidés reliques d'Asie Centrale)২ নামৰ এখন গৱেষণা পত্ৰ লিখিছিল।
পিছলৈ তেওঁ ১৯৯০ চনত বৰমানৌৰ ওপৰত ব্যাপক গৱেষণা কৰে যদিও ২০০২ চনত আফগানিস্তানত তেওঁক হত্যা কৰা হয়।৩ লৰেন ক'লমেনে লিখিছে যে তেওঁ "পঞ্চাশটাতকৈও অধিক প্ৰত্যক্ষদৰ্শনৰ বিৱৰণ সংগ্ৰহ কৰিছিল, আৰু সকলো প্ৰত্যক্ষদৰ্শীয়ে হেউভেলমেনে কোৱা হোমো পংগোইডছ (homo pongoides) ["বান্দৰৰ দৰে মানুহ"—অৰ্থাৎ, এজন জীৱিত নিয়াণ্ডাৰথাল।]ৰ পুনৰ্গঠন বুলি চিনাক্ত কৰিছিল। তেওঁলোকে বান্দৰ, জীৱাশ্ম পুৰুষ, আদিবাসী, বান্দৰ আৰু মিনেছ'টা আইচমেনৰ চিত্ৰ অংকন কৰা চিনাক্তকৰণ সঁজুলিৰ (ID kit) পৰা বৰমানৌৰ সৈতে মিল হিচাপে হোমো পংগোইডছক চিনাক্ত কৰিছিল।"
১৯৯৪ চনৰ মে’ মাহত চিত্ৰালৰ শিশি কুহ উপত্যকাত অনুসন্ধানৰ সময়ত ক্ৰিপ্টোলজিষ্ট জৰ্ডি মাৰ্গ্ৰেনাৰ, এন্নে মালাছেইন আৰু আন এজন সহযোগীয়ে ৰিপ’ৰ্ট কৰিছিল যে এবাৰ এটা গভীৰ সন্ধিয়াৰ সময়ত তেওঁলোকে অস্বাভাৱিক গৰগৰণিৰ শব্দ শুনিছিল যিবোৰ কেৱল এটা আদিম কণ্ঠ-যন্ত্ৰইহে উৎপন্ন কৰিব পাৰিলেহেঁতেন। কিন্তু শব্দটো সম্পৰ্কে আৰু কোনো অগ্ৰগতি লাভ কৰিব পৰা নগ'ল।৩
তথ্যসূত্ৰ
- ↑ Hazara Gazetteer 1883-84, Lahore, 1884, Language' section, p.117
- ↑ Magraner, Jordi. (1992). Notes sur les hominidés reliques d'Asie centrale: district de Chitral, NWFP, Pakistan. J. Magraner
- ↑ Ahmad Siddiqui, Dr Raheal. (February 16, 2014). In search of an elusive creature. www.thenews.com.pk
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বৰমানৌ” প্ৰবন্ধৰ সংশোধন ৬০৪৩৬৯ (৪ মে’ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।