কিংবদন্তিমূলক জীৱ
৮৫ প্ৰবন্ধ
-
গ্ৰীফিন
গ্ৰীফিন, গ্ৰীফন বা গ্ৰাইফন হৈছে এটা কিংবদন্তিমূলক জীৱ। ইয়াৰ শৰীৰ, নেজ আৰু পিছফালৰ ঠেং সিংহৰ দৰে আৰু আগ ঠেং, মূৰ আৰু ডেউকা ঈগলৰ দৰে।
-
বনঝাক্ৰি আৰু বনঝাক্ৰিনী
বনঝাক্ৰি আৰু বনঝাক্ৰিনী (ইংৰাজী: Banjhakri আৰু Banjhakrini) নেপাল আৰু ভাৰতৰ ছিকিম, দাৰ্জিলিং, আৰু কালিম্পং আদিৰ কিৰাট জনগোষ্ঠীৰ পৰম্পৰাৰ তান্ত্ৰিক দেৱতা। এওঁলোক দুয়ো দম্পতী, আৰু সম্ভৱতঃ একেটা সত্তাৰ ভিন্ন দিশ। অৰণ্যৰ অলৌকিক বেজ।
-
বোক্সী
বোক্সী (নেপালী: बोक्सी, ইংৰাজী: Boksi) নেপালৰ কিংবদন্তীমতে ডাইনীবিদ্যা, জৰা-ফুকা আৰু তন্ত্ৰৰ জ্ঞান থকা ব্যক্তি। তন্ত্ৰ-শাস্ত্ৰ আৰু শিৱপুৰাণৰ মতে বোক্সী বা বোক্সা হৈছে স্বাভাৱিক দেৱ বা দেৱীৰ পৰা পৃথক আৰু নিজস্ব ভাষা থকা নাৰী অথবা পুৰুষ।
-
ব্যাল (শ্ৰুতিকথা)
ব্যাল (সংস্কৃত: व्याल, তামিল: யாழி, ৰোমানীকৃত: Vyāla) হিন্দু কিংবদন্তিমূলক জীৱ৷ ইয়াক য়ালি (Yali) বুলিও কোৱা হয়৷ এই জীৱটোৰ মূৰ আৰু শৰীৰ সিংহৰ দৰে, হাতীৰ দৰে শুৰ আৰু দাঁতৰ সৈতে চিত্ৰিত কৰা হয় আৰু কেতিয়াবা ঘোঁৰাৰ বৈশিষ্ট্য থকাও দেখা যায়।
-
মানুছিহা
মানুছিহা (বাৰ্মিজ: မနုဿီဟ; ছান: မၼုၵ်ႉသီႇႁႃႉ; ইংৰাজী: Manussiha; আক্ষৰিত অৰ্থ: 'মানুহ-সিংহ'), এবিধ বাৰ্মিজ কিংবদন্তীমূলক জীৱ৷ এই জীৱটো দেখিবলৈ আধা মানুহ আৰু আধা সিংহৰ দৰে৷ নৱজাত ৰাজকীয় শিশুসকলক সাগৰৰ পৰা অহা ৰাক্ষসী সকলে ভক্ষণ কৰাৰ পৰা ৰক্ষা কৰিবলৈ বৌদ্ধ সন্ন্যাসীসকলে এই জীৱ বিধ সৃষ্টি কৰিছিল বুলি…
-
য়েৰেন
য়েৰেন (চীনা ভাষা: 野人, ‘বন্য মানুহ’, ইংৰাজী: Yeren) চীনৰ দুৰ্গম, পাহাৰীয়া অঞ্চলত বিশেষকৈ হুবেই প্ৰদেশৰ শ্বেননংজিয়া বন জিলাত বাস কৰা এবিধ কিংবদন্তিমূলক জীৱ৷ খ্ৰীষ্টপূৰ্ব ৩৪০ চনৰ (খ্ৰীষ্টপূৰ্ব ৬১৮–৯০৭) টাং সাম্ৰাজ্যত "নোমাল পুৰুষ"ক দেখা পোৱাৰ মৌখিক বৰ্ণনা পিছলৈ আধুনিক কিংবদন্তিলৈ ৰূপান্তৰ হৈ পৰিছে…
-
য়′ৱি
য়′ৱি (ইংৰাজী: Yowie) আউটবেকত বাস কৰা বুলি খ্যাত অষ্ট্ৰেলিয়াৰ লোককথাৰ কিংবদন্তিমূলক জীৱ কেইবাটাও নামৰ ভিতৰত অন্যতম। এই জীৱটোৰ বিৱৰণ মূলতঃ আদিবাসী মৌখিক ইতিহাসত পোৱা যায়।
-
শ্বিকিগামি
শ্বিকিগামি (জাপানী: 式神) (শ্বিকি-নো-কামি (式の神) বুলিও পঢ়া) শব্দটো জাপানী লোককথাৰ এবিধ সত্তাৰ বাবে ব্যৱহাৰ কৰা হয়। শ্বিণ্ট' পণ্ডিত ইনোৱে নোবুটাকাৰ মতে শ্বিকিগামিক এক প্ৰকাৰৰ সৰু ভূতক প্ৰতিনিধিত্ব কৰা কামি বুলি ভবা হয়। শ্বিকিগামিৰ বিশ্বাস অনম্যোডোৰ পৰাই উদ্ভৱ হৈছে।
-
স্কাংক এইপ
স্কাংক এইপ (ইংৰাজী: Skunk ape) আমেৰিকাৰ দক্ষিণ-পূব অংশৰ অৰণ্য আৰু জলাশয় বিশেষকৈ ফ্ল'ৰিডাত বাস কৰে বুলি বিশ্বাস কৰা এবিধ কিংবদন্তিমূলক জীৱ। ইয়াক প্ৰায়ে উত্তৰ আমেৰিকাৰ জনপ্ৰিয় সংস্কৃতিৰ বিশিষ্ট বিষয় বিগফুটৰ "সম্পৰ্কীয় ভাতৃ"ৰ সৈতে তুলনা কৰা হয় নাইবা সমাৰ্থক হিচাপে ব্যৱহাৰ কৰা হয়।
-
ৰে'ম
ৰে'ম (ইংৰাজী: Re'em বা reëm) হৈছে এবিধ কিংবদন্তিমূলক জীৱ। হিব্ৰু বাইবেলত এই প্ৰাণীটোৰ বিষয়ে ন বাৰ উল্লেখ কৰা হৈছে। লেটিন ভালগেট বাইবেল, বাইবেলৰ কিং জেমছ সংস্কৰণত ইয়াক “ইউনিকৰ্ণ আৰু কিছুমান খ্ৰীষ্টান বাইবেলত “অৰিক্স”, “বনৰীয়া ষাঁড়”, “ম'হ” বা “গঁড়” বুলি অনুবাদ কৰা হৈছে।
-
অ′ন′চেণ্টৰ
অ′ন′চেণ্টৰ (লেটিন: onocentaurus, প্ৰাচীন গ্ৰীক ভাষা: Ὀνοκένταυρος, ৰোমানীকৃত: Onokéntauros, আক্ষৰিক অৰ্থ. 'গাধ অশ্বনৰ') প্ৰাচীন লোককথা আৰু মধ্যযুগীয় পশু সম্পৰ্কীয় লিখিত দস্তাবেজত বৰ্ণনা কৰা এবিধ কিংবদন্তিমূলক জীৱ।
-
আকা মাণ্ট
আকা মাণ্ট , আকাই-কামি-আওই-কামি, বা আওই মাণ্ট, হৈছে ৰঙা পোছাক আৰু মুখা পিন্ধা একপ্ৰকাৰৰ আত্মাৰ বিষয়ে প্ৰচলিত জাপানী নগৰীয়া কিংবদন্তি। কিংবদন্তি অনুসৰি এই আত্মাই ৰাজহুৱা বা স্কুলৰ শৌচাগাৰ ব্যৱহাৰ কৰা লোকসকলৰ সমুখত প্ৰকট হয়।
-
আথিছ (শ্ৰুতিকথা)
আথিছ (ইংৰাজী: Athis) অভিদৰ মক-মহাকাব্য মেটামৰ্ফ’ছেছৰ (Metamorphoses) পঞ্চম কিতাপত বৰ্ণনা কৰা অনুসৰি ভাৰতৰ গংগা নদীৰ নিম্ফ বা অপেশ্বৰী লিমনাইৰ (Limnaee) অসাধাৰণ সৌন্দৰ্য্যশালী পুত্ৰ তথা এজন অৰ্ধদেৱতা।
-
ইবু গ′গ′
ইবু গ′গ′ (ইংৰাজী: Ebu gogo) ইণ্ডোনেছিয়াৰ ফ্ল'ৰেছৰ শ্ৰুতিকথাত বৰ্ণনা কৰা মানৱ সদৃশ এক প্ৰকাৰৰ কিংবদন্তিমূলক জীৱ। কেন্দ্ৰীয় ফ্ল'ৰেছৰ নাগে ভাষাত ইবুৰ অৰ্থ হৈছে "ককা-আইতা" আৰু গ′গ′ৰ অৰ্থ হৈছে "যিজনে যিকোনো বস্তু খায়"। এই জীৱটো হয়তো "বৃদ্ধ গ্লুটন"ৰ (old glutton) দৰে জীৱ হ'ব পাৰে।
-
এংগুইপেড
এংগুইপেড (লেটিন: angui, 'সাপ'; ped-, 'ভৰি') এক প্ৰকাৰৰ ঐশ্বৰিক সত্তা যি গ্ৰীক-ৰোমান যুগৰ যাদুকৰী তাবিজ সমূহত প্ৰায়ে পোৱা যায়৷ এই সত্তাবোৰৰ ভৰিবোৰ সাপৰ দৰে।
-
এবাৰিমন
এবাৰিমন (ইংৰাজী: Abarimon) বা এণ্টিপ'ড (ইংৰাজী: antipode) শ্ৰুতিকথাত বৰ্ণিত এবিধ কিংবদন্তিমূলক জীৱ৷ এই জীৱৰ ভৰি দুখন ওলোটা, অৱশ্যে এই অস্বাভাৱিক ভৰি থকাৰ পিছতো ই অতি খৰকৈ দৌৰিবলৈ সক্ষম।
-
ওৰাং পেণ্ডেক
ওৰাং পেণ্ডেক (ইংৰাজী: Orang Pendek, ইণ্ডোনেছিয়ান ভাষাত ‘চাপৰ মানুহ’) ইণ্ডোনেছিয়াৰ শ্ৰুতিকথাত বৰ্ণনা কৰা সুমাত্ৰা দ্বীপৰ দূৰৱৰ্তী, পাহাৰীয়া অৰণ্যত বাস কৰে বুলি বিশ্বাস কৰা এবিধ কিংবদন্তিমূলক জীৱ।
-
কাকা (শ্ৰুতিকথা)
কাকা (ইংৰাজী: Caca) বা কেচিয়া (ইংৰাজী: Cacia) প্ৰাচীন ৰোমান ধৰ্ম আৰু শ্ৰুতিকথা অনুসৰি ভলকানৰ পুত্ৰ কেকাছৰ দৈত্য ভগ্নী যিয়ে হাৰকিউলিছৰ পশ্চিমীয়া শ্ৰমৰ সময়ত তেওঁৰ পৰা গৰু চুৰি কৰিছিল।
-
কাৰ্কাডান
কাৰ্কাডান হৈছে ভাৰত আৰু পাৰস্যৰ তৃণভূমিত বাস কৰা এবিধ কিংবদন্তিমূলক জীৱ। পাৰ্চী আৰু আৰবী ভাষাত কাৰ্কাডান শব্দৰ অৰ্থ হৈছে গঁড়।
-
কিকিমোৰা
কিকিমোৰা হৈছে এগৰাকী পৌৰাণিক জীৱ, যি স্লাভিক পৌৰাণিক কাহিনীত পোৱা এগৰাকী মহিলা গৃহ-আত্মা। ঘৰৰ ভিতৰত তেওঁৰ ভূমিকা সাধাৰণতে ড’মোভয়ৰ সৈতে তুলনা কৰা হয়। আধুনিক সময়ত কিকিমোৰাক মহিলা জলাশয় আত্মা হিচাপেও কল্পনা কৰা হয়।
-
কিচ্কণ্ডি
কিচ্কন্যা (নেপালী: किच्कन्या) বা কিচ্কণ্ডি (নেপালী: किच्कन्डी) নেপালী লোককথা বা পৌৰাণিক কাহিনীত বৰ্ণনা কৰা এগৰাকী নাৰীৰ আত্মা। মৃতদেহৰ দহন নোহোৱা কোনো অংশ বিশেষকৈ হাড়ত এই আত্মা সংযুক্ত হৈ থাকে। সাধাৰণতে কিচ্কন্যাক কোনো বিশেষ স্থানত বাস কৰা একক আত্মা বুলি জনা যায়।
-
কুকুই
ক’ক’ (ইংৰাজী: Coco), ক’কা (Coca), কুক’ (Cuco), কুকা (Cuca), কুকু (Cucu), কুকুই (Cucuy, Cucuí) বা অল কুকুই (El-Cucuí) হৈছে স্পেইন আৰু পৰ্তুগালৰ কিংবদন্তিত বৰ্ণিত এবিধ কিংবদন্তিমূলক জীৱ। ই হৈছে ব'গীমেনৰ সমতুল্য এবিধ পৌৰাণিক ভূতৰ দৰে দানৱ।
-
কোমাইনু
কোমাইনু (জাপানী: 狛犬; ইংৰাজী: Komainu; ইংৰাজীত প্ৰায়ে ‘সিংহ-কুকুৰ’ বুলিও কোৱা হয়) হৈছে দেখিবলৈ সিংহৰ দৰে এবিধ জাপানী কিংবদন্তিমূলক জীৱ। সাধাৰণতে পৰম্পৰাগতভাৱে মন্দিৰৰ প্ৰৱেশদ্বাৰ পহৰা দিবলৈ, বা জাপানী “শ্বিণ্টো শ্ৰাইন”ৰ (Shinto shrines) ‘হণ্ডেন’ৰ (এক প্ৰকাৰৰ গৃহ) সন্মুখত বা ভিতৰত এই জীৱৰ যুৰীয়া…
-
কোৰিয়ান ড্ৰেগন
কোৰিয়ান ড্ৰেগন হৈছে কোৰিয়াৰ লোকগাথা আৰু লোকসংস্কৃতিৰ এক কিংবদন্তিমূলক জীৱ। এই ড্ৰেগনৰ আকৃতিয়ে চীনা ড্ৰেগনৰ লগতে পূব এছিয়াৰ বিভিন্ন ড্ৰেগনসমূহৰ সৈতে ইয়াৰ সম্পৰ্কক প্ৰতিফলিত কৰে। ড্ৰেগনক বহুদিনৰ পৰাই দুৰ্যোগ আৰু দুষ্ট আত্মাক দূৰ কৰা শুভ জীৱ হিচাপে সন্মান প্ৰদৰ্শন কৰি অহা হৈছে।
-
খ্যাহ
খ্যাঃ (নেপাল ভাষা: 𑐏𑑂𑐫𑐵𑑅) নেৱাৰী লোককথাৰত বৰ্ণনা কৰা এবিধ পৌৰাণিক মানৱৰূপী প্ৰাণী। এই জীৱবোৰ শকত, নোমাল আৰু চাপৰ বান্দৰৰ দৰে জীৱ হিচাপে চিত্ৰিত কৰা হৈছে। ইহঁতক খ্যাক (ख्याक) বুলিও কোৱা হয়৷ নেৱাৰ সমাজত জনপ্ৰিয় শিশু কাহিনীত খ্যাহৰ বিষয়ে বৰ্ণনা কৰা হয়।
-
গল্ড-ডিগিং এণ্ট
গল্ড-ডিগিং এণ্ট (ইংৰাজী: gold-digging ant) অৰ্থাৎ “সোণ খন্দা পৰুৱা” ধ্ৰুপদী আৰু মধ্যযুগীয় পশু-পক্ষী সম্পৰ্কীয় লেখাত বৰ্ণনা কৰা এবিধ কিংবদন্তিমূলক পতংগ। কুকুৰ বা শিয়ালৰ আকাৰৰ এই পৰুৱাবোৰে বালিচহীয়া ঠাইত সোণৰ খনন কৰিছিল।
-
গুইল্গি
গুইল্গি (; gwyllt “বনৰীয়া” বা gwyll “সন্ধ্যা/অন্ধকাৰ” + ci “কুকুৰ” শব্দদ্বয়ৰ সংযোজনে গঠিত এক যৌগিক শব্দ) হৈছে ৱেলছৰ এক পৌৰাণিক কুকুৰ। ইয়াক সাধাৰণতে ভূতসদৃশ এক ভয়ংকৰ ৰূপত বৰ্ণনা কৰা হয়, যাৰ আকৃতি ইংলিছ মাষ্টিফ বা ক’লা নেউলৰ দৰে, শ্বাস অশুভ আৰু চকু দুটা জ্বলন্ত ৰঙা।
-
গুৰুমাপা
গুৰুমাপা (নেপাল ভাষা: 𑐐𑐸𑐬𑐸𑐩𑐵𑐥𑐵; দেৱনাগৰী: गुरुमापा) নেপাল মণ্ডলৰ লোককথাৰ এক পৌৰাণিক কিংবদন্তিমূলক জীৱ। কিংবদন্তি অনুসৰি তেওঁ অবাধ্য শিশুক লৈ যায় বুলি কোৱা হয়, আৰু সেয়েহে তেওঁক কাঠমাণ্ডুৰ এখন পথাৰলৈ নিৰ্বাসিত কৰা হয়। গুৰুমাপাৰ কাহিনী নেৱাৰ সমাজৰ অন্যতম পৰিচিত লোককথা।
-
চীলিন
চীলিন (ইংৰাজী: /tʃiˈlɪn/ chee-LIN; চীনা: 麒麟) হৈছে চীনা লোককথাত পোৱা এটা কিংবদন্তিমূলক জীৱ। ই এবিধ খুৰাযুক্ত ড্ৰেগন সদৃশ জীৱ, আৰু কোনো ঋষি বা বিখ্যাত শাসকৰ আগমন বা আসন্ন মৃত্যুৰ সময়ত ই দেখা দিয়ে। চীলিন হৈছে এটা শিং থকা জন্তুৰ লিন নামৰ এক বিশেষ প্ৰকাৰৰ পৌৰাণিক পৰিয়ালৰ অন্তৰ্গত জীৱ।
-
চুল্লাচাকি
চুল্লাচাকি (ইংৰাজী: Chullachaki) পেৰু আৰু ব্ৰাজিলৰ আমাজান অৰণ্যত বাস কৰে বুলি বিশ্বাস কৰা এক প্ৰকাৰৰ কিংবদন্তিমূলক জীৱ। এই জীৱটোক চুল্লাচাকী (Chullachaqui) আৰু শ্বাপিছিকো (Shapishico) বুলিও কোৱা হয়৷