সৰমা (সংস্কৃত ভাষা: सरमा, ৰোমানীকৃত: Saramā) হিন্দু পৌৰাণিক কাহিনীত বৰ্ণিত এটা কিংবদন্তিমূলক কুকুৰ৷ ইয়াত দেৱতাৰ মাইকী কুকুৰ বা দেৱ-শুনী (देव-शुनी) বুলিও কোৱা হয়। হিন্দু ধৰ্মৰ প্ৰাচীন গ্ৰন্থসমূহৰ ভিতৰত অন্যতম ঋগবেদত এই জীৱটোৰ বিষয়ে প্ৰথম বৰ্ণনা কৰা হৈছিল৷ এই কাহিনীত সৰমাই দেৱৰাজ ইন্দ্ৰক পানিছ অসুৰে চুৰি কৰা ঐশ্বৰিক গৰু উদ্ধাৰ কৰাত সহায় কৰিছিল। এই কিংবদন্তিৰ উল্লেখ পৰৱৰ্তী বহু গ্ৰন্থতো পোৱা যায় আৰু সৰমাক প্ৰায়ে ইন্দ্ৰৰ সৈতে জড়িত কৰা হয়। মহাকাব্য মহাভাৰত, আৰু কিছুমান পুৰাণতো সৰমাৰ চমু উল্লেখ পোৱা যায়।
প্ৰাক ঋগ-বৈদিক গ্ৰন্থসমূহত সৰমাক কুকুৰ হিচাপে চিত্ৰিত কৰা হোৱা নাই যদিও পিছৰ বৈদিক পৌৰাণিক কাহিনী আৰু ব্যাখ্যাসমূহত সাধাৰণতে সৰমাক কুকুৰ হিচাপে উপস্থাপন কৰা হৈছে। তেওঁক সকলো কুকুৰৰ মাতৃ বুলি বৰ্ণনা কৰা হৈছে, বিশেষকৈ যম দেৱতাৰ চাৰিচকুৰ বিশাল কুকুৰ দুটাৰ মাতৃ বুলি বৰ্ণনা কৰা হৈছে আৰু এই দিশৰ পৰা কুকুৰবোৰক "সৰমাৰ সন্তান" নাম দিয়া হৈছে। অন্য এটা কাহিনীত সৰমাক সকলো বন্যপ্ৰাণীৰ মাতৃ বুলি বৰ্ণনা কৰা হৈছে।
ব্যুৎপত্তি আৰু উপনাম
প্ৰাচ্যবিদ মেক্স মুলাৰে কৈছে যে সৰমা শব্দৰ অৰ্থ "দৌৰবিদ" হ'ব পাৰে, এই শব্দটো মূল সংস্কৃত শব্দ ‘সৰ’ যাৰ অৰ্থ ‘যোৱা’ শব্দৰ পৰা উৎপত্তি হৈছে, কিন্তু তেওঁ নামটোৰ দ্বিতীয় অংশ ‘অমা’ৰ কোনো ব্যাখ্যা আগবঢ়োৱা নাই।১ অধ্যাপক মনিয়াৰ-উইলিয়ামছে সৰমাক "এক দ্ৰুতগামী" (the fleet one) বুলি অনুবাদ কৰিছে।২ যক্ষৰ দ্বাৰা ৰচিত ব্যুৎপত্তিগত গ্ৰন্থ নিৰুক্তত উল্লেখ আছে যে সৰমাই তেওঁৰ দ্ৰুত গতিৰ পৰাই তেওঁৰ নাম লাভ কৰিছে। যাজসনেয়ী সংহিতাৰ (Vajasaneyi Samhita) ধাৰাভাষ্যকাৰ মহিধৰে কৈছে যে সৰমা হৈছে "যিজনে দেৱতাক মনোৰঞ্জন কৰে"।৩ অধিক বিস্তৃত অৰ্থত সৰমাৰ যিকোনো মাইকী কুকুৰ বুজায়।২
ঋগবেদত সৰমাৰ দুটা উপনাম পোৱা যায়। প্ৰথমতে, তাইক সুপদী বুলি বৰ্ণনা কৰা হৈছে, যাৰ অৰ্থ হৈছে "উত্তম পদ (ভৰি) থকা", বা "দ্ৰুত পদী"৷ এই উপনামটো গ্ৰন্থখনত কেৱল সৰমাৰ বাবেহে ব্যৱহাৰ কৰা হৈছে। সৰমাৰ আনটো উপনাম হৈছে সুভগা – "সৌভাগ্যৱান", বা "প্ৰিয়জন" – যিটো প্ৰভাতৰ দেৱী উষাৰো এটা সাধাৰণ উপনাম।৪ সৰমাৰ আন এটা নাম দেৱ-শুনীৰ অৰ্থ হৈছে "দৈৱিক কুকুৰ" বা "দেৱতাৰ কুকুৰ"।৫
প্ৰাচীন গ্ৰীচৰ এগৰাকী দেৱতা হাৰ্মিচ সৰমাৰ সম্পৰ্কীয় বুলি ধাৰণা কৰা হৈছে।৬
তথ্যসূত্ৰ
- ↑ Müller p. 482
- ↑ Monier-Williams Dictionary p. 1182
- ↑ Singh pp. 158–61
- ↑ Müller p. 487
- ↑ Mani, Vettam. (1975). Puranic Encyclopaedia: A Comprehensive Dictionary With Special Reference to the Epic and Puranic Literature. Motilal Banarsidass. ISBN 0-8426-0822-2
- ↑ Debroy, Bibek. (2008). Sarama and her Children: The Dog in the Indian Myth. Penguin Books India. পৃ. 77. ISBN 978-0143064701
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “সৰমা (কিংবদন্তিমূলক জীৱ)” প্ৰবন্ধৰ সংশোধন ৬৩২৪৮০ (২৬ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।