ছেৰাব (ইংৰাজী: cherub;;১ হিব্ৰু: כְּרוּב) হৈছে আব্ৰাহামিক ধৰ্ম অনুসৰি ঈশ্বৰৰ প্ৰত্যক্ষভাৱে যত্ন লোৱা অপাৰ্থিৱ সত্তাসমূহৰ ভিতৰত অন্যতম।২ ছেৰাবসকলৰ বিভিন্ন কলাকৃতিত ছেৰাবসকলে এদন বাগিচাৰ প্ৰৱেশদ্বাৰ ৰক্ষা কৰাকে আদি কৰি বহুতো ভিন্ন ভূমিকা পালন কৰাৰ দৃশ্য প্ৰদৰ্শন কৰা হৈছে।৩
পৰম্পৰা
ছেৰাবসকলক ইহুদী স্বৰ্গদূতৰ স্থান তালিকাত (Jewish angelic hierarchy) দ্বাদশ শতিকাৰ মাইমনিডেছৰ মিছনেহ টোৰাত (Maimonides' Mishneh Torah) নৱম স্থান, আৰু চতুৰ্দশ শতিকাৰ বেৰিট মেনুচাৰ (Berit Menuchah) দৰে কাবালিষ্টিক গ্ৰন্থত তৃতীয় স্থান প্ৰদান কৰা হৈছে। ডি ক'লেষ্টি হাইৰাৰ্চিয়াৰ (De Coelesti Hierarchia) দৰে খ্ৰীষ্টান গ্ৰন্থত তেওঁলোকক “চেৰাফিম” আৰু “থ্ৰ'নছ”ৰ সৈতে সৰ্বোচ্চ পদবীত স্থান দিয়া হৈছে।৪
ইছলামত আল-কাৰুবিয়িন (al-karubiyyin) "ছেৰাবসকল" বা আল-মুকাৰৰাবিন (al-muqarrabin) "ওচৰত থকা" বুলিলে ঈশ্বৰৰ ওচৰত থকা সৰ্বোচ্চ স্বৰ্গদূতসকলক বুজোৱা হয়,৫ অৰ্থাৎ বাৰ্তাবাহী দূতসকলক বুজোৱা হয়। ইয়াৰ ভিতৰত সিংহাসন বাহক, সিংহাসনৰ চাৰিওফালে থকা স্বৰ্গদূত আৰু প্ৰধান স্বৰ্গদূত আদি অন্তৰ্ভুক্ত।৬ মাইকেলৰ অধীনস্থ দয়াৰ স্বৰ্গদূতসকলকো ছেৰাব বুলি চিনাক্ত কৰা হৈছে। ইছমাইল ধৰ্মত সাতজন প্ৰধান স্বৰ্গদূত আছে যাক চেৰাব বুলি কোৱা হয়।৭
হিব্ৰু বাইবেলৰ প্ৰথম খণ্ড “এজেকিয়েল ১”ৰ (Ezekiel 1) বৰ্ণনা অনুসৰি, “প্ৰত্যেকৰে চাৰিখনকৈ মুখ আছিল, আৰু প্ৰত্যেকৰে চাৰিখন ডেউকা আছিল; প্ৰত্যেকৰে ভৰি দুটা লগলাগি এটা কঠিন ভৰিৰ হৈ পৰিছিল, আৰু প্ৰত্যেকৰে ভৰি দুখন এটা গৰু পোৱালিৰ খুৰাৰ দৰে আছিল; আৰু ইহঁতৰ ব্ৰঞ্জৰ দৰে জিলিকনি আছিল।”৮ এজেকিয়েল আৰু অন্য কিছুমান খ্ৰীষ্টান ধৰ্মীৰ প্ৰতিমূৰ্তিত ছেৰাবসকলৰ দুযোৰ ডেউকা আৰু চাৰিখন মুখ থকা এটা হায়োথ (hayyoth, দেখাত সিংহ, ম’হ, মানুহ আৰু ঈগলৰ সংমিশ্ৰিত ৰূপৰ এটা জীৱ) বুলি চিত্ৰিত কৰা হৈছে।৯১০ খ্ৰীষ্টান ধৰ্মমতে এই প্ৰাণীৰ মুখ চাৰিখনে “চাৰিজন ইভানজেলিষ্ট”ক (Four Evangelists) প্ৰতিনিধিত্ব কৰে।
পিছৰ পৰম্পৰাবোৰত ছেৰাবসকলৰ বিভিন্ন শাৰীৰিক ৰূপ আৰোপ কৰা হৈছে।৯ কিছুমান প্ৰাচীন মিদ্ৰাছ সাহিত্যত ইহঁতক শৰীৰবিহীন বুলি ধাৰণা কৰে। পশ্চিমীয়া খ্ৰীষ্টান পৰম্পৰাত ছেৰাবসকলক ধ্ৰুপদী প্ৰাচীন কালত কিউপিডৰ পৰা আহৰণ কৰা পুটোৰ সৈতে জড়িত কৰা হয়, ফলস্বৰূপে ছেৰাবসকলক সৰু, ডাঠ, ডেউকাযুক্ত ল'ৰা হিচাপে চিত্ৰিত কৰা হৈছে।৯
তৃতীয় শতিকাৰ ‘নষ্টিক’ (Gnostic) লিখনী “ছেকেন্দ ট্ৰিটিজ অৱ দ্য গ্ৰেট চেথ”তো (Second Treatise of the Great Seth) ছেৰাবৰ বিষয়ে উল্লেখ কৰা হৈছে।১১
কাৰ্য
ইষ্ৰায়েলী ছেৰাবসকলে বিভিন্ন কাম পালন কৰে বুলি বৰ্ণনা কৰা হৈছে – বেছিভাগ সময়তে, তেওঁলোকক য়াহৱেহৰ (ইষ্ৰায়েলী ভগৱান) সিংহাসনক শক্তিশালী কৰে বুলি বৰ্ণনা কৰা হৈছে। ‘এজেকিয়েল’ বৰ্ণনাতো ছেৰাবসকলেও এই কাম কৰা দেখুওৱা হৈছে, কিয়নো চাৰিটা ছেৰাবৰ ডেউকাৰ সংযুক্ত ঢালখনে ঈশ্বৰৰ ৰথৰ সীমা গঠন কৰে বুলি বৰ্ণনা কৰা হৈছে।
পৰম্পৰাগত হিব্ৰু বিশ্বাসমতে ছেৰাবসকলং ইডেন বাগিচাৰ ৰক্ষক হিচাপে কাম কৰে। এই ধাৰণামতে অতিমানৱীয় শক্তিৰ অধিকাৰী ছেৰাবসকলৰ কৰ্তব্য আছিল দেৱতাক প্ৰতিনিধিত্ব কৰা আৰু তেওঁলোকৰ বাগিছাৰ ৰক্ষক হিচাপে অনুপ্ৰৱেশকাৰীক বাধা দিয়া; নিমৰুদৰ (Nimrud) শিলালিপিৰ ৯ নং ফলিত পোৱা বিৱৰণৰ সৈতে এই ধাৰণাবোৰ মিল দেখা পোৱা যায়।৩
হিব্ৰু বাইবেল
হিব্ৰু বাইবেলত বৰ্ণনা কৰা স্বৰ্গীয় জাৱবোৰৰ ভিতৰত আটাইতকৈ বেছিকৈ বৰ্ণিত জীৱ হৈছে ছেৰাবসকল। ছেৰাবৰ হিব্ৰু শব্দটো বাইবেলখনত ৯১ বাৰ দেখা পোৱা যায়।৯
ইহুদী ধৰ্ম
ইহুদী ধৰ্মতো ছেৰাবকে ধৰি বহুতো স্বৰ্গদূতৰ অস্তিত্বৰ ওপৰত বিশ্বাস অন্তৰ্ভুক্ত কৰা হৈছে।
তথ্যসূত্ৰ
- ↑ cherub
- ↑ Black, Jeremy A.; George, A. R.; Postgate, J. N. (2000). A Concise Dictionary of Akkadian. Otto Harrassowitz Verlag. পৃ. 149. ISBN 978-3-447-04264-2
- ↑ cherub. 2002–2011 [1906]
- ↑ Kosior, Wojciech. (2013). The angel in the Hebrew Bible from the statistic and hermeneutic perspectives: Some remarks on the interpolation theory. The Polish Journal of Biblical Research. পৃ. 55–70
- ↑ Husain, O.; Gandhi, M. (2004). The Complete Book of Muslim and Parsi Names. Penguin Books. পৃ. 222
- ↑ von Hammer-Purgstall, Joseph, Freiherr. (5 March 2016). Rosenöl. Erstes und zweytes Fläschchen: Sagen und Kunden des Morgenlandes aus arabischen, persischen, und türkischen Quellen gesammelt. Books on Demand. পৃ. 12. ISBN 978-386199486-2
- ↑ Netton, Ian Richard. (1994). Allah Transcendent: Studies in the structure and semiotics of Islamic philosophy, theology, and cosmology. Psychology Press. পৃ. 205. ISBN 9780700702879
- ↑ Ezekiel 1:6-7. www.sefaria.org
- ↑ Wood, Alice. (2008). Of Wing and Wheels: A synthetic study of the Biblical cherubim. Beihefte Zur Zeitschrift fur die Alttestamentliche Wissenschaft. ISBN 978-3-11-020528-2
- ↑ What is a cherub? The cherubim in the Bible. Christianity.com
- ↑ Meyer, M.; Barnstone, W. (June 30, 2009). The Gnostic Bible. Shambhala
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ছেৰাব” প্ৰবন্ধৰ সংশোধন ৬৩১০১৮ (২৬ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।