লেমুৰেছ (ইংৰাজী: lemures) ৰোমান ধৰ্ম অনুসৰি অস্থিৰ বা মাৰাত্মক মৃতকৰ ছাঁয়া বা আত্মা৷১ কেতিয়াবা লেমুৰেছ শব্দটো লাৰভা (larvae, লেটিন: larva, 'মাস্ক'ৰ পৰা) শব্দটোৰ সলনি ব্যৱহাৰ কৰা হৈছিল।২ লেমুৰেছ শব্দটো প্ৰথমে অগাষ্টান কবি হৰেচে ব্যৱহাৰ কৰিছিল২ আৰু অগাষ্টান যুগত ই আছিল এটা সাধাৰণ সাহিত্যিক শব্দ, লাৰভা শব্দটো হৰেচে মাত্ৰ এবাৰহে ব্যৱহাৰ কৰিছিল।২ কিন্তু লেমুৰেছো এটা অস্বাভাৱিক শব্দ: ৰোমান বন্ধ আৰু ধৰ্মীয় ৰীতি-নীতি সম্পৰ্কীয় ছখন কেলেণ্ডাৰ কবিতাৰ কিতাপৰ লেখক অভিড নামৰ আন এজন ব্যক্তিয়ে তেওঁৰ ফাষ্টি নামৰ কিতাপত ব্যৱহাৰ কৰিছিল।৩ পিছলৈ এই শব্দ দুটা প্ৰায় বা সম্পূৰ্ণৰূপে সালসলনিকৈ ব্যৱহাৰ কৰা হৈছিল, যেনে- ডি চিভিটেট ডেই নামৰ গ্ৰন্থত চেণ্ট অগাষ্টিনৰ দ্বাৰা।৪
লেমুৰ শব্দটো আদি ভাৰত-ইউৰোপীয় মূলৰ *লেম-ৰ পৰা অহা বুলি অনুমান কৰিব পাৰি, যিটো গ্ৰীক দানৱ লামিয়াৰ নামৰ ক্ষেত্ৰটো দেখা পোৱা যায়।৫
বিৱৰণ
সঠিকভাৱে সমাধিস্থ, অন্ত্যেষ্টিক্ৰিয়া বা পূজা-অৰ্চনা নকৰাসকলৰ বিচৰণকাৰী আৰু প্ৰতিশোধপৰায়ণ আত্মাক লেমুৰেছে প্ৰতিনিধিত্ব কৰিব পাৰে। অভিডে ইহঁতক বিচৰণকাৰী, অতৃপ্ত আৰু সম্ভাৱ্য প্ৰতিশোধপৰায়ণ পূৰ্বপুৰুষৰ দেৱতা বা পাতালৰ আত্মা ‘ডি মেনছ’ (di manes) বা ‘ডাই পেৰেণ্টেছ’ (di parentes) বুলি ব্যাখ্যা কৰিছে। তেওঁৰ বাবে তেওঁলোকৰ সংস্কৃতিৰ আচাৰ-অনুষ্ঠানসমূহে এক বুজিব নোৱাৰাকৈ প্ৰাচীন, অৰ্ধ-যাদুকৰী আৰু সম্ভৱতঃ অতি প্ৰাচীন গ্ৰাম্য পৰম্পৰাৰ ইংগিত দিয়ে।
লেমুৰবোৰ নিৰাকাৰ আৰু সীমাবদ্ধ, আন্ধাৰ আৰু ভয়ৰ সৈতে জড়িত। গণতান্ত্ৰিত আৰু ইম্পেৰিয়েল ৰোমত ৯, ১১ আৰু ১৩ মে' তাৰিখকেইটা লেমুৰেলিয়া (Lemuralia) বা লেমুৰিয়া (Lemuria) ঘৰুৱা প্ৰথাত তেওঁলোকৰ বাবে উৎসৰ্গা কৰা হৈছিল। ঘৰৰ মুৰব্বীজনে মাজনিশা উঠি আহি পিছফালে ক’লা মাহ পেলাই দিয়ে আৰু লেমুৰসকলে সেইবোৰৰ ভোজ খাইছিল বুলি ধৰা হৈছিল। পাতালৰ দেৱতাৰ প্ৰসাদৰ বাবে ক’লা ৰং উপযুক্ত। উইলিয়াম ৱাৰ্ড ফাউলাৰে মাহৰ নৈবদ্যক জীৱনৰ উপহাৰ বুলি ব্যাখ্যা কৰে আৰু কৈছিল যে ই জুপিটাৰৰ পুৰোহিতসকলৰ বাবে এক আচাৰ-ব্যৱহাৰৰ আছিল।৬ লেমুৰবোৰ নিজেই ভয়াতুৰ আৰু ভয়ংকৰ দুয়োটা আছিল।৭৮
তথ্যসূত্ৰ
- ↑ Cirlot, J. E. (1971). A Dictionary of Symbols. Dorset Press. পৃ. 181. ISBN 9781566490542
- ↑ Thaniel, George. (1973). Lemures and Larvae. The American Journal of Philology. পৃ. 182-187
- ↑ Horace, Epistles 2.2.209; Ovid, Fasti 2.500-539
- ↑ Smith, William. (1873). Lemures. A Dictionary of Greek and Roman biography and mythology. Spottiswoode and Co
- ↑ Polomé, Edgar C.; Adams, Douglas Q. (1997). Spirit. Encyclopedia of Indo-European Culture. Taylor & Francis. পৃ. 538
- ↑ W. Warde Fowler, The Roman Festivals of the period of the Republic, MacMillan (New York, 1899) Mensis Maius, 106–10:
- ↑ Thaniel, G. (1973). Lemures and Larvae, The American Journal of Philology, 94.2, 182–187
- ↑ Beard, M., North, J., Price, S. (1998). Religions of Rome, Vol 1, 31, 50, Cambridge
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “লেমুৰেছ” প্ৰবন্ধৰ সংশোধন ৬৩২৬৫৮ (২৬ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।