অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ধৰ্ম আৰু দৰ্শন

মহোৰগ

মহোৰগ (সংস্কৃত: महोरग, ইংৰাজী: Mahoraga) বৌদ্ধ ধৰ্ম আৰু জৈন ধৰ্মৰ কিংবদন্তিত বৰ্ণনা কৰা এক প্ৰকাৰৰ দেৱতাৰ জাতি। মহোৰগক মহা-উৰগ ("বৃহত্তৰ সৰীসৃপ") বুলিও উচ্চাৰণ কৰা হয়৷ তেওঁলোকক নাগৰ সম্পৰ্কীয় বুলি গণ্য কৰা হয়৷ সৰীসৃপ সদৃশ কিংবদন্তিমূলক জীৱৰ জাতিবোৰৰ ভিতৰত উৰগসকল উচ্চ জাতিৰ।

হালনাগাদ: ২ এপ্ৰিল ২০২৬ ২১৮ শব্দ · ১ মিনিট সংগৃহীত ৭১
সংশোধনৰ পৰামৰ্শ

মহোৰগ (সংস্কৃত ভাষা: महोरग, ইংৰাজী: Mahoraga) বৌদ্ধ ধৰ্ম আৰু জৈন ধৰ্মৰ কিংবদন্তিত বৰ্ণনা কৰা এক প্ৰকাৰৰ দেৱতাৰ জাতি। মহোৰগক মহা-উৰগ ("বৃহত্তৰ সৰীসৃপ") বুলিও উচ্চাৰণ কৰা হয়৷ তেওঁলোকক নাগৰ সম্পৰ্কীয় বুলি গণ্য কৰা হয়৷ সৰীসৃপ সদৃশ কিংবদন্তিমূলক জীৱৰ জাতিবোৰৰ ভিতৰত উৰগসকল উচ্চ জাতিৰ। নাগৰ দৰেই তেওঁলোককো প্ৰায়ে কঁকালৰ পৰা তললৈ সৰীসৃপৰ শৰীৰ থকা নৃগোষ্ঠীয় সত্তা হিচাপে চিত্ৰিত কৰা হয়। কিন্তু শিল্প পৰম্পৰাৰ ওপৰত নিৰ্ভৰ কৰি উৰগসকলৰ আকৃতি বেলেগ বেলেগ হ'ব পাৰে, কেতিয়াবা মানুহৰ দৰে শৰীৰ আৰু সাপৰ দৰে ছাল থকা বা মানুহৰ দৰে শৰীৰ আৰু সাপৰ দৰে মূৰ থকা জীৱ হিচাপে বৰ্ণনা কৰা হয়।১

বৌদ্ধ ধৰ্ম

বৌদ্ধ ধৰ্মৰ মতে ধৰ্ম ৰক্ষা কৰা আঠটা শ্ৰেণীৰ দেৱতাৰ ভিতৰত মহোৰগ অন্যতম। এওঁলোকক বিশাল ভূগৰ্ভস্থ সাপ বুলি বৰ্ণনা কৰা হৈছে৷ এওঁলোক পৃথিৱীৰ কাষে কাষে পৰি পৃথিৱীক ঘূৰাই ঘূৰাই থাকে, যাৰ ফলত মাজে মাজে ভূমিকম্পও হয়।২

কিন্নৰৰ দৰে মহোৰগো বাদ্যযন্ত্ৰৰ সৈতে জড়িত। অজগৰৰ দৰে ডাঙৰ সাপৰ সৈতে মহোৰগৰ সম্পৰ্ক থকা বুলি কোৱা হয়, আনহাতে নাগসকল ফেঁটী সাপৰ সৈতে অধিক ঘনিষ্ঠভাৱে জড়িত।৩

শ্ৰীপুত্ৰপৰিপৃচ্ছ সূত্ৰ অনুসৰি দান কাৰ্য সমাপন কৰা আৰু ধৰ্ম পালন কৰাৰ লগতে কঠিন পৰিস্থিতিৰ সৈতে অনুকুল হোৱা আৰু স্বভাৱতে ক্ৰোধশীলজনৰ মহোৰগ হিচাপে পুনৰ জন্ম হয়।

জনপ্ৰিয় সংস্কৃতিত

গেগে আকুটামিৰ মাংগা ধাৰাবাহিক জুজুৎসু কাইজেনত (Jujutsu Kaisen) মহোৰগ হৈছে জুজুটছুৰ যাদুকৰ মেগুমি ফুছিগুৰোৱে মাতি অনা এজন শ্বিকিগামিৰ নাম।৪

বিজ্ঞান-কল্পকাহিনীমূলক চলচ্চিত্ৰ ইনফিনিটি হৰাইজনত (Infinity Horizon) উৰগসকলক সাগৰীয় বিশেষজ্ঞতা আৰু বিশাল শিলৰ মন্দিৰৰ বাবে পৰিচিত অৰ্ধ-জলজ সৰীসৃপৰ জাতি হিচাপে চিত্ৰিত কৰা হৈছে।৫

তথ্যসূত্ৰ

  1. ↑ Nishigori, Ryosuke. Tenbu no Butsuzo Jiten. Tokyo Bijutsu, 1983
  2. ↑ Buswell, Robert E., Jr., & Donald S. Lopez Jr., Princeton Dictionary of Buddhism. Princeton University Press, 2013
  3. ↑ Kobuta, Yura & F.E.A.R. Mikkyo Mandara. Shinkigensha Co., Ltd., 2000
  4. ↑ Nasir, Ahmed Rehan. (September 3, 2024). Jujutsu Kaisen: The Mythology Behind the Divine General Mahoraga. Game Rant
  5. ↑ Uragas. Infinity Horizon Wiki

সম্পৰ্কিত শ্ৰেণী

কিংবদন্তিমূলক জীৱ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মহোৰগ” প্ৰবন্ধৰ সংশোধন ৫৯৯৬৬৫ (২ এপ্ৰিল ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।