
ষ্ট্ৰিক্স (ইংৰাজী: strix) এবিধ ৰোমান কিংবদন্তিমূলক জীৱ৷ ধ্ৰুপদী প্ৰাচীন কালৰ পৌৰাণিক কাহিনীত মতে এই জীৱটোৱে মানুহৰ মাংস আৰু তেজ খাই জীয়াই থাকে৷ ৰুগ্ন শগুণৰ পৰা ৰূপান্তৰিত হৈ এই জীৱটো সৃষ্টি হোৱা বুলি কোৱা হয়। ইয়াৰ দ্বাৰা ডাইনী আৰু লোককথাৰ আনুষংগিক কুৎসিত সত্তাকো বুজোৱা হৈছিল।
বিৱৰণ
শাৰীৰিক ৰূপ
অভিডৰ ফাষ্টিত বৰ্ণনা কৰা অনুসৰি ষ্ট্ৰিক্স হৈছে বহল চকু, শক্তিশালী ঠোঁট, ধূসৰ বগা ডেউকা আৰু আকোঁটা নখ থকা এবিধ ডাঙৰ মূৰৰ চৰাই।১ ধ্ৰুপদী সাহিত্যত এইটোৱেই একমাত্ৰ ষ্ট্ৰিক্সৰ সম্যক বৰ্ণনা।২ অন্য ঠাইত ইয়াক গাঢ় ৰঙৰ বুলি বৰ্ণনা কৰা হৈছে।৩২
আচৰণ
খ্ৰীষ্টপূৰ্ব ৩০০ চনৰ পূৰ্বৰ গ্ৰীকৰ লোককথা অনুসৰি ষ্ট্ৰিক্স এনে এটা জীৱ যি ভৰি দুখন ওপৰলৈ আৰু মূৰটো তললৈ ওলোটাকৈ ৰাখি নিশা কান্দি থাকে৷৪ এয়া সম্ভৱতঃ এটা ফেঁচা হ’ব পাৰে৫ কিন্তু ওলোটাকৈ ওলমি থকা বৰ্ণনাৰ পৰা বাদুলিৰ বুলিও সন্দেহ কৰা হয়।৬
পৰবৰ্তী লোককথা সমূহত চৰাই সদৃশ ষ্ট্ৰিক্সে কেঁচুৱাৰ (মানুহৰ) ওঁঠত গাখীৰ ছটিয়াই দিছিল বুলি কোৱা হয়। প্লিনিয়ে তেওঁৰ নেচাৰেল হিষ্ট্ৰিত এয়া অৰ্থহীন কথা বুলি উল্লেখ কৰিছিল কিয়নো ইয়াৰ দ্বাৰা কি চৰাইক বুজোৱা হৈছে সেইটো প্ৰতিষ্ঠা কৰাটো অসম্ভৱ বুলি তেওঁ মন্তব্য কৰিছে।৭২ অন্য এক একেধৰণৰ জনশ্ৰুতিমতে ষ্ট্ৰিক্সে শিশুৰ ওঁঠত দুৰ্গন্ধযুক্ত গাখীৰ ঢালি দিয়ে আৰু কেঁচুৱাৰ ওপৰত হালধি ৰাখি ইয়াৰ পৰা পৰিত্ৰান পাই বুলি কোৱা হৈছে।৩৭
অভিডে বৰ্ণনা কৰা ষ্ট্ৰিক্সে এইবোৰকৈ অধিক ক্ষতি কৰে৷ সেই অনুসৰি ষ্ট্ৰিক্সে কেঁচুৱাৰ অন্ত্ৰ উলিয়াই তেজ খায় বুলি কোৱা হৈছিল। অভিডে ষ্ট্ৰিক্সবোৰক প্ৰকৃতিৰ চৰাই বা যাদুৰ বলত সৃষ্টি হোৱা জীৱ বা যাদুকৰী মন্ত্ৰ ব্যৱহাৰ কৰি ডাইনীসকলৰ ৰূপান্তৰ হোৱাৰ সম্ভাৱনাৰ কথা উল্লেখ কৰিছিল।১
তথ্যসূত্ৰ
- ↑ Frazer, James George (1933) ed., Ovid, Fasti VI. 131–,, tr
- ↑ Arnott, W. Geoffrey. (2007). Birds in the Ancient World from A to Z. Routledge. পৃ. 2032f. ISBN 9781134556250
- ↑ Titinius, in Ribbeck, Scaen. Rom. Poesis Fragg. II, 188, Latin passage quoted and discussed by . And p. 145, "[Pliny] found the Titinian strix"
- ↑ Antoninus Liberalis, Μεταμορφώσεων Συναγωγή 21, translated in, summarized in
- ↑ Celoria 1992, পৃ. 77–78
- ↑ Oliphant 1913, পৃ. 134–135
- ↑ Bostock, John; Riley, H.T., ed., tr., Pliny, The Natural History, xi.95. ''Naturalis Historia', xi.232
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ষ্ট্ৰিক্স (কিংবদন্তিমূলক জীৱ)” প্ৰবন্ধৰ সংশোধন ৪৭৮৪১৮ (১৬ ফেব্ৰুৱাৰী ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।