নিত্তেৱো (ইংৰাজী: Nittaewo) বা নিটেভো (Nittevo) শ্ৰীলংকাৰ স্থানীয় সৰু বিগফুট বা য়েটিৰ দৰে মানৱসদৃশ ৰহস্যময়ী জীৱৰ এটা সৰু জনগোষ্ঠী বুলি কোৱা হৈছিল। এই মানৱৰূপী জীৱবোৰৰ অস্তিত্ব প্ৰমাণ কৰিব পৰা কোনো প্ৰত্নতাত্ত্বিক প্ৰমাণ পোৱা হোৱা নাই যদিও বেড্ডা পৌৰাণিক কাহিনী আৰু শ্ৰীলংকাৰ শ্ৰুতিকথাত এইবোৰ সৰ্বত্ৰ বিয়পি আছে।
ব্যুৎপত্তি
বিট্ৰিছ আধিকাৰীক বিষয়া হিউ নেভিলে (Hugh Nevill) ব্যাখ্যা কৰিছিল যে, "নিত্তেৱো" শব্দটো ভাৰতীয়-আৰ্য্যসকলে আক্ৰমণ কৰাৰ সময়ত ভাৰতত বাস কৰা আদিম জনগোষ্ঠীসমূহক বৰ্ণনা কৰিবলৈ ব্যৱহাৰ কৰা "নিষাদ" শব্দৰ ব্যুৎপত্তি হ'ব পাৰে।১ এই শব্দটোৰ সিংহলী ৰূপ আছিল "নিগাদিৱা" (nigadiwa) বা "নিছদিৱা" (nishadiwa) যাৰ পৰা "নিত্তেৱো"ৰ উৎপত্তি হ'ব পাৰে।২ জৰ্জ এবাৰহাৰ্টে দিয়া এটা সম্ভাৱ্য বিকল্প ব্যুৎপত্তি হৈছে "নিয়া-আথা" (niya-atha, "যিজনৰ নখ থাকে")।২
বিৱৰণ
নিত্তেৱোক শ্ৰীলংকাৰ খিলঞ্জীয়া জনগোষ্ঠী বেড্ডাসকলতকৈও সৰু আকৃতিৰ বুলি বৰ্ণনা কৰা হৈছিল, উচ্চতা মাত্ৰ ৩ৰ পৰা ৪ ফুটৰ (০.৯১ আৰু ১.২২ মিটাৰ) ভিতৰত, স্ত্ৰীসকল তাতকৈও চাপৰ। প্ৰায়ে ৰঙা বৰণৰ চুলিৰে ঢাকি থোৱা শৰীৰ আৰু চুটি বা দীঘল আঁকোৰা নখযুক্ত অতি চুটি আৰু শক্তিশালী বাহু থকা বুলি কোৱা হয়। বান্দৰৰ দৰে ইহঁতে সদায় উলম্বভাৱে খোজ কাঢ়িছিল আৰু নেজ নাছিল।১
নিত্তেৱোৱে সৰু সৰু দলত বাস কৰিছিল, আৰু গুহাত বা গছৰ ডালত, নিজে সজা পাতৰ বাহত শুইছিল। তেওঁলোকৰ খাদ্যাভ্যাস আছিল বিভিন্ন ধৰণৰ, তেওঁলোকে চিকাৰ কৰিব পৰা কেৰ্কেটুৱা, কাছ, সৰু হৰিণ, জেঠী, আনকি কেতিয়াবা কুম্ভিৰ আদিও খাইছিল। ইহঁতে সঁজুলি ব্যৱহাৰ কৰা নাছিল, বৰঞ্চ দীঘল আঁকোটা নখৰে চিকাৰৰ পেট ফালি অন্ত্ৰৰ সৈতে খাইছিল। তেওঁলোকৰ এক প্ৰকাৰৰ নিজস্ব ভাষা আছে বুলি কোৱা হৈছিল। বেড্ডালোকসকল নিত্তেৱোৰ শত্ৰু আছিল৷ বেড্ডাসকলে ব্যৱহাৰ কৰা ধনু-কাঁড়ৰ বিৰুদ্ধে তেওঁলোকৰ কোনো প্ৰতিৰক্ষা ব্যৱস্থা নাছিল। কোৱা হৈছিল যে যেতিয়াই কোনো নিত্তেৱাই শুই থকা বেড্ডালোক দেখা পায়, তেতিয়াই সি নখৰে তেওঁলোকৰ পেট ফালি অন্ত্ৰ ওলিয়াই দিছিল।১
কুডিম্বিগালাত গুহা অন্বেষণৰ সময়ত সেনাবাহিনীৰ কেপ্তেইন এ টি ৰামবুকৱেলে অৰণ্যত "ক্ষুদ্ৰ ষ্টোনহেঞ্জৰ (Stonehenge) দৰে" এটা শিলৰ অট্টালিকা আৱিষ্কাৰ কৰে। সেই অঞ্চলৰ বেড্ডাসকলে সেইটো "নিট্টায়েৱা বেদী" বুলি তেওঁক কৈছিল কিন্তু ইভান মেকাৰলে পিছত আৱিষ্কাৰ কৰে যে সেয়া বেড্ডা সন্ন্যাসীয়ে নিৰ্মাণ কৰিছিল।৩
তথ্যসূত্ৰ
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “নিত্তেৱো” প্ৰবন্ধৰ সংশোধন ৪৮৯২১৪ (৮ মাৰ্চ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।