অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ধৰ্ম আৰু দৰ্শন

ছেৰি গুমুম ড্ৰেগন

ছেৰি গুমুম ড্ৰেগন (ইংৰাজী: Seri Gumum Dragon) পাহাং মালয় লোককথাত বৰ্ণনা কৰা এটা কিংবদন্তিমূলক বিশাল সাপ৷ ইয়াক স্থানীয়ভাবে নাগ বুলি কোৱা হয়৷ এই সাপটো সাধাৰণতে এছিয়ান অজগৰৰ দৰে বুলি বৰ্ণনা কৰা হয় আৰু ই মালয়েছিয়াৰ পাহাঙৰ চিনি হ্ৰদত বাস কৰে।

হালনাগাদ: ৫ মাৰ্চ ২০২৫ ৫৬৪ শব্দ · ৩ মিনিট সংগৃহীত ৭২
সংশোধনৰ পৰামৰ্শ

ছেৰি গুমুম ড্ৰেগন (ইংৰাজী: Seri Gumum Dragon) পাহাং মালয় লোককথাত বৰ্ণনা কৰা এটা কিংবদন্তিমূলক বিশাল সাপ৷ ইয়াক স্থানীয়ভাবে নাগ বুলি কোৱা হয়৷ এই সাপটো সাধাৰণতে এছিয়ান অজগৰৰ দৰে বুলি বৰ্ণনা কৰা হয় আৰু ই মালয়েছিয়াৰ পাহাঙৰ চিনি হ্ৰদত বাস কৰে।১ মৌখিক সাহিত্যত এই জীৱটোৰ লগত জড়িত নানান কিংবদন্তি দেখা গৈছে। এই কিংবদন্তি বোৰৰ ভিতৰত হ্ৰদটোৰ উৎপত্তিৰ শ্ৰুতিকথাৰ সৈতে জড়িত২ কিংবদন্তিটো উল্লেখযোগ্য, আনহাতে আন এটা কিংবদন্তিত স্ত্ৰী ছেৰী গুমুম আৰু ছেৰী কেম্বোজা নামৰ এজন পুৰুষ নাগৰ মাজৰ প্ৰেম কাহিনীৰ বিষয়ে বৰ্ণনা কৰা হৈছে৷ এই কিংবদন্তিটো টিওমান আৰু লিংগা দ্বীপপুঞ্জৰ উৎপত্তিৰ শ্ৰুতিকথাৰ সৈতে জড়িত।৩৪

চিনি হ্ৰদৰ উৎপত্তি

ছেৰী গুমুমৰ আটাইতকৈ বিখ্যাত কিংবদন্তিবোৰৰ ভিতৰত চিনি হ্ৰদৰ উৎপত্তিৰ শ্ৰুতিকথাটো উল্লেখযোগ্য৷ এই কাহিনী মতে জাকুন জনগোষ্ঠীয়ে বৰ্তমান হ্ৰদটো থকা অঞ্চলটো দখল কৰিবলৈ আহিছিল। তেওঁলোকে হাবি ভাঙি খেতি কৰি মাটিত গাঁত খান্দি শস্য ৰোপণ কৰিছিল। হঠাতে হাবিৰ পৰা লাখুটি লোৱা এগৰাকী বুঢ়ী হাবিৰ পৰা ওলাই আহি তেওঁলোকক হাবিৰ আত্মাৰ অনুমতি বিচাৰিবলৈ পৰামৰ্শ দিলে। মানুহবোৰে ক্ষমা বিচৰাৰ পিছত অৱশেষত তেওঁ নম্ৰ হৈ পৰে আৰু পিছলৈ তেওঁ নিজৰ ভূখণ্ড চিহ্নিত কৰিবলৈ পথাৰখনৰ মাজত নিজৰ লাখুটিডাল ৰোপণ কৰি কাকো লাঠিডাল আঁতৰাই নিদিবলৈ সকীয়াই দিয়ে।৫৬

কিছু বছৰৰ পাছত পথাৰৰ দাঁতিত থকা পচি যোৱা লাখুটি ডাললৈ চাই এটা কুকুৰে অন্তহীনভাৱে ভুকিবলৈ ধৰিলে। এজন মানুহে তেওঁৰ শস্য ৰোপন কৰা লাঠিডাল (ডিবল ষ্টিক) সেই লাখুটিডাললৈ দলিয়াই দিলে। লাখুটিডালৰ পৰা তেজ ওলাই আহিল। আন পুৰুষসকলেও সেইদৰে নিজৰ নিজৰ ডিবল ষ্টিকেৰে লাখুটিডালত আঘাত কৰা আৰম্ভ কৰাৰ লগে লগে তেজ ওলাই আহি মাটিৰ ওপৰেৰে বৈ গৈছিল। হঠাৎ আকাশত বিজুলী মাৰিবলৈ ধৰিলে আৰু আকাশখন দুফাল হৈ ফাটি গ’ল৷ আকাশৰ পৰা বজ্ৰপাত হ’বলৈ ধৰিলে। ধাৰাষাৰ বৰষুণৰ পৰিবলৈ ধৰিলে আৰু সকলোৱে আশ্ৰয় বিচাৰি যেনি তেনি দৌৰিবলৈ ধৰিলে। হঠাৎ বুঢ়ীৰ লাখুটিডাল মাটিৰ পৰা ওলাই আহিল। লগে লগে লাখুটিডালৰ গাঁতটোৰ পৰা ফোয়াৰা সৃষ্টি কৰি পানীৰ ধাৰ ববলৈ ধৰিলে। এইদৰে বহু বছৰ ধৰি পানী বৈ থাকিল, যাৰ ফলত চিনি হ্ৰদৰ সৃষ্টি হৈছিল। তেতিয়া জনগোষ্ঠীটোৱে উপলব্ধি কৰিলে যে সেই লাখুটিডাল আচলতে ‘ছেৰী গুমুম’ নামৰ এটা নাগ আছিল।৭৮

এটি প্ৰেম কাহিনী

অন্য এটা কিংবদন্তিত ছেৰী গুমুমৰ উৎপত্তিৰ বিষয়ে বৰ্ণনা কৰিছে যে ছেৰি এগৰাকী অভিশপ্ত ৰাজকুমাৰী আছিল৷ তেওঁক হ্ৰদৰ ওপৰত নিৰ্মিত এখন নিষিদ্ধ বাগিচাত বন্ধ কৰি ৰখা হৈছিল। বহু বছৰৰ পাছত দূৰৰ পৰা ‘পুতেৰা কেম্বোজা’ নামৰ এজন বিদেশী ৰাজকুমাৰ ইয়ালৈ আহিছিল৷ দুয়ো দুয়োৰে প্ৰেমত পৰিল। অৱশেষত ৰাজকুমাৰী ৰাজকুমাৰৰ লগত যাবলৈ সন্মত হোৱাত তেওঁ বন্ধন মুক্ত কৰি পেলালে। নিষিদ্ধ উদ্যানৰ সীমা অতিক্ৰম কৰাৰ লগে লগে ছেৰী গুমুম আৰু ছেৰী কেম্বোজা দুজন নাগলৈ ৰূপান্তৰিত হয়। ঠিক সেই মুহূৰ্ততে নিষিদ্ধ বাগিচাখনো বানপানীত বুৰ গৈ চিনি হ্ৰদৰ তলত চিৰদিনৰ বাবে লুকাই থাকিল।৯

আন্ধাৰ ৰাতি পাহাং নদীৰ ধলত দুয়োজন নাগ হ্ৰদৰ পৰা ওলাই আহিছিল। তেওঁলোক পাৰ হৈ যোৱাৰ লগে লগে গাঁৱৰ বজ্ৰপাত আৰু বিজুলীৰ শব্দ শুনা পাইছিল। এদিন দুয়ো দক্ষিণ চীন সাগৰলৈ সাঁতুৰি আহি থাকোঁতে ছেৰী গুমুমে অনুভৱ কৰিলে যে তেওঁ নিজৰ কমৰবন্ধখন এৰি আহিল, সেইবাবে তেওঁ কমৰবন্ধখন আনিবলৈ সাঁতুৰি সাঁতুৰি পুনৰ হ্ৰদটোলৈ যাবলৈ ধৰিলে। ছেৰী কেম্বোজা শক্তিশালী আছিল আৰু নিজৰ নতুন ৰূপটো ভাল পাইছিল৷ তেওঁ ছেৰী গুমুম পিছে পিছে আবি আছে বুলি ভাবি মুকলি সাগৰলৈ সাঁতুৰি গুছি গৈছিল। দুৰ্ভাগ্যজনকভাৱে ছেৰি গুমুম বুকিট দাটো’ নামৰ এটা দ্বীপৰ অতি ওচৰলৈ সাঁতুৰি গৈছিল আৰু তেওঁৰ কমৰবন্ধখন এটা শিলত লাগি থকা দেখা পালে। তেওঁ মুক্ত হ’বলৈ চেষ্টা কৰি থাকোঁতে কুকুৰাৰ ডাক শুনিলে। তেওঁ গম পালে যে এতিয়া দিন হ’ল আৰু তেওঁ ইয়াতকৈ বেছি দূৰলৈ যাব নোৱাৰে। তেওঁ তাতে বহু সময় ৰৈ থাকিলট লাহে লাহে তেওঁৰ উশাহবোৰ ইমানেই নিস্তব্ধ হৈ পৰিল যে তেওঁ এটা দ্বীপলৈ পৰিণত হ’ল। এটা সৰু চৰাই টিওমে সেই দ্বীপটোত আহি জিৰণি ললেহি আৰু কিছু দিনৰ পিছত এই নতুন দ্বীপটোৰ নাম টিওমান হ’ল। আগলৈ সাঁতুৰি যোৱা চেৰী কেম্বোজাইও কুকুৰাৰ ডাক শুনিলে। তেৱো লগে লগে ৰৈ দিলে আৰু লিংগা দ্বীপলৈ ৰূপান্তৰ হ’ল।১০১১

তথ্যসূত্ৰ

  1. ↑ Aripin Said 1985
  2. ↑ Ninotaziz 2012, পৃ. 223–224
  3. ↑ MacDonald 2008, পৃ. 40
  4. ↑ Ninotaziz 2015, পৃ. 17–20
  5. ↑ MacDonald 2008, পৃ. 39
  6. ↑ Ninotaziz 2012, পৃ. 223
  7. ↑ MacDonald 2008, পৃ. 39
  8. ↑ Ninotaziz 2012, পৃ. 224
  9. ↑ Ninotaziz 2015, পৃ. 17–20
  10. ↑ Ninotaziz 2015, পৃ. 20
  11. ↑ MacDonald 2008, পৃ. 40

সম্পৰ্কিত শ্ৰেণী

কিংবদন্তিমূলক জীৱ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ছেৰি গুমুম ড্ৰেগন” প্ৰবন্ধৰ সংশোধন ৪৮৭০৭৬ (৫ মাৰ্চ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।