ডাণ্টে এলিগিয়েৰি (Dante Alighieri) চমুকৈ “ডাণ্টে” ইটালিৰ এজন বিখ্যাত ৰোমাণ্টিক কবি, লেখক তথা দাৰ্শনিক আছিল।১
জন্ম আৰু বংশ পৰিচয়
১২৬৫ চনৰ মে মাহত কোনো এক শুভদিনত ডাণ্টেৰ জন্ম হয়। মাকৰ নাম আছিল বেলা অলিঘিয়েৰি। দেউতাক তেওঁৰ নাম ৰাখিছিল ডুৰাণ্ট অলিঘিয়েৰি। ফ্লোৰান্সত থকা পৰিয়ালৰ এক সুন্দৰ ঐতিহ্য আছিল যদিও তেওঁৰ জন্ম সময়ত এই পৰিয়ালটো দৰিদ্যলৈ পৰ্যবসিত হৈছিল। নিচেই সৰুতে তেওঁ মাকক হেৰুৱাইছিল তেতিয়াই তেওঁ দেউতাকে আন এজনী মাহী মাক লৈছিল। এজন সতীয় ভাই আৰু দুজনী অৰ্ধ ভগ্নী লগত তেওঁৰ অসুখী জীৱন পাৰ হৈছিল।
শিক্ষা
ফৰাচী বিশ্ব- কোষ "ট্ৰছ'ৰ" ক ইটালী বিশ্ব - কোষ " ট্ৰেছোৰেট্ৰো" লৈ ত্ৰজমা কৰা স্কুলীয়া শিক্ষক ব্ৰুনেতো লেটিনৰ পৰা " মানুহে কেনেকৈ জীৱনত অমৰত্ব পাব পাৰে " শিকি জীৱনত তেওঁ প্ৰথম প্ৰেৰণা অনুভৱ কৰিছিল। কৈশোৰৰ আদৰ্শ কবি আছিল মহাকবি ভাৰ্জিল। ১২৮৭ চনত বোকাচি অই তেওঁক বুলন চহৰত লগ পাইছিল। লগে লগে তেওঁ অনুশীলন কৰিছিল বাস্তৱত প্ৰয়োজন হোৱা চিকাৰ, অসি চলন, সংগীত সুগম নেৰা নেপেৰা অনু -ধ্যান। বিশ্বাসী বন্ধু কেভালকেণ্টিৰ সহযোগত সংস্কৃতি শ্ৰেণীটোত সোমাই সেই কালৰ ভালেমান কবি শিল্পী সান্নিধ্যলৈ যোৱাৰ সুযোগ লাভ কৰিছিল। মাত্ৰ ন বছৰ বয়সতে ঘটিছিল পৃথিৱী বিখ্যাত সেই প্ৰেমৰ ঘটনাটো। প্ৰেমিকা আছিল সমবয়সীয়া ৰূপহী, ব্ৰিয়েট্ৰিচ। উৰফে "বাইচ" আছিল ফ্লোৰান্স চহৰৰ নেতৃস্থানীয় নাগৰিক ফলকো পৰ্টি নাৰীৰ জী। তেওঁ বাইছক অপ্ৰান প্ৰেম কৰিছিল যদিও তেওঁ বাইছক নিজৰ কৰিব নোৱাৰিলে। সেইয়ে তেওঁ বাইচৰ স্মৃতিত কেইবাটাও কবিতাত বাইচৰ নাম উল্লেখ কৰিছিল।
চাকৰি জীৱন
ডাণ্টেৰ বন্ধু কেভালকেন্তিৰ সহযোগত সেই উচ্চ মাধ্যবিত্ত শ্ৰেণীৰ ৰাজনৈতিক দল বিয়াঞ্চিত যোগদান কৰিলে। সূপুৰুষ ডাণ্টেৰ পৌৰুসে অচিৰেই তেওঁক পৌৰ-নিগম পৰিষদৰ উচ্চ পদত অভিষিক্ত কৰালে।
সৃষ্টিশীল গ্ৰন্থ
- কনভিভিয় (১৩০৮)
- ডিভাইন কমেডি (১৩১৮)
কিতাপ
- দ্য মনাৰকিয়া
মৃত্যু
- ১৩২১ চনৰ ১৪ ছেপ্টেম্বৰ তাৰিখে তেওঁ এক লেতেৰা জ্বৰৰ বলি হৈ ভেনিচত নশ্বৰ দেহ ত্যাগ কৰে।
তথ্যসূত্ৰ
- ↑ Wetherbee, Winthrop; Aleksander, Jason. (30 April 2018). The Stanford Encyclopedia of Philosophy. Metaphysics Research Lab, Stanford University
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ডাণ্টে এলিগিয়েৰি” প্ৰবন্ধৰ সংশোধন ৩০০৩৩১ (২৫ ছেপ্তেম্বৰ ২০২১)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।