ড° কে. আয়াপ্পা পানিকাৰ, বা আয়াপ্পা পানিকাৰ (Ayyappa Paniker জন্ম: ১২ ছেপ্টেম্বৰ ১৯৩০ - ২৩ আগষ্ট ২০০৬) এগৰাকী মালয়ালম ভাষা কবি আৰু সাহিত্য সমালোচক। তেওঁ আধুনিক আৰু উত্তৰ-আধুনিক সাহিত্য তত্ত্বৰ লগতে প্ৰাচীন ভাৰতীয় নান্দনিকতা আৰু সাহিত্য পৰম্পৰাৰ এগৰাকী শিক্ষাবিদ আৰু পণ্ডিতো আছিল। তেওঁ মালয়ালম ভাষা কবিতাত আধুনিকতাবাদৰ অন্যতম পথপ্ৰদৰ্শক আছিল, য’ত কুৰুক্ষেত্ৰম (১৯৬০)ৰ দৰে তেওঁৰ প্ৰাথমিক ৰচনাসমূহক মালায়ালম কবিতাৰ এক টাৰ্ণিং পইণ্ট বুলি গণ্য কৰা হয়।১ আয়াপ্পা পানীকেড়ৰ বহুতো কবিতা আৰু বহুকেইটা প্ৰবন্ধই পৰৱৰ্তী প্ৰজন্মৰ মালয়ালম ভাষা লেখকসকলৰ ওপৰত এক গুৰুত্বপূৰ্ণ প্ৰভাৱ পেলাইছিল। ২৩
সাহিত্যিক চৰ্চাৰ সমান্তৰালকৈ তেওঁৰ এক শৈক্ষিক কৰ্মজীৱনো আছিল। চাৰি দশক জোৰা এই দীঘলীয়া শৈক্ষিক কৰ্মজীৱনত আয়াপ্পাই বিভিন্ন মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়ত অধ্যাপনা কৰিছিল আৰু শেষত কেৰালা বিশ্ববিদ্যালয়ৰ ইংৰাজী প্ৰতিষ্ঠানৰ সঞ্চালক হিচাপে অৱসৰ লৈছিল। তেওঁৰ ২৫ খনতকৈও অধিক গ্ৰন্থ প্ৰকাশ হৈছে, তেওঁ গুৰু গ্ৰন্থ চাহিব আৰু ফৰাচী ভাষাৰ এখন কিতাপকে ধৰি মালায়ালম ভাষালৈ কেইবাটাও গুৰুত্বপূৰ্ণ অনুবাদৰ কাম কৰিছিল; এজন গুণী সম্পাদক হিচাপে তেওঁ ভাৰতীয় সাহিত্যৰ ওপৰত অসংখ্য এন্থ’লজি প্ৰস্তুত কৰিছিল, তেওঁ সাহিত্য অকাডেমিৰ ভাৰতীয় সাহিত্য বিশ্বকোষৰ মুখ্য সম্পাদক আছিল।
তথ্যসূত্ৰ
- ↑ (23 August 2006). Poet Ayyappa Paniker dead. দ্য টাইম্ছ অৱ ইণ্ডিয়া
- ↑ (24 August 2006). A lonely traveller's journey ends: Ayyappa Panicker had few peers in scholarship. দ্য হিন্দু
- ↑ (5 March 2006). Poetry powered by realism: Ayyappa Paniker is rightfully called the architect of modern Malayalam poetry.. The Tribune
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কে আয়াপ্পা পানিকাৰ” প্ৰবন্ধৰ সংশোধন ৩৯৯৫২১ (২৯ ডিচেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।