কনক দাস (১৫০৯–১৬০৬)১২ যাক দাসশ্ৰেষ্ঠ কনক দাস বুলিও জনা যায়, ভাৰতৰ বৰ্তমানৰ কৰ্ণাটকৰ এজন হৰিদাস সাধু আৰু দ্বৈত বেদান্তৰ দাৰ্শনিক আছিল। মধ্বাচাৰ্যৰ দ্বৈত দৰ্শনৰ অনুগামী আৰু ব্যাস তীৰ্থৰ শিষ্য আছিল। তেওঁ কৰ্ণাটকী সংগীতৰ সুৰকাৰ, কবি, সংস্কাৰক আৰু সংগীতজ্ঞ আছিল।৩ তেওঁৰ কীৰ্তন আৰু উগাভোগ, আৰু কৰ্ণাটক সংগীতৰ বাবে কানাড়া ভাষাত ৰচনাৰ বাবে তেওঁ পৰিচিত। আন হৰিদাসৰ দৰে তেওঁ ৰচনাৰ বাবে সৰল কানাড়া আৰু থলুৱা ভাষাৰ ৰূপ ব্যৱহাৰ কৰিছিল।৪
জন্ম
কৰ্ণাটকৰ বাংকাপুৰাৰ ওচৰৰ বাডা গাঁৱৰ কানাড়া কুৰুবা পৰিয়ালত কনক দাসৰ জন্ম হৈছিল৫ আৰু তেওঁ বাংকাপুৰা দুৰ্গত যোদ্ধা আছিল। তেওঁক শিকাইছিল শ্ৰীনিবাসচাৰ্যই। সৰুতে তেওঁ "তৰ্ক", "ব্যকৰণ", আৰু "মীমাংসা"ৰ বিশেষজ্ঞ হৈ পৰিছিল।৬ তেওঁৰ এখন ৰচনাৰ আধাৰত ইয়াৰ ব্যাখ্যা কৰা হৈছে যে, তেওঁ যুদ্ধত আঘাতপ্ৰাপ্ত হৈছিল আৰু ভগৱান হৰিৰ নাম জপ কৰাৰ অভ্যাস কৰিছিল। কনক দাসৰ ওচৰত এদিন এজন ভিক্ষাৰীৰ আবিৰ্ভাৱ হ’ল, কনকে তেওঁ কোন বুলি সুধিলে। ভিক্ষাৰীজনে উত্তৰ দি ক’লে যে তেওঁক তেওঁ (কনক) মাতিছে। কনক দাসে ভিক্ষাৰীক নিজেই ভগৱান হৰি (কৃষ্ণ) বুলি বুজি পাইছিল। ভগৱান হৰিয়ে কনক দাসক তিনিটা কামনা পূৰণ কৰিবলৈ ইচ্ছা প্ৰকাশ কৰিলে। ভগৱান হৰিয়ে প্ৰথমে সুধিলে যে, কনকে ধন বিচাৰে নেকি? কনক দাসে নাকচ কৰিলে কিন্তু ভগৱানৰ পৰা এইখিনি বিচাৰিলে, ১) সকলো আঘাতৰ পৰা সুস্থ হ’বলৈ, ২) কনক দাসে যেতিয়াই তেওঁক আহ্বান জনায় তেতিয়াই ভগৱান হৰি উপস্থিত হোৱাৰ বাবে, আৰু ৩) নিজৰ প্ৰকৃত ৰূপত দৰ্শন দিবলৈ। প্ৰভুৱে এই কামনাবোৰ পূৰণ কৰিলে। ভগৱান হৰিক তেওঁৰ আদি ৰূপত দেখা পাই কনক দাস মন্ত্ৰমুগ্ধ হৈ পৰিল। এই ঘটনাৰ পিছত কনকে সৈনিক হিচাপে নিজৰ পেছা পৰিত্যাগ কৰি সংগীত ৰচনা, সাহিত্য ৰচনা আৰু শ্ৰীহৰি সম্পৰ্কে জনসাধাৰণক দৰ্শন বুজাবলৈ নিয়োজিত হয়। তেওঁৰ প্ৰাৰম্ভিক আধ্যাত্মিক গ্ৰন্থসমূহৰ ভিতৰত "নৰসিংহ স্তোত্ৰ", "ৰামধ্যান মন্ত্ৰ", আৰু "মোহনতৰংগিনী" আদি কবিতা অন্যতম।৭
উডুপিত
কনক দাসৰ উডুপীৰ লগত সম্পৰ্ক আছিল কাৰণ তেওঁ ব্যাস তীৰ্থৰ শিষ্য আছিল।.৮ ব্যাস তীৰ্থই কনক দাসক মন্দিৰত সোমাবলৈ দিলেও পুৰোহিতসকলে তেওঁক বস্ত্ৰৰ ওপৰত ভিত্তি কৰি নিম্নবৰ্ণৰ সদস্য বুলি বিচাৰ কৰি মঠত প্ৰৱেশ কৰিবলৈ নিদিলে। কিন্তু তাৰ পাছত এখন দেৱাল ফাটি গ’ল আৰু কৃষ্ণৰ মূৰ্তি কনকৰ ফালে ঘূৰি গ’ল।৯
কনক দাসে উডুপিত অলপ সময় কটালে। তেওঁ কাগিনেলেৰ দেৱতাক বুজাই তেওঁৰ স্বাক্ষৰ হিচাপে "কাগিনেলেয়া আদিকেশৱ" বাক্যাংশটো ব্যৱহাৰ কৰিছিল। তেওঁ ভগৱান কৃষ্ণ (বিষ্ণু)ৰ এজন মহান ভক্ত।
ৰচনা
উল্লেখযোগ্য

- নলচৰিথ্ৰ (ನಳಚರಿತ್ರೆ)
- হৰিভক্তিসাৰ (ಹರಿಭಕ್ತಿಸಾರ)
- নৃসিংহাস্তৱ (ನೃಸಿಂಹಸ್ತವ)
- ৰমধন্যচৰিত (ರಾಮಧಾನ್ಯಚರಿತೆ), শ্ৰেণী সংগ্ৰামৰ ওপৰত এখন বিৰল গ্ৰন্থ
- মোহনাতৰংগিনী (ಮೋಹನತರಂಗಿಣಿ)
কনকদাসে পাঁচখন প্ৰধান গ্ৰন্থৰ উপৰিও প্ৰায় ২৪০ টা কৰ্ণাটকী সংগীতৰ ৰচনা (কীৰ্ত্তন, উগাভোগ, পদ, আৰু দাৰ্শনিক গীত)১০ ৰচনা কৰিছিল। কানাড়া ভাষাৰ প্ৰায় ১০০ টা গীত১১ আৰু ইংৰাজী ভাষাৰ ৬০ টা গীত১২ জনপ্ৰিয় কিতাপত প্ৰকাশ পায়।
কনক দাস প্ৰাসাদ

কৰ্ণাটকৰ শ্বিগাওঁ অঞ্চলৰ বাডাত খননৰ সময়ত প্ৰত্নতাত্ত্বিক বিভাগে এটা দুৰ্গ আৰু এটা ৰাজপ্ৰাসাদৰ ধ্বংসাৱশেষ উদ্ধাৰ কৰে যিটো কনক দাস(যাক আগতে থিম্মাপ্পা নায়ক বুলি কোৱা হৈছিল) যুগৰ বুলি চিনাক্ত কৰা হয়। কৰ্ণাটক ৰাজ্য চৰকাৰে ধৰ্মগুৰুজনৰ স্মৃতিত কনক দাস আৰু তেওঁৰ জীৱনৰ দৃশ্যপটৰ নতুন দুৰ্গ, ৰাজপ্ৰসাদ আৰু মূৰ্তি নিৰ্মাণ কৰিছে।১৩
সোঁৱৰণ
কনক গুৰু পীঠ
কুৰুবা সম্প্ৰদায়ে প্ৰতিষ্ঠা কৰা মঠ কাগিনেলে কনক গুৰু পীঠৰ নাম শ্ৰী কনক দাসৰ সন্মানত ৰখা হৈছে।.১৪
কনক দাস ডাকটিকট

১৯৯০ চনত ভাৰত চৰকাৰে কনক দাসৰ নামত ডাক টিকট মুকলি কৰি তেওঁক সন্মান জনায়।১৫
কনক দাস জয়ন্তী
কৰ্ণাটকত বিশেষকৈ কুৰুবা সমাজত কনক দাসৰ জন্মদিন পালন কৰা হয়। ২০০৮ চনত কৰ্ণাটক চৰকাৰে তেওঁৰ জন্মদিনক ৰাজ্যিক উৎসৱ হিচাপে পালন কৰাৰ সিদ্ধান্ত লয় আৰু ১৮ নৱেম্বৰক ৰাজ্যিক বন্ধৰ দিন হিচাপে ঘোষণা কৰে।১৬১৭
তথ্যসূত্ৰ
- ↑ Kannadada Anubhavika Nele Mattu Kanakadasaru
- ↑ Places visited by Kanakadasa
- ↑ says, Anantha Raju. (2018-12-15). Illustrious Saint Kanakadasa. Star of Mysore
- ↑ Medieval Indian Literature, A Anthology (1997) by Shiva Prakash H.S., edited by Ayyappapanicker, Sahitya Akademi, pp. 198–200
- ↑ (September 16, 2021). Baada: The birthplace of Kanakadasa. Deccan Herald
- ↑ Prof., Sudhakara. (1997). Kagineleya Kanakadaasottama. Pratibha Prakashana, Mysore
- ↑ HARISHANKAR. The Great Saint Sree Kanaka Dasa
- ↑ Rao, Vasudeva. (2002). Living Traditions in Contemporary Contexts: The Madhva Matha of Udupi. Orient Blackswan. ISBN 978-81-250-2297-8
- ↑ Hegde, Sanjay. (28 April 2014). For human resolve, not miracles. The Hindu
- ↑ Kanakadasa-The Golden servant of Lord Hari (2001) by Basavaraj Naikar, National Book Trust
- ↑ Kanaka Daasara Padagalu (1997) By S Rudramurthy Shastri, Bhagya Laksmi Publishers, Bangalore
- ↑ Songs of Three Great South Indian Saints by William J. Jackson (2002), Oxford India Paper
- ↑ (23 November 2015). In memory of a saint-poet
- ↑ Kanaka Guru Peetha Kaginele
- ↑ Postage Stamps:: Postage Stamps,Stamp issue calendar 2014, Paper postage, Commemorative and definitive stamps, Service Postage Stamps, Philately Offices, Philatelic Bureaux and counters, Mint stamps. postagestamps.gov.in
- ↑ Nanjappa, Vicky. (26 September 2008). K'taka: Historic cabinet meet in Gulbarga. Rediff
- ↑ (4 November 2009). Kanakadasa jayanthi holiday. Deccan Herald. The Printers, Mysore
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কনক দাস” প্ৰবন্ধৰ সংশোধন ৫৬০২৩৯ (২ ডিচেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।