অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
সমাজ আৰু জীৱনধাৰা

সোয়াৰাবাই

সোয়াৰাবাই (অসমীয়া উচ্চাৰণ:চোৱাৰাবাই) ভাৰতৰ চতুৰ্দশ শতিকাৰ মহাৰাষ্ট্ৰৰ মহাৰ জাতিৰ এগৰাকী সাধু আছিল। তেওঁ তেওঁৰ স্বামী চোখামেলাৰ শিষ্যা আছিল। সোয়াৰাবায়ে নিজৰ পৰিকল্পিত অমিত্ৰাক্ষৰ ছন্দ ব্যৱহাৰ কৰি বৃহৎ সাহিত্যৰ কাঠামো তৈয়াৰ কৰিছিল। তেওঁ বহুত লিখিছিল যদিও প্ৰায় ৬২খন গ্ৰন্থৰ বিষয়েহে জনা যায়।

হালনাগাদ: ১৬ ছেপ্তেম্বৰ ২০২৫ ১০৩ শব্দ · ১ মিনিট সংগৃহীত ৬৬
সংশোধনৰ পৰামৰ্শ

সোয়াৰাবাই (অসমীয়া উচ্চাৰণ:চোৱাৰাবাই) ভাৰতৰ চতুৰ্দশ শতিকাৰ মহাৰাষ্ট্ৰৰ মহাৰ জাতিৰ এগৰাকী সাধু আছিল। তেওঁ তেওঁৰ স্বামী চোখামেলাৰ শিষ্যা আছিল।১২

সোয়াৰাবায়ে নিজৰ পৰিকল্পিত অমিত্ৰাক্ষৰ ছন্দ ব্যৱহাৰ কৰি বৃহৎ সাহিত্যৰ কাঠামো তৈয়াৰ কৰিছিল। তেওঁ বহুত লিখিছিল যদিও প্ৰায় ৬২খন গ্ৰন্থৰ বিষয়েহে জনা যায়।১ তেওঁৰ অভংগত তেওঁ নিজকে চোখামেলাৰ মহাৰী বুলি উল্লেখ কৰিছে; দলিতক উপেক্ষা কৰা আৰু জীৱনটো কষ্টকৰ কৰাৰ বাবে ভগৱানক অভিযোগ কৰিছে। তেওঁৰ আটাইতকৈ মৌলিক পদবোৰ তেওঁ দেৱতাক দিয়া সহজ উপচাৰৰ বিষয়ে। তেওঁৰ কবিতাসমূহে তেওঁৰ ভগৱানৰ প্ৰতি থকা ভক্তিৰ বৰ্ণনা কৰে আৰু অস্পৃশ্যতাৰ প্ৰতি তেওঁৰ বিৰোধী কণ্ঠস্বৰ প্ৰকাশ কৰে।৩

সোয়াৰাবাইৰ বিশ্বাস আছিল যে "শৰীৰ অশুচি বা প্ৰদূষিত হ’ব পাৰে, কিন্তু আত্মা সদায় পৰিষ্কাৰ, জ্ঞান বিশুদ্ধ।" শৰীৰটো জন্মতে অশুচি আৰু গতিকে কোনোবাই শৰীৰত বিশুদ্ধ বুলি কেনেকৈ দাবী কৰিব পাৰে? শৰীৰত বহুত প্ৰদূষণ আছে। কিন্তু শৰীৰৰ প্ৰদূষণ শৰীৰত থাকে। আত্মা ইয়াৰদ্বাৰা অস্পৃশ্য হয়।"১

সোয়াৰাবায়ে স্বামীৰ সৈতে পান্ধৰপুৰলৈ বাৰ্ষিক তীৰ্থযাত্ৰা কৰিছিল। গতানুগতিকভাবে, ব্ৰাহ্মণসকলে তেওঁলোকক হাৰাশাস্তি কৰিছিল যদিও তেওঁলোকৰ বিশ্বাস আৰু মানসিক শান্তি কেতিয়াও হেৰুওৱা নাছিল।১

তথ্যসূত্ৰ

  1. ↑ Stewart-Wallace, editorial advisers Swami Ghananda, Sir John. (1979). Women saints, east & west. Vedanta. পৃ. 61. ISBN 0874810361
  2. ↑ Zelliot, Eleanor. (2008). From Stigma to Assertion: Untouchability, Identity and Politics in Early and Modern India. Museum Tusculanum Press. পৃ. 76–86. ISBN 978-8763507752
  3. ↑ Mikael. (2008). From Stigma to Assertion: Untouchability, Identity & Politics in Early & Modern India. Museum Tusculanum Press. পৃ. 81–85. ISBN 978-8763507752

সম্পৰ্কিত শ্ৰেণী

সন্তকবি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “সোয়াৰাবাই” প্ৰবন্ধৰ সংশোধন ৫৩৯০০৯ (১৬ ছেপ্তেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।