ওড়িয়া ব্যক্তি
২৮ প্ৰবন্ধ
-
কেলুচৰণ মহাপাত্ৰ
কেলুচৰণ মহাপাত্ৰ (Kelucharan Mohapatra; ৮ জানুৱাৰী ১৯২৬ – ৭ এপ্ৰিল ২০০৪) আছিল এগৰাকী প্ৰথিতযশা ভাৰতীয় ধ্ৰুপদী নৃত্যশিল্পী, গুৰু আৰু ওড়িছী নৃত্যৰ প্ৰসাৰক। এই ধ্ৰুপদী নৃত্যশৈলীটোক বিংশ শতিকাত জনপ্ৰিয় আৰু পুনৰোজ্জীৱিত কৰাৰ বাবে তেখেত স্মৰণীয়।
-
উত্তম মহান্তি
উত্তম মহান্তি (২৩ ডিচেম্বৰ ১৯৫৮ – ২৭ ফেব্ৰুৱাৰী ২০২৫) এগৰাকী ভাৰতীয় চলচ্চিত্ৰ আৰু দূৰদৰ্শন অভিনেতা আছিল। তেওঁ নিজৰ অভিনয় জীৱনত ১৩৫খনৰো অধিক ওড়িয়া চলচ্চিত্ৰত অভিনয় কৰাৰ লগতে প্ৰায় ৩০খন বাংলা চলচ্চিত্ৰ আৰু এখন হিন্দী চলচ্চিত্ৰ নয়া জহৰত অভিনয় কৰিছিল।
-
তপন কুমাৰ প্ৰধান
তপন কুমাৰ প্ৰধান (জন্ম ১৯৭২) উৰিষ্যাৰ এজন ভাৰতীয় কবি, লেখক আৰু অনুবাদক। তেওঁ তেওঁৰ কবিতা সংকলন "কালাহাণ্ডি"ৰ বাবে সৰ্বাধিক জনাজাত যাক ২০০৭ চনত সাহিত্য অকাডেমীৰ সোণালী জয়ন্তী অনুবাদ বঁটাত কবিতাৰ বাবে দ্বিতীয় স্থান প্ৰদান কৰা হৈছিল।
-
মানসী প্ৰধান
মানসী প্ৰধান (Manasi Pradhan, জন্ম: ৪ অক্টোবৰ ১৯৬২) এগৰাকী ভাৰতীয় মহিলা অধিকাৰ কৰ্মী আৰু লেখিকা। তেওঁ ভাৰতত মহিলাৰ বিৰুদ্ধে হিংসা ৰক্ষা কৰাৰ এক দেশব্যাপী আন্দোলন 'অনাৰ ফৰ ৱমেন নেচনেল কেম্পেইন' অৰ্থাৎ 'মহিলাৰ সন্মানৰ বাবে ৰাষ্ট্ৰীয় অভিযান'ৰ প্ৰতিষ্ঠাপক।
-
অপৰাজিতা মহান্তি
অপৰাজিতা মহান্তি (জন্ম নাম: অপৰাজিতা খান; জন্ম: ৩১ জানুৱাৰী ১৯৬২), এগৰাকী ভাৰতীয় চলচ্চিত্ৰ অভিনেত্ৰী আৰু ৰাজনীতিবিদ। তেওঁ ওড়িয়া চলচ্চিত্ৰ উদ্যোগত কাম কৰে। ১৯৮০ চনত মুক্তিপ্ৰাপ্ত সীতা লবকুশ চলচ্চিত্ৰৰ জৰিয়তে তেওঁ অভিনয় জীৱনৰ আৰম্ভণি কৰে।
-
বৈশালী মহান্তি
বৈশালী মহান্তি (Baisali Mohanty, জন্ম-৫ আগষ্ট ১৯৯৪) হৈছে এগৰাকী ভাৰতীয় ধ্ৰুপদী নৃত্যশিল্পী৷ তেখেত একেধাৰে কৰিঅ'গ্ৰাফাৰ, লেখিকা, স্তম্ভলেখক, বৈদেশিক আৰু ৰাজহুৱা নীতিৰ বিশ্লেষক; বৈদেশিক নীতি তথা বহুকেইখন আন্তৰ্জাতিক খ্যাতিসম্পন্ন প্ৰকাশন গোষ্ঠীৰ কৌশল পৰিক্ৰমা আৰু বৈদেশিক নীতিৰ নিয়মীয়া অৱদানকাৰী৷…
-
সৰলা দেৱী
সৰলা দেৱী (Sarala Devi, ১৯ আগষ্ট ১৯০৪ – ৪ অক্টোবৰ ১৯৮৬) এগৰাকী ভাৰতীয় স্বাধীনতা সংগ্ৰামী, নাৰীবাদী, সমাজকৰ্মী, ৰাজনীতিবিদ আৰু সাহিত্যিক। তেওঁ ১৯২১ চনত অসহযোগ আন্দোলনত যোগদান কৰা প্ৰথম ওড়িয়া মহিলা আৰু ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথম ওড়িয়া মহিলা প্ৰতিনিধি আছিল।
-
ইন্দুলতা শুক্লা
ইন্দুলতা শুক্লা (জন্ম- ৭ মাৰ্চ, ১৯৪৪) হৈছে অংকৰ এগৰাকী ভূতপূৰ্ব অধ্যাপক। উৰিষ্যাস্থিত সম্বলপুৰ বিশ্ববিদ্যালয়ত তেখেতে তিনি দশকতকৈও অধিক কাল অধ্যাপনা কৰিছিল। তেখেতৰ জন্ম হৈছিল বাড়িপাড়াত।
-
কস্তুৰী পাটনায়ক
কস্তুৰী পাটনায়ক (Kasturi Pattanaik) হৈছে এগৰাকী অগ্ৰণী ওড়িছী নৃত্য শিল্পী, প্ৰদৰ্শক, নৃত্য পৰিচালক, শিক্ষক, প্ৰশিক্ষক আৰু সংগীত ব্যৱস্থাপক।
-
নন্দিনী শতপথী
নন্দিনী শতপথী (Nondini Satpathy; ৯ জুন ১৯৩১ – ৪ আগষ্ট ২০০৬) এগৰাকী ভাৰতীয় ৰাজনীতিবিদ আৰু লেখিকা। ১৯৭২ চনৰ জুন মাহৰ পৰা ১৯৭৬ চনৰ ডিচেম্বৰ মাহলৈকে তেওঁ ওড়িশাৰ মুখ্যমন্ত্ৰী আছিল।
-
বিজয় মহান্তি
বিজয় মহান্তি (ওড়িয়া: ବିଜୟ ମହାନ୍ତି; ইংৰাজী: Bijay Mohanty; ৮ এপ্ৰিল ১৯৫০ – ২০ জুলাই ২০২০) এগৰাকী ভাৰতীয় অভিনেতা আৰু ৰাজনীতিবিদ আছিল, যি প্ৰধানকৈ ওড়িয়া চলচ্চিত্ৰত কাম কৰিছিল। তেওঁ অভিনয় কৰা চিলিকা তীৰে চলচ্চিত্ৰখনক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ পুৰস্কাৰ প্ৰদান কৰা হৈছিল।
-
বিদুষী দাস বাৰ্দে
বিদুষী দাস বাৰ্দে (ওড়িয়া: ବିଦୂଷୀ ଦାସ ବାର୍ଦେ; ইংৰাজী: Bidushi Dash Barde; অনুমাণিক ১৯৮৯ – অক্টোবৰ ২০১২) এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু মুম্বাইস্থিত মডেল আছিল। তেওঁ ২০০৬ চনৰ "মিছ চেন্নাই" সৌন্দৰ্য প্ৰতিযোগিতাত দ্বিতীয় ৰানাৰ্ছ-আপ আছিল।
-
বিশ্ব কল্যাণ ৰথ
বিশ্ব কল্যাণ ৰথ (Biswa Kalyan Rath) এগৰাকী ভাৰতীয় ষ্টেণ্ড আপ কমেডিয়ান, লেখক আৰু ইউটিউবাৰ। ইউটিউবযোগে মুকলি কৰা কমেডী শৃংখল প্ৰেটেণ্টিয়াছ মুভি ৰিভিউৰ জৰিয়তে তেওঁ সহযোগী কমেডিয়ান কানান গীলৰ সৈতে পৰিচিতি লাভ কৰে। ২০১৬ চনত নেটফ্লিক্সৰ চেক্স কমেডী ছবি ব্ৰহ্ম নমনত তেওঁ সহযোগী চৰিত্ৰত অভিনয় কৰিছিল।
-
মধুমিতা ৰাউত
মধুমিতা ৰাউত (Madhumita Raut) এগৰাকী ভাৰতীয় শাস্ত্ৰীয় ওড়িছী নৃত্যশিল্পী। তেওঁ ১৯৫০-ৰ দশকত শাস্ত্ৰ-আধাৰিত জ্ঞানেৰে ভাৰতীয় শাস্ত্ৰীয় নৃত্য ওড়িছীক পুনৰুজ্জীৱিত কৰিছিল।
-
অমিয় কুমাৰী পাঢ়ী
অমিয় কুমাৰী পাঢ়ী (১৫ ছেপ্তেম্বৰ ১৯৩৩ – ৩০ এপ্ৰিল ২০১২) এগৰাকী বিশিষ্ট ভাৰতীয় ন্যায়াধীশ আছিল আৰু তেওঁ ওড়িশা উচ্চ ন্যায়ালয়ৰ প্ৰথমগৰাকী মহিলা ন্যায়াধীশ হিচাপে নিযুক্ত হৈছিল। তেওঁ ভাৰতীয় ৰাষ্ট্ৰীয় সুৰক্ষা আইনৰ অধীনত ওড়িশা উচ্চ ন্যায়ালয়ৰ পক্ষৰ পৰা সদস্যা হিচাপে কাৰ্য নিৰ্বাহ কৰিছিল।
-
অমৃতা ভাৰতী
অমৃতা ভাৰতী ওড়িশাৰ এগৰাকী ভাৰতীয় প্লেবেক গায়িকা। তেওঁ চনী টিভিত প্ৰচাৰিত চনী টিভি ইণ্ডিয়ান আইডল ছিজন ৬ৰ শীৰ্ষ বাৰত স্থান লাভ কৰিছিল। অমৃতাই ২০১২ চনত ওলিউডত আৰু ২০১৯ চনত বলীউডত গায়িকা হিচাপে আত্মপ্ৰকাশ কৰিছিল।
-
ইপ্সিতা পতি
ইপ্সিতা পতি (ওড়িয়া: ଇପ୍ସିତା ପତି; ইংৰাজী: Ipsita Pati) এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু সৌন্দৰ্য্য প্ৰতিযোগিতাৰ খিতাপধাৰী, যিয়ে ২০১১ চনৰ মিছ ইণ্টাৰকণ্টিনেণ্টেলত নিজৰ দেশক প্ৰতিনিধিত্ব কৰিছিল, য'ত তেওঁ শীৰ্ষ ১৫ স্থান দখল কৰিছিল। পতিয়ে হিন্দী চলচ্চিত্ৰ চোৰ বজাৰী (২০১৪)তো অভিনয় কৰিছে।
-
তৃষ্ণা ৰয়
তৃষ্ণা ৰয় এগৰাকী ভাৰতীয় সৌন্দৰ্য প্ৰতিযোগিতাৰ খিতাপধাৰী, যিয়ে ২০২৪ চনত ৯ নৱেম্বৰত দক্ষিণ আফ্ৰিকাত অনুষ্ঠিত মিছ টিন ইউনিভাৰ্ছ ২০২৪-ৰ মুকুট লাভ কৰিছিল। মিছ টিন ইউনিভাৰ্ছ খিতাপ অৰ্জন কৰা তেওঁ প্ৰথমগৰাকী ভাৰতীয়। তেওঁ ওড়িশাৰ ব্যক্তি।
-
পাৰ্বতী গিৰি
পাৰ্বতী গিৰি (১৯২৬ চনৰ ১৯ জানুৱাৰী – ১৯৯৫ চনৰ ১৭ আগষ্ট), ধনঞ্জয় গিৰিৰ কন্যা। পশ্চিম ওড়িশাৰ মাদাৰ টেৰেছা নামেৰে জনাজাত গিৰি ভাৰতৰ ওড়িশাৰ এগৰাকী বিশিষ্ট মহিলা স্বাধীনতা সংগ্ৰামী আছিল৷ ভাৰতীয় স্বাধীনতা সংগ্ৰামত ওড়িশাৰ মহিলা স্বাধীনতা সংগ্ৰামীসকলে উল্লেখযোগ্য ভূমিকা পালন কৰিছিল৷ ব্ৰিটিছ চৰকাৰ…
-
প্ৰেম ৰাম দুবে
প্ৰেম ৰাম দুবে (ইংৰাজী: Prem Ram Dubey; ২২ অক্টোবৰ ১৯৩৩ – ১৭ ছেপ্টেম্বৰ ২০১২) এজন ভাৰতীয় অধিবক্তা আৰু ৰাজনীতিবিদ। তেওঁ কোসাল ৰাজ্যিক আন্দোলনৰ প্ৰতিষ্ঠাপক আছিল, যিয়ে পশ্চিম ওড়িশাৰ বাবে ৰাষ্ট্ৰ গঠনৰ বাবে প্ৰচাৰ চলায়।
-
প্ৰৱতী পাৰিদা
প্ৰৱতী পাৰিদা (Pravati Parida, জন্ম: ১২ মে' ১৯৬৬) উৰিষ্যাৰ এগৰাকী ৰাজনীতিবিদ৷ ২০২৪ চনৰ পৰা মোহন মাঝিৰ অধীনত ওড়িশাৰ প্ৰথম মহিলা আৰু ৫ম উপ-মুখ্যমন্ত্ৰী হিচাপে পৰিগণিত হয়। তেওঁ মহিলা আৰু শিশু উন্নয়ন, মিছন শক্তি, আৰু পৰ্যটন মন্ত্ৰী।
-
বিদ্যুৎ প্ৰভা দেৱী
বিদ্যুৎ প্ৰভা দেৱী (ইংৰাজী: Bidyut Prabha Devi; জন্ম: ১২ জুলাই ১৯২৬ – ২৮ জানুৱাৰী ১৯৭৭) ভাৰতৰ এগৰাকী ওড়িয়া ভাষাৰ কবি আছিল। তেওঁ ওড়িয়া সাহিত্যৰ অন্যতম শ্ৰেষ্ঠ মহিলা কবি হিচাপে স্বীকৃত।
-
বীৰ সুৰেন্দ্ৰ সাএ
বীৰ সুৰেন্দ্ৰ সাএ (২৩ জানুৱাৰী ১৮০৯ – ২৮ ফেব্ৰুৱাৰী ১৮৮৪) এগৰাকী ভাৰতীয় বিপ্লৱী আৰু স্বাধীনতা সংগ্ৰামী আছিল। তেওঁ সম্বলপুৰ ৰাজ্যৰ ৰাজা ৰূপে ব্ৰিটিছৰ বিৰুদ্ধে প্ৰতিবাদ কৰিছিল।
-
মাধৱ চন্দ্ৰ দাশ
মাধৱ চন্দ্ৰ দাশ (Madhab Chandra Dash); জন্ম: ১৯৩৯ চনত ওড়িশাৰ পুৰীত) এগৰাকী ভাৰতীয় পৰিৱেশ বিজ্ঞানী আৰু পৰিৱেশ জীৱবিজ্ঞানী। বৰ্তমান তেওঁ ওড়িশা চৰকাৰৰ আপীল কৰ্তৃপক্ষ, পানী (পিচিপি) আইন, ১৯৭৪ৰ সদস্য। তেওঁ সম্বলপুৰ বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য (২০০১–২০০৪)।
-
মালবিকা দেৱী
মালবিকা দেৱীৰ আন এটা নাম হৈছে মালবিকা কেশৰী দেও৷ তেওঁক জনপ্ৰিয়ভাৱে ৰাণী মা বুলিও কোৱা হয়৷ভাৰতৰ ওড়িশাৰ এগৰাকী ভাৰতীয় ৰাজনীতিবিদ আৰু কৃষক। তেওঁ অৰ্কা কেশৰী দেওৰ পত্নী৷ অৰ্ক কেশৰী এগৰাকী প্ৰাক্তন সংসদ সদস্য৷ তেওঁ লোকসভাত প্ৰতিনিধিত্ব কৰিছিল।
-
সত্যজিৎ জেনা
সত্যজিৎ জেনা এগৰাকী জনপ্ৰিয় আৰু যুৱ ভাৰতীয় গায়ক আৰু ইউটিউব তাৰকা। ২০১৭ চনত তেওঁ চা ৰে গা মা পা (এটা সংগীতৰ ৰিয়েলিটি টিভি শ্ব)ৰ শীৰ্ষ ১৫জন প্ৰতিযোগীৰ তালিকাত আছিল। তেওঁৰ ৪.৫ নিযুতৰো অধিক গ্ৰাহকৰ সৈতে এটা অতি ডাঙৰ স্ব-শীৰ্ষক ইউটিউব চেনেল আছে।
-
স্নেহপ্ৰভা দাস
স্নেহপ্ৰভা দাস (ইংৰাজী: Snehaprava Das; জন্ম: ১০ অক্টোবৰ ১৯৫৫) এগৰাকী ভাৰতীয় ওড়িয়া ভাষাৰ লেখিকা আৰু অনুবাদক। তেওঁ ওড়িয়া ভাষাৰ কেইবাখনো ধ্ৰুপদী গ্ৰন্থ ইংৰাজীলৈ অনুবাদ কৰাৰ ক্ষেত্ৰত এগৰাকী অগ্ৰণী ব্যক্তি। ইয়াৰ উপৰিও তেওঁ বিশ্বৰ কেইবাখনো ধ্ৰুপদী সাহিত্য ওড়িয়া ভাষালৈ অনুবাদ কৰিছে।
-
সৰ্বেশ্বৰ ভোই
সৰ্বেশ্বৰ ভোই (ইংৰাজী: Sarveshwar Bhoi; জন্ম: ১৭ ফেব্ৰুৱাৰী ১৯৮২) হ'ল এজন সম্বলপুৰী লোকগায়ক। তেওঁ ২০১৪ চনৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা বিজয়ী সম্বলপুৰী চলচ্চিত্ৰ আদিম বিচাৰত লিক্ৰি ঝিক্ৰি আৰু লাল ঝৰ ঝৰ গীত গাইছিল।